অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পূৰৈ :

পূৰৈ ৰ বিষয়ে লিখা হৈছে ।

পূৰৈ বা পূৰৈশাক৷ ইংৰাজী Malabar spinach/vine spinsch হিন্দী-পই চাগ, বাঙলা-পুঁই শাক৷ বৈজ্ঞানিক নাম-Basella alba.

পূৰৈ সচৰাচৰ দুই ধৰণৰ পোৱা যায়৷ Basella alba বা সেউজীয়া পূৰৈ৷ ইয়াৰ লতা বা গা-গছ সেউজীয়া আৰু পাতো সেউজীয়া৷

Basella rurba বা ৰঙা পূৰৈ৷ ইয়াৰ লতা বা গা-গছ বেঙুনীয়া আৰু পাত ডাঠ সেউজীয়া৷ পূৰৈ সাধাৰণতে শাক হিচাবে বা ইয়াৰ ঠাৰি আঞ্জা বনাই খোৱা হয়৷

পূৰৈৰ বিষয়ে সংস্কৃত শ্লোকত কৈছে-

“পীতকী শীতলা স্নিগ্ধা শ্লেশ্মলা বাতপিত্ত্নুত৷ অক্ৰষ্যা পিচ্ছলা নিদ্ৰ শুক্ৰদাৰক্তপিত্ত্নুত বলদা ৰুচিকৃতঃ পথ্যা তৃপিতকাৰিগী৷”

অৰ্থাৎ পূৰৈ শাকে শীতজনিত কাঁহ দূৰ কৰে৷ ডিঙি পৰিস্কাৰ কৰে আৰু শীতলতা প্ৰদান কৰে৷ ফোঁহা, অৰ্বুদ ৰোগত পূৰৈ পাতৰ লগত সামান্য নিমখ মিহলাই লেপ দিলে আৰোগ্য হয়৷

নিদ্ৰা হীনতাৰ বাবে যি সকলে শ্লিপিং টেবলেট লব লাগে তেনে ৰোগীয়ে এগিলাচ গাখীৰত ২ চামুচ পূৰৈ পাতৰ ৰস মিহলাই খাই টোপনী গলে ভাল টোপনী হয়৷

ইয়াত থকা ফাইট'নিউট্ৰিয়েন্সে ৰোগ প্ৰতিৰোধ কৰে৷ পূৰৈত কম কেলৰী আৰু ফেট্চ (১০০ গ্ৰাম পাতত মাত্ৰ ১৯ কেলৰী) থকাৰ বিপৰীতে উচ্চ হাৰত ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্ট থাকে৷

ৰঙা পূৰৈৰ সতেজ পাতত বহুবিধ সক্ৰিয় কেৰটিনইড, বিটাকেৰটিন, লুটেইন, জিক্সানথিন আদি থাকে৷ এই উপাদান বোৰে বাৰ্দ্ধক্য (aging) প্ৰতিৰোধ আৰু বিভিন্ন ৰোগ সৃষ্টিৰ প্ৰক্ৰিয়াক বাধা দিয়ে৷

পূৰৈ পাত শ্বেতসাৰ বিহীন polysaccharide, mucilage আদিৰ উৎস৷ লতা আৰু পাতত থকা প্ৰাকৃতিক ফাইবাৰ (roughage) এ পাচন প্ৰক্ৰিয়া বা হজমত সহায় কৰে৷ ফাইবাৰে শৰীৰৰ কলেস্টৰেল শোষণ সীমিত কৰি পেটৰ সমস্যাৰ পৰা ৰক্ষা কৰে৷

পাত আৰু গা গছত পৰ্যাপ্ত ভিটামিন A পোৱা যায়৷ ১০০ গ্ৰাম সতেজ পাতত ৪০০০ IU বা দৈনিক শৰীৰৰ বাবে অনুমোদিত ভিটামিন Aৰ ২৬৭%৷ ভিটামিন A মিউকাচ মেম্ব্ৰেণ, চৰ্ম আৰু দৃষ্টি স্বাস্থ্যৰ বাবে অতন্ত্য প্ৰয়োজনীয় উপাদান৷ ভিটামিন A আৰু ফেভোনইড সমৃদ্ধ ফল আৰু শাক পাচলি খালে হাওঁফাওঁ আৰু মুখৰ কেনচাৰ প্ৰতিৰোধ কৰে৷

পূৰৈ শাকত পালেংতকৈ অধিক ভিটামিন C থাকে৷ ১০০গ্ৰাম সতেজ পাতত ১০২ mg ভিটামিন C পোৱা যায়৷ অৰ্থাৎ দৈনিক শৰীৰৰ বাবে অনুমোদিত ভিটামিন C ৰ ১০২% ৷ ভিটামিন C এক শক্তিশালী এন্টিঅক্সিডেন্ট, যিয়ে মানৱ শৰীৰক সংক্ৰমন আৰু হানিকাৰক অক্সিজেন ফ্ৰি-ৰেডিকেল্সৰ পৰা হব পৰা ক্ষতিৰ বিপৰীতে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

পালেংৰ দৰে পূৰৈও আইৰণৰ চমৎকাৰী উৎস৷ ১০০ গ্ৰাম সতেজ পাতত ১.২০ mg অথবা শৰীৰৰ দৈনিক প্ৰয়োজনৰ ১৫% আইৰণ পোৱা যায়৷ আইৰণ শৰীৰত RBC বা লোহিত ৰক্ত কনিকা উৎপাদনৰ বাবে দৰকাৰি উপাদান৷

আনপ্ৰকাৰে কলে চেলুলাৰ মেটাবলিজিম প্ৰক্ৰিয়াত এই উপাদানে অক্সিডেচন- ৰিডাক্সন এনজাইম, চাইট'ক্ৰম অক্সিডেজৰ সহ-উৎপাদক ৰূপে কাম কৰে৷

ইয়াত পৰ্যাপ্ত ভিটামিন B complex সমূহ থাকে৷ যেনে-

  • ফোলেট,
  • B-6(পাইৰ'ডক্সিন) আৰু
  • ৰিৱ'ফ্লভিন ৷

১০০ গ্ৰাম সতেজ পাতত ১৪০ ug বা ৩৫% ফোলেট৷ এই ভিটামিন DNA উৎপাদন আৰু আৰু শাৰীৰিক বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় উপাদান৷ গৰ্ভাৱস্থাৰ প্ৰাথমিক পৰ্যায়ত শৰীৰত ফোলেট কম হলে নৱজাতকৰ neural tube ত্ৰুটিযুক্ত হব পাৰে৷ গৰ্ভৱতী বা গৰ্ভৱতী হবলৈ ওলোৱা মহিলাই সতেজ সেউজীয়া পাচলি পৰ্যাপ্ত মাত্ৰাত সেবন কৰিলে neural tube বিকৃতিযুক্ত সন্তান জন্ম দিয়াৰ পৰা ৰক্ষা পৰে৷

পূৰৈ পাতত যথেষ্ট খনিজ যেনে-পটাচিয়াম,( ১১% RDA/১০০gm),মেঙ্গানীজ(৩২%RDA/১০০gm),
কেলচিয়াম,মেগনেচিয়াম, কপাৰ থাকে৷

ৰক্তচাপ আৰু হাৰ্টবিটৰ সন্তোলিত পৰিচালনা কৰিবলৈ কোষ আৰু বডি ফ্লুইডৰবাবে পটাচিয়াম অতি প্ৰয়োজনীয় উপাদান৷

মানৱ শৰীৰে মেঙ্গানীজ আৰু কপাৰক এন্টিঅক্সিডেন্টৰ সহায়ক ৰূপে (superoxide dismutase) ব্যৱহাৰ কৰে৷

নিয়মীত পূৰৈশাক সেৱন কৰিলে অস্টেঅপৰচিচ (দূৰ্বল হাঁড়), এনিমীয়া বা ৰক্তহীনতা, কাৰ্ডিঅভাস্কুলাৰ বা হৃদৰোগ, আন্ত্ৰিক কেনচাৰ আদিৰ পৰা ৰক্ষা পাব পাৰি৷

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top