মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / প্ৰকৃতিৰ এক বিস্ময়কৰ ফল আতলচ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰকৃতিৰ এক বিস্ময়কৰ ফল আতলচ :

প্ৰকৃতিৰ এক বিস্ময়কৰ ফল আতলচৰ বিষয়ে লিখা হৈছে ।

 

বহুতো পাঠকৰ ঘৰৰ বাৰীত হয়তো আতলচৰ গছ আছে ৷ কিন্তু ব্যৱসায়িক ভিত্তিত এই ফলৰ গছৰ ৰোপণ অসমৰ কম ঠাইতহে হৈছে ৷ দৰাচলতে আমাৰ মানুহ ইয়াৰ উপকাৰিতা সম্বন্ধে বৰ কমকৈ অৱগত ৷ আজিৰ এই লিখনিৰ মাধ্যমেৰে আতলচ বা সীতাফলৰ গুণাৱলী আলোচনা কৰিম ৷
হিন্দী,গুজৰাটী আৰু মাৰাঠীত আতলচক সীতাফল বুলিয়ে জানে ৷ নেপালী, পাকিস্তানী আৰু পঞ্জাবীত বুলে শ্বৰিফা ৷ তেলেগুত সীতা ফলমু, তামিলত সীতা পল্লাম, বাংলাত আতা, কোংকনিত আঠ, মলয়ালমত সীমা আঠা আৰু সীথা পঝাম বুলে ৷ বাংলা দেশত আতা ফল, সিংহলীত মাটি আন্দা, বাৰ্মিজত আউজাৰ থি, ফিলিপিনোত এটিচ,পৰ্টুগিজত এটা, ইণ্ডোনেচিয়াত শ্ৰীকায়া, জামেইকা আৰু ঘানাত চুইট আপেল বা চুইট চপ বুলে ৷ ইংৰাজীত Custard Apple, Sugar Apple, Sweetsop নামেৰে ইয়াক জনা যায় ৷ প্ৰকৃতিত পোৱা অনেকবিধ ফলৰ ভিতৰত এবিধ সৰ্বোচ্চ মিষ্টতা থকা ফল হ'ল আতলচ আৰু সেয়ে ইংৰাজীত এইকেইটা কথিত নাম স্বীকৃত হ'ল ৷ অসমীয়াত ঠাইভেদে আতলচৰ আন আন নাম হ'ল- আতা ফল, আকেশ ফল, শ্বৰূপা আদি ৷
Anona Squamosa হ'ল ইয়াৰ বৈজ্ঞানিক নাম ৷ ইয়াৰ বংশাৱলী হ'ল Annonaceae বা (soursop family) ৷ Asimina triloba, Annona cherimola, Annona senegalensis, Annona reticulate আদি হ'ল একে বংশৰে উদ্ভিদ ৷ এটা প্ৰজাতি Annona muricata (Graviola) অসমৰ কোনো কোনো ঠাইত উপলব্ধ বুলি জনা যায় ৷ প্ৰজাতিভেদে ফলৰ আকৃতি আৰু বৰণৰ কিছু তাৰতম্য হলেও মুটামুটি গুণ প্ৰত্যেকৰে প্ৰায় সমপৰ্য্যায়ৰ ৷

আমেৰিকাৰ গ্ৰীষ্মপ্ৰধান অঞ্চলৰ পৰা কালক্ৰমত আহি ভাৰতত নিগাজি হোৱা আতলচৰ খেতি আমাৰ দেশৰ মহাৰাষ্ট্ৰ,অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, বিহাৰ,উৰিষ্যা আৰু অসমতো হয় ৷ আতলচ প্ৰজাতিৰ উদ্ভিদসমূহৰ প্ৰাথমিক উৎপত্তিস্থল আমেৰিকা মহাদেশৰ আটলান্তিক মহাসাগৰৰ দ্বীপ বহামা, কিউবা, ডমিনিক, হাইটি, জমেইকা আৰু মেক্সিকোৰ কাষৰীয়া ৱেষ্ট ইণ্ডিজ, গুৱেইটামালা, এল চালভাডৰ আদি অঞ্চল আছিল বুলি জনা যায় ৷ কালক্ৰমত এচিয়াৰ টাইৱান, ইণ্ডোনেচিয়া, ভিয়েটনাম,থাইলেণ্ড, ভাৰতবৰ্ষত; আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াতো অপৰ্য্যাপ্ত পৰিমাণত এনে গছ উপলব্ধ হবলৈ ধৰে ৷

