মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বনশাক পনৌনোৱাক নতুনকৈ চিনো আহক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনশাক পনৌনোৱাক নতুনকৈ চিনো আহক

বনশাক পনৌনোৱাৰ কথা লিখা হৈছে

বনশাক পনৌনোৱা-

 

আগকথা - অসমৰ চুকো-কোণে ,বিভিন্ন লোকৰ বাৰীত অনেক বনশাক নিজে নিজে গজি অনাদৃতহৈ পৰি থকা পৰিলক্ষিত হয় ৷ প্ৰকৃতিৰ সেই অমূল্য বৰদানসমূহ আমাৰ বহুতে চিনিয়ে নাপায়, তাৰ গুণাৱলীৰ বিষয়ে অৱগত হোৱাতো দূৰৰে কথ৷ ৷ আমাৰ এই লিখনিৰ প্ৰয়াস সেই বনৌষধি সমূহৰ সৈতে পাঠকক পৰিচয় কৰাই দিয়া ৷ হাততে পোৱা প্ৰাকৃতিক বনৌষধিয়ে আমাৰ স্বাস্থ্যৰক্ষাত অহম ভূমিকা পালন কৰিব পাৰিব বুলি আামাৰ বিশ্বাস ৷ আজিৰ আলোচনাৰ বাবে বাচি লৈছোঁ এজোপা অতি লাগতিয়াল বনশাক যাৰ নাম হ'ল পনৌনোৱা ৷

অসমীয়াত পনৌনোৱা শাকৰ আন নাম হ'ল পুনৰ্ণৱা ৷ কেবল অসমীয়াতেই নহয় বাংলা, কোংকনী, নেপালী, তেলেগু, হিন্দী, কাশ্মিৰী আৰু সংস্কৃত ভাষাতো পুনৰ্ণৱা শব্দৰ প্ৰচলন আছে ৷ ইয়াৰ আখৰিক অৰ্থ হ'ল 'পুনৰ' মানে আকৌ, 'নৱ' মানে নতুন জীৱন দিয়া ৷ এই বনশাকৰ গুণাৱলীতেই নামৰ মাহাত্ম্য অন্তৰ্নিহিত আছে ৷ অৰ্থাৎ ইয়াৰ সেৱনে মানুহক নৱ জীৱন প্ৰদান কৰে ৷ আকৌ এচামৰ মতে বছৰৰ মূৰকত গছৰ শিপাৰ পৰা পুনৰ নকৈ পোখা মেলাৰ বাবেও গছৰ এই নামাকৰণ হৈছে ৷ ইংৰাজীত ইয়াৰ কেইটামান নাম হ'ল- Spreading Hogweed, Pigweed, Tarvine, Horse purslane, Red spiderling আদি ৷

ইয়াৰ ব'টানিকেল নাম হ'ল-Boeehavia diffusa ৷ বিশ্বত এইবিধ লতা শাকৰ কমেও ৪০টা প্ৰজাতি আছে আৰু ভাৰতবৰ্ষত সাধাৰণতে তাৰে চাৰিটা প্ৰজাতি উপলব্ধ ৷ সচৰাচৰ আমি বগা আৰু ৰঙা এই দুই বৰণৰ পনৌনৱা শাক দেখিবলৈ পাওঁ ৷ ১৮শতিকাৰ ডাচ দেশৰ বনস্পতিবিদ Herman Boerhaaveৰ সন্মানত গছৰ এই নামাকৰণ কৰা হয় ৷ সিঁচৰিতহৈ বিয়পিব পৰা স্বভাৱৰ বাবে diffusa যোগ দিয়া হয় ৷ বিদেশী ভাষাৰ নামবিলাক এনেকুৱা- হুৱাং ঝি ঝিন (চীনা), পেগা পিন্টো (পৰ্টুগীজ), হিয়েৰবা ডি কেব্ৰ (স্পেনিচ), পিটাচুডাপালা (সিংহলী), ইপেকাকুৱানা ডি চায়েন্নে (ফৰাচী) ৷ আন ভাৰতীয় ভাষাত ইয়াৰ পৰিচয় এনে ধৰণেৰে- মুকাৰাত্তে (তামিল), ইট্চিট (পঞ্জাবী), ধলিশ্বাটুৰ্ডি (গুজৰাটী), কম্মে (কানাড়া), টালুতম্মা (মলয়ালম), টুখুম-ই-ইচপাচ (উৰ্দূ), নালিপূৰণি (ওৰিয়া) ৷

অতি প্ৰাচীন কালৰ পৰা আফ্ৰিকা মহাদেশৰ নাইজেৰিয়াত পনৌনোৱা গছৰ শিপাৰে তৈয়াৰী ঔষধৰে মৃগীৰোগৰ চিকিৎসা কৰা হৈছিল ৷ আফ্ৰিকা মহাদেশৰ আৰুএচিয়াৰো কোনো কোনো অঞ্চলত পনৌনোৱা গছৰে নিৰ্মিত দৰবেৰে গিনিয়াৱৰ্মৰ চিকিৎসা কৰা হৈছিল ৷ ভাৰতবৰ্ষৰ আয়ুৰ্বেদিক চিকিৎসকসকলে মানৱ শৰীৰৰ বিভিন্ন প্ৰণালীৰ নানান অসুখত ইয়াৰ প্ৰয়োগ কৰি আহিছে - যাৰ ভিতৰত উল্লেখযোগ্য হ'ল কিডনি, লিভাৰৰ বিকাৰ, জণ্ডিচ, শৰীৰ ফুলা, ডেংগু জ্বৰ আদি ৰোগ ৷

ক'ত ক'ত পনৌনৱা শাক পোৱা যায়-

 


এইবিধ শাক সাধাৰণতে গ্ৰীষ্ম প্ৰধান অঞ্চলত পোৱা যায় ৷ ভাৰতবৰ্ষত চুকে-কোণে সমুদ্ৰতলৰ পৰা ২০০০মিটাৰ উচ্চতালৈকে এই গছ দেখা যায় ৷ আন বেচিকৈ হোৱা দেশসমূহৰ নাম হ'ল- পাকিস্তান, নেপাল, ম্যানমাৰ,বাংলাদেশ, শ্ৰীলংকা, চীন, জাপান, ফিলিপাইনচ, অ'মান, চৌডি আৰব, সংযুক্ত আৰব আমীৰাট, ব্ৰাজিল,দক্ষিণ আফ্ৰিকা, মেক্সিকো, আৰ্জেন্টিনা, ফিজি আৰু কেৰিবিয়ান দ্বীপপুঞ্জ ৷

বনশাক জোপাৰ বৰ্ণনা-


ই হ'ল কেউপিনে বগাব বিচৰা এক মিটাৰ পৰ্য্যন্তজুৰা লতাজাতীয় শাক ৷ গা গছ আৰু ডাল সেউজীয়া-বেঙুনীয়া বৰণৰ ঘূৰণীয়া আকৃতিৰ, ঠায়ে ঠায়ে গাঠি থাকে আৰু তাৰ পৰা ঠাল-ঠেঙুলি মেলে ৷ পাতবিলাক হ'ল পাণৰ আকৃতিৰ আগজোঙা দেড়ৰ পৰা আঢ়ৈ চেন্টিমিটাৰৰ ওপৰফালে দেখাত খহটা সেউজ বৰণৰ ৷ পাতৰ তলখন কিছু বগা ধৰণৰ আৰু মিহি ৷ গছৰ শিপা দীঘলীয়া পাকলগা আৰু মূগাবৰণৰ হয় ৷ ইয়াৰ ফুল কেইবাপহিয়া আৰু ৰঙচুৱা, গোলপীয়া বা বগা বৰণৰ হয় ৷ ৫৷ ৬ মিলিমিটাৰ চাইজৰ ফল ইয়াত লাগে যাৰ ভিতৰত এটা ঘূৰণীয়া গুটি থাকে ৷ গছৰ আয়ুস এটা বছৰ ৷ গুটিৰ পৰা নতুন গছ গজে ৷ বাৰিষা কালত আগৰ শুকাই যোৱা গছৰ শিপাৰ পৰাও নতুন পুলি ওলায় ৷

কি কি ৰাসায়নিক তত্ব ইয়াত থাকে-


এই বনশাকত এন্টিঅক্সিডেন্ট তত্ব, ভিটামিন-ই, ভিটামিন-চি, জিংক, চেলনিয়াম, উপালিপ্তিন নামৰ ফ্লেভ'নইদ, পূণাৰ্ভেৰিন নামৰ ইমিউনিটি বঢ়োৱা ৰাসায়নিক আৰু কেইবিধমান কেঞ্চাৰ প্ৰতিৰোধক তত্ব, এন্টিফাংগেল, এমিবিচাইডেল, কীটনাশক, বিষহাৰী গুণযুক্ত পদাৰ্থ থকাতো প্ৰমাণিত হৈছে ৷

লেবৰেটৰীৰ প্ৰাণীত প্ৰয়োগৰ ফলাফল কি ওলাল-


ডায়েবেটিজৰ এলোপেথিক দৰব মেটফৰমিন আৰু গ্লাইবেনক্লেমাইডৰ দৰে পুনৰ্ণৱাই ক্ৰিয়া কৰাৰ প্ৰমাণ লেবৰেটৰীৰ প্ৰাণীত দেখা গৈছে ৷ ৩০দিনৰ প্ৰয়োগত ডায়েবেটিচ থকা এন্দুৰৰ তেজৰ চুগাৰ স্বাভাৱিক হোৱা দেখা গ'ল৷ মৃগীৰ ফিট ৰোগ কৰাত ডায়েজেপামৰ দৰে সফল ৷ কৰ্কট ৰোগ বাঢ়িবলৈ আৰু বিয়পিবলৈ নিদিয়াকৈ ৰাখিব পাৰে ৷ মেলানোমা, মহিলাৰ বক্ষৰ আৰু জৰায়ুৰ কৰ্কট ৰোগৰ চিকিৎসাত এটা সময়ত ই হয়তো গুৰুত্বপূ্ৰ্ণ ভূমিকা ভবিষ্যতে পালন কৰিব পাৰিব ৷

