অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পূৰৈ শাক :

পূৰৈ শাকৰ বিষয়ে লিখা হৈছে ।

পূৰৈ শাক সকলো লোকেই চিনি পায়। এইবিধ শাক প্ৰধানকৈ দক্ষিণ পূব এচিয়া আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন দেশত পোৱা যায় আৰু এইবিধ উদ্ভিদক প্ৰধানকৈ পাত শাক ৰূপে বহুলভাৱে ব্যৱহাৰ কৰা হয় আৰু প্ৰায় প্ৰতিখন দেশতে এইবিধ জনপ্ৰিয় শাক।

ভাৰতৰ প্ৰতিখন ৰাজ্যৰ লগতে দক্ষিণ পূব এচিয়া আৰু নিউ গিণি আদি অঞ্চলত এইবিধ শাক ব্যাপক হাৰত ব্যৱহাৰ হয়।

চীন, আফ্ৰিকাৰ ক্ৰান্তীয় অঞ্চল, ব্ৰাজিল, কলম্বিয়া, ৱেষ্ট ইণ্ডিজ, ফিজি, ফ্ৰান্স পলিনেচিয়া, জাপান, ফিলিপাইনছ, শ্ৰীলংকা আদি দেশতো প্ৰায় সকলো লোকৰ মাজতো এইবিধ বেছ জনপ্ৰিয় শাক।

এইবিধ শাকৰ অসংখ্য প্ৰজাতি আছে আৰু দেশভেদে এইবিধ উদ্ভদৰ গঠন আৰু আকাৰ-আকৃতিৰ প্ৰভেদ আছে।

ভাৰতৰ বিভিন্ন ৰাজ্যত এইবিধ শাকৰ নাম স্থানীয় ভাষাত বেলেগ বেলেগ। সংস্কৃতত এইবিধ শাক, উপোদিকা, পোতকী, মালৱা, অমৃতবল্লী বোলে।

অসমীয়াত

পূৰৈ শাক

বাঙালীত

পুঁই শাক

গুজৰাটীত

পাই নি ভাজি

মালায়ালামত

ভাল্লিচীৰা

মাৰাঠীত

মায়ালু

উৰিয়াত

পাই চাগা

তামিলত

কদিপ পাচালি

তেলেগুত

বাছালি

উদ্ভিদ বিজ্ঞানৰ নাম Basella alba L(Family Bessellaceae)। এইবিধ উদ্ভিদৰ কেবাবিধো প্ৰজাতি দক্ষিণ পূব এচিয়া আৰু আফ্ৰিকা মহাদেশত পোৱা যায়। যেনে- Basella rubra, L, Basella oleracea L, B. Lucidia L, B. japonica, B. Cordifolia L. B. nigra L, B. crassifolia. S. ইত্যাদি।

পূৰৈ শাক(Basella alba) গোটেই বছৰ ধৰি খাব পৰা এক প্ৰকাৰৰ লতাজাতীয় শাক। এইবিধ শাক যদিও ভাৰত, দক্ষিণ পূব-এচিয়া আৰু নিউগিণিৰ থলুৱা উদ্ভিদ, তথাপি সমগ্ৰ বিশ্বৰ উষ্ণ বিষুবীয় অঞ্চলত ইয়াৰ খেতি হয় আৰু সকলো ঠাইতে ইয়াক উপাদেয় পাত শাকৰূপে বিবিধ ব্যঞ্জন কৰি খোৱা হয়।

পূৰৈ শাকৰ লতা অতি দ্ৰুত গতিত বাঢ়ে আৰু ইয়াৰ ঠাৰিবোৰ বৰ কোমল হয়। পাতবোৰ ডাঠ আৰু মাজৰ সিৰাবোৰ ৰঙা বা সেউজীয়া বৰণৰ হয়। কিছুমান প্ৰজাতিৰ পূৰৈ শাকৰ ঠাৰি সামান্য আৰু ৰঙা বা কজলা ৰঙৰ হয়।

ভালকৈ বাঢ়িবলৈ দিলে ইয়াৰ লতাৰ দৈৰ্ঘ হয়গৈ প্ৰায় ১০ মিটাৰ(৩৩ ফুট)। ইয়াৰ ডাঠ সেউজীয়া পাতৰ এটা মৃদু গোন্ধ আছে, পাতবোৰ কুটিলে সামান্য বিজলুৱা পদাৰ্থ ওলায়। এই পাত আৰু কুমলীয়া আগবোৰ বিভিন্ন সামগ্ৰীৰ লগত তৰকাৰী ৰূপে খাব পাৰি।

