মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বনৌষধি গছৰ ৰজা মহানিমৰ বিষয়ে আমি কি জানো?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনৌষধি গছৰ ৰজা মহানিমৰ বিষয়ে আমি কি জানো?

বনৌষধি গছৰ ৰজা মহানিমৰ বিষয়ে আমি কি জানো? তাৰ বিষয়ে লিখা হৈছে ।

আমাৰ চৌপাশে আমি সদায় দেখি থকা মহানিম গছজোপাৰ বিষয়ে আমি কিমান জানো বাৰু ? মোৰ বিশ্বাস আজিৰ এই চমু লিখনিটো পঢ়াৰ পিছত আপুনি দেখি থকা মহানিম গছজোপাক আপোনাৰ বেচি আপোন যেন লাগিব ৷

মহানিমৰ আন আন নাম হ'ল - ইংৰাজীত Indian Lilac আৰু margosa ৷ বাংলা, নেপালী, মণিপুৰী, সিন্ধী আৰু উৰ্দুত অসমীয়াৰ সৈতে একে নিম৷ মাৰাঠীত কডুনিম্ব, কানাড়াত বেভু,গুজৰাটীত ধনুজহাদা, মলয়ালমত আৰ্য়াভেপু ,পঞ্জাবীত নিমহ্,তেলেগুত ভেপা বোলে৷ জাৰ্মানীত Indischer zedrach, ফৰাচীত Azadirac de l'Inde, পাৰ্চি ভাষাত Azad Darakth e hind আৰু নাইজেৰিয়াত Dongoyaro বোলে৷ সংস্কৃতত মহানিমক এৰিষ্টা, পকভক্ৰিটা আৰু নিম্বক বোলে ৷ সংস্কৃত নামাকৰণৰ ভাৱাৰ্থ হ'ল -অবিনাশী, স্বয়ংসম্পূৰ্ণ আৰু সঠিক ৷

নিম বা মহানিমৰ ব'টানিকেল নাম হ'ল Azadirachta indica ৷

মহানিমৰ বৰ্ণনা পৌৰাণিক 'শ্ৰুসুতসংহিতা' আৰু 'চৰকসংহিতা' গ্ৰন্থত পোৱা যায়৷ মহানিমৰ প্ৰধান ওপজা স্থান হ'ল ভাৰতভূমি - সেয়ে হেজাৰ বছৰ আগৰ পৰা এই মহানিম গছক ভাৰতীয় সকলে জনজীৱনত নানাধৰণে প্ৰয়োগ কৰি আহিছে। আয়ুৰ্বেদৰ উৎপত্তিস্থলো হ'ল ভাৰতবৰ্ষ৷ আয়ুৰ্বেদত মহানিমৰ নানান প্ৰয়োগৰ বিতং বিৱৰণ উপলব্ধ৷ আমাৰ দেশৰ পিছতে মহানিমৰ গছ সৰহকৈ পোৱা দেশসমূহ হ'ল - ম্যানমাৰ, ভিয়েটনাম, থাইলেণ্ড,কম্বোডিয়া, লাউচ,নেপাল,বাংলাদেশ,পাকিস্তান,ইৰাণ আৰু শ্ৰীলংকা ৷

অষ্ট্ৰেলিয়া মহাদেশলৈ ১৯৪০ চনত পোন প্ৰথমবাৰৰ বাবে মহানিম গছৰ ৰপ্তানি হয়৷ ১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ অষ্ট্ৰেলিয়াৰ বিভিন্ন অঞ্চলত মহানিম গছৰ বৃক্ষৰোপন চলি থাকে৷ বৰ্তমান বিশ্বৰ প্ৰায় সকলো অঞ্চলতেই কম বেচি পৰিমাণে মহানিমৰ উপস্থিতি দেখা যায়৷ এই চিৰসেউজ গছৰ বিশেষত্ব হ'ল যে ই কম পানীতো জীয়াই থাকিব পাৰে৷ সেয়ে ইয়াক মৰুভূমি ৰোধকৰণৰ বাবে ব্যৱহাৰ কৰা হয়৷ মধ্যপ্ৰাচ্যৰ মৰুময় দেশ সংযুক্ত আৰব আমীৰাট আৰু কাটাৰ দেশলৈ ভাৰতবৰ্ষৰ পৰা হেজাৰ হেজাৰ মহানিমৰ পুলি প্ৰতিবছৰে ৰপ্তানিহৈ আহিছে ৷

মহানিম গছৰ উচ্চতা ৬০ফুটৰ পৰা ১২০ফুট বা ততোধিক হব পাৰে৷ ই এবিধ ক্ষিপ্ৰভাবে ঠাল-ঠেঙুলি মেলি বহল ডাঙৰ হোৱা স্বভাবৰ গছ৷ ফলত গছে ভাল ছাঁ দিয়ে৷ এই গছৰ বা স্বাস্থ্যৰ বাবে বৰ উপকাৰী বুলি অতীজৰ পৰা ভাৰত বাসীসকলে ভাবি আহিছে৷ ইয়াৰ ফুলবোৰ বগা বৰণৰ আৰু ইয়াত মাৰ্বলতকৈ সৰু আকৃতিৰ দেখিবলৈ জলফাই আকৃতিৰ ফল লাগে৷ ইয়াৰ মিহি মিহি পাতবোৰৰ স্বাদ খাবলৈ তিতা৷ মহানিম গছৰ কিছু সাদৃশ্য ঘোঁৰা নিম গছৰ সৈতে দেখা যায় ৷

মহানিম আৰু ঘোঁৰা নিম দুবিধ বেলেগ গছ ৷ দুয়োবিধ গছক পাঠকে সুকীয়াকৈ চিনাক্ত কৰাটো লাগতিয়াল কথা৷ কিয়নো ঘোঁৰা নিম এবিধ বিষাক্ত গছ ৷ ইয়াৰ পাত বা গুটি মানুহে ভক্ষণ কৰিলে শৰীৰৰ অনেক ক্ষতিসাধন হব পাৰে ৷ বমি,ডায়েৰিয়া,তেজ হাগনি,মূৰৰ বিষ, অৱশতা, পেৰলাইচিচ, স্নায়বিক দূৰ্বলতা আদি হব পাৰে ৷ কিয়নো ইয়াৰ ৰস হ'ল - Neurotoxic ৷

কেনেকৈ গছ দুবিধ চিনিব ?

মহানিমৰ পাতৰ ৰঙ উজ্বল সেউজীয়া৷ ঘোঁৰা নিম গছৰ পাতৰ ৰঙ পাতল সেউজীয়া৷ ঘোঁৰা নিম গছৰ পাতৰ ৰঙ মহানিমৰ পাতৰ ৰঙতকৈ যথেষ্ট পাতল৷ মহানিমৰ পাত চুবলৈ মিহি৷ ঘোঁৰা নিমৰ পাত মিহি নহয়৷ আনহাতে ডাল বিন্যাস দুয়োবিধ গছৰ বেলেগ বেলেগ৷

এতিয়া ঘোঁৰা নিমৰ বিষয়ে দুআষাৰ কৈ লওঁ ৷

বঙালীসকলেও এই গছক ঘোঁড়া নিম নামেৰেই মাতে ৷ ঘোঁৰা নিমৰ আন পৰিচিত নামসমূহ হ'ল - Persian lilac, Chinaberry, Ceylon cedar, White cedar  আদি ৷

মূলত: এই গছৰ প্ৰধান বসতিস্থল হ'ল - ভাৰত, চীন আৰু অস্ট্ৰেলিয়া৷ চৰাইয়ে ঘোঁৰা নিমৰ গুটি খাই সিঁচৰিত কৰি দিয়াৰ ফলত এই গছ হাবিয়ে-বননীয়ে নিজে নিজে হয়৷ চৰাইৰ বাবে ই বিষাক্ত নহয় ৷

উপযোগিতা- পাইন কাঠৰ দৰেই এই গছৰ কাঠৰ ভাল ফাৰ্নিচাৰ বনাব পাৰি৷ কাঠৰ ৰঙ হ'ল মুগা বা ৰঙচুৱা৷ ইয়াৰ ওপৰিও কীটনাশক হিচাবেও ঘোঁৰা নিম ব্যৱহৃত হয় ৷

খাদ্য হিচাবে মহানিম -

মহানিমৰ পাত নিমখ আৰু তেল দি শুকানকৈ পাপৰৰ নিচিনাকৈ ভাজক৷ ভাতৰ লগত খাই জুতি পাব৷ সপ্তাহত দুদিন বা তিনিদিন এইদৰে খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী ৷

বঙালীসকলে নিমপাত বেঙেনাৰ সৈতে ভাজি খায় ৷ ই হ'ল ৰুচিবৰ্ধক খাদ্য৷ আগৰ বাৰ্মা বা এতিয়াৰ ম্যানমাৰত মহানিমৰ ফুল আৰু কুমলীয়া গুটি তেতেলিৰ সৈতে সিদ্ধ কৰি খায়৷ বিলাহী আৰু মাছৰ সৈতেও নিমৰ কুমলীয়া পাতৰ আঞ্জা খায়৷

অন্ধ্ৰ,তামিলনাডু,কৰ্ণাটকত মহানিমৰ ফুল আৰু ৰঙচুৱা চেনিৰে এবিধ জলপান নৱবৰ্ষৰ প্ৰাকক্ষণত বনোৱাৰ পৰম্পৰা এটা সময়ত আছিল যাক 'উগাডি' বোলা হয়৷ উগাডি খোৱাৰ দ্বাৰা পৰিয়ালটো আগন্তুক বৰ্ষত জীৱনৰ তিতা-মিঠাৰ সন্মুখীন হবলৈ মানসিকভাবে প্ৰস্তুত হয়৷

মহানিমত ৰাসায়নিকভাবে কি কি তত্ব থাকে ?

মূল তত্ববিধৰ নাম হ'ল- এযোডায়ৰাচিটিন (Azadirachtin)৷ অন্যান্য পদাৰ্থবিলাকৰ নাম হ'ল -নিম্বিন, নিম্বিডল,  নিম্বডিন,  চডিয়াম নিম্বিনেট,  যেডুনিম, চেলাননিন, ক্ৱেৰচেটিন, কেইবিধমান ফেটি এচিড আদি ৷এই তত্বসমূহ থকাৰ ফলত মহানিমৰ গুণসমূহ হ'ল : মানৱ দেহত প্ৰয়োগ- ভেঁকুৰ,চভাইৰাচ আৰু বীজাণু ধংসকাৰী, পেলু প্ৰতিৰোধক, খৰ-খজুৱতি নাশক, গৰ্ভনিৰোধক, ডায়েবেটিজ প্ৰতিৰোধক, সংক্ৰমণহাৰক, বিষনাশক৷ কীট-পতংগ বিনাশক, সাৰ হিচাবে উপযোগী, খৰি হিচাবে জুয়ে মহ-ডাঁহ খেদাত সহায়ক ৷

কি কি ধৰণে মহানিম আমাৰ জীৱনত ব্যৱহৃত হয় ?

সৰুৰে পৰা দেখি আহিছোঁ কাৰোবাৰ ঘৰত বসন্তজাতীয় অসুখ (Chicken pox, Measles ) হলে নিমপাত উতলোৱা পানীৰে গা ধুবলৈ দিয়ে৷ স্কেবিজ- খজুৱতি,খৰ,চ'ৰিয়াচিচ আদিতো নিমপাত সিজোৱা পানীৰে গা-ধোৱা উপযোগী৷ বায়ু শুদ্ধ কৰিবলৈ বুলি প্ৰতি কোঠালিত মহানিমৰ ডাল-পাত ওলমাই দিয়ে৷ গাওঁৰ ঘৰত শুকান নিমপাত কাপোৰ,কিতাপ আৰু ভৰালৰ শস্য পোকে নাখাবলৈ ব্যৱহাৰ কৰা হয়৷ বহু ঠাইত আজিকালিও মহানিম গছৰ ডালৰ দাঁতোনৰ ব্যৱহাৰ প্ৰচলিত ৷

আধুনিক যুগত মহানিমৰ প্ৰয়োগ -

গছজোপাৰ ডাল-পাত-ফুল-গুটি-গছ- বাকলি -শিপা প্ৰতিটো অংশই মানুহে নানাধৰণে ব্যৱহাৰ কৰে৷ নিমতেল ঘাইকৈ গুটিৰ পৰা ওলোৱা হয়৷ মহানিমৰ টুথপেষ্ট, চাবন, শ্বেম্পু, চুলিৰ তেল, ছালত -ঘঁহা ক্ৰিম, এন্টিডায়েবেটিক কেপচুল, বডিলোচন আদি আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ সংগী৷ গ্ৰামীন লোকসকলে নিমৰ তেল কাঠৰ গাড়ীৰ চকাত ঢালে৷ নিমৰ পৰা অৰ্গেনিক কীটনাশক প্ৰস্তুত কৰা হয় ৷

মোখনিত ইমানেই কম যে এখন চমু ৰচনাৰে মহানিমৰ উপকাৰিতা লিখি বা কৈ শেষ কৰিব নোৱাৰি৷ পাঠকসকলৰ যাৰ ঘৰৰ চৌহদত অলপ হলেও মুকলি ঠাই আছে তাত আন নহলেও এজোপা মহানিমৰ বৃক্ষৰোপন কৰক ৷

লেখক: ডাঃ ভূপেন শইকীয়া

2.72
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top