কি কি অংশ ঔষধিৰ কামত আহে ? বজাৰত কি দৰে ই উপলব্ধ আৰু কেনেকৈ ইয়াৰ প্ৰয়োগ কৰে :
গোটেই গছ,পাত আৰু শিপা ঔষধি নিৰ্মাণত ব্যৱহৃত হয় ৷ ভাৰতবৰ্ষত সহজে উপলব্ধ এটি পেটেন্ট আয়ুৰ্বেদিক ঔষধৰ নাম হ'ল 'গ্ৰীণ পূনৰ্ণৱা' ৷ মই মেডিচিনৰ স্নাতকোত্তৰৰ ছাত্ৰ থাকোতে ইয়াৰ গুণাগুণ প্ৰসাবৰ বিকাৰ, ভৰি আৰু উদৰফুলা আদি নিৰ্দিষ্ট কেইটিমান ৰোগত প্ৰয়োগ কৰি সন্তোষজনক ফলাফল পাইছিলোঁ আৰু মোৰ পৰ্য্যবেক্ষন এখন সৰ্বভাৰতীয় পত্ৰিকাত প্ৰকাশিত হৈছিল ৷ আজিও সেইবিধ ঔষধ মই কিডনি পাথৰৰ ৰোগী আৰু ভৰি ফুলা ৰোগীক বিনা দ্বিধাই প্ৰয়োগ কৰোঁ ৷ বজাৰত চিৰাপৰ ওপৰিও গছৰ শিপা, চূৰ্ণ, কেপচুল, পিল আদিও উপলব্ধ ৷

এই শাকক কেঁচা চালাডৰ দৰে, চাহৰ দৰে নাইবা শুকান ভাজি কৰিও খাব পাৰি৷আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুলোকে ৰহৰ দাইলৰ সৈতে নহলে জীয়া মাছৰ সৈতে শাকৰ আঞ্জা ৰান্ধি খায়৷

উপকাৰিতা আৰু ব্যৱহাৰিক প্ৰয়োগ-


থুলুমুলকৈ ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হোৱা অসুখ কিছুমান হ'ল- কিডনি আৰু মূত্ৰাশয়ৰ বিকাৰ, পেট-ভৰি-দেহ ফুলা, জণ্ডিচ, লিভাৰৰ অসুখ, গাঁঠিৰ বিষ (আৰ্থাইটিচ), চকুৰ অসুখ (কুকুৰীকণা,কেটেৰেক্ট,গ্লুকোমা), চৰ্মৰোগত শিপাৰে নিৰ্মিত মলম, বহুমুত্ৰ,হদৰোগ,শৰীৰৰ দূৰ্বলতা, কৰ্কট প্ৰতিৰোধক,শৰীৰৰ ইমিউনিটি বঢ়াবলৈ৷
-আয়ুৰ্বেদৰ মতে এপিয়লা গৰুৰ গাখীৰত এচামুচ পুননৌৱা পাউদাৰ ৰাতি শুবৰ সময়ত কিছুদিনলৈ খোৱালে কুকুৰীকণা ৰোগ ভাল হয়৷
-এচামুচ পুননৌৱা পাউদাৰৰ সৈতে আধাচামুচ পিপলি মিহলাই খোৱালে হাঁপানি আৰু ব্ৰংকাইটিচ ৰোগ ভাল হয়৷
- কনজেষ্টিভ কাৰ্ডিয়াক ফেইলাৰ হৃদৰোগত পুননৌৱা,অৰ্জুন আৰু মৌজোল মিহলাই খোৱালে ৰোগৰ উপশম হয়৷
- শৰীৰৰ ওজন নিয়মীয়া কৰি ৰখাত আৰু শৰীৰৰ প্ৰসাবৰ নিৰ্গত কৰাত পুননৌৱা সহায়ক৷
- পুননৌৱা পেৰালাইচিচৰ চিকিৎসাতো ব্যৱহৃত হয়৷
- এই শাক পশুৰ খাদ্য হিচাবে উত্তৰ ভাৰতত বহুতে ব্যৱহাৰ কৰে৷

লবলগীয়া সতৰ্কতা : ইয়াক গ্ৰহণ কৰিলে ডায়েৰিয়াৰ সম্ভাৱনা থাকে বাবে গৰ্ভৱতী মহিলা আৰু ৮বছৰৰ তলৰ শিশুক পনৌনৱা ঔষধি হিচাবে দিয়া নাযায়৷

 

লেখক-ডা০ ভূপেন শইকীয়া

3.04761904762
প্ৰন্জল বৰা Apr 27, 2018 03:35 PM

প্ৰয়োজনীয় ।

লুইত বৰা Jun 26, 2017 07:43 PM

আপোনাৰ লেখাটো পঢ়ি ভাল লাগিল ৷ পনৌনোৱা শাকৰ বিষয়ে বহু জানিলো ৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top