ইয়াৰ পাতত ভিটামিন ‘এ’, ‘চি’ আৰু খনিজ লৱণ- আয়ৰণ আৰু কেলচিয়াম যথেষ্ট পৰিমাণে থাকে। ইয়াৰ পাতত কেইবিধমান ফেনোলিক ফাইটোকেমিকেল থাকে আৰু ইয়াৰ এন্টিঅক্সিডেন্ট গুণো আছে।

এইবিধ শাকক ‘মালবাৰ স্পিনাক’ বুলিও কোৱা হয়। ইয়াৰ প্ৰধানকৈ দুটা প্ৰজাতি আছে। সেউজীয়া আৰু ৰঙা। এইবিধ শাক বিশ্বৰ প্ৰায়বিলাক বজাৰতে গোটেই বছৰ ধৰি পোৱা যায়।

গ্ৰীষ্মকালৰ আৰ্দ্ৰ বতৰত ইয়াৰ বৃদ্ধি বেছিকৈ হয়। সাগৰ পৃষ্ঠৰ পৰা ৫০০ মিটাৰ(১৬০০ ফুট) উচ্চতালৈকে এইবিধ শাকৰ শ্ৰীবৃদ্ধি ভাল হয়।

শীত প্ৰধান অঞ্চলত ইয়াৰ বৃদ্ধি বৰ লেহেমীয়া হয়। চুটি দিনৰ বতৰত অৰ্থাৎ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে ইয়াৰ ফুল ফুলে আৰু থোপা-থোপাকৈ গুটি লাগে।

গুটিবোৰ এপ্ৰিল মে’ মাহত পকে আৰু ইয়াৰ ফুল ফুলে আৰু থোপা-থোপাকৈ গুটি লাগে। গুটিবোৰ এপ্ৰিল মে’ মাহত পকে আৰু ইয়াৰ বৰণ ডাঠ গুলপীয়া হয়।

পূৰৈৰ গুণ -

পূৰৈ শাকৰ সকলো প্ৰজাতিৰ পাত আৰু আগত ভিটামিন ‘এ’ আৰু ‘চি’ৰ লগতে আয়ৰণ আৰু কেলচিয়াম থাকে।

ইয়াৰ পৰিমাণৰ তুলনাত কেলৰিৰ পৰিমাণ কম থাকে। কিন্তু প্ৰতি কেলৰিত যথেষ্ট মাত্ৰাত প্ৰোটিন থাকে। এইবিধ শাক খাদ্য আঁহৰ এক ভাল উৎস।

ফিলিপাইনছত সকলো নিৰামিষ খাদ্যৰ লগত পূৰৈ শাকৰ পাত থাকেই আৰু তাত ভাতৰ লগত পূৰৈৰ জোল থাকিবই।

এইবিধ শাক সাধাৰণতে চাৰ্ডাইন মাছ, পিয়াঁজ, নহৰু আৰু পাৰ্চলেৰ লগত ৰন্ধা হয়। ভালেমান দেশত পাচলিৰে ‘চূপ’ প্ৰস্তুত কৰোঁতে পূৰৈ শাক ব্যৱহাৰ কৰা হয়।

দক্ষিণ ভাৰতৰ কৰ্ণাটকত কঠালগুটিৰ লগত পূৰৈ শাক মিহলাই এবিধ উপাদেয় তৰকাৰীৰ জোল প্ৰস্তুত কৰা হয়(বাছালে চপ্পু) আৰু ‘ৰাইটা’ আৰু দৈৰ লগত পৰিৱেশন কৰা হয়।

শুকান টুনা মাছৰ লগত পূৰৈ শাক মিহলাই এবিধ জোল বনোৱা হয়। অসম, পশ্চিম বংগত ৰঙালাউৰ সৈতে এবিধ অতি তৃপ্তিদায়ক তৰকাৰী প্ৰস্তুত কৰা হয়।

ইলিচ মাছৰ কাঁইটীয়া অংশবোৰৰ লগত পূৰৈ শাক মিহলাই আন এবিধ খাদ্যও বনোৱা হয়। মিছামাছৰ লগতো পূৰৈ শাক ভাজি খোৱা হয়।

কোনো কোনো অঞ্চলত কেঁকোৰাৰ মাংসৰ লগতো পূৰৈ শাক মিহলাই এবিধ অতি তৃপ্তিদায়ক তৰকাৰী বনোৱা হয়।

পূৰৈ শাক –

  • লঘু,
  • মধুৰ,
  • স্নিগ্ধ,
  • শীতবীৰ্য,
  • পিচ্ছিল,
  • ৰুচিকৰ,
  • তৃপ্তিদায়ক,
  • কফকাৰক,
  • বাত-পিত্তহাৰক,
  • মূত্ৰপ্ৰৱৰ্তক,
  • নিদ্ৰাজনক,
  • ৰক্তপিত্তনাশক,
  • পুষ্টিকৰ,
  • বীৰ্যবৰ্ধক,
  • দাহনিবাৰক,
  • কন্ঠৰ কাৰণে অহিৰ্কৰ,
  • দূষিত কফ নিঃসাৰক অতিসাৰ নিবাৰক,
  • কফ,
  • শ্বাস,
  • মূত্ৰকৃচ্ছ্ৰ,
  • প্ৰমেহ,
  • ফোঁহা,
  • ৰক্তঅৰ্শ,
  • কোষ্ঠবদ্ধতা,
  • দুৰ্বলতা,
  • কৃশতা আদি ৰোগ নিবাৰক।

পূৰৈ শাক ঘিউ বা তিলতেলেৰে ৰান্ধি খাব লাগে। ইয়াক সৰিয়হ তেলেৰে ৰান্ধি খালে অপকাৰ কৰিব পাৰে। ই পালেং শাকৰ সমগুণবিশিষ্ট।

ঔষধীয় ব্যৱহাৰ -

  • ফোঁহা, বিহফোঁহা, জুয়ে পোৰা আদি ছালৰ বিসংগতি হোৱা অংশত পূৰৈ পাতৰ ৰস সানিলে সোনকালে ভাল হয়।
  • ছালত হোৱা খজুৱতি, অজীৰ্ণৰ ফলত হোৱা শীতপিত্ত(Urticaria) বা এলাৰ্জিজনিত চকলা উঠা ৰোগত পূৰৈ পাত দুখিলা বটি তাৰ ৰস উলিয়াই ৰোগগ্ৰস্ত অংশত লগালে ৰোগ ভাল হয়।
  • মূৰৰ বিষ হ’লে ইয়াৰ পাত বটি কপালত ভৰণ দিলে মূৰৰ বিষ উপশম হয়।
  • টোপনি নাহিলে পূৰৈ পাতৰ ৰস দুচামুচ খালে টোপনি আহে। দীৰ্ঘদিন ধৰি টোপনি নাহিলে দিনত পূৰৈ শাকৰ তৰকাৰী খাই থাকিলে টোপনি আহে।
  • শৰীৰৰ অ’ত ত’ত ফোঁহা হ’লে পূৰৈৰ পাত দুখিলা বটি ফোঁহাৰ ওপৰত লেপ দি থ’লে ফোঁহা পকি ফুটি, পূঁজ পানী ওলাই গৈ সোনকালে ফোঁহা শুকাই যায়।

পূৰৈ শাকত থকা পুষ্টি উপাদান(প্ৰতি এশ গ্ৰামত)-

কাৰ্বোহাইড্ৰেট

৩.৪ গ্ৰাম

চৰ্বি

০.৩ গ্ৰাম

প্ৰোটিন

১.৮ গ্ৰাম

ভিটামিন ‘এ’

৫০% ৪০০ মাইক্ৰ’গ্ৰাম

থিয়ামিন ‘বি’

৪% ০.০৫ মিঃগ্ৰাম

ৰিবোফ্লেভিন ‘বি২’

১৩% ০.১৫৫ মিঃগ্ৰাম

নিয়াচিন ‘বি৩’

৩% ০.৫ মিঃগ্ৰাম

ভিটামিন ‘বি৬’

১৮% ০.২৪ মিঃগ্ৰাম

ভিটামিন ‘চি’

১২৩% ১০২ মিঃগ্ৰাম

খনিজ লৱণ

কেলচিয়াম

১১% ১০৯ মিঃগ্ৰাম

আয়ৰণ

৯% ১.২ মিঃগ্ৰাম

মেগনেচিয়াম

১৮% ৬৫ মিঃগ্ৰাম

পটাচিয়াম

১১% ৫১ মিঃগ্ৰাম

জিংক

৫% ০.৪৩ মিঃগ্ৰাম

 

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top