অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফলৰ ৰজা আম

ফলৰ ৰজা আম

আম এবিধ সুস্বাদু ফুল। ই এক ঐতিহাসিক ফল। ৰামায়ণ, মহাভাৰত, চড়ক সংহিতা, অমৰ কোষ, মেঘদূত, আইন-ঈ-আবকাৰী আদি প্ৰখ্যাত গ্ৰন্থসমূহতো আমৰ উল্লেখ পোৱা যায়। আম আন ফলতকৈ অধিক পুষ্টিকৰ। ইয়াত ভিটামিন ‘এ’, চি’ ৰ লগতে ‘বি’ আৰু ‘ডি’ও পৰ্যাপ্ত পৰিমাণে আছে। আমত কমলাতকৈও বেছি (চল্লিশ গুণ) আৰু আপেলতকৈ ছয় গুণ বেছি ভিটামিন পোৱা যায়। ইয়াত কেলচিয়াম, ফছফৰাছ, ছ’ডিয়াম, পটেছিয়াম, কপাৰ, গন্ধক, মেগনেছিয়াম, ক্ল’ৰিণ আদিও পোৱা যায়। পানী, প্ৰ্টিন আদিও আমত আছে। আম খালী পেটত খোৱা উচিত নহয়। আম খোৱাৰ উত্ত্ম সময় হৈছে দুপৰীয়া। আম সাধাৰণতে গ্ৰীষ্মৰ শেষ আৰু বৰ্ষা ঋতুত পকে যদিও ব’হাগৰপৰাই বজাৰত আম পোৱা যায়।

আম এবিধ ঔষধি গছ। ইয়াৰ শিপা, ছাল, পাত, ফুল, গুটি সকলোতে ঔষধি গুণ আছে। ইয়াৰ শিপা শীতল, মলৰোধক। কফ হ’লে আমৰ শিপাৰ ৰস খালে উপকাৰ পোৱা যায়। আমৰ ছাল ৰক্তস্ৰাৱ, অৰ্শ, গ্ৰহণী আদিৰ বাবে মহৌষধ। পাতৰ ৰস খালে ত্ৰিদোষ নাশ হয় আৰু ই মলৰোধক।

আমৰ ফুল ৰুচিকৰ, শীতল, কফ, অতিসাৰ, পিত্তৰোধক। ইয়াৰ গুটিৰ ভিতৰৰ শাহখিনি কেঁহা-মিঠা আৰু হৃদৰোগ, বমি আদিৰ বাবে উপকাৰী। আম গছৰ ছাল গুড়ি কৰি সেই গুড়ি আঘাত পোৱা স্থানত লগালে সোনকালে ভাল হয়। পাত পুৰি চাই গুড়িও আঘতৰপৰা হোৱা দ গাতত লগালে সোনকালে মঙহেৰে পূৰ হয়। কেঁচা আম গৰম অঙঠাত ভালদৰে সিজাই ৰস উলিয়াই মিচিৰিৰ লগত খালে গৰমত লুৰ প্ৰকোপৰপৰা বাচিব পাৰি। কাহ হ’লে কেঁচা আম পুৰি, ঠাণ্ডা কৰি চুহি খালে সোনকালে ৰোগ নিৰাময় হয়। অৱশ্যে এই প্ৰক্ৰিয়া তিনি-চাৰিবাৰ কৰিব লাগে। বাৰে বাৰে পিয়াহ লাগি থাকিলে কেঁচা আম নিমখৰ লগত খালে অনবৰত পিয়াহ লগা ভাব দূৰ হয়। পিত্তৰোগীয়ে ক’লা জালুক আৰু মৌৰ লগত কেঁচা আম খালে ৰোগ নিৰাময় হয়।

পকা আমত ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে পোৱা যায়। পকা আমে চকুৰ জ্যোতি বঢ়োৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ক। আমত থকা ভিটামিন ‘চি’-এ চৰ্মৰোগ দূৰ কৰে। আমে তেজ পৰিষ্কাৰ কৰে। আমৰ ৰসৰ লগত গাখীৰ মিহলাই খালে শৰীৰলৈ বল, স্ফূৰ্তি অহাৰ লগতে মানসিক শক্তি বৃদ্ধি পায়। মধুমেহ ৰোগীয়ে আমৰ ৰসৰ লগত জামুৰ ৰস মিহলাই খালে উপকাৰ পাব। বায়ু বিকাৰত আমৰ ৰসৰ লগত মৌ মিহলাই খালে আৰাম পোৱা যায়। ৰাতি আমৰ ৰসৰ লগত গাখীৰ খালে টোপনি ভাল হয়। গৰ্ভৱতী মহিলাৰ বাবে আম সৰ্বোত্তম ফল। আম গ্ৰীস্মকালত পোৱা যায়। সেয়ে বৰফ নাইবা পানীত অলপ সময় তিয়াই থৈ আম খাব লাগে।

লিখকঃ ললিতা শৰ্মা লহকৰ, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 6/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate