অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বগৰীৰো আছে গুণ :

বগৰীৰো আছে গুণৰ বিষয়ে লিখা হৈছে ।

বছৰৰ এক নিৰ্দিষ্ট সময়ত অসমৰ প্ৰচুৰভাৱে উপলব্ধ হৈছে বগৰী। শীতকালত সমগ্ৰ অসমতে ইয়াৰ অৱস্থিতি প্ৰত্যক্ষ কৰা যায়। ভাদ-আহিন মাহত ইয়াৰ গছত সৰু সৰু ফুল ধৰি পিছত তাৰ পৰাই ফল লাগি পুহ-মাঘত পকিবলৈ ধৰে।

অসমত বৰ্তমানলৈ আমি কেইবাটাও প্ৰজাতি পাওঁ যদিও শীতকালত পোৱা টেঙা-মিঠা স্বাদযুক্ত বগৰীবিধ আমাৰ থলুৱা ফল।

এইবিধ বগৰীয়ে অসমৰ ওখ চানেকীয়া ভূমি, ৰাস্তাৰ কাষ, মথাউৰিৰ দাঁতি বা তেনেকৈ চৰ-চাপৰিৰ মাজত দীৰ্ঘদিনে অস্তিত্ব প্ৰতিপন্ন কৰি অহা আমি দেখি আহিছো। ইয়াৰ গছ তথা ডালত ধৰা বেঁকা-বেঁকা কাঁইটবোৰে গছজোপাৰ প্ৰতিৰক্ষাৰ উপয়া কৰে।

ই এবিধ জোপোহা প্ৰকৃতিৰ উদ্ভিদ। ওখই ৮-১০ মিটাৰমানলৈ হয়। ফলৰ স্বাদ কেঁচা অৱস্থাত সাধাৰণতে টেঙা যদিও পকিলে বেছিভাগেই মিঠা হৈ পৰে।

বগৰীক ইংৰাজীত Common jujube আৰু বৈজ্ঞানিকভাৱে প্ৰজাতিভেদে সুকীয়া নাম, যেনে-

  • Zigyphus jujube,
  • Zizyphus maurictus আদিত জনা যায়। অসমত বগৰীৰ কেইবাটাও প্ৰজাতি পোৱা যায়। সামগ্ৰিকভাৱে বগৰী এবিধ পুষ্টিদায়ক ফল। ইয়াৰ ১০০ গ্ৰামত উপলব্ধ পুষ্টি উপাদানবোৰ যেনে-
  • পানী ৮৯.৬ গ্ৰাম,
  • প্ৰ’টিন ০.৭ গ্ৰাম,
  • চৰ্বি ০.২ গ্ৰাম,
  • কাৰ্বোহাইড্ৰেট ৮.৯ গ্ৰাম,
  • কেলছিয়াম ০.০২ মি.গ্ৰাম,
  • আইৰণ ০.৫ মি.গ্ৰাম,
  • ছডিয়াম ১ মি.গ্ৰাম,
  • পটাছিয়াম ১৯৮ মি.গ্ৰাম,
  • মেগনেছিয়াম ১৪৭ মি.গ্ৰাম,
  • তাম ০.২৩ মি.গ্ৰাম,
  • ভিটামিন এ ১৬৬ আই ইউ,
  • ভিটামিন বি ০.৩৩ মি.গ্ৰাম আৰু
  • ভিটামিন চি ৬৯ মি.গ্ৰাম।

উল্লিখিত তথ্যই প্ৰতিপন্ন কৰে যে বগৰী এবিধ গুৰুত্বপূৰ্ণ ফল। ই ভালেখিনি ঔষধি গুণৰো অধিকাৰে।

বিশেষকৈ সামান্য পৰিমাণৰ ছডিয়ামৰ বিপৰীতে প্ৰচুৰ পৰিমাণে থকা পটাছিয়ামৰ অৱস্থিতিয়ে আমাৰ ৰক্ত সঞ্চালন সূচাৰুৰূপে চলাত সহায় কৰাৰ উপৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰাৰ অৱকাশ থাকে।

ই তেজ পৰিষ্কাৰ কৰে আৰু খাদ্যৰ হজমত সহায়কাৰীৰ ভূমিকা পালন কৰে। ই কোষ্ঠকাঠিন্য নিদ্ৰাহীনতা আৰু মানসিক অৱসাদ দূৰীকৰণতো ভূমিকা ল’ব পাৰে বুলি কোৱা হৈছে।

তদুপৰি ভিটামিন চিৰ সন্তোষজনক স্থিতিয়ে মানুহৰ ৰোগী প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে ছালৰ মসৃণতা ৰক্ষা আৰু মুক্তমূলকৰ উৎপত্তিত বাধা প্ৰদান কৰি দেহৰ কোষসমূহক সজীৱ কৰি ৰখাত সহায় কৰে বুলি জনা গৈছে।

এনেবিলাক কাৰণৰ বাবেই বতৰৰ ফল বুলি ইয়াক পোৱাৰ সময়তে হ’লেও খোৱাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। ইয়াক শুকুৱাই থৈ অথবা আচাৰৰ ৰূপত সংৰক্ষিত অৱস্থাত ৰাখি বহুদিনলৈ খোৱাৰ উপায় কৰিবপৰাও যায়।

অৱশ্যে সতেজ বগৰীৰ স্বাদ পোৱা নাযায়। সেয়েহে প্ৰকৃতিত প্ৰাপ্তিৰ সময়তে আমি ইয়াক খোৱাত গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top