অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতৰৰ বন শাক ঢেঁকীয়া

বতৰৰ বন শাক ঢেঁকীয়া

ঢেঁকীয়া এবিধ সকলোৰে পৰিচিত শাক জাতীয় বনৰীয়া উদ্ভিদ। ইয়াৰ অনেক প্ৰজাতি আছে। আমি আমি সচৰাচৰ শাক হিচাপে ব্যৱহাৰ কৰা ঢেঁকীয়াৰ প্ৰজাতিবিধক উদ্ভিদ বিজ্ঞানত ‘ডিপ্লাজিয়াম এস্কুলেন্টাম’ নামে জনা যায়। নদীৰ পাৰ, পথৰ দাঁতি, বাৰী ঘৰৰ আশা পাশ আদিকে ধৰি ছাঁ প্ৰধান ওখ চানেকীয়া জিপাল মাটিত লহপহকৈ গজি উঠা এই ঢেঁকীয়া শাক অসমৰ সকলো জাতি জনগোষ্ঠীৰে এবিধ প্ৰিয় পৰম্পৰাগত খাদ্য-সামগ্ৰী, যি বহু ঔষধি গুণবিশিষ্ট তথা অতুলনীয় পুষ্টিগুণ সমৃদ্ধ। পুৰণি কালৰেপৰা এইবিধ শাক অসমীয়া জনসমাজত বিশেষভাৱে সমাদৃত হৈ আহিছে। অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰবাদ প্ৰবচনতো এই স্থান পাইছে এনেদৰে-‘ঔ টেঙা ঢেঁকীয়া শাক, জিভাৰ পানী পৰি থাক।’

পুষ্টি বিজ্ঞানীৰ পৰীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি খাদ্য উপযোগী ঢেঁকীয়া শাকত ৩৩.৭ শতাংশ প্ৰ’টিন, ৫.৬০ শতাংশ কাৰ্বোহাইড্ৰেট, ৩.৮০ শতাংশ চৰ্বিজাতীয় উপাদান, ৭.৮০ শতাংশ আঁহজাতীয় উপাদান আৰু ১৩.১৫ শতাংশ খনিজ লৱণ থাকে, যিবোৰ দেহৰ পৰিপুষ্টিৰ বাবে অপৰিহাৰ্য।

সাধাৰণতে ঢেঁকীয়া শাক বছৰটোৰ এপ্ৰিল মাহমানৰ পৰা ছেপ্টেম্বৰত অক্টোৱৰ মাহলৈকে পৰ্য্যাপ্ত পৰিমাণে পোৱা যায়। ঢেঁকীয়াৰ এক উল্লেখ্যযোগ্য বৈশিষ্ট্য হ’ল- ই ৰাসায়নিক সাৰ আৰু মাৰাত্মক কীট নাশকৰ কবলৰ পৰা সম্পূৰ্ণভাৱে মুক্ত। ঢেঁকীয়া শাক অত্যন্ত পুষ্টিকাৰক, শক্তিবৰ্দ্ধক আৰু ৰুচিকাৰক প্ৰকৃতিৰ। ইয়াৰ অনেক ঔষধি গুণো আছে। ইয়াৰ কোমল আগ ঘিউৰে ভাজি খালে দৃষ্টি দৌৰ্বল্য আঁতৰি যায় আৰু দৃষ্টিশক্তি প্ৰখৰ হয়। তেলেৰে ভাজি খালে অৰুচি আঁতৰি যায়। ইয়াৰ আঁহজাতীয় উপাদানে কোষ্ঠ পৰিষ্কাৰ কৰি মানুহক সুস্থ-সবল কৰি তোলে। ই বাত নাশকো। অসমীয়া লোকে ঢেঁকীয়াৰ বিধে বিধে ব্যঞ্জন প্ৰস্তুত কৰি এক উপাদেয় খাদ্য হিচাপে আগস্থান দি আহিছে।

অতি পুৰণি কালৰেপৰা আমাৰ সমাজত ঢেঁকীয়া শাক বিশেষভাৱে সমাদৃত হৈ আহিছে। ‘কথাগুৰু চৰিত’ত পোৱা তথ্যমতে, এবাৰ মহাপুৰুষ মাধৱদেৱে আহোম ৰজাৰ ৰোষৰ পৰা হাত সাৰি আহি, যোৰহাটৰ ওচৰৰ এখন গাঁৱত আশ্ৰয় গ্ৰহণ কৰি থকা অৱস্থাত স্থানীয় গঞা ৰাইজে তেওঁক ঢেঁকীয়া শাকেৰে প্ৰস্তুত কৰা বিবিধ ব্যঞ্জনেৰে আপ্যায়িত কৰি তৃপ্ত কৰিছিল আৰু গুৰুজনায়ো সেই গঞা ৰাইজৰ আগ্ৰহ আৰু সহযোগত সেই ঠাইত এটি নামঘৰ প্ৰতিষ্ঠা কৰিছিল। যিটো ঢেঁকীয়া খোৱা বৰ নামঘৰ বুলি আজিও প্ৰখ্যাত। ঢেঁকীয়াৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য কৰি ব্যঞ্জন হিচাপে প্ৰয়োগ কৰি নি:সন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰোঁ।

লিখক: ভূবনেশ্বৰ ডেকা।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate