মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / প্ৰ’টিন, ভিটামিন, মিনাৰেলেৰে ভৰপূৰ সুস্বাদু ছয়াবিনৰ বিষয়ে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰ’টিন, ভিটামিন, মিনাৰেলেৰে ভৰপূৰ সুস্বাদু ছয়াবিনৰ বিষয়ে :

প্ৰ’টিন, ভিটামিন, মিনাৰেলেৰে ভৰপূৰ সুস্বাদু ছয়াবিনৰ বিষয়ে লিখা হৈছে ।

 

*ছয়াবিন ফাইবাৰ সমৃদ্ধ। ছয়াবিনে দেহৰ কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

*ভিটামিন বি-কমপ্লেক্সৰ ষ্ট’ৰ হাউছ হৈছে ছয়াবিন। বিশেষকৈ থায়াসিন, নায়চিন, ফলিক এচিড আৰু বাইবোফ্লাভিনেৰে ভৰপূৰ। ইয়াৰ ভিটামিন হাৰ্ট আৰু লিভাৰৰ সক্ৰিয় কাৰ্যকলাপ বজাই ৰখাত সহায় কৰে।

*দাইলতকৈও বেছি প্ৰ’টিন আছে ছয়াবিনত। প্ৰতি ১০০ গ্ৰাম ছয়াবিনত ৪৩ গ্ৰাম প্ৰ’টিন পোৱা যায়।

*ছয়াবিনৰ প্ৰ’টিনত চিষ্টিন আৰু মিথিওলাইনৰ বাহিৰে বেছিভাগ অত্যাৱশ্যকীয় এমিনো এচিড নিজে শৰীৰত তৈয়াৰ নহয়। গতিকে নিৰামিষভোজীসকলৰ ক্ষেত্ৰত ছয়াবিনে যথেষ্ট ভূমিকা ল’ব পাৰে। কণী, মাংস, আন ডেইৰী প্ৰডাক্টৰ দৰেই প্ৰাণীজ প্ৰ’টিনৰ সমতুল্য প্ৰ’টিনসমৃদ্ধ এই ছয়াবিন সেয়ে শৰীৰৰ বাবে যথেষ্ট প্ৰয়োজনীয়।

*আনহাতে ছয়াবিনত ফেটৰ পৰিমাণ কম। প্ৰতি ১০০ গ্ৰাম ছয়াবিনত প্ৰায় ২০ গ্ৰামহে ফেট থাকে বুলি ধৰি লওক।

*প্ৰতি ১০০ গ্ৰাম ছয়াবিনত কাৰ্বোহাইড্ৰেটৰ পৰিমাণ থাকে ৩০ গ্ৰাম।

*ফাইবাৰসমৃদ্ধ ছয়াবিন হাৰ্টৰ বাবে উপকাৰী।

*ভিটামিন ই আৰু লেচিথিনেৰ দৰে নেচাৰেল এন্টিঅক্সিডেন্টসমৃদ্ধ ছয়াবিনে শ্লো এজিঙত(বাৰ্ধক্য বিলম্ব কৰাত) সহায় কৰে। প্ৰতিৰোধ ক্ষমতাও বঢ়ায়।

*প্ৰচুৰ পৰিমাণে মিনাৰেল আছে। ১০০ গ্ৰাম ছয়াবিনত পোৱা যায় ২৮০ মিলিগ্ৰাম মেগনিচিয়াম, ২৭৭ মিলিগ্ৰাম কেপচিয়াম, ৭০৪ মিলিগ্ৰাম ফছফৰাছ। গতিকে ছয়াবিনে হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে। তেজৰ সুস্থতা বজাই ৰাখে।

*বয়ঃসন্ধি কালৰ কন্যা সন্তানৰ ডায়েটত যথেষ্ট পৰিমাণে ছয়াবিন ৰখা উচিত। পৰৱৰ্তী কালত ব্ৰেষ্ট কেন্সাৰ হোৱাৰ সম্ভাৱনা কম থাকে।

*ছয়া মিল্কত কেলচিয়ামৰ পৰিমাণ কম হ’লেও ইয়াৰ আইচোফ্লাবনচে(এবিধ প্লেন্ট হৰম’ন) শৰীৰৰ ইষ্ট্ৰোজেন হৰম’নৰ কাম কৰে। গতিকে অ’ষ্টিওপ’ৰচিচ প্ৰতিৰোধত সহায়ক হয়। ছয়া মিল্ক কেলচিয়াম, প্ৰ’টিন, ভিটামিন, বি-কমপ্লেক্সৰ ভাল উৎস। ছয়া মিল্কত গৰুৰ গাখীৰৰ সমানেই প্ৰ’টিন আছে। মিল্প প্ৰ’টিনত যিসকলৰ এলাৰ্জী আছে সেইসকলে ছয়া মিল্ক অনায়াসে খাব পাৰে।

*ছয়াবিন ফাৰমেন্ট কৰি ছয়া ছছ তৈয়াৰ কৰা হয়। ছয়া মিল্কৰ দৰে ছয়া ছছ কিন্তু উপকাৰী নহয়। প্ৰতি ১০০ গ্ৰাম ছয়া ছছত আইচোফ্লাবনচৰ পৰিমাণ ১.৬ মিলিগ্ৰাম আৰু ইয়াত নিমখৰ পৰিমাণ বেছি।

*ছয়াবিনত থকা আইচোফ্লাৰনচে মহিলাসকলৰ মেন’পজৰ বাবে হোৱা হট ফ্লাছ, ঘামি উঠা ইত্যাদি কমোৱাত সহায় কৰে, প্ৰ’ষ্টেট কেন্সাৰৰ আশংকাও কমাই ৰাখে।

*ভিটামিন চি সমৃদ্ধ ছয়া স্পাউট(গজালি ওলোৱা) উপকাৰী চালাড, চুপৰ লগত ছয়া স্পাউট খাব পাৰে। ময়াছাৰ পৰিৱৰ্তে চয়া ফ্লাওৱাৰৰ ৰুটি বনায়ো খাব পাৰে।

লেখিকা: ৰাণু দাস চৌধুৰী(অসম বানী)

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top