অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বগৰী :

বগৰীৰ বিষয়ে লিখা হৈছে ।

বছৰৰ এক নিৰ্দিষ্ট সময়ত প্ৰচুৰভাৱে অসমত উপলব্ধ এবিধ ফল হৈছে বগৰী। ই অসমৰ এবিধ শীতকালীন মুখ্য ফল। সমগ্ৰ অসমত ইয়াৰ অৱস্থিতি প্ৰত্যক্ষ কৰা যায়। ভাদ-আহিন মাহত গছত সৰু সৰু ফুল ধৰি পাছত তাৰ পৰাই ফল ওলাই পুহ-মাঘত পকিব ধৰে। গছত ওলোৱা ফুলৰ দুৰ্গন্ধই মানুহক বিতুষ্ট কৰে যদিও তলসৰা পকা বগৰীৰ ফুৰফুৰিয়া গোন্ধে আকৃষ্ট নকৰা মানুহ হয়তো কমেই ওলাব।

বিশেষকৈ মহিলাসকল ইয়াৰ প্ৰতি বেছিকৈ আকৃষ্ট হোৱা কাৰ্যতঃ পৰিলক্ষিত হয়। বাস্তৱত আমি দেখিবলৈ পাওঁ যে বহু মহিলাই দিনৰ ভাগৰ কথাটো বাদেই, আনকি ৰাতিও হাতত অকণমান নিমখ ম্লৈ বগৰী চোবাই থকা দৃশ্য সততে আমাৰ চকুত পৰে।

অৱশ্যে ফৰকাল ৰাতিৰ আকাশত তিৰবিৰাই থকা তৰাবোৰে আমাৰ মন পুলকিত কৰাৰ দৰে পুহ-মাঘত পাতৰ মাজেদি উদ্ভাসিত হৈ উঠা পকা বগৰীৰ ৰূপে আমাৰ দৰে বহুপুৰুষকো যে চেকি চোৱাৰ মানসিকতাই উদগ্ৰীৱ কৰি তোলে তাক অস্বীকাৰ কৰিব নোৱাৰি।

এইটোও অনস্বীকাৰ্য যে মানুহৰ দৰেই ছাগলী, বাদুলী, কিছুসংখ্যক পক্ষীৰ লগতে পহু আদিৰো অতি প্ৰিয় খাদ্য হৈছে বগৰী।

অসমত বৰ্তমানলৈ আমি কেইবাটাও জাতি-প্ৰজাতিৰ বগৰী পাওঁ যদিও শীতকালত পোৱা টেঙা-মিঠা স্বাদযুক্ত বগৰীবিধ আমাৰ অতি থলুৱা।

এইবিধ বগৰীয়ে অসমৰ ওখ চানেকীয়া ভূমি, ৰাস্তাৰ কাষ, মথাউৰিৰ দাঁতি বা তেনেকৈ চৰ-চাপৰিৰ মাজত দীৰ্ঘদিনে নিজে অস্তিত্ব প্ৰতিপন্ন কৰি অহা আমি দেখি আহিছোঁ।

ইয়াৰ গছ তথা ডালত থকা বেঁকা কাঁইটবোৰে প্ৰতিৰক্ষকৰ ভূমিকা পালন পৰি থকা হেতুকে এইবিধ গছে প্ৰকৃতিত ডাঙৰ-দীঘল হোৱাটো সহজসাধ্য হৈ আহিছে।

লক্ষণীয় যে কাঁইটৰ বাবে অন্য প্ৰাণীৰ বাবে অপ্ৰিয় হৈ পৰে বগৰী গছবোৰেই কিন্তু হোৱাৰ নিদৰ্শন পোৱা যায়।

সেইবিধ পক্ষী হৈছে কপৌ। কপৌৱে এই গছৰ প্ৰতি আকৰ্ষিত হোৱাৰ মূলতে হৈছে বংশ বিস্তাৰৰ সুবিধা লাভ। উল্লেখৰ নিষ্প্ৰয়োজন যে অন্য চৰাইৰ বাবে দুৰ্ভেদ্য বগৰী গছকে সহজভেদ্য কৰি তুলিব জানে কপৌৱে। পাত আৰু কাঁইটেৰে ভৰা বগৰী গছৰ তলেৰে কপৌ চৰায়ে বিশেষ কিটিপ অৱলম্বনেৰে গছৰ ডালত সজা বাঁহলৈ আহ-যাহ কৰাৰ সুবিধা কৰি ল’ব জানো। গতিকে তেনে গছত সজা বাঁহত কণী পাৰি পোৱালি জগাই নিয়াটো সিহঁতৰ বাবে সুবিধাজনক হৈ পৰে।

বগৰী এবিধ জোপোহা প্ৰকৃতিৰ উদ্ভিদ। ওখই ই ৮-১০ মিটাৰমানলৈ হয়। পাত ২.৫-৭.৫ ছেন্টিমিটাৰ বহল, উপবৃত্তাকাৰ-ডিম্বাকাৰ-আয়তাকাৰ হোৱাৰ লগতে তলৰ ফালে খহতা হয়। ফল গোলাকাৰ, ১.২-২.৫ ছেন্টিমিটাৰ ব্যাসৰ হয়।

