মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পেট আৰু অন্ত্ৰৰ ৰোগত চকলেট যথেষ্ট উপকাৰী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেট আৰু অন্ত্ৰৰ ৰোগত চকলেট যথেষ্ট উপকাৰী

পেট আৰু অন্ত্ৰৰ ৰোগত চকলেটৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে

বাদাম, কণী, শস্যৰ গুটি, দাইল বা উৰহী জাতীয় খাদ্য, মাংস, দৈ চীজ আৰু চকলেট আদি প্ৰোটিনযুক্ত খাদ্য খালেও অন্ত্ৰৰ ৰোগত ভুগি থকা লোকে উপশম পায়। এই বিষয়ত চলা এটা গৱেষণাত এই কথা পোহৰলৈ আহিছে। গৱেষণাৰ পৰা লাভ কৰা তথ্যৰ পৰা জানিব পৰা গৈছে যে, যিবিলাক খাদ্য দ্ৰব্যত ‘ট্ৰিপ্টোফেন’ নামৰ উপাদানবোৰ পৰ্যাপ্ত মাত্ৰাত থাকে, তাত নিহিত থকা এমিনো এচিডে প্ৰোটিন প্ৰস্তুত কৰিব পাৰে। গৱেষণা কালত এনে ধৰণৰ খাদ্য দ্ৰব্য এন্দুৰক খাবলৈ দিয়া হ’ল আৰু তাৰ পৰিণতি সূক্ষ্মভাৱে লক্ষ্য কৰা হ’ল। এনে দ্ৰব্য খাবলৈ দিয়া এন্দুৰৰ গাত ৰোগ প্ৰতিৰোধী কোষকলাৰ সৃষ্টি হোৱা দেখা গ’ল আৰু এই বিলাকে পেটৰ বিসংগতি নিৰাময় কৰিব পৰা হ’ল।

আমেৰিকাৰ চেণ্ট লুই স্থিত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অব মেডিচিনৰ ডাঃ ৰৰ্বাট ৰক বেলিভিউৰ অধ্যাপক মাৰ্কো কোলোনাই কৈছে যে আমি বীজাণু বিলাকৰ প্ৰজাতিৰ মাজত এল সম্পৰ্ক উদ্ঘাটন কৰিবলৈ সক্ষম হৈছো। পেটত পোৱা জীৱিত বীজাণু বিলাকৰ মাজত লেক্টোবাৰিছল ৰেয়ুটেৰী বিলাক যথেষ্ট স্বাভাৱিক আছিল আৰু ইয়াৰ সংখ্যা বৃদ্ধি হ’লে অন্ত্ৰ সম্বন্ধীয় ৰোগ বিলাকৰ পৰা উপশম হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। গৱেষক সকলে প্ৰকাশ কৰিছে যে, এন্দুৰ বিলাকক দিয়া খাদ্যত যিমানে বেছি ট্ৰিপ্টোফেন দিয়া হয়, সিমানে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱা দেখা গ’ল। মানুহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰা কোষ বিলাক এন্দুৰৰ কোষৰ সৈতে একেই। সেয়ে এই গৱেষণাৰ ফলাফলে মানুহৰ কাৰণেও আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।

উৎস : স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

 

 

3.09090909091
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top