মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বনশাক পুনৰ্ণৱাক নতুনকৈ চিনো আহক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনশাক পুনৰ্ণৱাক নতুনকৈ চিনো আহক

বনশাক পুনৰ্ণৱাৰ বিষয়ে লিখা হৈছে

 

আগকথা- অসমৰ চুকে-কোণে, বিভিন্ন লোকৰ বাৰীত অনেক বনশাক নিজে নিজে গজি অনাদৃত হৈ পৰি থকা পৰিলক্ষিত হয়৷ প্ৰকৃতিৰ সেই অমূল্য বৰদানসমূহ আমাৰ বহুতে চিনিয়ে নাপায়, তাৰ গুণাৱলীৰ বিষয়ে অৱগত হোৱাতো দূৰৰে কথা৷ আমাৰ এই লিখনিৰ প্ৰয়াস সেই বনৌষধি সমূহৰ সৈতে পাঠকক পৰিচয় কৰাই দিয়া৷ হাততে পোৱা প্ৰাকৃতিক বনৌষধিয়ে আমাৰ স্বাস্থ্যৰক্ষাত অহম ভূমিকা পালন কৰিব পাৰিব বুলি আমাৰ বিশ্বাস৷ আজিৰ আলোচনাৰ বাবে বাচি লৈছোঁ এজোপা অতি লাগতিয়াল বনশাক যাৰ নাম হ'ল পুনৰ্ণৱা৷ ইয়াৰ ব'টানিকেল নাম হ'ল-Boerhavia diffusa৷ এইবিধ শাকৰ লগত বহুখিনি দেখিবলৈ মিল থকা এবিধ শাক হ'ল Peperomia pellucida৷ সেই Peperomia pellucida হ'ল এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল, এন্টিইনফ্লেমেটৰী গুণযুক্ত৷ প্ৰসাবত প্ৰ’টিনৰ নিৰ্গত হোৱাটো ৰোধ কৰে আৰু তেজৰ ইউৰিক এচিড হ্ৰাস কৰে৷ পেটৰ বিষ, বাত বিষ, প্ৰসাবৰ বিকাৰ, খহু, শালমন, জ্বৰ, মূৰৰ বিষ, শৰীৰিক দূৰ্বলতা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰি সুফল পোৱা যায়৷

এই ৰচনাখনিত Boerhavia diffusaৰ অৰ্থাৎ পুনৰ্ণৱা শাকৰ বিষয়ে সবিশেষ জনোৱাৰ প্ৰয়াস কৰা হৈছে৷ কেবল অসমীয়াতেই নহয় বাংলা, হিন্দী, কোংকনী, নেপালী, তেলেগু, কাশ্মিৰী আৰু সংস্কৃত ভাষাতো পুনৰ্ণৱা শব্দৰ প্ৰচলন আছে৷ ইয়াৰ আখৰিক অৰ্থ হ'ল 'পুনৰ' মানে আকৌ, 'নৱ' মানে নতুন জীৱন দিয়া৷ এই বনশাকৰ গুণাৱলীতেই নামৰ মাহাত্ম্য অন্তৰ্নিহিত আছে৷ অৰ্থাৎ ইয়াৰ সেৱনে মানুহক নৱ জীৱন প্ৰদান কৰে৷ আকৌ এচামৰ মতে বছৰৰ মূৰকত গছৰ শিপাৰ পৰা পুনৰ নকৈ পোখা মেলাৰ বাবেও গছৰ এই নামাকৰণ হৈছে৷ ইংৰাজীত ইয়াৰ কেইটামান নাম হ'ল- Spreading Hogweed, Pigweed, Tarvine, Horse purslane, Red spiderling আদি৷ পুনৰ কৈছোঁ ইয়াৰ ব'টানিকেল নাম হ'ল-Boerhavia diffusa৷ বিশ্বত এইবিধ লতা শাকৰ কমেও ৪০টা প্ৰজাতি আছে আৰু ভাৰতবৰ্ষত সাধাৰণতে তাৰে চাৰিটা প্ৰজাতি উপলব্ধ৷ সচৰাচৰ আমি বগা আৰু ৰঙা এই দুই বৰণৰ পনৌনৱা শাক দেখিবলৈ পাওঁ৷ ১৮শতিকাৰ ডাচ দেশৰ বনস্পতিবিদ Herman Boerhaaveৰ সন্মানত গছৰ এই নামাকৰণ কৰা হয়৷ সিঁচৰিতহৈ বিয়পিব পৰা স্বভাৱৰ বাবে diffusa যোগ দিয়া হয়৷ বিদেশী ভাষাৰ নামবিলাক এনেকুৱা- হুৱাং ঝি ঝিন (চীনা), পেগা পিন্টো (পৰ্টুগীজ), হিয়েৰবা ডি কেব্ৰ (স্পেনিচ), পিটাচুডাপালা (সিংহলী), ইপেকাকুৱানা ডি চায়েন্নে (ফৰাচী)৷ আন ভাৰতীয় ভাষাত ইয়াৰ পৰিচয় এনে ধৰণেৰে- মুকাৰাত্তে (তামিল), ইট্চিট (পঞ্জাবী), ধলিশ্বাটুৰ্ডি (গুজৰাটী), কম্মে (কানাড়া), টালুতম্মা (মলয়ালম), টুখুম-ই-ইচপাচ (উৰ্দূ), নালিপূৰণি (ওৰিয়া)৷

অতি প্ৰাচীন কালৰ পৰা আফ্ৰিকা মহাদেশৰ নাইজেৰিয়াত পুনৰ্ণৱা শাকৰ শিপাৰে তৈয়াৰী ঔষধৰে মৃগীৰোগৰ চিকিৎসা কৰা হৈছিল৷ আফ্ৰিকা মহাদেশৰ আৰুএচিয়াৰো কোনো কোনো অঞ্চলত পুনৰ্ণৱা শাকৰে নিৰ্মিত দৰবেৰে গিনিয়া ৱৰ্মৰ চিকিৎসা কৰা হৈছিল৷ ভাৰতবৰ্ষৰ আয়ুৰ্বেদিক চিকিৎসকসকলে মানৱ শৰীৰৰ বিভিন্ন প্ৰণালীৰ নানান অসুখত ইয়াৰ প্ৰয়োগ কৰি আহিছে - যাৰ ভিতৰত উল্লেখযোগ্য হ'ল কিডনি, লিভাৰৰ বিকাৰ, জণ্ডিচ, শৰীৰ ফুলা, ডেংগু জ্বৰ আদি ৰোগ৷

ক'ত ক'ত পুনৰ্ণৱা শাক পোৱা যায় ?


এইবিধ শাক সাধাৰণতে গ্ৰীষ্ম প্ৰধান অঞ্চলত পোৱা যায়৷ ভাৰতবৰ্ষত চুকে-কোণে সমুদ্ৰতলৰ পৰা ২০০০মিটাৰ উচ্চতালৈকে এই গছ দেখা যায়৷ আন বেচিকৈ হোৱা দেশসমূহৰ নাম হ'ল- পাকিস্তান, নেপাল, ম্যানমাৰ, বাংলাদেশ, শ্ৰীলংকা, চীন, জাপান, ফিলিপাইনচ, অ'মান, চৌডি আৰব, সংযুক্ত আৰব আমীৰাট, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, মেক্সিকো, আৰ্জেন্টিনা, ফিজি আৰু কেৰিবিয়ান দ্বীপপুঞ্জ৷

বনশাক জোপাৰ বৰ্ণনা

ই হ'ল কেউপিনে বগাব বিচৰা এক মিটাৰ পৰ্য্যন্তজুৰা কোমল পাতৰ লতাজাতীয় শাক৷ গা গছ আৰু ডাল সেউজীয়া-বেঙুনীয়া বৰণৰ ঘূৰণীয়া আকৃতিৰ, ঠায়ে ঠায়ে গাঠি থাকে আৰু তাৰ পৰা ঠাল-ঠেঙুলি মেলে৷ পাতবিলাক হ'ল পাণৰ আকৃতিৰ আগজোঙা দেড়ৰ পৰা আঢ়ৈ চেন্টিমিটাৰৰ ওপৰফালে দেখাত খহটা সেউজ বৰণৰ৷ পাতৰ তলখন কিছু বগা ধৰণৰ আৰু মিহি৷ গছৰ শিপা দীঘলীয়া পাকলগা আৰু মূগাবৰণৰ হয়৷ ইয়াৰ ফুল কেইবাপহিয়া আৰু ৰঙচুৱা, গোলপীয়া বা বগা বৰণৰ হয়৷ ৫৷ ৬ মিলিমিটাৰ চাইজৰ ফল ইয়াত লাগে যাৰ ভিতৰত এটা ঘূৰণীয়া গুটি থাকে৷ গছৰ আয়ুস এটা বছৰ৷ গুটিৰ পৰা নতুন গছ গজে৷ বাৰিষা কালত আগৰ শুকাই যোৱা গছৰ শিপাৰ পৰাও নতুন পুলি ওলায়৷

কি কি ৰাসায়নিক তত্ব ইয়াত থাকে?


এই বনশাকত এন্টিঅক্সিডেন্ট তত্ব, ভিটামিন-ই, ভিটামিন-চি, জিংক, চেলনিয়াম, উপালিপ্তিন নামৰ ফ্লেভ'নইদ, পূণাৰ্ভেৰিন নামৰ ইমিউনিটি বঢ়োৱা ৰাসায়নিক আৰু কেইবিধমান কেঞ্চাৰ প্ৰতিৰোধক তত্ব, এন্টিফাংগেল, এমিবিচাইডেল, কীটনাশক, বিষহাৰী গুণযুক্ত পদাৰ্থ থকাতো প্ৰমাণিত হৈছে৷

লেবৰেটৰীৰ প্ৰাণীত প্ৰয়োগৰ ফলাফল কি ওলাল?


ডায়েবেটিজৰ এলোপেথিক দৰব মেটফৰমিন আৰু গ্লাইবেনক্লেমাইডৰ দৰে পুনৰ্ণৱাই ক্ৰিয়া কৰাৰ প্ৰমাণ লেবৰেটৰীৰ প্ৰাণীত দেখা গৈছে৷ ৩০দিনৰ প্ৰয়োগত ডায়েবেটিচ থকা এন্দুৰৰ তেজৰ চুগাৰ স্বাভাৱিক হোৱা দেখা গ'ল৷ মৃগীৰ ফিট ৰোগ কৰাত ডায়েজেপামৰ দৰে সফল৷ কৰ্কট ৰোগ বাঢ়িবলৈ আৰু বিয়পিবলৈ নিদিয়াকৈ ৰাখিব পাৰে৷ মেলানোমা, মহিলাৰ বক্ষৰ আৰু জৰায়ুৰ কৰ্কট ৰোগৰ চিকিৎসাত এটা সময়ত ই হয়তো গুৰুত্বপূ্ৰ্ণ ভূমিকা ভবিষ্যতে পালন কৰিব পাৰিব৷

কি কি অংশ ঔষধিৰ কামত আহে?

 

বজাৰত কি দৰে ই উপলব্ধ আৰু কেনেকৈ ইয়াৰ প্ৰয়োগ কৰে
গোটেই গছ,পাত আৰু শিপা ঔষধি নিৰ্মাণত ব্যৱহৃত হয়৷ ভাৰতবৰ্ষত সহজে উপলব্ধ এটি পেটেন্ট আয়ুৰ্বেদিক ঔষধৰ নাম হ'ল 'গ্ৰীণ পূনৰ্ণৱা'৷ মই মেডিচিনৰ স্নাতকোত্তৰৰ ছাত্ৰ থাকোতে ইয়াৰ গুণাগুণ প্ৰসাবৰ বিকাৰ, ভৰি আৰু উদৰফুলা আদি নিৰ্দিষ্ট কেইটিমান ৰোগত প্ৰয়োগ কৰি সন্তোষজনক ফলাফল পাইছিলোঁ আৰু মোৰ পৰ্য্যবেক্ষন এখন সৰ্বভাৰতীয় পত্ৰিকাত প্ৰকাশিত হৈছিল৷ আজিও সেইবিধ ঔষধ মই কিডনি পাথৰৰ ৰোগী আৰু ভৰি ফুলা ৰোগীক বিনা দ্বিধাই প্ৰয়োগ কৰোঁ৷ বজাৰত গছৰ শিপা, চূৰ্ণ, কেপচুল, পিল আদিও উপলব্ধ৷

এই শাকক কেঁচা চালাডৰ দৰে, চাহৰ দৰে নাইবা শুকান ভাজি কৰিও খাব পাৰি৷ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুলোকে ৰহৰ দাইলৰ সৈতে নহলে জীয়া মাছৰ সৈতে শাকৰ আঞ্জা ৰান্ধি খায়৷

উপকাৰিতা আৰু ব্যৱহাৰিক প্ৰয়োগ

 

থুলুমুলকৈ ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হোৱা অসুখ কিছুমান হ'ল- কিডনি আৰু মূত্ৰাশয়ৰ বিকাৰ, পেট-ভৰি-দেহ ফুলা, জণ্ডিচ, লিভাৰৰ অসুখ, গাঁঠিৰ বিষ (আৰ্থাইটিচ), চকুৰ অসুখ (কুকুৰীকণা, কেটেৰেক্ট, গ্লুকোমা), চৰ্মৰোগত শিপাৰে নিৰ্মিত মলম, বহুমুত্ৰ, হদৰোগ, শৰীৰৰ দূৰ্বলতা, কৰ্কট প্ৰতিৰোধক, শৰীৰৰ ইমিউনিটি বঢ়াবলৈ৷

  • আয়ুৰ্বেদৰ মতে এপিয়লা গৰুৰ গাখীৰত এচামুচ পুনৰ্ণৱা পাউদাৰ ৰাতি শুবৰ সময়ত কিছুদিনলৈ খোৱালে কুকুৰীকণা ৰোগ ভাল হয়।
  • এচামুচ পুনৰ্ণৱা পাউদাৰৰ সৈতে আধাচামুচ পিপলি মিহলাই খোৱালে হাঁপানি আৰু ব্ৰংকাইটিচ ৰোগ ভাল হয়৷
  • কনজেষ্টিভ কাৰ্ডিয়াক ফেইলাৰ হৃদৰোগত পুনৰ্ণৱা, অৰ্জুন আৰু মৌজোল মিহলাই খোৱালে ৰোগৰ উপশম হয়৷
  • শৰীৰৰ ওজন নিয়মীয়া কৰি ৰখাত আৰু শৰীৰৰ প্ৰসাবৰ নিৰ্গত কৰাত পুনৰ্ণৱা সহায়ক বুলি প্ৰমাণিত হৈছে৷
  • পুনৰ্ণৱা পেৰালাইচিচৰ চিকিৎসাতো ব্যৱহৃত হয়৷
  • এই শাক পশুৰ খাদ্য হিচাবে উত্তৰ ভাৰতত বহুতে ব্যৱহাৰ কৰে৷

লবলগীয়া সতৰ্কতা
ইয়াক গ্ৰহণ কৰিলে ডায়েৰিয়াৰ সম্ভাৱনা থাকে বাবে গৰ্ভৱতী মহিলা আৰু ৮বছৰৰ তলৰ শিশুক পুনৰ্ণৱা ঔষধি হিচাবে দিয়া নাযায়৷

লিখক: ডা০ ভূপেন শইকীয়া, ডোহা, কাটাৰ, গণ অধিকাৰ।

2.96153846154
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top