মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বতৰৰ পুষ্টিদায়ক ফল লিচু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বতৰৰ পুষ্টিদায়ক ফল লিচু

বতৰৰ পুষ্টিদায়ক ফল লিচুৰ বিষয়ে লিখা হৈছে ।

 

লিচু এবিধ ঋতুকালীন ফল । সেয়ে বছৰৰ সকলো সময়তে পোৱাৰ পৰিৱৰ্তে এক নিৰ্দিষ্ট সময়ত, তাকো অতি কম সময়ৰ বাবেহে পোৱা যায় । গ্ৰীষ্মৰ প্ৰাৰম্ভণিতে মনোগ্ৰাহী ৰুপেৰে আকৰ্ষণীয় হৈ উঠা এই ফলবিধ । জেঠ মাহত পূৰঠ হৈ পকিবলৈ ধৰাৰ দুই-তিনি সপ্তাহমানৰ পিছতেই গছৰ পৰা অন্তৰ্ধান হ’বলৈ ধৰে । ফলত এবছৰলৈ উকা হৈ পৰি থাকে বাৰী শুৱনি গছজোপা । কিন্তু ই গছত থকাৰ সময়ত ইয়াৰ মোহনীয় ৰুপ- ৰং আৰু ঈৰ্ষণীয় স্বাদে মানুহৰ লগতে অৱশ্যে বনৰ চৰাই-চিৰিকটি, বাদুলী, বান্দৰ আদিকো আকৰ্ষণ কৰি ইয়াৰ জুতি লোৱাৰ প্ৰতি আগ্ৰহী কৰি তোলে । আৰু এই সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ ফলতেই গছৰ পকা লিচুৰ বিদায়ো খৰতকীয়া হৈ পৰাটো অৱধাৰিত হৈ উঠে । কোৱা বাহুল্য ইয়াৰ প্ৰতি হোৱা আকৰ্ষণৰ মূল সমল হৈছে ইয়াৰ মঙহাল সুমিষ্ট অংশটো । এই অংশটো কোমল আৰু সোৱাদ হোৱাত ল’ৰা-বুঢ়া সকলোৰে পক্ষে সহজভক্ষ্য হৈ পৰে । তাতেই, গৰমৰ সময়ত ৰসাল ফল খোৱাৰ প্ৰতি বেছিভাগ লোকৰে দুৰ্বলতা থকাৰ সময়তে লিচুৱে আহি সেই সুবিধা প্ৰদান কৰাত ইয়াক গ্ৰহণৰ প্ৰতি আসক্তি নাবাঢ়িবনো বাৰু কিয় ?

লিচুক ইংৰাজীত কোৱা হয়  Lychee/Litchi বুলি আৰু বৈজ্ঞানিকভাৱে Litchi chinensis নামেৰে বুজোৱা হয় । ইয়াৰ আদিভূমি চীন দেশ হোৱাৰ লগতে বৈজ্ঞানিক নামত থকা শব্দই ইয়াৰ নামটো চীনা শব্দৰ অন্তৰ্গত হোৱাৰে ইংগিত বহন কৰে । সেয়ে হ’লেও পিছে আমাৰ ৰাজ্যত লিচু গছৰ বিস্তৃতি দেখিলে এনেহে লাগে ই যেন আমাৰ স্থানীয় ফলহে । ইয়াৰ পকা ফলবোৰ যে কেৱল সুমিষ্টহে এনে নহয়, ই পুষ্টিৰেও পৰিপূৰ্ণ । ইয়াৰ ১০০ গ্ৰাম খদ্যোপযোগী অংশত পোৱা পুষ্টি উপাদানবোৰ এনে বুলি জনা যায়- পানী ৮২ গ্ৰাম, প্ৰ’টিন ০.৯ গ্ৰাম, চৰ্বি ০.৫ গ্ৰাম, কাৰ্বোহাইড্ৰেট ১৭ গ্ৰাম, আঁহ ০.৩ গ্ৰাম, কেলছিয়াম ৫ মি: গ্ৰাম, আইৰন ০.৫ মি: গ্ৰাম, পটাছিয়াম ১৭১ মি: গ্ৰাম, ছডিয়াম সামান্য, ভিটামিন-বি১, ০.০৪ মি: গ্ৰাম, বি, ০০৪ মি: গ্ৰাম, বি৩ ৩ মি: গ্ৰাম আৰু চি ৫০ মি: গ্ৰাম । তেনেকৈ ইয়াৰ ১০০ গ্ৰামত থকা শক্তিৰ পৰিমাণ হৈছে ৭১ কেলৰি । এনে তথ্যই দেখুৱাই দিয়ে যে লিচু সঁচাই এবিধ শক্তিদায়ক তথা পুষ্টিদায়ক সুস্বাদু ফল । এতেকে আপাত দৃষ্টিত এই ফল সকলোৰে বাবে গ্ৰহণযোগ্য যেনেই লাগে । পিছে এইক্ষেত্ৰত প্ৰধানকৈ মধুমেহত ভোগা লোকসকলে কিছু সতৰ্কতা অৱলম্বন কৰাটো উচিত । কিয়নো খাই তৃপ্তি পোৱাৰ হেতুকে এই ফল মধুমেহ ৰোগীয়ে বেছিকৈ খাবলৈ গ’লে বিপদত পৰাৰ সম্ভাৱনা থাকে । কিয়নো লিচুত পোৱা কাৰ্বোহাইড্ৰেটৰ ৯০ শতাংশৰো অধিক ভাগ বোলে ফ্ৰুষ্টজ জাতীয় সৰল শৰ্কৰা, অৰ্থাৎ চেনিৰে পৰিপূৰ্ণ । সেয়ে বেছিকৈ লিচু খোৱা মানেই যে ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধিৰে নিজৰ বিপদ বঢ়াই লোৱা তালৈ মনোনিৱেশ কৰাটো প্ৰয়োজনীয় ।

