মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বতৰৰ ফলৰ গুণাগুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বতৰৰ ফলৰ গুণাগুণ

বতৰৰ ফলৰ গুণাগুণ লিখা হৈছে

 

মধুৰিআম

 

মধুৰিআম সুগন্ধি, সুস্বাদু মধুৰিআম অসমত যথেষ্ট উৎপাদন হয়। বিশেষকৈ গ্ৰামাঞ্চলৰ লোকে মধুৰিআম কিনি খাবলগীয়া নহয়। সহজতে পোৱা এইবিধ ফলৰ আছে বহু গুণ। লগতে ইয়াৰ পাতো বহু গুণবিশিষ্ট। মধুৰিআম তেজৰ বাবে মহৌষধ।   শৰীৰৰ দূষিত তেজ পৰিষ্কাৰ কৰে, তেজ বৃদ্ধি কৰে, তেজৰ পৰা হ’ব পৰা বিভিন্ন ৰোগ নিয়ন্ত্ৰণ কৰে। চৰ্মৰোগ ঘা, ফোহা আদি ৰোধ কৰাতো মধুৰিআম উপাদেয়। তদুপৰি মধুৰিআমে কোষ্ঠকাঠিন্যৰ ক্ষেত্ৰত মধুৰিআমৰ গুটিবোৰ গুচাই খাব লাগে। শৰীৰৰ শক্তিবৰ্ধন আৰু হৃদযন্ত্ৰৰ সবল কৰাটো মধুৰিআম উপাদেয়। মধুৰিআমে পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি আৰু বল বৃদ্ধি কৰে, বীৰ্য বৃদ্ধি কৰে। ই মানুহৰ শ্বাসতন্ত্ৰ সবল কৰা, উচ্চ ৰক্তচাপ নিয়ন্ত্রণ, চৰ্বি কমোৱা, দাঁত আৰু হাড়ৰ শ্ৰীবৃদ্ধিত সহায় কৰে। মধুৰিআম নিয়মিত খালে তেজৰ হিম'গ্লবিনৰ পৰিমাণ বাঢ়ি যায়। পেলুৰ পৰা পৰিত্ৰাণ পাবলৈও মধুৰিআম উত্তম। মধুৰিআমে কাহৰ পৰাও পৰিত্ৰাণ দিয়ে, চর্দি নিৰাময় কৰে, পেটৰ অসুখ অম্লপিত্ত নাশ কৰে। খজুৱতি আৰু ঘামচি হ’লে একেৰাহে কেইদিনমান মধুৰিআম খালে উপশম হয়। পেটফুলা বা বদহজমত ই উপাদেয়। আনহাতে মধুৰিআমৰ পাত বটি লেপ দিলে বিষ নিৰাময় হয়। পাতৰ ৰসে গ্ৰহণী, ডায়েৰিয়া, পেলু নিয়ন্ত্রণ কৰে। দাঁতৰ বিষ, মুখ-জিভাৰ ঘা, দূৰ্গন্ধ আদিত পাত চোবালে উপশম হয়। কুমলীয়া পাতৰ ৰস নিয়মিত খালে চর্মৰোগ উপশম হয়। যকৃতৰ ৰোগতো মধুৰিআমৰ কোমল পাতৰ ৰস উত্তম।

অমৰা

 

অসমত পোৱা এবিধ অনন্য গুণসম্পন্ন ফল হ’ল অমৰা। ভাদ মাহৰ পৰা আঘোণ পর্যন্ত অমৰা পোৱা যায়। বহু লোকে নিজৰ বাৰী-বস্তিত অমৰা ৰোপণ কৰাৰ উপৰি হাবি-জংঘল, পথাৰ, নৈপাৰ, বনাঞ্চল আদিতো অমৰা পোৱা যায়। আমৰ দৰে গোন্ধৰ বাবে ইয়াক ইংৰাজীত "Wield Mango' অর্থাৎ হাবিৰ আম বুলি কোৱা হয়। বিশেষকৈ অমৰাৰ আঞ্জাৰ বিভিন্ন জুতিত অসমীয়া সিদ্ধহস্ত। সুগন্ধি, সুস্বাদু এই ফলৰ আছে অনেক গুণ। ইয়াৰ ঔষধি গুণ ত্ৰিফলাৰ সমপর্যায়ৰ বুলি ধৰা হয়। আয়ুৰ্বেদ শাস্ত্ৰত অমৰা ৰক্ত শোধক আৰু ৰক্ত দোষ নিবাৰক বুলি উল্লেখ আছে। বর্তমান সময়ত অধিকাংশ লোকে ভোগা পিত্ত ৰোগত অমৰা অতি উত্তম ফল। অমৰাই অজীর্ণতা নাশ কৰে আৰু ভোক বৃদ্ধি কৰে, যকৃতৰ দোষ নিৰাময় কৰি যকৃতৰ শক্তি বৃদ্ধি কৰে। হাওঁফাওঁৰ ৰোগতো অমৰা উপাদেয় ফল। অমৰা নিয়মিত খালে বল বৃদ্ধি, বীৰ্য বৃদ্ধি ঘটে। গ্ৰহণী ৰোগত অমৰাৰে সামান্য নিমখ আৰু চেনি মিহলাই কেইবাৰমান খালে ৰোগ আৰোগ্য হয়। বমি ভাব হ'লে অমৰা নিমখেৰে মিহলাই খালে বমি ভাব নোহোৱা হয়। ছালৰ ৰোগ, পেটৰ ৰোগত ত্ৰিফলাৰ সমানে উপকাৰী হ’ল অমৰা। অমৰাৰ ফলৰ লগতে বিভিন্ন অংশও উপাদেয়। বাতবিষ, হাওঁফাওঁ, শ্বাসৰোগ, শাও পৰা, ৰক্ত গ্ৰহণী, কেচুঁমুৰীয়া, পিত্ত ৰোগ, পুৰুষত্ব হ্রাস আদিত অমৰা গছৰ ছালৰ ৰস নিয়মিত খালে উপশম হয়। পোৰা ঘা শুকাবলৈ গুটি গুৰি কৰি লগালে শুকায়। ভৰিৰ আঙুলিত পানী খালে অমৰা গুটি পুৰি মিঠাতেলেৰে সানি অসমীয়া কৃষকে লগাই অহা দেখা যায়।

লিখক: উৎপল কুমাৰ কলিতা, সাদিন।

 

 

 

 

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top