অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতৰৰ সহজলভ্য ফল মধুৰিআম

বতৰৰ সহজলভ্য ফল মধুৰিআম

মধুৰিআম সহজলভ্য আৰু সকলোৰে এটা পৰিচিত নাম। পৃথিৱীৰ সকলো দেশতে এইবিধ ফল পোৱা যায় আৰু সকলোৰে প্ৰিয় ফলাহাৰ। আমাৰ গাঁৱৰ সকলো ঘৰৰ বাৰীত বা পদুলিত এই গছ সহজলভ্য। আনকি নগৰৰ ঘৰৰ কাষে কাষে বা পদূলিমুখত মধুৰিআমৰ গছ দেখিবলৈ পোৱা যায়। গাঁৱৰ মানুহৰ বাৰীত বা পদূলিমুখত দুই-এজোপা মধুৰি ফলৰ গছ থকাটো এটা সাধাৰণ কথা। ই এবিধ সহজলভ্য আঁহযুক্ত, পুষ্টিকৰ ফলাহাৰ। এইবিধ ফল যথেষ্ট পৰিমাণে চি ভিটামিনেৰে পৰিপূৰ্ণ। চি ভিটামিনযুক্ত হোৱা বাবে ইয়াৰ সোৱাদ মিঠা আৰু অলপ টেঙাযুক্ত। সেইবাবে ই মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল। সহজলভ্য ঘৰত পোৱা এই মধুৰি ফল বজাৰৰ আমদানিকৃত আৰু অধিক মূল্যৰ আপেল, আঙুৰতকৈ অধিক ভিটামিনযুক্ত আৰু শৰীৰৰ কাৰণে উপকাৰী ফল।

পূৰঠ ফলৰ গুটিৰ পৰা গজালি ওলাই ইয়াৰ গছ হয়। ই জোপোহা শ্ৰেণীৰ গছ আৰু ১০-ৰ পৰা ১৫ মিটাৰমান ওখ হয় আৰু ওখ হ’লেই তললৈ হালি পৰে। ডালবিলাক সৰু সৰু, পাতবিলাক আম বা লিচু গছৰ সদৃশ দীঘলীয়া। সাধাৰণতে গ্ৰীষ্মপ্ৰধান আৰু বৰষুণ হোৱা ঠাইত এই ফলৰ বৃদ্ধি অধিক। সেয়েহে আমাৰ দেশৰ বাহিৰেও পৃথিৱীৰ প্ৰায়বোৰ দেশতে মধুৰিআম পোৱা যায়। আমাৰ দেশত সাধাৰণতে জেঠ, আহাৰ মাহত অধিক পৰিমাণে পোৱা যায়। এই গছৰ ফুলবোৰ সৰু সৰু আৰু বগা। ফলবিলাক ঘূৰণীয়া বা কণী আকৃতিৰ হোৱা দেখা যায় আৰু আকাৰত ৪ ৰ পৰা ১০ চেণ্টিমিটাৰমান হয় দীঘলীয়া বা গোলাকাৰ হৈ। কেঁচা অৱস্থাত ইয়াৰ বৰণ সেউজীয়া, নেমু বা কেঁচা আমসদৃশ। কিছুমানৰ ওপৰটো মিহি আৰু কিছুমানৰ খহটা। পকিলে বৰণ হালধীয়া হয় আৰু ভিতৰত সৰু সৰু গুটি থাকে। কিছুমান জাতৰ মধুৰিআম আকাৰত সৰু, ভিতৰত গুটিৰ সংখ্যা সৰহ। আনহাতে কিছুমান জাতৰ ফল আকাৰত ডাঙৰ আৰু ভিতৰত গুটি কম থাকে। এই জাতৰ ফল খাবলৈ বেছি সোৱাদ। মধুৰিআমৰ পাত ৰাসায়নিক গুণ আৰু ঔষধি গুণবিশিষ্ট। ইয়াৰ পাতৰ ৰস পেটৰ বেমাৰত ঔষধ হিচাপে ব্যৱহাৰ কৰে। নানাবিধ ভিটামিন জাতীয়, খনিজ পদাৰ্থ, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আদিৰে মধুৰিআম পৰিপূৰ্ণ বাবে উত্কৃষ্ট ফলাহাৰ। আগেয়ে আমাৰ অসমীয়া সমাজৰ প্ৰতিঘৰ মানুহৰ বাৰীত বিধে বিধে জাতিষ্কাৰ হৈ মধুৰি গছত ফল ধৰিছিল। তামোল, নাৰিকল, আম, কঁঠাল আদিৰ দৰে মধুৰি গছক প্ৰতিপালন কৰি ৰাখিছিল। এইবিধ দেহৰ বাবে উপকাৰী ফল বিনা কষ্টৰে খাব পাৰিছিল। সাম্প্ৰতিক কালত ইয়াৰ বৃদ্ধিৰ পৰিমাণ কমি গৈছে, আগৰ দৰে মানুহৰ ঘৰে ঘৰে মধুৰিআমৰ গছ দেখিবলৈ পোৱা নাযায়। থাকিলেও উপযুক্ত যত্নৰ অভাৱত উত্পাদনৰ পৰিমাণ কমি আহিছে। নিজৰ বাৰীত হোৱা মধুৰিআমতকৈ বজাৰত পোৱা আপেল, আঙুৰ বা মৌচুমীৰ বাবেহে আমাৰ মানুহৰ আগ্ৰহ বেছি। অথচ এইবিলাক ফলৰ তুলনাত মধুৰিআম আমাৰ দেহৰ বাবে বেছি উপকাৰী। কাৰণ শৰীৰে উত্পন্ন কৰিব নোৱাৰা চি ভিটামিন মধুৰিআমত অধিক পৰিমাণে পোৱা যায়। আমাৰ গাঁৱৰ খেতিয়কসকলে বা উঠি অহা নতুন প্ৰজন্মৰ কিছুমানে যদি তামোল, নাৰিকল, আম, কঁঠাল আদিৰ দৰে মধুৰিআমৰ গছ লগাই ভালদৰে প্ৰতিপালন কৰিবলৈ লয়, তেতিয়া ঘৰত বহিয়েই কম কষ্টত অধিক লাভৱান হ’ব পাৰিব।