লিচু পুষ্টিকাৰক হোৱাৰ লগতে কিছু ঔষধি গুণৰো অধিকাৰী বুলি জনা গৈছে । দেহৰ ৰোগ প্ৰতিৰোধী ভিটামিন চিৰ স্থিতি ইয়াত সবল থকাৰ লগতে ই ইণ্টিঅক্সিডেণ্ট বুলি পোহৰলৈ অহাৰ পিছত ইয়াৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অধিক সবল হোৱাই স্বাভাৱিক । সেয়েহে ইয়াক কম পৰিমাণে হ’লেও কৰ্কট আৰু ভাইৰেল প্ৰতিৰোধী বুলি ক’বলৈ লোৱা হৈছে । ইফালে, ইয়াত পোৱা (কম পৰিমাণৰ হ’লেও) আইৰন, মেগনেছিয়ান, কপাৰ, মেংগানিজ আৰু ফলেট আদি উপাদানে তেজৰ উৎপাদন তথা সঞ্চাৰণত ইতিবাচক প্ৰভাৱ পেলায় বুলি তথ্য পোৱা গৈছে । এইবোৰৰ উপৰি লিচুত থকা ৰুটিন নামৰ পলিফেনল উপাদানবিধে আমাৰ দেহৰ ৰক্তবাহী নলীকা শক্তিশালী কৰাত প্ৰত্যক্ষ প্ৰভাৱ পেলায় বুলিও উল্লেখ পোৱা গৈছে । সৰ্বোপৰি, লিচু বিষ নিৰাময়ক আৰু সূত্ৰবৰ্ধক গুণসম্পন্ন বুলিও কোৱা হৈছে । এতেকে ইমানবিলাক গুণৰ অধিকাৰী ফলবিধক বতৰৰ ফল বুলি ধৰি আমি সম্ভৱসাপেক্ষে গ্ৰহণ কৰিলে উপকৃত হোৱাৰ স্থল নিশ্চয় আছে । কেৱল মঙহাল অংশখিনি সাউতকৰে গিলি নথৈ চোবাই যোৱাত গুৰুত্ব দিয়া উচিত ।