সীতাফল নামৰ উৎপত্তি সম্বন্ধে দুটি প্ৰচলিত লোক বিশ্বাস শুনা যায় ৷ প্ৰথমটোৰ মতে বনবাসত থকা সময়ত সীতা দেৱীয়ে এই ফল অন্ন হিচাবে গ্ৰহণ কৰিছিল ৷ দ্বীতিয়টোৰ মতে ৰাৱণৰ হাতত বাটিকাত বন্দীহৈ থকা সীতাই ক্ষুধাতুৰ হনুমানক এই ফল খাবলৈ দিছিল ৷ আন এচামে সংস্কৃত শীত (শীতলতা প্ৰদান কৰা) শব্দৰ পৰা অপভ্ৰংশহৈ সীতা ফল নামৰ উৎপত্তি হোৱা বুলি কব খোজে ৷
গছৰ বৰ্ণনা : চিৰসেউজ আতলচ গছৰ উচ্চতা ৩০ফুট পৰ্য্যন্ত হয় ৷ ইয়াৰ ফুল বৰ সুগন্ধিদায়ক ৷ আতলচ গছত সাধাৰণতে ফল শীতকালত লাগে ৷ গাত টেমুনা থকা আতলচৰ একোটা ফলৰ আকাৰ আঢ়ৈ ইঞ্চিৰ পৰা চাৰে চাৰি ইঞ্চি পৰ্য্যন্ত হয় ৷ আতলচ দেখিবলৈ হিয়াৰ আকাৰৰ ৷ পোনতে কেঁচাতে সেউজীয়া ফল পকিলে বাদামী-হালধীয়া বৰণৰ হৈ পৰে ৷ ফলৰ গাত ৰঙা ৰঙৰ সিৰা দেখা যায় ৷ গছত নপকা পূৰঠ ফল ভালদৰে কাগজেৰে মেৰাই থলে ২৷৩দিনত পকি কোমল হৈ পৰে ৷ পকা আতলচ হাতৰে ফালিব পাৰি ৷ ভিতৰত বহুতবোৰ সুস্বাদু ফুট আৰু বহুতো গুটি থাকে ৷ গুটি বিষাক্ত ৷ গছৰ শিপা, ফলৰ গুটি, আতলচৰ বাকলি, গছৰ পাত, গছৰ ছাল-বাকলি সকলোৰে পৰা দৰব তৈয়াৰ কৰা হয় ৷
কি কি লাগতিয়াল উপাদান আতলচত থাকে ?
আতলচ ফল এন্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজৰে পৰিপূৰ্ণ ৷ ১০০গ্ৰাম আতলচত শক্তি থাকে ৮০ৰ পৰা ১০০ কেলৰি ৷ আৰু থাকে প্ৰটিন ৬৮গ্ৰাম, কাৰ্বোহাইড্ৰেট ২৪গ্ৰাম, ফেট ৩০০মিলিগ্ৰাম , ডায়েটেৰি ফাইবাৰ ৯০০ মিলিগ্ৰাম,প'টেচিয়াম ২৪৭মিলিগ্ৰাম, ফ'চফৰাচ ১৪মিলিগ্ৰাম, চ'ডিয়াম ৯মিলিগ্ৰাম,মেগনেচিয়াম ৫শতাংশ, আইৰণ ৩শতাংশ, কেলচিয়াম ২শতাংশ আৰু ক'পাৰ ৷ ভিটামিনসমূহ হ'ল থায়ামিন, ৰাইব'ফ্লেবিন, নিয়াচিন, নিকটিনিক এচিড, ভিটামিন-চি আৰু ভিটামিন-এ ৷
কিদৰে লোক ঔষধি হিচাবে আতলচ ব্যৱহৃত হৈ আহিছে ?


* কেৰিবিয়ান দ্বীপপুঞ্জত - আতলচ গছৰ পাত হাপানি,কাহ আৰু শ্বাসৰোগত ব্যৱহৃত হৈ আহিছে ৷ মাতৃদুগ্ধৰ পৰিমাণ বঢ়াবলৈ আতলচ ফল খাবলৈ পৰামৰ্শ দিয়া হয় ৷
* পেৰুত - আতলচ গছৰ পাত পিচা নাক,ডিঙি আৰু বুকুৰ বিজলুৱা পদাৰ্থ আতৰোৱাৰ বাবে ব্যৱহৃত হয় ৷
*দক্ষিণ আমেৰিকাৰ বহু অঞ্চলত আতলচৰ ৰস গ্ৰহণী আৰু স্কাৰ্ভিৰ চিকিৎসাত ব্যৱহৃত হয় ৷ গছৰ শিপা মস্তিষ্ক শীতল কৰিবলৈ  ব্যৱহাৰ কৰে ৷
* আমেৰিকাৰ আমাজন অঞ্চলত শিপা আৰু পাতেৰ ডায়েবেটিজৰ চিকিৎসা কৰে ৷
*বহুতবোৰ দেশত উচ্চ ৰক্তচাপ কমাবলৈ আৰু হৃদৰোগৰ পৰা সুৰক্ষা দিবলৈ আতলচ ব্যৱহাৰ কৰি অহা হৈছে ৷
উপকাৰিতাৰ তালিকা : -বিশ্বৰ বিভিন্ন গৱেষণাগাৰত আতলচৰ ওপৰত নানান পৰীক্ষা বিগত কুৰি বছৰৰ পৰা বিশেষ আগ্ৰহেৰে কৰি অহা হৈছে ৷ ঘাইকৈ বিলাতী এন্দুৰ বা গিনিপিগত এই পৰীক্ষাসমূহ কৰি অহা হৈছে ৷ এইখিনিতে এটি ৰসাল কথাৰ ভাগ আপোনালোকক নজনোৱাকৈ থাকিব নোৱাৰিলোঁ ৷ মোৰ এজন পাঠকে জনাইছে মানুহতকৈ আগতেই আন জীৱ-জন্তু ইয়াৰ গুণৰ সৈতে পৰিচিত, সেয়েহে বাৰীৰ ফল খাবলৈ বান্দৰ, ভাটৌ আৰু হেটুলুকা চৰাইয়ে ওথপথপ লগায় ৷
1. কৰ্কট ৰোগৰ নিয়ন্ত্ৰণত ভূমিকা - আতলচজাতীয় ফলত এচিটোজেনিন নামৰ তত্ব থাকে যি হ'ল যি কোনো টিউমাৰৰ বিৰোধ কৰোতা ৷ শৰীৰক সুৰক্ষা দিয়া টি-চেল বৃদ্ধি হয় আৰু কমেও ১২বিধ ভিন্ন ভিন্ন প্ৰকাৰৰ কেন্সাৰ ৰোধ প্ৰতিৰোধ হয় ৷ বিশেষকৈ পেনক্ৰিয়াজৰ টিউমাৰ আৰু মহিলাৰ স্তনৰ কেন্সাৰত ইয়াক উপযোগী বুলি কোৱা হৈছে ৷ ইয়াৰ বাবে আমেৰিকাত ৫০০ৰ পৰা ১৫০০মিলিগ্ৰাম কেপচুল দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয় ৷
2. এন্টিঅক্সিডেন্টে শৰীৰৰ ইমিউনিটি বঢ়ায় ৷
3. ডায়েবেটিজ নিয়ন্ত্ৰণত সহায়ক ৷ আতলচৰ স্বাদ মিঠা হলেও ডায়েবেটিজত উপকাৰী বুলি প্ৰয়োগশালাত প্ৰমাণিত হৈছে ৷
4. পাচনতন্ত্ৰত সহায়ক- শৌচ নিয়য়ীয়া কৰে ৷ গ্ৰহণী আৰোগ্য কৰে ৷ পেলুৰ ৰোগ নিয়ন্ত্ৰণ কৰে ৷
5. এন্টিঅক্সিডেন্টে প্ৰদান কৰা সুৰক্ষাৰ বাবে দেহত বয়সৰ চাপ পৰাত বাধা দিয়ে ৷
6. ক্ষিপ্ৰতাৰে শৰীৰক শক্তিৰ যোগান ধৰে ৷ ডি এন এ আৰু আৰ এন এ নিৰ্মাণত আতলচৰ মেগনেচিয়ামে ক্ৰিয়া কৰে ৷ ভাগৰ জুৰায় ৷
7. তেজৰ ইউৰিক এচিড হ্ৰাস কৰে আৰু সকলো ধৰণৰ বাত বিষ কমায় ৷
8. ক্ষীণকায় লোকৰ ওজন বঢ়োৱাত সহায়ক ৷
9. উচ্চ ৰক্তচাপ প'টেচিয়ামৰ দ্বাৰা হ্ৰাস পায় ৷
10. হাৰপিজৰ ৰোগৰ বিৰুদ্ধে এন্টিভাইৰেল ক্ৰিয়া কৰে ৷ হাৰপিজ জষ্টাৰ আৰু জেনাইটেল হাৰপিজত বাহ্যিক প্ৰয়োগ কৰি সুফল পোৱা গৈছে ৷
11. চুলি আৰ চৰ্মৰ উন্নতি সাধণ কৰে ৷
12. চেনি নিদিয়াকৈয়ো সোৱাদ লগা আতলচৰ পকা ফল শিশু খাদ্যৰ বাবে অতি উপযোগী ৷
13. ভিটামিন-এ আৰু এন্টিঅক্সিডেন্টে চকুৰ সুৰক্ষা দিয়ে ৷
14. এনিমিয়া ৰোধ কৰে - আইৰণ আৰু ক'পাৰৰ এয়া অপৰিহাৰ্য্য ভূমিকা ৷
15. হৃদৰোগৰ পৰা সুৰক্ষা দিয়াত মেনেচিয়ামৰ ভূমিকা অনন্য ৷
16. হাপানি ৰোগীৰ বাবে উপকাৰী সিদ্ধ হৈছে ৷
17. আতলচ গছৰ বাকলি পিচি লগালে দাঁতৰ বিষৰ উপশম ঘটে ৷
18. মাংসপেশীৰ সংকোচন আৰু দূৰ্বলতা আতলচৰ প'টেচিয়ামে আতৰ কৰে ৷
19. ফোঁহা,ঘাঁ,দাঁতৰ আলুফুলাৰ উপশম ঘটাব পাৰে ৷
20. পাঠকৰ সংযোজন - শিৱসাগৰৰ পংকজ দত্তই জনাইছে যে পূৰঠ আতলচৰ গুটি পিচি নাৰিকল তেলৰ সৈতে মিহলাই চুলিত ঘঁহিলে ওকনি থলথলকৈ সৰিব ধৰে ৷

লবলগীয়া সতৰ্কতা আৰু সম্ভাব্য পাৰ্শ্বক্ৰিয়া :-


* কোনোজন ব্যক্তিৰ ফুড এলাৰ্জি হব পাৰে ৷
* কাচিৎ কাৰোবাৰ স্নায়ুজনিত পাৰ্শ্বক্ৰিয়া হব পাৰে ৷
*শকতলোকে খোৱাত সতৰ্ক নহলে দেহৰ ওজন আৰু বাঢ়িব পাৰে ৷
* কিডনিৰ আৰু লিভাৰৰ ক্ৰনিক ৰোগীসকলে আতলচ পৰিহাৰ কৰিব ৷
মোখনি : বৰ বেচি দিনৰ কথা নহয় মোলৈ ফেচবুকৰ বন্ধু এজনে এটি মেছেজ প্ৰেৰণ কৰিলে - আমাৰ গাঁৱৰ এজন খেতিয়কে আতলচ জাতীয় ফলৰ এখন ডাঙৰ বাৰী পাতিবলৈ সক্ষম হৈছে ৷ কিন্তু এই ফলৰ গুণাগুণ তেওঁ একো নাজানে ৷ ব্যৱসায়িক ভিত্তিত উন্নতি কৰিবলৈ বা সফল হবলৈ হলে ফলবিধৰ উপকাৰিতা ৰাইজক জনাব পাৰিব লাগিব ৷ - মই বন্ধুজনৰ কথাত সহমত হ'লোঁ আৰু এই নিবন্ধটো যুগুতালোঁ ৷ ইয়াৰ দ্বাৰা অসমৰ কেইজনমান কৃষক যদি কিঞ্চিতো লাভবান হয় মই নথৈ আনন্দিত হম ৷
মোৰ এই লিখনিৰ আন এটা উদেশ্য হ'ল এই ফল বিধৰ উপকাৰী গুণৰ সৈতে পাঠকক পৰিচয় কৰাই দিয়া আৰু সুৰক্ষিত জীৱন যাপন কৰাত সহায়ক হোৱা ৷ ই কেতিয়াও ঔষধ বা আন চলি থকা চিকিৎসাৰ ‘একমাত্ৰ বিকল্প’ হব নোৱাৰে ৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top