এতিয়া বতৰৰ সময়ত আমাৰ ঘৰুৱা জাতৰ মধুৰিআমতকৈ বাহিৰৰ পৰা অহা আম, আপেল, আঙুৰ, মৌচুমীৰে আৰু বাহিৰৰ পৰা অহা মধুৰিআমেৰে বজাৰ ভৰি পৰিছে। আকাশলংঘী দাম। বিশেষকৈ পশ্চিমবংগ, বিহাৰ আদিৰ পৰা অহা মধুৰিআমেহে বজাৰ দখল কৰিছে। বাহিৰা বেপাৰীৰ পৰাহে আমি ক্ৰয় কৰি খাব লগা হৈছে।

মধুৰিআম সকলো দেশৰে আদৰণীয় ফল। এনেয়ে কেঁচাই খোৱাৰ উপৰি কিছুমান মানুহে ইয়াক সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি কাটি নিমখ, জলকীয়া আৰু মচলা সানি খায়। অন্যান্য দেশৰ নিচিনাকৈ আমাৰ ইয়াতো মানুহে মধুৰিআমৰ পৰা উন্নত প্ৰণালীতে জেলী প্ৰস্তুত কৰি ৰুটি আদিৰ লগত খায়। কিছুমান দেশত মধুৰিআমৰ পৰা উন্নত প্ৰণালীত পানীয় প্ৰস্তুত কৰে বুলি জনা যায়। ব্ৰাজিলত মধুৰিআমৰ পাতৰ পৰা, পানীত তিয়াই থৈ এখপ্ৰকাৰ পানীয় প্ৰস্তুত কৰি চাহৰ দৰে ব্যৱহাৰ কৰে বুলি জনা যায়।

আমাৰ দেশৰ জলবায়ু মধুৰি গছৰ বাবে অনুকূল। প্ৰকৃতিয়ে দান দিয়া সাৰুৱা মাটিত মধুৰিআমৰ বাগিচা বনাই খেতি কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। তেতিয়াহ’লে বাহিৰৰ পৰা অহা বাহিৰা বেপাৰীৰ পৰা কিনি খোৱাৰ পৰিৱৰ্তে স্থানীয় আৰু থলুৱা জাতৰ এই উত্কৃষ্ট ফলবিধ বজাৰত সহজলভ্য কৰি দিব পাৰিব আৰু একচাম মানুহৰ জীৱিকাৰ পথ মুকলি হ’ব। আনহাতে নিবনুৱা হৈ থকাৰ পৰাও হাত সাৰিব।

লেখক: ফণীন্দ্ৰ নাথ বৰ্মন, নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 7/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate