মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বতৰৰ ফল আৰু মানৱ শৰীৰৰ বাবে ইয়াৰ প্রয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বতৰৰ ফল আৰু মানৱ শৰীৰৰ বাবে ইয়াৰ প্রয়োজনীয়তা

বতৰৰ ফল আৰু মানৱ শৰীৰৰ বাবে ইয়াৰ প্রয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হৈছে

বতৰৰ ফল:

এতিয়া ফলৰ বতৰ। বজাৰত বর্তমান কম-বেছি পৰিমাণে আম, লিচু, কল, মধুৰি আম, মাটিকঠাল, কঠাল, অমিতা, প্লাম,  আদি নানান ফলেৰে উপচি পৰিছে। বজাৰত উপলব্ধ এই সুস্বাদু ফল সমূহে যে কেৱল আমাৰ জিভাৰ তৃপ্তিয়ে পূৰণ কৰি হিছে তেনে নহয়; এই ফল সমূহৰ মাজত নিহিত হৈ থকা খাদ্যপ্ৰাণ আৰু খনিজ লৱণে আমাৰ শৰীৰক স্বাস্থ্যৱান, নিৰোগী আৰু সক্ষম কৰি ৰাখাত পূর্ণ ভূমিক গ্রহণ কৰে। উল্লেখ্য যে বেছিভাগ ফল-মূলতে আমাৰ শৰীৰৰ বাবে প্রয়োজনীয় ভিটামিন কম বেছি পৰিমাণে পোৱা যায়। সেই বাবেই প্ৰতিজন মানুহে দৈনিক গড়ে ৮৫ গ্রাম ফল-মূল আহাৰ হিচাপে গ্রহণ কৰা অতি প্রয়োজন।

বর্তমান সময়ত উপলব্ধ ফল সমূহ:

বর্তমান সময়ত উপলব্ধ ফল সমূহৰ ভিতৰত সৰহ পৰিমাণে খাদ্যপ্রাণ ভিটামিন ‘এ’ থকা ফলবোৰ হ’ল পকা আম, পকা অমিতা, কঠাল আদি। ভিটামিন ‘এ’ ই শৰীৰত হাড়ৰ গঠন, সকলো ধৰণৰ কোষ-কলা কার্যক্ষম কৰি ৰখা, শ্বাস-প্রশ্বাস সম্বন্ধীয় ৰোগ নিয়ন্ত্ৰণ আৰু কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও দৃষ্টিশক্তিৰ বিকাশ ঘটোৱাতো সহায় কৰে। ভিটামিন ‘এ’ৰ অভাৱত হাড়ৰ জৈনবোৰৰ বিষ, দৃষ্টিশক্তিৰ নিম্নগামী, চকু শুকাই যোৱা আৰু শৰীৰৰ বৃদ্ধিত ব্যাঘাত জন্মে। আনহাতে ভিটামিন ‘বি’ যুক্ত ফল-মূলবোৰ  হ’ল কাজুবাদাম, কল, অমিতা, লিচু, মাটি কঠাল, ডালিম ইত্যাদি। ভিটামিন ‘বি’য়ে মানুহৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰা, স্নায়ুতন্ত্ৰৰ কাৰ্যপ্রণালীত সহায় কৰা, স্মৃতি শক্তি আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ অভাৱত মানুহৰ এলাহ বৃদ্ধি পায়, ছাত্র-ছাত্রী সকলৰ দক্ষতা বৃদ্ধিত ব্যাঘাত জন্মাৰ উপৰিও কষ্টসহিষ্ণুতা হ্রাস পায়, বিষন্নতা বৃদ্ধি পায় আৰু বেৰিবেৰি ৰোগ হয়। সৰহকৈ ভিটামিন “চি” থকা ফল-মূলবোৰ হ’ল আমলখি, মধুৰি আম, নেমু টেঙা আৰু মাটি কঠাল আদি। ভিটামিন 'চিয়ে শৰীৰৰ বৃদ্ধিত সহায় কৰা, কোষ-কলা মেৰামতি কৰা, ৰক্ত পৰিবহনত সহায় কৰা, হাড় আৰু দাঁতৰ কাম, ৰোগ সংক্ৰমণত বাধা আৰু কেঞ্চাৰ প্ৰতিৰোধী হিচাপে কাম কৰাৰ উপৰিও কটা-চিঙা আদি শুকোৱা, শ্বাস-প্রশ্বাস আদিৰ দুৰ্বলতা আতৰ কৰাতো সহায় কৰে।

এই ফল-মূল বিলাকৰ ভিতৰত আম হ’ল ভাৰতবৰ্ষৰ অতি পুৰণি ফল। ভাৰতবৰ্ষত আমি খেতিৰ প্ৰচলন খ্ৰীষ্টপূর্ব ৪,০০০ ৰ পৰা ৬,০০০ বছৰ পুৰণি বুলি জনা যায়। মোগল সম্রাট বাবৰে আমক হিন্দুস্থানৰ ভিতৰত আটাইতকৈ পছন্দৰ ফল বুলি কৈছিল উপভোক্তা ৰাইজৰ মাজত থকা আমৰ এই জনপ্রিয়তাৰ বাবেই তেতিয়াৰ দিনতে বিখ্যাত মোগল সম্রাট আকবৰে বিহাৰৰ দাৰ ভাঙ্গাত এক লাখ আমৰ গছ ৰোপন কৰি বাগান পাতিছিল। অতীত কালত যে আমাৰ জনপ্রিয়তা অত্যধিক আছিল তাৰ প্ৰমাণ চীনা পৰিব্ৰাজক হিৱেন চাঙৰ টোকাতো উল্লেখ কৰা দেখা যায় । হিন্দু সকলৰ মহৎ গ্রন্থ মহাভাৰত আৰু ৰামায়ণৰ উপৰিও কালিদাসৰ মেঘদূত গ্ৰন্থতো আমৰ বিষয়ে উল্লেখ পোৱা যায়। আম খেতিৰ বাবে সকলো শ্রেণীৰ মাটিয়েই উপযোগী যদিও দ  লৈকে থকা পলসুৱা মাটিয়েই অধিক উৎকৃষ্ট। মাটিডোখৰ সাৰুৱা আৰু বাৰিষা পানী জমা নোহোৱা ওখ হ’ব লাগে। অসমৰ মাটি আমৰ বাবে উপযোগী যদিও অসমৰ খেতিয়ক সকলে ব্যৱসায়ীক ভিত্তিত এতিয়াও আমি খেতি কৰিবলৈ লোৱা পৰিলক্ষিত হোৱা নাই। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বঙ্গত প্ৰচুৰ পৰিমাণে বিভিন্ন প্রজাতিৰ আম পোৱা যায়। কেইবিধমান উল্লেখযোগ্য জাতৰ আম হ’ল লেঙেৰা, ডুচেহেৰী, ফজলি, গোলাপ খাছ, কিশানভোগ, মালদহ, মল্লিকা, আমৰাপালি, সেন্দুৰী আম, মিঠা আম(কেঁচা অৱস্থাতে খাবলৈ সোৱাদ) আদি। সকলো ফলতকৈ আমত মানৱ দেহৰ বাবে অতি প্রয়োজনীয় ভিটামিন ‘এ’ আটাইতকৈ বেছি পৰিমাণে পোৱা যায় বাবে আমাক ফলৰ ৰজা বুলি কোৱা হয়।

বর্তমান বজাৰত প্ৰচুৰ পৰিমাণে উপলব্ধ আন এবিধ ফল হ’ল লিচু। লিচুত ভিটামিন ‘বি’ৰ উপৰিও শর্কৰা, প্ৰ’টিন,চৰ্বী, খনিজ লৱণ, কেলচিয়াম, পটাচিয়াম, ভিটামিন “চি” আৰু ‘এ’ পোৱা যায়। লিচুৰ উৎপত্তি চীনত হোৱা বুলি ঠাৱৰ কৰা হৈছে আৰু ১৮০০ চনত পূব ভাৰতেৰে ভাৰতবৰ্ষত প্রৱেশ কৰিছে বুলি অনুমান কৰা হৈছে। দক্ষিণ আফ্রিকাতো লিচু খেতি অতি জনপ্রিয়। ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ লগতে অসমৰ মাটিও লিচু খেতিৰ বাবে উপযোগী। অসমৰ মাটিৰ বাবে উপযোগী কেইবিধমান লিচুৰ প্ৰজাতি হ’ল মুজাফাপুৰ, ডেৰাডুন, কেলকেটা, ৰাজ চেনটেড, চিডলেচ আৰু চাহাৰাণপুৰ ইত্যাদি।

অসমত বর্তমান পোৱা আন এবিধ উল্লেখযোগ্য ফল হ’ল কঠাল। কঠালত ভিটামিন ‘এ’ৰ উপৰিও ভিটামিন ‘বি’, প্ৰ’টিন, শ্বেতসাৰ, শর্কৰা, খনিজ লৱণ আদি পোৱা যায়। কঠাল অতি সুস্বাদু হোৱাৰ  উপৰিও মানৱ শৰীৰৰ বাবে প্রয়োজনীয় উল্লিখিত উপাদান সমূহ পূর্ণ কৰাৰ উদ্দেশ্যে আমি বতৰৰ ফল হিচাপে খোৱা অতি আৱশ্যক। কঠালৰ গুটি ৰান্ধি খাবলৈ অতি সোৱাদযুক্ত হয়। অসমৰ মাটি কঠালৰ বাবে উপযোগী। ফলৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হ’ল কল। কাৰণ কল হ’ল একমাত্র ফল যাৰ গছৰ সকলো অংশই মানুহৰ উপকাৰত আহে। পৃথিৱীৰ ভিতৰত অসম, ব্ৰহ্মদেশ, থাইলেণ্ড, ইন্দোচাইনা আদিৰ কোনোবা পাহাৰীয়া অঞ্চলত প্রথমতে কল উৎপাদিত হৈছিল বুলি অনুমান কৰা হৈছে। ইয়াৰপৰাই পৰৱতী সময়ত আমেৰিকা, আফ্রিকা, অষ্ট্রেলিয়া, ফিলিপাইনচ আৰু হাৱাই আদি ঠাইত সম্প্রসাৰিত হয়। খ্ৰীষ্টপূর্ব ৩২৭ চনত মহান গ্ৰীক সম্রাট আলেকজেণ্ডাৰে ভাৰত আক্রমণ কৰাৰ সময়ত ভাৰতৰ সিন্দু উপত্যকাত কল খেতি কৰাৰ বাবে অগ্ৰাধিকাৰ দিছিল। পকা কলত ভিটামিন ‘বি’ পোৱা যায়। বর্তমান অসমৰ বিভিন্ন অঞ্চলত কলৰ বাগিছা পাতি খেতিয়ক সকলে ব্যৱসায়িকভাৱে সফল হোৱা দেখা গৈছে। মাটিকঠাল অসমৰ মাটিত উৎপাদিত আন এবিধ অতি সুস্বাদু ফল। পাহাৰীয়া এঢলীয়া মাটি মাটি কঠালৰ বাবে উপযোগী। আনবোৰ ফল-মূলৰ নিচিনাকৈ মাটি কঠালতো প্ৰ’টিন, শ্বেতসাৰ, ভিটামিন আৰু খনিজ লৱণ পোৱা যায়। এইবোৰৰ ভিতৰত ভিটামিন ‘চিৰ পৰিমাণ ইয়াত অধিক থাকে। ফল হিচাপে খোৱাৰ উপৰিও ইয়াৰ পৰা জাম, জেলী, স্কোৱাচ আদি তৈয়াৰ কৰা হয়।

অসমত উৎপাদিত সকলোৰে অতি প্রিয় আন এবিধ ফল হ’ল অমিতা। পকা অমিতাত ভিটামিন ‘এ’ থকাৰ উপৰিও অন্যান্যভিটামিন আৰু খনিজ লৱণ পোৱা যায়। পকা অমিতাত ১০ শতাংশ শ্বেতসাৰ আৰু দশমিক ৫ শতাংশ প্ৰটিন থাকে। ফল আৰু পাচলি হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও কেচা অমিতাৰ পৰা ৰা ওলোৱা ‘পেপেইন” নামৰ পদার্থক বহুল পৰিমানে চামৰাৰ উদ্যোগত,চুইংগাম, প্রসাধন সামগ্ৰী তৈয়াৰ কৰাত, উল উদ্যোগ,মাংস উদ্যোগ আদিত ব্যৱহাৰ কৰা হয়। অমিতা সাধাৰণতে একলিঙ্গ উদ্ভিদ। পুংপুষ্প আৰু স্ত্ৰীপুষ্প দুজোপা বেলেগ বেলেগ গছত হয়। সেয়ে পৰাগ যোগ হৈ অধিক উৎপাদন পাবলৈ প্ৰতি ১০ জোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা মতা ফুলগছ ৰুব লাগে।অবশ্যে কিছুমান ওভয় লিংগ থকা অমিতাৰ সঁচো আছে।

ইয়াৰ উপৰিও বৰ্তমান বজাৰত উপলব্ধ মধুৰিআম, আমলখি আদি কিছুমান সুস্বাদু ফলে উপভোক্তা সকলক সদায়ে আকৰ্ষন কৰি আহিছে।এই আটাইকেইবিধ ফল আসমত উৎপাদন কৰিব পৰা যায়।মানৱ সমাজৰ বাবে প্ৰয়োজনীয় উপাদান সমুহ পুৰন কৰি শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰখাৰ স্বাৰ্থত আমি এই ফলবোৰ আহাৰ হিচাপে গ্ৰহন কৰা অতি প্ৰয়োজন।

প্ৰেৰক: কন্দৰ্প কুমাৰ ৰায়, মানিকপুৰ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top