অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনশাক খাওক :

বনশাক খাওক, সেই বিষয়ে লিখা হৈছে ।

মছন্দৰী -

ইংৰাজী নাম:

Fish mint/Chameleon plant.

বৈজ্ঞানিক নাম:

Houttuynia Cordata Thunb.

গোত্ৰ:

Sauruaceae.

আমাৰ বাৰীৰ কোণত বা সকলোতে সহজতে গজা এইবিধ সেউজীয়া ঔষধি বনশাক। ৰ’দ নপৰা জেকা মাটিত সহজতে হয়। পাতবোৰ হৃদপিণ্ড আকৃতিৰ। কেঁচাকৈ পাত মোহাৰিলে এটা কেঁচা মাছৰ দৰে দুৰ্গন্ধ ওলায়।

পাতৰ ওপৰৰ ফালে সেউজীয়া মিহি, তলৰ পিঠি অলপ বগা আৰু নোমাল। ফুলৰ ৰং পাতল হালধীয়া-সেউজীয়া। গৰম দিনত বেছিকৈ ফুলে।

মছন্দৰী ৰান্ধিলে গোন্ধ নাথাকে। ভাপত দি, চাটনি বনাই, দাইলত দি, মাছৰ টেঙা, পাতত দি যিকোনো উপায়ে খাব পাৰি।

আনকি কোমল শিপাৰো চাটনি খাব পাৰি। জাপান আৰু কোৰিয়াত পাত শুকুৱাই চাহপাতৰ দৰে ব্যৱহাৰ কৰি চাহৰ দৰে খায়।

পৰম্পৰাগত চাইনীজ ঔষধিসম্পন্ন এইবিধ বনশাক নিয়মিত খালে পেটৰ বিভিন্ন ৰোগ ভাল হয়। পেটৰ কামোৰণী, গ্ৰহণী ৰোগৰ মহৌষধ। পাকস্থলীৰ নানা ৰোগৰ সুপথ্য।

  • কটা ঘা,
  • জুয়ে পোৰা,
  • জ্বৰ আদি ৰোগৰ বাবেও বৰ উপকাৰী।

মই খাবলৈ কিনি অহা শিপা দুটামান টাবত দিছিলোঁ। বাৰী নথকা হেতুকে দীঘল পদূলিটোতে ৰুই দিছিলোঁ। তিনি-চাৰি বছৰ আগতে।

এতিয়া ইমান বেছি শিপালে যে ঘৰলৈ আলহী আহিলেও উঠাই নিয়ে, আনকি বেপাৰীয়ে প্ৰতি শনিবাৰে তুলি নি দেওবাৰে বজাৰত বিক্ৰী কৰে। মনটো ভৰি পৰে।

হেলচী শাক -

ইংৰাজী নাম:

Water Cress/Water Spinach.

বৈজ্ঞানিক নাম:

Enhydra Fluctuans Lour.

গোত্ৰ:

Compositae.

হেলচী জেকা মাটিত, অলপ পানী থকা ঠাই বা পানীত নিজে নিজে গজে। বৰ দৰকাৰী এই বনশাকবিধৰ পাতবোৰ ২.৫-৫ চেন্টিমিটাৰ দীঘল। পাতৰ ৰং সেউজীয়া। কাণ্ডৰ পৰাই শিপা ওলায়।

যিমানে ছিঙা হয় বেছিকৈ পোখায়।

কাণ্ড খুব মিহি। খাবলৈ অলপ কেঁহা। অঞ্চলভেদে হেলঞ্চি, পানী কাদুৰী বুলিও কয়। দেখাত প্ৰায় মাটি কাদুৰীৰ দৰেই।

এইবিধ বনশাক বিভিন্ন ধৰণে খাব পাৰি। খাৰ বনাই, ভাজি কৰি, পাতত দি, মিহিকৈ কাটি দাইলত দি পকৰি বনাই খাব পাৰি।

এই শাক খালে-

  • স্নায়ৱিক দুৰ্বলতা নাশ,
  • বেদনানাশক,
  • ছালৰ ৰোগৰ বাবে উপযোগী,
  • হজম শক্তি বঢ়ায়,
  • ঘামচি নাইকিয়া কৰে।

সৰু বসন্ত ৰোগৰ বাবেও বৰ উপকাৰী। সকলোৱে হয়তো এনে বহু উপকাৰী নিৰ্ভেজাল বনশাকৰ লগত পৰিচিত নহয়। কিন্তু ঘৰৰ বাৰীতে এলাগী হৈ পৰি থাকে।

আহক, আমি সকলোৱে এনে মূল্যৱান বনশাকেৰে সজাগতা আনো। স্বাস্থ্যবৰ্ধক এনে শাক-পাত আমাৰ শৰীৰৰ বাবে অতি লাগতিয়াল।

ব্ৰাহ্মী শাক -

ইংৰাজী নাম:

Brain tonic/Thyme leaved gratiola.

বৈজ্ঞানিক নাম:

Bacopa monicri(L) Pernell.

গোত্ৰ:

Scrophulariaceae.

জেকা, ৰ’দ ঘাই ঠাইত মাটিত বগাই যোৱা এবিধ বনশাক। খুব সহজতে হোৱা এইবিধ শাক গাঁঠিযুক্ত আৰু কোমল। কাণ্ডৰ পৰাই পাত ওলায়।

পাতৰ ৰং সেউজীয়া সৰু আৰু ডাঠ।

পাতবিলাক তিতা।

ফুল বগা ৰঙৰ,

গৰম দিনত ফুলে।

বীজ সৰু, হালধীয়া বৰণৰ।

ব্ৰেইন টনিক নামেৰে জনাজাত এই ব্ৰাহ্মীশাক খালে-

  • বুদ্ধি প্ৰখৰ হয়,
  • স্মৰণ শক্তি বঢ়ায়,
  • বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণ,
  • স্নায়ুশক্তি বৃদ্ধি,
  • কফনাশক আৰু
  • তেজ পৰিষ্কাৰ কৰে।

শৰীৰৰ বাবে বহু উপকাৰী এইবিধ শাক গৰম দিনত চৰবত কৰি, চাহ বনাই, ভাজি, পকৰি বনাই আপোনাৰ ইচ্ছা মতে খাব পাৰে। ইচ্ছা মতে পাবলৈ, খাবলৈ বুলি মই প্ৰচেষ্টা এটা চলাইছিলোঁ।

কেনেকৈ ৰুলে ইয়াক বেছি উৎপাদন কৰিব পাৰিম। সফলৰ পথত বুলিয়ে ক’ব পাৰি। মেটেকা কাটি শুকুৱাই ল’লোঁ।

তিনিটা টান ৰ’দত। তাতে মাটিৰ পৰিমাণ কমাই মেটেকা সৰহকৈ দি পেলনীয়া বটলৰ মুখখন কাটি তলিত সৰু ফুটা কৰি মাটি, মেটেকা মিহলি কৰি দি কাণ্ডই পোখা মেলা।

এতিয়া খোৱাৰ উপৰি কলম দিলোঁ কেইবাবাৰো, চুবুৰীয়াকো বিলালোঁ। ইমান জপজপীয়া হৈ পৰিছে। চুবুৰীয়াই দেখি নিজেও কৰিছে। সকলোৰে জ্ঞাতাৰ্থে জনোলোঁ। ব্যৱসায়িক দিশতো লাভৱান হ’ব।

লেখক: তৰু চেতিয়া ফুকন(নিয়মীয়া বাৰ্তা)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top