অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফল :

ফলৰ বিষয়ে লিখা হৈছে ।

 

ঋতু অনুযায়ী প্ৰত্যেক ফলৰেই প্ৰচুৰ পৰিমাণৰ খাদ্যগুণ থাকে । আম, জা,, আপেল, কল, কঁঠাল, আঙুৰ আদি অনেক ফলৰেই শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, মিনাৰেল, ফাইবাৰ থাকে । আমাৰ খোৱা-বোৱাৰ ভিতৰত ফলমূলৰ এক বিশেষ প্ৰাধান্য আছে চিৰকালেই ।

আম -

পকা আৰু কেঁচা উভয় অৱস্থাতে পোৱা যায় । শৰীৰৰ এনাৰ্জী ৰক্ষাৰ বাবে পকা আম সৰ্বোৎকৃষ্ট । পকা আম পুষ্টিকাৰক , হৃদ্দৌৰ্বল্যনাশক, মস্তিষ্কৰ ক্ৰিয়াবৰ্ধক, বলকাৰক, প্ৰস্ৰাৱকাৰক, হজমক্ষমতা বৰ্ধক, সাধাৰণ চৰ্দি-কাহ প্ৰভৃতি প্ৰতিৰোধ কৰে । আয়ুৰ্বেদ শাস্ত্ৰ মতে পকা আম সপ্তধাতুবৰ্ধক অৰ্থাৎ ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা, শুক্ৰ বৃদ্ধি কৰে । যাৰ ফলত সমস্ত শৰীৰেই পুষ্টি সাধন কৰে ।

জাম :- জাম ঔষধি গুণসম্পন্ন । জামত বায়ুবৰ্ধক । জামত প্ৰ’টিন, ফেট, কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, সামান্য ভিটামিন বি-কমপ্লেক্স, কেলছিয়াম, কেৰোটিন, পলিক এচিড পোৱা যায় ।

আনাৰস -

আনাৰসত প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, ফেট, ফাইবাৰ, ভিটামিন-এ, বি-কমপ্লেক্স, কেলছিয়াম, পটেছিয়াম, ছ’ডিয়াম, ফছফৰাছ, মেগনেছিয়াম, মেংগানিজ, আইৰন, কপাৰ, ছেলেনিয়াম, অ’মেগা-৩.৬ ফেটি এচিড, পালমিটিক ফেটি এচিড, এমিন’ এচিড, ব্ৰোমিলেইন প্ৰভৃতি পোৱা যায় । আনাৰসৰ ৰসত উচ্চ ক্ষমতাসম্পন্ন এণ্টি-অক্সিডেণ্ট থাকে বাবে মধুমেহজনিত হৃদৰোগ হাঁপানি, কোলন কেঞ্চাৰ, সন্ধি প্ৰদাহ, অষ্টিঅ’আৰ্থ্ৰাইটিছ, ৰিউমেটয়েড আৰ্থ্ৰাইটিছ প্ৰভৃতি প্ৰতিহত কৰিব পাৰে ।

কঁঠাল :- আয়ুৰ্বেদ শাস্ত্ৰ মতে কঁঠাল বায়ুবৰ্ধক, গুৰুপাক, দাহজনক, মধুৰ ৰসযুক্ত, কফবৰ্ধক, বায়ু পিত্তনাশক, পুষ্টিকাৰক, বলকাৰক, স্নিগ্ধ, মৃদু বিৰেচক, ক্লান্তিনাশক । কঁঠালত ফাইবাৰ, আইৰন, কেলছিয়াম, প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, ফছফৰাছ, পটাছিয়াম, মেগনেছিয়াম, ফলিক এচিড, ভিটামিন- এ, বি, চি প্ৰভৃতি থাকে ।

বেদানা :- বাকশক্তি বৰ্ধন কৰে, মেধা বৃদ্ধি কৰে, সহন শক্তি বঢ়ায়, বেদানাৰ ৰস বায়ু-পিত্ত-কফৰ সমতা ৰাখি শৰীৰক সুস্থ ৰাখে । ইয়াৰ ৰসত প্ৰ’টিন, ফেট, ফাইবাৰ, কাৰ্ব’হাইড্ৰেট, কেলছিয়াম, ফছফৰাছ, আইৰন, ভিটামিন-চি ,পি লাইকোপিন, পুছিনিক এচিডজাতীয় পলিফেনল আৰু নানা প্ৰকাৰৰ যৌগ বিদ্যমান ।

আঙুৰ -

আঙুৰত প্ৰ’টিন , ফেট, কাৰ্ব’হাইড্ৰেট, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰন, ভিটামিন-এ, বি, চি, পি, কে প্ৰভৃতি পোৱা যায় । অকালবাৰ্ধক্য, ক্ষয়ৰোগ, কোষ্ঠকাঠিন্য হৃদৰোগ প্ৰভৃতি ক্ষেত্ৰত ব্যৱহাৰ হয় । বুদ্ধিৰ বিকাশ ঘটোৱাত সহায় কৰে ।

খেজুৰ -

খেজুৰত কাৰ্ব’হাইড্ৰেট, ছুগাৰ, ডায়েটাৰি ফাইবাৰ, ফেট, প্ৰ’টিন, কেলছিয়াম, আইৰন, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটাছিয়াম, ছ’ডিয়াম, জিংক, ভিটামিন- এ, বি, চি, ই, কে আছে । গুৰুত্বপূৰ্ণ এণ্টি-অক্সিডে ণ্ট খেজুৰত থকাই নানা জটিল ৰোগত উপকাৰী । খেজুৰ নিয়মিত খালে অম্ল, বদহজম, ৰক্তহীনতা, ক্লান্তি, দুৰ্বলতা, কোষ্ঠবদ্ধতা, হৃদ্দৌৰ্বল্য, পাকস্থলী ক্ষত, নানা স্থানৰ কেঞ্চাৰ, অষ্টিঅ’পৰোছিছ,  বিষমাগ্নি, শয্যামূত্ৰ, ল’ ব্লাড প্ৰেছাৰ প্ৰভৃতি ক্ষেত্ৰত খুবেই উপকাৰী ।

বেল :- বেলত প্ৰ’টিন , কাৰ্ব’হাইড্ৰেট, ফেট, ফাইবাৰ, কেলছিয়াম পটাছিয়াম, ফছফৰাছ, ভিটামিন-এ, বি, চি, অক্সালিক এচিড, চাইট্ৰিক এচিড, পলিফেনল থাকে । অম্ল, অজীৰ্ণ, কোষ্ঠবদ্ধতা, অৰ্শ, ক্লান্তি, দুৰ্বলতা, অৱসাদ কমায় ।

নাৰিকল -

ডাবৰ পানী জীৱাণুমুক্ত শীতল পানীয় । প্ৰচুৰ পৰিমাণে ছ’ডিয়াম আৰু পটাছিয়ামসমৃদ্ধ । কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ, প্ৰ’টিন, আইৰন, জিংক, কাৰ্ব’হাইড্ৰেট, ফেট, কপাৰ, ভিটামিন-বি, চি, ক্লোৰাইড, ফোলেট, এমিন’ এচিড, গ্লুক’জ, ফ্ৰুকট’জ, ফাইবাৰ, এণ্টি-অক্সিডেণ্ট পোৱা যায় । কোষ্ঠবদ্ধতা, অম্লপিত্ত, অম্নশূল, আমাশয়, ক্ষত, মূত্ৰনলীৰ সংক্ৰমণ প্ৰতিৰোধ কৰে । কেঞ্চাৰ, আলঝাইমাৰ ৰোগ প্ৰতিৰোধত অনবদ্য ভূমিকা আছে ।

কল :- কলত প্ৰ’টিন, ফাইবাৰ, কাৰ্ব’হাইড্ৰেট, কেলছিয়াম, পটাছিয়াম, ফছফৰাছ, আইৰন, কপাৰ, মেগনেছিয়াম, ট্ৰিপ্টোফেন অতি প্ৰয়োজনীয় তিনিটা এমিন’ এচিড পোৱা যায় । হাৰ্ট ভালে ৰাখিবলৈ, হজম ক্ষমতা বঢ়াবলৈ, মস্তিষ্কৰ ক্ষমতা বৃদ্ধি, অস্থি মজবুত ৰাখিবলৈ, কলেষ্টেৰ’ল কমোৱাত নিয়মিত কল খাব লাগে । কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতাসম্পন্ন ।

তৰমুজ -

ওজন কমায় । ছাল ভালে ৰাখে । তৰমুজত প্ৰ’টিন, ফেট, কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, এমিন’ এচিড, পটাছিয়াম, জিংক, লাইকোপিন, ভিটামিন-এ, চি পোৱা যায় । তৰমুজ ৰস নিয়মিত খালে শক্তিবৰ্ধক, মূত্ৰকাৰক, তৃষ্ণা নিবাৰক, কোষ্ঠ পৰিস্কাৰক । আলট্ৰা ভায়োলেট ৰশ্মিৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে ।

আপেল :- প্ৰ’টিন, ফাইবাৰ, কাৰ্ব’হাইড্ৰেট, কেলছিয়াম, ফছফৰাছ ,আইৰন, ভিটামিন-এ, বি, চি, ই, এইচ প্ৰভৃতি থাকে । মস্তিষ্ক, যকৃতৰ ক্ৰিয়া বৃদ্ধি কৰে । ৰক্তহীনতা, গাউট, ৰিউমেটয়েড, আৰ্থ্ৰাইটিছ আদি নষ্ট কৰে ।

লিচু :- লিচুত কেলছিয়াম, মেগনেছিয়াম ফছফৰাছ, প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, আইৰন, কপাৰ, ভিটামিন বি, চি থাকে । পুষ্টি যোগায় । সহজে হজম হয় । বলকাৰক, ক্লান্তি, দুৰ্বলতা দূৰ কৰে ।

আখৰোট :- আখৰোটত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, মেগনেছিয়াম, ফাইবাৰ, পলিফেনল, আয়োডিন আদি থাকে । নিয়মিত খালে মস্তিষ্কৰ ক্ৰিয়া বৃদ্ধি পায়, বুদ্ধি তীব্ৰ হয় । মধুমেহ নিয়ন্ত্ৰণ কৰে, লিভাৰত টক্সিন জমাত বাধা দিয়ে । ওজন কমায়, দুৰ্বলতা দূৰ কৰে ।

লেখিকা :- নন্দিতা দাস

উৎস :- অসমীয়া খবৰ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top