মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / প্ৰ’টিন আৰু আমাৰ প্ৰ’টিনহীনতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰ’টিন আৰু আমাৰ প্ৰ’টিনহীনতা :

প্ৰ’টিন আৰু আমাৰ প্ৰ’টিনহীনতাৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণ নিৰোগী জীৱন যাপনৰ বাবে মানৱ দেহক ৬ প্ৰকাৰৰ খাদ্যৰ আৱশ্যক৷ সেয়া হৈছে কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চৰ্বি, ভিটামিন, খনিজ আৰু পানী৷ কাৰ্বহাইড্ৰেট আৰু চৰ্বিয়ে শাৰীৰিক কাৰ্যসমূহৰ বাবে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে৷

ভিটামিন, খনিজ আৰু পানীয়ে কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বিৰ কাৰ্যত সহায় কৰে৷ তেনেহ’লে প্ৰ’টিনৰ কাম কি? প্ৰ’টিনৰ কাম হ’ল দেহৰ গঠন৷

*পেশী,

*হাড়,

*তেজ,

*ছালৰ পৰা আৰম্ভ কৰি হৰমোন,

*পাচক ৰস আৰু অন্যান্য দৈহিক ৰসসমূহৰ গঠনত প্ৰ’টিনে মুখ্য ভূমিকা গ্ৰহণ কৰে৷

এই গঠন প্ৰক্রিয়া এককালীন প্ৰক্রিয়া নহয়৷ সমগ্ৰ জীৱন কালত ই সংঘটিত হৈ থাকে৷ উদাহৰণ স্বৰূপে লোহিত ৰক্ত কণিকাৰ কথা উল্লেখ কৰিব পাৰি৷

লোহিত ৰক্ত কণিকাৰ জীৱন কাল হ’ল ১২০দিন৷ কিন্তু প্ৰ’টিনে নিয়মিতভাৱে ইয়াক গঠন কৰি থাকে৷ দেহৰ পেশী, ছাল আদিৰ ক্ষেত্ৰতো প্ৰ’টিনে একে ধৰণে কাম কৰে৷

সেয়ে এজন মানুহক দেহৰ গঠন আৰু প্ৰতিপালনৰ বাবে জীৱনজুৰি প্ৰ’টিনৰ আৱশ্যক হয়৷ পৰিপাকৰ পৰা বংশবৃদ্ধিলৈ, তেজৰ গঠনৰ পৰা খমলা বন্ধালৈ প্ৰ’টিন অবিহনে দেহৰ প্ৰতিটো কাৰ্যই ব্যৱহাৰিকভাৱে ততালিকে বন্ধ হ’ব পাৰে৷

প্ৰটিন দৰাচলতে কি -

মূলতে প্ৰ’টিন হৈছে এমিন’ এচিডৰ সমূহ৷ ২৩বিধ এমিন’ এচিডৰ পৰা সংযোগ-বিন্যাসৰ জৰিয়তে সহস্ৰাধিক প্ৰ’টিন অণুৰ সৃষ্টি হয়৷ যেনেকৈ শব্দ আৰু আখৰ৷ ইংৰাজী বৰ্ণমালাত মুঠ আখৰ আছে ২৬টা, কিন্তু ইয়াৰ দ্বাৰা হাজাৰ-বিজাৰ শব্দৰ সৃষ্টি হয়৷

আনহাতে আখৰৰ অবিহনে শব্দৰ সৃষ্টি অসম্ভৱ৷ তেনেদৰে শৰীৰক ইয়াৰ নৈমিত্তিক কাৰ্য সাধনৰ বাবে হাজাৰবিধ প্ৰ’টিনৰ আৱশ্যক হয় যিবিলাক ২৩টা এমিন’ এচিডৰ দ্বাৰা সৃষ্টি কৰাটো সম্ভৱ৷ এই ২৩বিধ এমিন’ এচিড দেহক বাহিৰৰ পৰা যোগান ধৰিব নোৱাৰি৷

এমিন’ এচিডৰ সংযোগ-বিন্যাসৰ জৰিয়তেই সৃষ্টি হ’ব লাগিব৷ যিদৰে আমি শব্দ গঠনৰ বাবে ২৬টা বৰ্ণ মগজুক যোগান ধৰোঁ, তেনেকৈ দেহক প্ৰয়োজন হোৱা প্ৰ’টিনৰ বাবে ২৩বিধ এমিন’ এচিড যোগান ধৰিব লগা হয়৷

প্ৰকৃতাৰ্থত প্ৰ’টিন আৱশ্যকমতে পাবলৈ আমাক ৯-১০বিধ এমিন’ এচিড লাগে৷ ইয়াক কোৱা হয় অত্যাৱশ্যকীয় এমিন’ এচিড৷ ইহঁতে অন্যান্য এমিন’ এচিডৰ সহায়ত প্ৰয়োজনীয় প্ৰ’টিন উৎপাদন কৰে৷

গতিকে আমি আমাৰ খাদ্যৰ জৰিয়তে বাহিৰৰ পৰা দেহক এই অত্যাৱশ্যকীয় এমিন’ এচিড যোগান ধৰিব লগা হয়৷ আনহাতে মানৱ শৰীৰে পোনপটীয়াকৈ প্ৰ’টিন নিবিচাৰে, বৰং নিৰ্দিষ্ট পৰিমাণৰ এমিন’ এচিডহে বিচাৰে৷

খাদ্য আৰু প্ৰ’টিন -

আমি মাছ, মাংস, কণী, গাখীৰ, শাক-পাচলি ইত্যাদি খাওঁ৷ আমাৰ খাদ্যদ্ৰব্যসমূহত ভিন্নতা অনুপাতে ভিন ভিন ধৰণৰ আৰু ভিন ভিন পৰিমাণৰ এমিন’ এচিড পোৱা যায়৷

এইবোৰেই আমাক লগা প্ৰ’টিনৰ উৎস৷ সঠিক দেহ গঠন, প্ৰতিপালন আৰু কাৰ্যকলাপৰ বাবে আমাৰ দেহক সকলো প্ৰকাৰৰ প্ৰয়োজনীয় এমিন’ এচিড উপযুক্ত পৰিমাণত যোগান ধৰা উচিত৷ সুষম বা সমতুল আহাৰত এইখিনি পাব পাৰি৷

দেহটোক কাৰ্যক্ষম কৰি ৰাখিবলৈ মানুহক প্ৰতিদিনে গ্ৰাম পৰিমাণত নিজৰ ওজনৰ সমান প্ৰ’টিন লাগে৷ অৰ্থাৎ, এজন মানুহৰ ওজন যদি ৪০কিল’গ্ৰাম হয় তেওঁৰ প্ৰতিদিনে লগা প্ৰ’টিনৰ পৰিমাণ হ’ব ৪০গ্ৰাম৷

আনহাতে সন্তানসম্ভৱা নাৰী, বাঢ়ি অহা শিশু, ৰুগীয়া মানুহক দিনৌ সৰহ পৰিমাণত প্ৰ’টিন দৰকাৰ৷ গড় হিচাপে মানৱ দেহক নিতৌ ৬০-৭০গ্ৰাম প্ৰ’টিনৰ আৱশ্যক হয়৷

গৱেষণাৰ পৰা পোৱা গৈছে যে ৬০-৭৫গ্ৰাম প্ৰ’টিনে উপযুক্ত পৰিমাণে দেহক দিনে প্ৰয়োজন হোৱা এমিন’ এচিড (২৫০-১১০০মিলিগ্ৰাম) যোগান ধৰে৷ এই প্ৰ’টিন আমি খোৱা খাদ্যবস্তুত অন্তৰ্নিহিত এমিন’ এচিডৰ যোগেদি শৰীৰক দিয়া হয়৷

এইটো দুৰ্ভাগ্যজনক যে আমি খোৱা এনে কোনো এটা বস্তু নাই যি সকলো ধৰণৰ প্ৰ’টিন দেহক যোগান ধৰিব পাৰে৷ ইয়াৰ কাৰণ হ’ল, খাদ্য অনুপাতে এমিন’ এচিডৰ পৰিমাণ আৰু ধৰণৰ ভিন্নতা৷