লেখক :- অৰ্পণ দত্ত

উৎস :- আমাৰ অসম পূৰ্বাচল

মস্তিষ্কৰ ৰক্তক্ষৰণ -

উচ্চ ৰক্তচাপ আৰু মস্তিষ্কৰ ৰক্তক্ষৰণ :- উচ্চ ৰক্তচাপৰ ফলত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে, সেয়া সকলোৰে অনুমেয় । উচ্চ ৰক্তচাপৰ ফলত মস্তিষ্কৰ সৰু সৰু ৰক্তবাহী নলীৰ বেৰত কিছুমান পৰিবৰ্তনে দেখা দিয়ে । যিমানেই বেছি দিন ৰক্তচাপত ভোগে, সিমানেই এনে পৰিবৰ্তন হৈ থাকে । দীৰ্ঘদিন ধৰি এনে হোৱাৰ ফলত ৰক্তবাহী নলীসমূহৰ বেৰে চাপ সহ্য কৰিব পৰা ক্ষমতা হেৰুৱাবলৈ ধৰে । সেয়েহে কোনো কাৰণত চাপ বৃদ্ধি পালে মস্তিষ্কৰ ভিতৰত ৰক্তক্ষৰণ হ’বলৈ ধৰে । আঘাত গুৰুতৰ নহ’লেও ৰক্তক্ষৰণ হোৱা স্থানত তেজ জমা হ’বলৈ ধৰে । এনেদৰে তেজ জমা হোৱাৰ ফলত মস্তিষ্কৰ ভিতৰত চাপৰ সৃষ্টি হয় । সামগ্ৰিকভাৱে ৰক্তক্ষৰণ বন্ধ হ’লেও শতকৰা ৩৮ ভাগৰ ক্ষেত্ৰতে দেখা যায় ৰক্তক্ষৰণ হোৱাৰ ছয়ৰ পৰা সাত ঘণ্টাৰ ভিতৰত দ্বিতীয়বাৰ ৰক্তক্ষৰণ হোৱাৰ শংকা থাকে । যিসকল লোকে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ নিয়মীয়াকৈ ঔষধ নাখায় অথবা ধূমপান আৰু মদ্যপান কৰে তেওঁলোকৰ সততে এনে হোৱাৰ শংকা অধিক । মস্তিষ্কৰ ৰক্তক্ষৰণ হ’লে প্ৰত্যক্ষভাৱে কিছুমান কোষ ধ্বংস হয় । এবাৰ ক্ষতিগ্ৰস্ত হোৱা কোষ পুনৰ সৃষ্টি নহয় । সেইবাবে যি ঠাইত কোষসমূহে স্বাভাৱিক অৱস্থাত যিবোৰ কাৰ্য সম্পাদন কৰে, সেইবোৰ কাৰ্যত ব্যাঘাত জন্মে । এনেদৰে ব্যাঘাত জন্মাৰ বাবে সততে কিছুমান সমস্যাই গা কৰি উঠে । ৰক্তক্ষৰণ হ’লে যিবোৰ সমস্যাই গা কৰি উঠাৰ শংকা থাকে, সেইবোৰৰ ভিতৰত অন্যতম হ’ল পক্ষাঘাত বা পেৰালাইছিছ । যদিহে এই ৰক্তক্ষৰণ বাওঁফালে হয়, তেতিয়া বাকশক্তিত ব্যাঘাত জন্মিব পাৰে । যদিহে থেলামাছ আক্ৰান্ত হয়, তেতিয়াহ’লে অচেতন হোৱাৰ শংকাই অধিক । অচেতন হোৱাৰ উপৰি খাদ্য গিলিব নোৱৰা, চকুৰ মণি ওলাই অহা আদি সমস্যাই গা কৰি উঠে, যদিহে ব্ৰেইন ষ্টেইমত ৰক্তক্ষৰণ হয় । ব্ৰেইন ষ্টেইমত আক্ৰান্ত হোৱা মানেই বিপদ । কিয়নো এই অংশই আমাৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া, হৃদযন্ত্ৰৰ চালনা, ৰক্তচাপ, চেতনা অৱস্থা আদি সকলো নিয়ন্ত্ৰণ কৰে । আনহাতে চেৰিব্ৰেলামত ৰক্তক্ষৰণ হ’লে মূৰ ঘূৰোৱাৰ লগতে ভাৰসাম্যহীন অৱস্থাৰো সৃষ্টি হয় । যদিহে ৰক্তক্ষৰণ হোৱাৰ প্ৰথম এঘণ্টাৰ ভিতৰত চিকিৎসা কৰাটো সম্ভৱ হয়, তেতিয়াহ’লে সুফল লাভৰ হাৰো বৃদ্ধি পায় । মস্তিষ্কৰ ৰক্তক্ষৰণ হ’লে চাপ বৃদ্ধি পাবলৈ ধৰে । মস্তিষ্কৰ ভিতৰত চাপ যিমানেই বৃদ্ধি পায়, সিমানেই সমস্যাই গা কৰি উঠে । এইখিনিতে উল্লেখ কৰিব পাৰি যে মস্তিষ্কটো এই কঠিন খোলাৰ মাজত আবদ্ধ । ভিতৰৰ অংশসমূহে যিমানেই বৃদ্ধি পাবলৈ চেষ্টা নকৰক কিয় ই লাওখোলাটোৰ ভিতৰতেই থাকিব লাগিব । সেয়েহে যেতিয়া মস্তিষ্কৰ ভিতৰত কোনো অংশ, বিশেষকৈ ৰক্তনলী আদিৰ প্ৰসাৰ ঘটিবলৈ আৰম্ভ কৰে, তেতিয়া ভিতৰতে অতিৰিক্ত চাপৰ সৃষ্টি হয় । সেই চাপৰ বাবেই হয় ৰক্তক্ষৰণ । চাপৰ সৃষ্টি হ’লে মস্তিষ্কৰ তেজ চলাচলত ব্যাঘাত জন্মে । যেতিয়া তেজ চলাচলত ব্যাঘাত জন্মে, তেতিয়া স্বাভাৱিক কাৰ্য সম্পাদনো বাধাগ্ৰস্ত হয় ।

কাৰণসমূহ -

বিভিন্ন কাৰণত হ’ব পাৰে মস্তিষ্কৰ ৰক্তক্ষৰন । এই কাৰণসমূহৰ ভিতৰত অন্যতম হ’ল-

১) দুৰ্ঘটনা পতিত হ’লে সচৰাচৰ প্ৰায়ভাগ লোকেই প্ৰথমতে মস্তিষ্কত আঘাত পায় । এই আঘাত সামান্যৰ পৰা গুৰুতৰ হ’ব পাৰে । গুৰুতৰ হ’লে ৰক্তক্ষৰণ বেছি হয় । ফলত আক্ৰান্তজনৰ তৎক্ষণাৎ মৃত্যুপৰ্যন্ত হ’ব পাৰে । কিন্তু লাহে লাহে ৰক্তক্ষৰণ হ’লেও কেতিয়াবা বিপদৰ কাৰণ হোৱা দেখা যায় । সাধাৰণতে ৫০ বছৰৰ তলৰ লোকসকলৰ প্ৰায়ভাগৰেই মস্তিষ্কৰ ৰক্তক্ষৰনৰ কাৰণ দুৰ্ঘটনা । বিশেষকৈ মটৰ চাইকেল, গাড়ী,  বিমান দুৰ্ঘটনা আদিত পতিত হ’লে মস্তিষ্কত আঘাত পায় । কেতিয়াবা দেখা যায় যে আঘাত পোৱাৰ পিচতো মস্তিষ্কৰ খোলা ভাঙি যোৱা নাই । দেখাত মানুহজন সুস্থ থকা যেনেই অনুভৱ হয় । সেইবাবে বহুতে চিকিৎসালয়লৈ যাব নোখোজে । ফলত কিছু সময়ৰ পিচত মানুহজনৰ মৃত্যু ঘটে । ইয়াৰ কাৰন মস্তিষ্কৰ ভিতৰত হোৱা ৰক্তক্ষৰণ । মস্তিষ্কৰ আঘাতক দুভাগত ভগাব পাৰি- মস্তিষ্কৰ ভিতৰত কিবা সোমালে আৰু লাওখোলা মস্তিষ্কৰ মাজত যিখিনি ঠাই আছে, তাত আঘাত পালে তেজ জমা হোৱা । চিকিৎসা বিজ্ঞানৰ ভাষাত মস্তিষ্কৰ আঘাতক কোৱা হয় ‘ছাবডিউৰেল হেমোৰেজ’ আৰু ‘এপিডিউৰেল হেমোৰেজ’ । ছাবডিউৰেল হেমোৰেজৰ ক্ষেত্ৰত ধমনীৰ পৰা ৰক্তক্ষৰণ হয় । আনহাতে এপিডিউৰেল হেমোৰেজত সিৰাৰ পৰা ৰক্তক্ষৰণ হয় ।

