মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বতৰৰ ফল মাটিকঁঠাল :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বতৰৰ ফল মাটিকঁঠাল :

বতৰৰ ফল মাটিকঁঠালৰ বিষয়ে লিখা হৈছে ।

 

এইবিধ চাপৰ জাতৰ উদ্ভিদৰ পাতৰ দুয়োকাষে অসংখ্য কাঁইট থাকে। বছৰত এবাৰকৈ এই গছত একোটাকৈ ফল লাগে। ফল আকাৰত ডাঙৰ আৰু গোটেইব গাতে চকু থাকে।

ফলৰ ওপৰ অংশৰ পৰা অসংখ্য পাত ওলায়। ফলৰ ওপৰৰ কুঁহি ছিঙি নি মাটিত ৰুই দিলে তাৰ পৰাই পূৰ্ণাংগ গছ হৈ পিছত ফল লাগে।

পিছে এনেদৰে আগ ৰুই কৰা মাটিকঁঠালৰ গছে ফল দিবলৈ দুবছৰ সময় লাগে। পকা ফল খাবলৈ সোৱাদ আৰু ৰসাল হয়। ইয়াৰ ফল শীতকালত লাগে আৰু জুন-জুলাই মাহত পকে।

মাটিকঁঠালৰ ভালেকেইটা প্ৰজাতি আছে। ইয়াৰে আটাইকেইটি প্ৰজাতিৰে ফলবোৰ সৰল ফলবোৰ ৰসাল আৰু বেছি মিঠা হয়।

কুইন আদি প্ৰজাতিৰ মাটিকঁঠালৰ ফলবোৰ যথেষ্ট ডাঙৰ হয় আৰু বেছি ৰসাল হয়। ফলৰ ভিতৰভাগ প্ৰজাতি ভেদে বেলেগ বেলেগ ৰঙৰ হয়।

কিছুমান ৰঙা, কিছুমান হালধীয়া আৰু কিছুমান কমলা ৰঙৰ হয়। ৰেড স্পেনিছ, কুইন, স্মুথ কোয়েল, চুগাৰ ল’ফ আদি প্ৰজাতিবিলাক যথেষ্ট জনপ্ৰিয়।

ইয়াৰ চুগাৰ ল’ফ জাতৰ মাটিকঁঠাল মেক্সিকো আৰু ভেনিজুয়েলাত খেতি কৰা হয়। ৰেড স্পেনিছ জাতৰ মাটিকঁঠালৰ খেতি কৰা হয় মধ্য আমেৰিকাত।

কুইন জাতৰ মাটিকঁঠাল দক্ষচিণ আফ্ৰিকাত খেতি কৰা হয়। এইবিধ মাটিকঁঠাল বৰ বেছি মিঠা হয় আৰু ওজন প্ৰায় ডেৰ কেজি পৰ্যন্ত হয়।

উপকাৰিতা আৰু ঔষধি গুণ:

সতেজ পকা ফল- হৃদযন্ত্ৰৰ বাবে উপকাৰী, ভাগৰ বা ক্লান্তি নাশক, কফ-পিত্তকাৰক, কৃমি ধ্বংসকাৰী, বিৰেচক। পকা ফল মিঠা, পিত্ত শামক, মূত্ৰল, পাচক।

মাটিকঁঠালৰ ৰস বা ইয়াৰ ফল গৰমৰ দিনত পিয়াহ পলোৱাত বিশেষ সহায়ক। এই ফলে বহুমূত্ৰ ৰোগ আৰু অজীৰ্ণতা দূৰ কৰে।

কেঁচা ফল:

কৃমি নাশক, মৃদু ৰেচক, গৰ্ভপাত কাৰক।

অজীৰ্ণতা:

ভালদৰে পকা মাটিকঁঠাল এটাৰ সৰু সৰু টুকুৰা কৰি তাৰ ওপৰত ক’লা নিমখ আৰু সৈন্ধৱ লবণ ছটিয়াই খালে অজীৰ্ণ ৰোগৰ পৰা উপশম পাব পাৰি।

কৃমি:

কেৱল মাটিকঁঠাল টুকুৰা কৰি খাই থাকিলেই কৃমি ধ্বংস হৈ ওলাই যাব। ইয়াৰ পাত ছিঙি আনি গুৰি ফালত কোমল বগা অংশবোৰ কাটি লৈ ক’লা নিমখ দি খালে কৃমি মৰি নাইকিয়া হয়।

বহুমূত্ৰ ৰোগ:

প্ৰথমতে মাটিকঁঠাল এটাৰ বাকলি গুচাই লৈ ফালি ভিতৰৰ টান ডিলা ভাগ উলিয়াই কেৱল কোমল শাহখিনি চেপি ৰস উলিয়াই তাৰ লগত জিৰা গুড়ি মিহলাই খালে মধুমেহ ৰোগ নিয়ন্ত্ৰণ হয়।

তাৰোপৰি পকা মাটিকঁঠালৰ শাহৰ টুকুৰাৰ ওৰত পিপলিৰ গুড়ি মিহলাই খালেও মধুমেহ নিয়ন্ত্ৰণত থাকে।

পেটৰ বিষ:

পকা মাটিকঁঠালৰ ৰস ১০ গ্ৰাম, আদাৰ ৰস ২০ গ্ৰাম, সৈন্ধৱ লৱণ দুই চিকুট, ভাজি লোৱা হিং এক চিকুট মিহলাই খালে পেটৰ বিষ নিৰাময় হয়।

পেটৰ ভিতৰলৈ খাদ্যৰ লগত চুলি সোমাই গ’লে মাটিকঁঠাল খাব লাগে। চুলি কাৰণে পেটৰ বিষ হ’লে ভাল হয়।

খালী পেটত মাটিকঁঠাল নেখাব। গৰ্ভাৱস্থাতো মাটিকঁঠাল খাব নেলাগে।

অনিয়মীয়া মাহেকীয়া:

কেঁচা মাটিকঁঠালৰ ৰস ১০ গ্ৰাম, বৰগছৰ বাকলিৰ চূৰ্ণ আধা চামুচ, গুড় আধা চামুচ, একেলগে মিহলাই খুৱালে নাৰীৰ মাহেকীয়া স্ৰাৱ নিয়মীয়া হয়।

ধাতু দুৰ্বলতা:

মাটিকঁঠালৰ পকা ফলৰ ৰস ১০ গ্ৰাম, ত্ৰিফলা, যষ্ঠীমধু, অমৰলতা, বগা মুচলি, নাগকেশৰ আটাইবোৰ সম পৰিমাণে লৈ গুড়ি কৰি বটি লওক।

এই চুৰ্ণৰ লগত ঘিউ আৰু মৌ মিহলাই প্ৰতিদিনে সেৱন কৰিলে ধাতু দুৰ্বলতা ৰোগ নিৰাময় হয়।

গৱেষকৰ মতে মাটিকঁঠালত ক্ল’ৰিন থাকে। সেইকাৰণে মাটিকঁঠালে বৃক্ক শোধন কৰি ৰাখিব পাৰে।

সেইদৰে পটাছিয়াম থাকে কাৰণেই বৃক্কত হোৱা বহুবিধ বেমাৰৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি আৰোগ্য হয়।

মাটিকঁঠালত এবিধ এনজাইম থাকে। তাকে ব্ৰমেলিন বোলে। ব্ৰমেলিনে খাদ্য হজমত সহায় কৰে। অজীৰ্ণতাত ভোগা ৰোগীৰ বাবে ই অতি উপযোগী ফল।

আহাৰৰ প্ৰায় আধাঘন্টামান পিছত দুই গিলাছ পৰিমাণৰ ৰস খালে বদহজম আৰোগ্য হয়।

ডিঙিত খজুৱতি, খচখচনি আদি ৰোগতো অতি উত্তম পথ্য। স্বৰতন্ত্ৰৰ বিজুতি ৰোধ কৰে।

কেঁচা মাটিকঁঠালৰ ৰস কোনো অংগ কাটি তেজ ওলালে দৰব হিচাপে ব্যৱহাৰ কৰিব পাৰি।

কেঁচা ৰস ব্যৱহাৰৰ পিছতেই তেজ ওলোৱা বন্ধ হয়।

উদ্ভিদবিজ্ঞানীৰ মতে মাটিকঁঠালৰ আদি বাসস্থান ব্ৰাজিল। তাৰ পিছত পৃথিৱীৰ বিভিন্ন দেশলৈ বিস্তাৰিত হৈ পৰিল।

সম্প্ৰতি ভাৰতৰ ভিতৰত অসম আৰু কেৰালা ৰাজ্যই অধিক পৰিমাণৰ মাটিকঁঠাল উৎপাদন কৰে বুলি জানিব পৰা গৈছে।

মেঘালয়তো পিছে উৎপাদন বৰ কম নহয়। গাৰো পাহাৰত হোৱা মাটিকঁঠাল বৰ মিঠা।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top