উদাহৰণস্বৰূপে, ‘ক’ নামৰ খাদ্যটোত ৯বিধ অত্যাৱশ্যকীয় এমিন’ এচিডৰ ৪বিধ থাকিব পাৰে, ‘খ’ নামৰ খাদ্যটোত দুবিধ থাকিব পাৰে৷

‘গ’ খাদ্যটোত ৩বিধ থাকিব পাৰে৷ ‘ক’, ‘খ’ আৰু ‘গ’তিনিওবিধ খাদ্য মিলিলেহে সমানুপাতিক প্ৰ’টিনযুক্ত হ’ব৷ সেই কাৰণেই আমাৰ দৈনিক প্ৰ’টিনৰ প্ৰয়োজন পূৰাবৰ বাবে নানা তৰহৰ খাদ্য খাব লগা হয়৷

কেইবাটাও কাৰকৰ ওপৰত আমাৰ খাদ্য নিৰ্বাচন নিৰ্ভৰ কৰে৷ সেইবোৰৰ ভিতৰত এটা মুখ্য কাৰক হ’ল খাদ্যত থকা এমিন’ এচিডৰ পৰিমাণ৷

জীৱৰ পৰা পোৱা খাদ্য যেনে মাছ, মাংস, কণী, গাখীৰ আদিত সৰ্বাধিক পৰিমাণত এমিন’ এচিড থাকে৷

ইয়াৰ পাছতে-

*ছেঁইজাতীয় খাদ্য,

*টান বাকলিযুক্ত খাদ্য,

*ধানজাতীয় খাদ্য,

*শিপাজাতীয় খাদ্য প্ৰ’টিনেৰে সমৃদ্ধ৷

সেয়ে আমি আমাৰ আহাৰত দৈহিক প্ৰয়োজনাৰ্থে দৈনিক প্ৰয়োজন হোৱা প্ৰ’টিন পাবলৈ হ’লে নানা তৰহৰ খাদ্যৰ মিশ্ৰণ গ্ৰহণ কৰা উচিত৷

উপযুক্ত পৰিমাণে প্ৰ’টিন নাখালে কি হয় -

প্ৰ’টিনহীনতাৰ অৰ্থ হ’ল গঠনহীনতা, দেহৰ প্ৰতিপালনহীনতা আৰু কাৰ্যক্ষমতাহীনতা৷ দেহক ইয়াৰ প্ৰয়োজন অনুপাতে প্ৰ’টিনৰ যোগান নধৰিলে প্ৰ’টিনহীনতাৰ ফলত বিভিন্ন উপসৰ্গই দেখা দিব পাৰে৷

মৃদু বা মধ্যমীয়া প্ৰ’টিন ঘাটিৰ ফলত-

*জন্মৰ সময়ত ওজন কম,

*বয়স অনুপাতে ওজন কম,

*বয়স অনুপাতে উচ্চতা কম,

*দীৰ্ঘদিনীয়া শক্তিৰ অভাৱ,

*মানসিকভাৱে ভোদা,

*চুলি সৰা,

*ছাল শোতোৰা পৰা,

*ৰক্তহীনতা,

*ৰক্তক্ষৰণ সহজে বন্ধ নোহোৱা,

*ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস,

*কলিজা আৰু কিডনিৰ অসুখ আদি হ’ব পাৰে৷

প্ৰ’টিনহীনতাৰ কাৰণ -

প্ৰ’টিনক সামৰি আমি প্ৰায়ে এটা ভুল ধাৰণা মনত লৈ থাকোঁ৷ সেয়া হ’ল খাদ্যত থকা প্ৰ’টিনৰ পৰিমাণ আৰু প্ৰ’টিন থকা খাদ্যৰ পৰিমাণ৷ উদাহৰণস্বৰূপে আমি যদি ১০০গ্ৰাম মাংস খাওঁ, আমি ভাবোঁ ১০০গ্ৰাম প্ৰ’টিন খালোঁ বুলি৷ এইটো ভুল ধাৰণা৷

দৰাচলতে তেনে নহয়৷ আমি খোৱা দুকাপ গাখীৰ (৩০০মিলিলিটাৰ)ত ২০গ্ৰামহে প্ৰ’টিন পোৱা যায়৷ এটা কণীত ৬গ্ৰাম প্ৰ’টিন থাকে৷ ৩৫গ্ৰাম মাছ বা মুৰ্গী বা ছাগলীৰ মাংসত ৭.৫গ্ৰাম প্ৰ’টিন পাওঁ৷

মধ্যমীয়া জোখৰ এটা আলুত ৩গ্ৰাম আৰু এটা কমলাত ১গ্ৰাম প্ৰ’টিন থাকে৷ গতিকে খাদ্যৰ ওজন আৰু প্ৰ’টিনৰ পৰিমাণ একে নহয়৷ এনে ভুল ধাৰণাৰ ফলত আমি আমাৰ অজানিতে প্ৰ’টিনহীনতাত ভুগিব পাৰোঁ৷

সকলো খাদ্যত সকলো ধৰণৰ এমিন’ এচিড নাথাকে৷ দিনৌ প্ৰয়োজন হোৱা এমিন’ এচিডখিনি পাবলৈকে আমি বিভিন্ন ধৰণৰ খাদ্য খাবলগীয়া হয়৷

উদাহৰণ স্বৰূপে মধ্যমীয়া জোখৰ ১০টা আলু খালে ৩০গ্ৰাম প্ৰ’টিন পোৱা যাব কিন্তু তাত ৯বিধ অত্যাৱশ্যকীয় এমিন’ এচিড উপস্থিত নাথাকিবও পাৰে৷ আধুনিক জীৱন-যাত্ৰাত মানুহে গ্ৰহণ কৰা ফাষ্ট ফুড, টিনত থকা আহাৰ যেনে কোলা, চৰ্বত; জাংক ফুড যেনে চিপ্চ ইত্যাদিয়ে সৰহ পৰিমাণৰ কেলৰি যোগান ধৰিলেও গুণগত দিশত সেইবোৰত থকা প্ৰ’টিনৰ পৰিমাণ নিচেই কম৷

তদুপৰি মাদক দ্ৰব্য যেনে মদ, চিগাৰেট আদি সেৱনকাৰীয়ে নিজৰ অজ্ঞাতে প্ৰ’টিনহীনতাত ভুগিব পাৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷

নিৰামিষভোজীসকলে মাছ-মাংস আদি গ্ৰহণ নকৰাৰ বাবে আন উৎসৰ পৰা যদি প্ৰয়োজনীয় প্ৰ’টিনৰ চাহিদা পূৰণ নকৰে তেন্তে প্ৰ’টিনহীনতাত ভুগিব পাৰে৷

সৰহ আৰু উচ্চ গুণবিশিষ্ট প্ৰ’টিন থকা খাদ্যদ্ৰব্যৰ মূল্যও বেছি হয়৷ এইখিনিতে আৰ্থিক দিশটোৰ কথাও আহি পৰে৷

এজন মানুহৰ উচ্চ গুণবিশিষ্ট প্ৰ’টিনযুক্ত খাদ্য ক্রয় কৰাৰ সামৰ্থ থাকিলেও গ্ৰহণ কৰাৰ ক্ষমতা নাথাকিব পাৰে৷ উদাহৰণ স্বৰূপে ৩০০গ্ৰাম মুৰ্গী বা ছাগলীৰ মাংস বা ২০-২৫টা কণী দৈনিক খালে হিচাপ অনুযায়ী নিত্যপ্ৰয়োজনীয় প্ৰ’টিনখিনি নিঃসন্দেহে পোৱা যাব৷

কিন্তু প্ৰশ্ন হ’ল ইমানখিনি খাদ্য খাব পাৰিবনে? আৰু সেয়ে প্ৰ’টিনহীনতাই দেখা দিয়ে৷
কোনোবাই ওপৰত উল্লেখ কৰা ধৰণৰ খাদ্য দৈনিক খাব পাৰিবও পাৰে৷ তথাপিও কিন্তু বিপদ নোহোৱা নহয়৷

কাৰণ প্ৰ’টিনযুক্ত খাদ্যত কেৱল প্ৰ’টিনেই নাথাকে, অন্য এবিধ দ্ৰব্যও থাকে৷ সেয়া হৈছে চৰ্বি৷ দেহত যদি প্ৰয়োজনাধিক পৰিমাণৰ চৰ্বিৰ যোগান ধৰা হয় ই অন্য বেমাৰৰ কাৰক হৈ পৰে৷

অধিক পৰিমাণে চৰ্বিযুক্ত খাদ্য ভক্ষণ কৰাৰ ফলত কলেষ্টৰেল বৃদ্ধি হয়৷ ফলত-

*হাৰ্টৰ বেমাৰ,

*উচ্চ ৰক্তচাপ,

*ষ্ট্ৰ’ক আদি হয়,

*ডায়েবেটিচ ৰোগ বৃদ্ধি হয়৷

সেইবাবে সীমাহীন পৰিমাণত মাংস বা কণী খাব নোৱাৰি৷ আনহাতে ওপৰত কোৱা বেমাৰসমূহ দেখা দিলে চৰ্বিযুক্ত আহাৰ বৰ্জন কৰাটো বাধ্যতামূলক হৈ পৰে যাৰ ফলস্বৰূপে দেহলৈ প্ৰ’টিনৰ যোগান বাধাপ্ৰাপ্ত হয়৷

বহুতো লোকৰ কিছুমান বিশেষ খাদ্য গ্ৰহণ কৰিলে এলাৰ্জী হয়৷ ফলত তেনে খাদ্য বৰ্জন কৰিব লগা হয়৷ তেওঁলোকে নিজৰ অজানিতে সেই সেই খাদ্যত থকা প্ৰ’টিনৰ পৰা বঞ্চিত হয়৷ এনেদৰে বিভিন্ন কাৰণত আমি প্ৰ’টিনহীনতাত ভোগো, অথচ তাক নিজেও গম নাপাওঁ৷

লিখনিৰ মোখনিত এই প্ৰ’টিনহীনতাৰ প্ৰসংগতে দুবিধ ৰোগৰ বিষয়ে চমুকৈ উল্লেখ কৰাটো ভাল৷

(১) এবছৰৰ পৰা পাঁচ বছৰৰ শিশুৰ প্ৰ’টিনৰ অভাৱত শৰীৰটো পানী জমা হৈ ফুলি উঠে৷ছালৰ বৰণ সলনি হয় আৰু ছাল ফাটি এৰাব ধৰে৷

সাধাৰণতে দৰিদ্ৰ পৰিয়ালত কম ব্যৱধানত ওপজা শিশুৰ এনে ৰোগ হোৱা দেখা যায়৷ এনে অৱস্থাক কোৱাশ্বিয়’ৰক’ৰ বোলে৷

(২) এবছৰৰ তলৰ শিশু যি মাতৃদুগ্দ্ধৰ পৰা সৰুতে বঞ্চিত হয়- প্ৰ’টিনৰ ওপৰিও কাৰ্বোহাইড্ৰেট,চৰ্বি আৰু ভিটামিনৰ অভাৱত ভোগে৷তেনে শিশুৰ দেহত অস্থি আৰু চৰ্ম মাত্ৰ ৰয়৷

শৰীৰত মাংস দেখা পোৱা নাযায়৷ শৰীৰ নুফুলে৷ ছালো নাফাটে৷ শৰীৰৰ এনে অৱস্থাক মাৰাচমাছ বোলে৷

আফ্ৰিকা মহাদেশৰ কিছুমান অতি দৰিদ্ৰ অঞ্চলৰ বাহিৰে উন্নয়ণশীল দেশসমূহত এনে ৰোগাৱস্থা সাধাৰণতে দূৰ্লভ৷

লেখক: আব্দুছ ছাজিদ

উৎস: সাহিত্য.অৰ্গ

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top