২) মস্তিষ্কৰ ৰক্তক্ষৰণৰ আন এক উল্লেখযোগ্য কাৰণ হ’ল উচ্চ ৰক্তচাপ । যেতিয়া উচ্চ ৰক্তচাপ ক্ৰনিক পৰ্যায়ত উপনীত হয়, তেতিয়া ধমনীসমূহ দুৰ্বল হ’বলৈ ধৰে । দুৰ্বল ধমনী যিকোনো সময়তে ফাটি গৈ ৰক্তক্ষৰণ হোৱাৰ শংকা থাকে ।

৩) মস্তিষ্কৰ ৰক্তক্ষৰণৰ এক উল্লেখযোগ্য কাৰণ হ’ল ৰক্তনলীত হোৱা টেমুনা । এই টেমুনাক এনিউৰচিম বুলি কয় । এনেধৰনৰ টেমুনাই ৰক্ত প্ৰবাহিত নলীসমূহ দুৰ্বল কৰে । লাহে লাহে ফুলি উঠে । এনে হোৱাৰ পিচতে হঠাতে ৰক্তনলী ফাটি তেজ ওলায় । এনে হ’লে যিকোনো লোকৰ ষ্ট্ৰ’ক হোৱাৰ প্ৰৱণতা বৃদ্ধি পায় ।

৪) মস্তিষ্কৰ ৰক্তক্ষৰণৰ যিবোৰ উল্লেখযোগ্য কাৰণ আছে, সেইবোৰৰ অন্যতম হ’ল ডায়েবেটিছ । সেয়েহে ডায়েবেটিছত আক্ৰান্ত হ’লে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত চিকিৎসকৰ ওচৰলৈ যোৱাটোৱে মংগলজনক ।

৫) বয়সো হ’ব পাৰে মস্তিষ্কৰ ৰক্তক্ষৰণৰ অন্যতম কাৰণ ।

৬) ছিকল এনিমিয়াৰ বাবে মস্তিষ্কৰ ৰক্তক্ষৰন হয় ।

৭) মস্তিষ্কত হোৱা টিউমাৰ হ’ব পাৰে ৰক্তক্ষৰণৰ কাৰণ ।

কি কি পৰীক্ষা কৰা হয় -

সাধাৰণতে চি টি স্কেন, এম আৰ আই, এক্স-ৰে আদিৰ উপৰি তেজ পৰীক্ষাৰ সহায়ত মস্তিষ্কৰ কোন অংশত কিমান পৰিমাণে ৰক্তক্ষৰণ হৈছে, সেয়া জানি লৈ চিকিৎসা কৰা হয় । তদুপৰি আল্ট্ৰা ছাউণ্ড, ব্ৰেইন এঞ্জিঅ’ও কৰিবলগীয়া হ’ব পাৰে ।

প্ৰতিৰোধ কৰিব কেনেকৈ -

১) হাইপাৰটেনছিভ হেমোৰেজ প্ৰতিৰোধ কৰাটো সম্ভৱ । ইয়াৰ বাবে প্ৰয়োজন সতৰ্কতাৰ । বহুতে উচ্ছৃংখল জীৱন-যাপন কৰাৰ ফলত এনেধৰণৰ সমস্যাই গা কৰি উঠা দেখা যায় । সেইবাবে কিছুমান বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত । কোনবোৰ দিশত গুৰুত্ব প্ৰদান কৰিব-

*বয়স বৃদ্ধিৰ লগে লগে নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰিব লাগে । মনত ৰখা উচিত যে ৰক্তচাপ যিকোনো সময়তে বৃদ্ধি হ’ব পাৰে ।

*ধুম্ৰপায়ীসকলেও সতৰ্কতা অৱলম্বন কৰিব লাগিব । কিয়নো উচ্চ ৰক্তচাপৰ এক উল্লেখযোগ্য কাৰণ হ’ল ধূমপান ।

*অত্যধিক মদ্যপানে সততে যিবোৰ সমস্যাৰ সৃষ্টি কৰে, সেইবোৰৰ ভিতৰত অন্যতম হ’ল মস্তিষ্কৰ ৰক্তক্ষৰণ ।

*জীৱনযাপনৰ শৈলীও সলনি কৰিব লাগিব । উচ্চ ৰক্তচাপৰ এক উল্লেখযোগ্য কাৰক হ’ল উচ্ছৃংখল জীৱন যাপন । আধুনিকতাৰ নামত জীৱনটোৰ ওপৰত অত্যাচাৰ । নিশা পলমকৈ শোৱা, পুৱাৰ পৰিবৰ্তে দুপৰীয়া শোৱাপাটী ত্যাগ কৰা, নিচাজাতীয় দ্ৰব্য সেৱন ইত্যাদিৰ বাবে বহুতৰে স্বাভাৱিক জীৱনযাপনত ব্যাঘাত জন্মা পৰিলক্ষিত হয় ।

*মানসিকভাৱে চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰিব লাগে । যদিহে পৰিয়ালৰ কোনো  সদস্য উচ্চ ৰক্তচাপত আক্ৰান্ত, তেন্তে নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ বিষয় ।

লক্ষণসমূহ -

১) মস্তিষ্কৰ ৰক্তক্ষৰণৰ লক্ষণসমূহ ফুটি উঠাটো নিৰ্ভৰ কৰে কোন অংশত আক্ৰান্ত হৈছে তাৰ ওপৰত । অৰ্থাৎ মস্তিষ্কৰ যি অংশত আঘাত পোৱাৰ ফলত ৰক্তক্ষৰণ হয়, সেই অংশই সম্পাদন কৰা, কাৰ্যৰ ওপৰতে লক্ষণসমূহ নিৰ্ভৰ কৰে । লক্ষণসমূহ হঠাৎচ অথবা লাহে লাহে ফুটি উঠিব পাৰে ।

২) ৰক্তক্ষৰণ হ’লে আক্ৰান্ত লোকজন অচেতন হ’ব পাৰে । আনহাতে যদি অচেতন নহয়, তেতিয়াহ’লে ৰক্তক্ষৰণ হোৱাৰ পিচৰে পৰা বেছিকৈ মূৰ বিষাবলৈ ধৰে । কিছুমানৰ বিষতে মূৰ দাঙিব নোৱৰা অৱস্থাৰ সৃষ্টি হয় ।

৩) মৃগী ৰোগীৰ দৰে কঁপিবলৈ ধৰে । যদিহে মৃগী ৰোগত আক্ৰান্ত হোৱাৰ কোনো ইতিহাস নাথাকে, তেতিয়াহ’লে কোনো এজন লোকৰ মৃগীসদৃশ কঁপনি উঠিলে মস্তিষ্কৰ ৰক্তক্ষৰণ হোৱা বুলি সন্দেহ কৰা হয় ।

৪) হাত-ভৰি দুৰ্বল অনুভূত হ’বলৈ ধৰে । কিছুমানৰ এফালে হোৱাৰ বিপৰীতে আন কিছুমানৰ আকৌ দুয়োফালে হোৱাৰ শংকা থাকে ।

৫) এনে লোকৰ বমি অথবা ওকালি ভাব আহে । আক্ৰান্ত লোকজনৰ চেতনা হ্ৰাস পাবলৈ ধৰে । তদুপৰি এনে লোকে টোপনিয়াই থাকে ।

৬) দৃষ্টিশক্তিৰ ক্ষেত্ৰতো কিছুমান সমস্যাই গা কৰি উঠে । আক্ৰান্তজনে কথা ক’ব নোৱাৰে আৰু কথা ক’লেও ভালদৰে বুজি নাপায় ।

৭) সৰু-সুৰা কাম আদি, যেনে- ছাৰ্ট-পেণ্টৰ বুটাম মৰা, লিখোতে অসুবিধাৰ সৃষ্টি হয় ।

৮) এনে লোকে শাৰীৰিকভাৱে ভাৰসাম্য হেৰুৱায় । গতিকে এনেধৰণৰ লক্ষণ ফুটি উঠাৰ লগে লগে চিকিৎসকৰ ওচৰলৈ নিব লাগে । কাৰণ যিমানেই পলম হ’ব , সিমানেই সমস্যাই জটিল ৰুপ ধাৰণ কৰিব । আনকি অলপ পলম হ’লেই আক্ৰান্তজনৰ জীৱনলৈ সংশয় নামিব পাৰে ।

লেখক :- ডা: বসন্ত কুমাৰ বৈশ্য

উৎস :- দেওবৰীয়া সম্ভাৰ

 

 

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top