অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফুলকবি :

ফুলকবিৰ বিষয়ে লিখা হৈছে ।

ফুলকবি ৰবিশস্যৰ ভিতৰত এবিধ অত্যন্ত গুৰুত্বপূৰ্ণ পাচলি । ইয়াৰ জনপ্ৰিয়তাও মন কৰিবলগীয়া । ঘৰত ফুলকবিৰ তৰকাৰি দেখিলে ল’ৰা-ছোৱালীহঁতে আন তৰকাৰি খাবই নোখোজে । খাদ্য আৰু কৃষি সংস্থাৰ হিচাপ অনুসৰি ১৯৭৮ চনত ভাৰতত ৮৮,০০০ হেক্টৰ জমিত ফুলকবিৰ খেতি কৰা হৈছিল । ভাৰতৰ সমভূমি অঞ্চলত ছেপ্টেম্বৰৰ পৰা মে’ মাহলৈ ফুলকবি পোৱা যায় । ফুলকবিৰ বগা মূৰটোহে মানুহে খাদ্য হিচাপে খায় । ফুলকবিৰ বৈজ্ঞানিক নাম Brassica oleracea জাত botrytis । ইও সৰিয়হ গোত্ৰৰ অন্তৰ্গত । ইয়াৰ নামটো আহিছে লেটিন শব্দ Couls (অৰ্থ Cabbage বা বন্ধাকবি) আৰু floris   (অৰ্থাৎ Flower বা ফুল) । ইয়াৰ উৎপত্তি বন্য বন্ধাকবিৰ পৰা বুলি অনুমান কৰা হৈছে । সেই কবিজাত এতিয়াও ইংলেণ্ডৰ উপকূল, ডেনমাৰ্কৰ উপকূল, ফ্ৰান্সৰ উত্তৰ-পশ্চিমৰ চূণশিলত পোৱা যায় । ফুলকবি  এনে বন্যজাতৰ পৰা ছাইপ্ৰাছ, মধ্যসাগৰীয় উপকূল অঞ্চলত প্ৰথমে আনি উন্নত কৰা হৈছে । ফুলকবিৰ বহু জাত আছে । ইহঁত পোহৰ আৰু উষ্ণতাৰ প্ৰতি খুব সংবেদনশীল ।

ভাৰতত উৎপাদিত জাতবোৰ হ’ল -

১) আগতীয়া :-

কুনৱাৰি বা কৌৰি আৰু আৰ্লী পাটনা- ছেপ্টেম্বৰৰ মাজ ভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈ , পুছা কাটকি আৰু পুছা দীপালী অক্টিবৰ-নৱেম্বৰ মাহত পোৱা যায় ।

২) বতৰৰ মাজত :-

আঘনি, পুছি, পাটনা, মেইন ক্ৰপ, পণ্ট সুভদ্ৰা- নৱেম্বৰৰ মাজৰ পৰা ডিচেম্বৰৰ মাজলৈ, আৰ্লী স্নো বল, জায়েণ্ট স্নো বল, ডি-৯৬, জাপানিজ ইমপ্ৰুভড, পুছা ছিন্থেটিক, পুছা সুভদ্ৰা ডিচেম্বৰৰ মাজৰ পৰা জনুৱাৰী মাজলৈ পোৱা যায় ।

৩) শেহতীয়া :-

ডালিয়া-জানুৱাৰী-ফ্ৰেব্ৰুৱাৰীত, স্নো-বল ১৬, পুছা স্নো বল-১,২ আৰু পুছা হিমজ্যোতি-জানুৱাৰীৰ মাজৰ পৰা এপ্ৰিললৈ পোৱা যায় ।

আগতীয়া জাতবোৰ সৰু আৰু সামান্য হালধীয়া ৰং এটা থাকে । ফুলকবি পানীত সিজালে ইয়াৰ পুষ্টিমান হ্ৰাস পাউ । ইয়াৰ শুষ্ক পদাৰ্থ, প্ৰ’টিন, খনিজ দ্ৰব্য আৰু উদ্ভিদ ৰাসায়নিক পদাৰ্থ বহু পৰিমাণ কমে (আনুমানিক শতকৰা ২০-৩০ ভাগ খনিজ পদাৰ্থ ৫ মিনিট সিজালেই নোহোৱা হয় । ১০ মিনিট সিজালে ৪০-৫০ শতাংশ আৰু ৩০ মিনিট সিজালে ৭৫ শতাংশ নোহোৱা হয় ) । মাইক্ৰ’অ’ভেনত সিজালে বা লাৰি থাকি সামান্য ভাজিলে তাৰ পুষ্টিমান প্ৰায় একে থাকে । ফুলকবি ৰন্ধাৰ আটাইতকৈ ভাল উপায় হ’ল- অকণমান পানী, চুৰহা আৰু নেমুৰ ৰস অকণমান মিহলাই সামান্য ভাপ দিয়া । ফুলকবি  সৰু সৰুকৈ কুটি কেঁচায়ো খাব পাৰি, চালাডত মিহলায়ো খোৱা হয় ।

ফুলকবি পুষ্টিমান (১০০ গ্ৰামত থকা পৰিমাণ )-

মুঠ খাদ্যৰ পৰিমাণ

ভিটামিন আৰু খনিজ পদাৰ্থ

জলীয় বাষ্প ৯০-৮ গ্ৰাম

কেলচিয়াম ৩৩ মি: গ্ৰাম

প্ৰ’টিন ২.৬ গ্ৰাম

মেগনেছিয়াম ২০ মি: গ্ৰাম

চৰ্বি বা স্নেহ পদাৰ্থ ০.৪ গ্ৰাম

অকজেলিক এচিড ১৯ মি: গ্ৰাম

মুঠ খনিজ পদাৰ্থ ১.১ গ্ৰাম

ফছফৰাছ ৫৭ মি: গ্ৰাম

আঁহ ২.৫ গ্ৰাম

লো ১.৫ মি: গ্ৰাম

অন্যান্য কাৰ্বহাইড্ৰেট ৫.৩০

ছডিয়াম ৫৪ মি: গ্ৰাম

 

পটাছিয়াম ১৩৩ মি:গ্ৰাম

 

ছালফাৰ ২৩১ মি:গ্ৰাম

 

ভিটামিন-এ ৫১ মি:গ্ৰাম

 

থায়ামিন ০.০৪ মি:গ্ৰাম

 

ৰিব’ফ্লেভিন ০.১০ মি:গ্ৰাম

 

নিক’টনিক এচিড ১.০ মি:গ্ৰাম

 

ভিটামিন-চি ৫৬.০ মি:গ্ৰাম

 

ভিটামিন-কে ২০.০ মি:গ্ৰাম

 

ফলিক এচিড ১৪.০ মি:গ্ৰাম

 

 

ফুলকবি আৰু আমাৰ স্বাস্থ্য -

১) ফুলকবিয়ে কেন্সাৰৰ সম্ভাৱনা দূৰ কৰে :-

মানুহৰ খাদ্যৰ লগত কেন্সাৰ হোৱা-নোহোৱা বহু পৰিমাণে নিৰ্ভৰ কৰে । সৰিয়হ গোত্ৰৰ শাক-পাচলিয়ে কেন্সাৰ ৰোধত বিশেষ ভূমিকা লয় । ফুলকবিৰ গুণে কেন্সাৰ ৰোধ কৰে বুলি প্ৰমাণিত হৈছে । তদুপৰি ই ক’ল’ন, যকৃৎ, হাওঁফাওঁ আৰু পাকস্থলীৰ কেন্সাৰো ৰোধ কৰিব পাৰে । সেইবাবে কেন্সাৰৰোধী খাদ্যৰ ভিতৰত ফুলকবিও অন্যতম । ফুলকবিত থকা কিছুমান ৰাসায়নিক পদাৰ্থই প্ৰথম অৱস্থাতেই কেন্সাৰৰ বৃদ্ধি ৰোধ কৰি টিউমাৰ হোৱাত বাধা দিয়ে । নিগনি আৰু এন্দুৰত পৰীক্ষা চলাই জনা গৈছে যে ইয়াৰ সুফল মানুহৰ ক্ষেত্ৰতো প্ৰযোজ্য । বন্ধাকবি আৰু ফুলকবি  সিজালে এটা বিশেষ গোন্ধ ওলায় । এই গোন্ধ কেতবোৰ ছালযুক্ত ৰাসায়নিক পদাৰ্থৰ । এই ৰাসায়নিক পদাৰ্থবোৰ আমি খাদ্য খাওঁতে আৰু পাচন প্ৰক্ৰিয়াত ভাগি কিছুমান সৰল জৈৱ-ৰাসায়নিক পদাৰ্থলৈ পৰিৱৰ্তিত হৈ DNA মেৰামতিৰ কাম কৰি কোষ মেৰামতি কৰে । এই পদ্ধতিৰে কেন্সাৰ কোষ বৃদ্ধিত বাধা দিয়ে ।

২) প্ৰদাহত বাধা দিয়ে :-

সকলো পুৰণি ৰোগৰ প্ৰধান লক্ষণ হ’ল প্ৰদাহ । ফুলকবিত ৰোগ প্ৰতিৰোধী আৰু প্ৰদাহৰোধী ৰাসায়নিক পদাৰ্থ বহু পৰিমাণে আছে । ৰোগ প্ৰতিৰোধী পদাৰ্থৰ ভিতৰত আছে- ভিটামিন, ভিটামিন-চিৰ উপৰি বিটা কেৰ’টিন, বিটা ক্ৰিপ্ট’জেন্থিন, কেফিক, এচিড, ছিন্নামিক এচিড, ফেৰুলিক এচিড, কুৱেৰছিটিন, ৰুটিন, কেম্পফেৰল আদি । এই ৰাসায়নিক পদাৰ্থবোৰে শৰীৰৰ কেন্সাৰ সৃষ্টিকাৰী কোষবোৰ নিয়ন্ত্ৰণত ৰাখে ।

