মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পুৱাৰ জলপান বনাম স্বাস্থ্য ৰক্ষা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুৱাৰ জলপান বনাম স্বাস্থ্য ৰক্ষা :

পুৱাৰ জলপান বনাম স্বাস্থ্য ৰক্ষাৰ বিষয়ে লিখা হৈছে ।

 

আজিকালি পুৱাৰ জলপানক সকলোৱে ‘ব্ৰেকফাষ্ট’ বোলে। হোটেলৰ ল’ৰাটোৰ পৰা গাঁৱৰ মহিলালৈ- আটায়েচোন ‘ব্ৰেকফাষ্ট’ শব্দটোহে ব্যৱহাৰ কৰে, যেন এইটো অসমীয়া শব্দহে। ইংৰাজী শব্দ ৰ অৰ্থ হ’ল উপবাস ভংগ। ৰাতিৰ আহাৰ খোৱাৰ পাছত প্ৰায় আঠ-দহ ঘন্টাৰ মূৰকত খোৱা হয় বাবেই তাক ‘উপবাস ভাগ’ বোলা হয়। আচলতে আমাৰ ‘পুৱাৰ চাহ’, লগতে অৱশ্যে জলপান থাকিবই। স্বাস্থ্য ৰক্ষাৰ খাতিৰত এই পুৱাৰ জলপানৰ প্ৰয়োজন অধিক।

আমাৰ দেশত পুৱাৰ চাহৰ সৈতে ‘কিবা এটা খালেই হয়’ বুলি ধাৰণা প্ৰচলিত। অৱশ্যে গঞা ৰাইজে, বিশেষকৈ কৃষিকৰ্মত বাস্তৱসকলে পইঁতাভাত খোৱাটো এক ৰীতিৰ দৰে। কিন্তু মজাৰ কথাটো হ’ল পুৱাৰ(চাহ) জলপানে আমাৰ পৰীৰক বিভিন্নভাৱে সবল কৰি তোলে। কোৱা হয় এনেদৰে খোৱা খাদ্যই দিনটোৰ বাবে পুষ্টি যোগায় আৰু শৰীৰক উপযুক্ত কৰ্মক্ষমতা দিব পাৰে। কাৰণ ৰাতিৰ আহাৰৰ পাছত প্ৰায় আঠ-দহ ঘন্টাৰ এক দীঘল বিৰতিৰ পাছত(বা ততোধিক) পুৱাৰ(চাহ) জলপান লোৱা হয়। পৰ্যাপ্ত পুৱাৰ(চাহ) জলপানে যে অকল শৰীৰ সবল কৰে এনে নহয়, ই প্ৰয়োজনীয় ‘গ্লুকোজ’ সৃষ্টি কৰি মগজুৰ সূচলতাও বঢ়ায়। ফলত কৰ্মোদ্যম আৰু মনোবল বাঢ়ে। সেয়ে বিশেষকৈ স্কুললৈ যোৱা শিশুসকলক ঠিক মতে পুৱাৰ জলপান খাবলৈ দিব লাগে। তেওঁলোকে দিনটোৰ বাবে শক্তি পায় সেই খাদ্যৰ পৰা এটা সমীক্ষাত প্ৰমাণ পোৱা দেখা হৈছে যে যিসকল শিশুৱে পৰ্যাপ্ত পুৱাৰ ভোজন কৰি আহিছে, তেওঁলোকে হাঁহি-মাতি স্কুলৰ কাম-কাজত মন দিয়ে আৰু যিসকলে লগাৰ জোখাৰে খাই অহা নাই, তেওঁলোক অস্থিৰ, অমনোযোগী আৰু ক্লান্ত হৈ পৰে।

স্বাস্থ্য বিশেষজ্ঞৰ মতে, পুৱাৰ জলপানৰ পৰা তলত দিয়া উপকাৰিতা পোৱা যায় -

১)শক্তিৰ যোগান:

পুৱাৰ জলপানৰ সৈতে কণী খালে তাৰ পৰা প্ৰ’টিন, এমিনো এচিড, ভিটামিন-ডি আৰু কেলচিয়াম পোৱা যায়(এই নামকেইটা ইংৰাজী শব্দেৰে দিয়া হৈছে, যিহেতু ইয়াৰ অসমীয়া ৰূপৰ সৈতে প্ৰায় পাঠকেই অত্যন্ত নহয়)। ভিটামিন-ডি আৰু কেলচিয়ামে শিশুৰ দেহৰ হাড় বলী কৰাৰ লগতে শ্ৰীবৃদ্ধিতো সহায় কৰে। কণীৰ সৈতে আটাৰ ৰুটী, লোফ, ওটমিল বা কৰ্ণফ্লেক্স আৰু গাখীৰ খোৱা উচিত। এনে ধৰণৰ খাদ্যই দেহলৈ আঁহ(ফাইবাৰ)ৰ যোগান ধৰে। আঁহজাতীয় খাদ্যই হৃৎপিণ্ড আৰু হজম ব্যৱস্থাসবল কৰে।পুৱাৰ জলপানৰ সৈতে চি ভিটামিন থকা আঙুৰ, মধুৰিআম, আপেল, কমলা আদিৰ কিবা এটা থকা ভাল। অমিতা, আম, কল, ডালিম আদিও ইয়াৰ সৈতে মিলে। ভিটামিন চিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। সেয়ে খাদ্যতালিকাত দালিৰ সৈতে নেমু বা কাগজি টেঙা লোৱা নিৰাম ৰখা হৈছে।

২)ক্লান্তি নাশকাৰক:

ৰাতিৰ আহাৰ খোৱাৰ পাছত দহ-বাৰ ঘন্টা নোখোৱাকৈ থকাৰ বাবে আমাৰ দেহত একপ্ৰকাৰ ক্লান্তি উৎপন্ন হয়। তেনে ক্লান্তিৰ বাবেই পুৱা টোপনি নাভাঙে। গতিকে পুৱাৰ চাহ-জলপান ঠিক মতে খালে সেই ক্লান্তি দূৰ হয় আৰু দিনটোলৈ দেহ-মন সতেজ হৈ থাকে, যাৰ বাবে কাম কৰাৰ উদ্যম আহে।

৩)মেদ তৈয়াৰ হোৱাটো বন্ধ কৰে:

আমি যেতিয়ালৈ টোপনিত থাকো, তেতিয়ালৈ আমাৰ দেহৰ কেল’ৰি কম হাৰত পোৰে। সেয়ে পুৱাৰ চাহ-জলপান খোৱাত যদি পলম হয় বা পৰ্যাপ্ত নহয়, তেন্তে আমাৰ শৰীৰে নিজকে বচাবলৈ দেহৰ ভিতৰত মেদ বা চৰ্বী তৈয়াৰ কৰে। মেদ বাঢ়িলে দেহ মোটা হয়।

৪)ওজন কমোৱা:

আমাৰ বহুতে শকত-আৱত, স্থূলকায় ব্যক্তিয়ে পুৱাৰ চাহ-জলপান সীমিত হাৰত খায়। ইয়াৰ প্ৰধান কাৰণ হ’ল তেওঁলোকৰ শৰীৰৰ মেদৰ পৰা উৎপন্ন হোৱা ৰাসায়নিক ক্ৰিয়াই তেওঁলোকৰ ভোক দমাই ৰাখে। আচলতে শৰীৰৰ স্থূলতাৰ সৈতে পুৱাৰ চাহ-জলপানৰ তেনে কোনো সম্বন্ধ নাই। এই কথা প্ৰমাণিত হৈছে এলবামা বিশ্ববিদ্যালয়ৰ এক সমীক্ষাত। সেই বিশ্ববিদ্যালয়ৰ অধ্যাপক ডাঃ এলচিনে ১৬ সপ্তাহ এটা পৰীক্ষা চলাইছিল। তেওঁ তিনিটা দলত ব্যক্তি ভগাই লৈ এটা দলক পুৱাৰ জলপান দিছিল, আন এটা দলক পুৱাৰ চাহ-জলপান দিয়া নাছিল আৰু তৃতীয় দলটোক নিজৰ ইচ্ছা মতে পুৱাৰ চাহ-জলপান খাবলৈ দিছিল। ১৬ সপ্তাহৰ পাছত তিনিওটা দলৰ ওজন পৰীক্ষা কৰি গৱেষকজনে দেখিছিল যে বৰ বেছি পৰিৱৰ্তন হোৱা যেন নাপালে। সেয়ে এতিয়া কোৱা হয় যে শৰীৰৰ ওজন কমোৱাৰ ক্ষেত্ৰত পুৱাৰ চাহ-জলপানৰ সম্বন্ধ নাই। অৱশ্যে এইটো ঠিক যে পৰিমিত হাৰত পুৱাৰ চাহ-জলপান খালে পেট ভৰি থাকে যাৰ বাবে বাৰে বাৰে ৰাস্তাৰ কাষৰ যিকোনো খাদ্য খোৱাৰ প্ৰৱণতা কমাই ৰাখে। ইয়ে দেহৰ অনাহক ওজন বঢ়োৱাৰ সম্ভাৱনা বহুত পৰিমাণে কমায়।

৫)ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা কমায়:

হাৰ্ভাৰ্ড স্কুল অৱ পাব্লিক হেলথৰ পৰা প্ৰকাশিত এক গৱেষণাৰ তথ্য মতে, যিসকলে পুৱাৰ চাহ-জলপান পৰিমিত হাৰত নাপায়, তেওঁলোকে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। হিচাপ মতে দুই শতাংশ অধিক। ইয়াৰ কাৰণ দৰ্শাই কোৱা হৈছে যে পুৱাৰ চাহ-জলপান ঠিক মতে নোপোৱাৰ ফলত তেওঁলোক দিনৰ মাজভাগত ক্ষুধাৰ্ত হৈ পৰে আৰু অধিক হাৰত খায়। ফলত তেওঁলোকৰ দেহৰ বিপাকীয় ক্ৰিয়াৰ পৰিৱৰ্তন সাধিত হয়, যাৰ বাবে হৃদৰোগ, উচ্চ ৰক্তচাপ, অধিক কলেষ্টে’ৰেল, মধুমেহ আদি ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ে। এই তথ্য সদৰি কৰিছে আমেৰিকাৰ হাৰ্ট এছ’চিয়েচনৰ পত্ৰিকাখনে।

এইবাবেই হয়তো আমাৰ সমাজত প্ৰবাদ এটি আছে যে ‘পুৱাৰ চাহ-জলপান খাবা ৰজাৰ দৰে, দুপৰীয়া ভোজন কৰিবা যুৱৰাজৰ দৰে আৰু ৰাতিৰ আহাৰ খাবা ভিক্ষাৰীৰ দৰে’। ইয়াৰ বৈজ্ঞানিক যুক্তি হ’ল ৰাতি কম খালে পাছদিনা পুৱাৰ ভাগতে ভোক লাগিব আৰু ৰাতি ভালদৰে টোপনি হ’ব। ফলত সোনকালে টোপনি ভাঙি পুৱাতেই উঠাৰ অভ্যাস গঠন হয়।

৬)কৰ্মক্ষমতা বৃদ্ধি পায়:

পুৱাৰ চাহ-জলপান সঠিকভাৱে খালে শিশুসকলৰ মনোযোগ বৃদ্ধি পায় আৰু ভালদৰে পঢ়াশুনা কৰিব পাৰে। নিউট্ৰিচন ৰিছাৰ্চ ৰিভিউ নামৰ পত্ৰিকাই ২০০৯ চনত এটা পৰীক্ষা চলাইছিল- দুদল ছাত্ৰ বাছি লৈ। এদলক পুৱাৰ জলপান সঠিকভাৱে খাবলৈ দিছিল আৰু আন দলক অলপ অলপকৈ কেইবাবাৰো খাদ্য দিয়া হৈছিল। মূৰকত দেখা গ’ল যে পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰসকলে পৰীক্ষাত ভাল ফল দেখুৱাইছে।

অকল শিশুৰ ক্ষেত্ৰতেই নহয়, ২০১৫ চনত ‘মেডিকেল স্প’ৰ্টছ এক্সাৰচাইজ’ নামৰ পত্ৰিকাই প্ৰকাশ কৰা মতে পুৱাৰ ভোজন নকৰিলে পাছবেলা ডাঙৰসকলৰো কৰ্মক্ষমতা কমি যায়। আনকি দুপৰীয়া আহাৰ উদয় পূৰাই খোৱাৰ পাছতো কৰ্মোদ্যম ঘূৰি নাহে।

এতিয়া কথা হ’ল, পুৱাৰ জলপানত কেনেকুৱা খাদ্য শৰীৰৰ বাবে উপযোগী জনাটো। ইয়াৰ সমিধানো একে আষাৰে দিব নোৱাৰি। কাৰণ ভিন ভিন ঠাইত খাদ্যাভ্যাস পৃথক। চহৰাঞ্চলত সাধাৰণতে মানুহ লোফ, কণী, কল, ওটমিল বা কৰ্ণফ্লেক্স আৰু গাখীৰ আদি খায়। আনহাতে, কিছুমানে আকৌ ৰুটি-তৰকাৰি খায়। ইপিনে দক্ষিণ ভাৰতত বেছিকৈ চলে দোচা, সম্বল, বৰা, পংগল, উট্টপম, চুজি আদিৰে ৰন্ধা উপমা। মধ্য ভাৰতত সাধাৰণতে খোৱা হয় চিৰাৰে ৰন্ধা পোহা বা উপমা। আমাৰ অসম আৰু পশ্চিমবংগত লুচি-ভাজিও প্ৰিয়। পশ্চিমবংত এচামৰ মাজত জনপ্ৰিয় হ’ল মুৰী, কল বা নাৰিকলৰ লাডু। অৱশ্যে স্কুললৈ যোৱা শিশুৰ ক্ষেত্ৰত দালি-ভাত-ভাজি বা তৰকাৰিয়েই অধিক খোৱা হয়।

মুঠ কথা, পুৱাৰ জলপান এনে হোৱা প্ৰয়োজন যিয়ে দেহক সঠিক মাপত কেল’ৰি অৰ্থাৎ শক্তি যোগান ধৰিব পাৰে। পুৱাৰ জলপানত ফল থকাটো উচিত। ইয়াৰ পৰা পোৱা যায় ভিটামিন আৰু খনিজ পদাৰ্থ। সেইদৰে শস্যজাতীয় খোৱাৰ পৰা পোৱা যায় কাৰ্বোহাইড্ৰেট। গাখীৰ, মাখন বা পনীৰ আদিয়ে দেহক প্ৰদান কৰে চৰ্বী। কণী, চয়াবিন আদিয়ে দিয়ে প্ৰ’টিন। এক কথাত পুৱাৰ জলপান উত্তম প্ৰকৃতিৰ হোৱা উচিত। আমাৰ অসমত কল সম্পৰ্কে প্ৰবচন হ’ল ‘সুফল কদলী’। ইংৰাজীত ক’বলৈ হ’লে- ‘Banana is gold in the morning, silver in the noon, Iron by the evening”. সেয়ে ৰাতি বা সন্ধিয়া কল নোখোৱাই ভাল।

লেখক: ডঃ বিজয়কৃষ্ণ দেৱ শৰ্মা(অসম বাণী)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top