ফলৰ স্বাদ কেঁচা অৱস্থাত সাধাৰণতে টেঙা যদিও পকিলে বেছিভাগ বগৰীয়েই মিঠা স্বাদসম্পন্ন হৈ পৰে।

কেঁচা অৱস্থাত টেঙা হ’লেও নিমখৰ লগত খালে নতুবা ধনীয়া পাতৰ লগত খুন্দি নিমখ-জলকীয়া মিলাই খালে এক বিশেষ তৃপ্তি পোৱা যায়।

এনেদৰে খোৱাৰ উপৰি কেঁচা-পকা অৱস্থাৰ বগৰী দাইলত দি বা মাছেৰে জোল কৰি খালেও তৃপ্তিদায়ক হ’লে।

পকা বগৰীৰ আচাৰ, অথবা গুৰৰ লগতে পগাই অৱলম্বন কৰি খালে অন্য ধৰণৰ স্বাদ পোৱা যায়। তদুপৰি, পকা বগৰী শুকুৱাই খুন্দি গুড়ি কৰি ভাতৰ লগত খালে আকৌ বেলেগ তৃপ্তি পোৱা যায়।

বগৰীক ইংৰাজীত Common Jujube আৰু বৈজ্ঞানিকভাৱে প্ৰজাতিভেদে সুকীয়া সুকীয়া নাম যেনে- Zizyphus Jujube, Zizyphus Mauritius আদি নামত জনা যায়। অসমতো বগৰীৰ কেইবাটাও প্ৰজাতি পোৱা যায়।

এনে প্ৰজাতিবোৰৰ উপৰি আকাৰত ডাঙৰ আৰু সুমিষ্ট ধৰণৰ বগৰীও আজিকালি কোনো কোনো মানুহৰ বাৰীত দেখিবলৈ পোৱা যায়।

এইবিধ বগৰীক আমি সাধাৰণতে বিলাতী বগৰী বুলি কওঁ। সামগ্ৰিকভাৱে বগৰী এবিধ পুষ্টিকৰ জফল। ইয়াৰ ১০০ গ্ৰামত উপলব্ধ পুষ্টি উপাদানবোৰ এনে-

  • পানী ৮৯.৬ গ্ৰাম,
  • প্ৰ’টিন ০.৭ গ্ৰাম,
  • চৰ্বি ০.২ গ্ৰাম,
  • কাৰ্বোহাইড্ৰেট ৮.৯ গ্ৰাম,
  • কেলছিয়াম ০.০২ মিলিগ্ৰাম,
  • আইৰন ০.৫ মিলিগ্ৰাম,
  • ছডিয়াম ১ মিলিগ্ৰাম,
  • পটাছিয়াম ১৯৮ মিলিগ্ৰাম,
  • মেগনেছিয়াম ১৪৭ মিলিগ্ৰাম,
  • তাম ০.২৩ মিলিগ্ৰাম,
  • ভিটামিন-ৰ ১৬৬ আই ইউ বি ০.০৩ মিলিগ্ৰাম আৰু
  • চি ৬৯ মিলিগ্ৰাম।

উল্লিখিত তথ্যই প্ৰতিপন্ন কৰে যে বগৰী এবিধ গুৰুত্বপূৰ্ণ ফলেই হ’ব। মন কৰিবলগা যে পুষ্টিৰ উপৰি বগৰী ভালেখিনি ঔষধি গুণৰো অধিকাৰী। বিশেষকৈ সামান্য পৰিমাণৰ ছ’ডিয়ামৰ বিপৰীতে প্ৰচুৰ পৰিমাণে থকা পটাছিয়ামৰ অৱস্থিতিয়ে আমাৰ ৰক্ত সঞ্চালন সুচাৰুৰূপে চলাত সহায় কৰাৰ উপৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰাৰ অৱকাশ থাকে।

ই তেজ পৰিষ্কাৰ কৰে আৰু খাদ্যৰ হজমত সহায়কাৰীৰ ভূমিকা পালন কৰে। ই কোষ্ঠকাঠিন্য, নিদ্ৰাহীনতা আৰু মানসিক অৱসাদ দূৰীকৰণতো ভূমিকা লয় বুলি কোৱা হৈছে।

তদুপৰি ভিটামিন ‘চি’ৰ সন্তোষজনক স্থিতিয়ে মানুহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ লগতে ছালৰ মসৃণতা ৰক্ষা আৰু মুক্ত মূলকৰ উৎপত্তিত বাধা প্ৰদান কৰি দেহৰ কোষসমূহক সজীৱ কৰি ৰখাত সহায় কৰে বুলি জনা গৈছে।

এনেবিলাক কাৰণৰ বাবেই আমি বতৰৰ ফল বগৰী খোৱাৰ গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি ক’ব পাৰি।

উৎস: নিয়মীয়া বাৰ্তা

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top