৩) হৃদযন্ত্ৰ আৰু মগজুৰ বিকৃতি হ্ৰাস :-

গৱেষণাই প্ৰমাণ কৰিছে যে শৰীৰত বেছি প্ৰদাহৰ ফলত বহু ডাঙৰ বেমাৰ হ’ব পাৰে । যেনে-হৃদযন্ত্ৰৰ ৰোগ, ষ্ট্ৰ’ক, মধুমেহ আৰু স্নায়ু দুৰ্বলতাৰ ৰোগ, যেনে- আলঝেইমাৰ আৰু পাৰ্কিনছনছ ৰোগ । ফুলকবিত প্ৰদাহৰোধী বহু পদাৰ্থ থাকে । তাৰ ভিতৰত ভিটামিন-চি, ভিটামিন-কেৰ উপৰি অ’মেগা-৩ , স্নেহপদাৰ্থই ধমনী আৰু ৰক্ত প্ৰবাহিকাৰ ভিতৰফালে ডাঠ চামনি পৰাত বাধা দিয়ে । এইদৰে ই উচ্চ ৰক্তচাপ ৰোধ কৰাৰ উপৰি কলেষ্টেৰল জমা হোৱাত বাধা দিয়ে ।

৪) ওজন হ্ৰাস কৰাত সহায় কৰে :-

ফুলকবিৰ কেলৰি মান মাত্ৰ ৩০ । অৰ্থাৎ স্নেহপদাৰ্থ প্ৰায় নায়েই । সেয়েহে ইয়াক অতি কম মাত্ৰাৰ কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থযুক্ত পাচলি হিচাপে চিনাক্ত কৰা হৈছে । আনহাতে ইয়াত পুৰা মাত্ৰাই আছে ভোজ্য আঁহ । সেয়েহে পেট পূৰাই ফুলকবি খালেও কেলৰি বেছি নাবাঢ়ে । কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থ কম থাকে ।

৫) কোষ্ঠকাঠিন্য দূৰ কৰে ;-

ফুলকবিত থকা ভোজ্য আঁহৰ বাবে পেট চাফা কৰি ৰাখিব পাৰে । অতিৰিক্ত আৰু বৰ্জ্য পদাৰ্থ শৰীৰৰ পৰা উলিয়াই নিয়াত ফুলকবিয়ে সহায় কৰে ।

৬) হজম শক্তি বঢ়ায় আৰু বিষাক্ত পদাৰ্থ আঁতৰ কৰে :-

ফুলকবিত থকা কিছুমান ৰাসায়নিক পদাৰ্থই ছালফ’ৰাফেন, গ্লুক’ব্ৰাছিছিন, গ্লুক’ৰেফেনিন আৰু গ্লুক’নাট্ৰষ্টেবিচিয়ান) শৰীৰৰ বিষাক্ত পদাৰ্থবোৰক যকৃতৰ ক্ৰিয়া বৃদ্ধি কৰি নাশ কৰে । গ্লুক’ন’ছিনলেটে খাদ্য হজম আৰু শৰীৰে সহজে গ্ৰহণ কৰাত সহায় কৰে ।

৭) হৰম’নৰ সমতা ৰক্ষাত সহায় কৰে :-

সম্পূৰ্ণ খাদ্য আৰু ৰোগ প্ৰতিৰোধী খাদ্য- যেনে ফুলকবি আদিয়ে হৰম’নৰ সমতা ৰক্ষা কৰিব পাৰে । উচ্চমান ৰ এষ্ট্ৰ’জেন খাদ্যই যি অনিষ্ট সাধন কৰে তাৰ পৰা ফুলকবিয়ে শৰীৰক ৰক্ষা কৰিব পাৰে ।

৮) দৃষ্টিশক্তি ৰক্ষা কৰে :-

ফুলকবিত থকা ছালফ’ৰাফেনে চকুৰ ৰেটিনাক সহজে আক্ৰান্ত হ’ব পৰা কোষবোৰক ৰক্ষা কৰে । নহ’লে ইয়াত অক্সিডেটিভ ষ্ট্ৰেছৰ বাবে কোষৰ ক্ষয় আৰম্ভ হৈ অন্ধত্বৰ উপৰি ছানি পৰা আদি হ’ব পাৰে ।

লেখক :- ড: চন্দ্ৰমোহন শৰ্মা

উৎস :- জি এনআৰচি স্বাস্থ্য

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top