মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বনৰীয়া শাক কিয় খাব লাগে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনৰীয়া শাক কিয় খাব লাগে :

বনৰীয়া শাক কিয় খাব লাগে, সেই বিষয়ে লিখা হৈছে ।

 

আমি সকলোৱেই জানো যে আহাৰেই জীৱনীশক্তিৰ আধাৰ । আমাৰ শৰীৰৰ গঠন, বাঢ়ন আৰু সৰু-বৰ বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ৰ কাৰণে পুষ্টিকৰ খাদ্য অপৰিহাৰ্য । এই পুষ্টিকৰ খাদ্য বিভিন্ন শাক-পাচলি আৰু ফল-মূল আদিত যথেষ্ট পৰিমাণে পোৱা যায় যদিও সম্প্ৰতি প্ৰায়বিলাক শাক-পাচলি আৰু ফলমূলত প্ৰয়োজনতকৈ অধিক ৰাসায়নিক কীটনাশক ঔষধ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত সেইবিলাকৰ প্ৰাকৃতিক গুণাগুণ প্ৰায়ে নষ্ট হোৱাৰ কাৰণে তেনে শাক-পাচলি ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে আৰু স্বাস্থ্যৰ ওপৰত বিৰুপ প্ৰতিক্ৰিয়া পৰা পৰিলক্ষিত হৈছে । বজাৰৰ এনে  কৰাৰ ফলত অধিকাংশ লোকেই পেটৰ নানা ৰোগ, ছালৰ ৰোগ, বৃক্ক ৰোগ, স্নায়ু ৰোগ, হাওঁফাওঁজনিত ৰোগ আদিত ভুগিবলগীয়া হৈছে । আমাৰ সুস্বাস্থ্যৰ হেতু ৰাসায়নিক কীটনাশক ঔষধ আৰু ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক কীটানুনাশক আৰু জৈৱিক সাৰ খেতিপথাৰত ব্যৱহাৰ কৰা শাক-পাচলি খালে সুস্বাস্থ্যৰ সলনি স্বাস্থ্যহীন হোৱাৰ আশংকাহে অধিক হ’ব । ইয়াৰ এক বিকল্প হ’ল- অসমৰ প্ৰায়বিলাক ঠাইতে বাৰিষা আৰু খৰালি সময়ত খেতি নকৰাকৈও আমাৰ বাৰীয়ে- চোতালে, পিৰালি, কইটালিয়ে, পথাৰে-সমাৰে বিভিন্ন প্ৰজাতিৰ পৰিপুষ্টিপূৰ্ণ যি শাক-বন অপৰ্যাপ্ত পৰিমাণে পোৱা যায়, সেইবিলাকৰ বিষয়ে সম্যক জ্ঞান লাভ কৰি তাক ব্যৱহাৰ কৰিব লাগিব । কাৰণ এনে বনৰীয়াকৈ সহজে পোৱা শাক-পাচলিবিলাক এতিয়াও যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীটনাশক ঔষধৰ পৰা মুক্ত হৈ আছে বুলি ক’ব পাৰি । কিন্তু কথা হ’ল পৰিপুষ্টিপূৰ্ণ এনে বনৰীয়া শাকৰ প্ৰতি আমি বহুতেই মুঠেই আকৰ্ষিত নহওঁ আৰু এনে পৰিপুষ্টি আৰু ৰুচিকৰ বনৰীয়া শাক-বন খাবলৈ লাজ কৰো বা অনীহা প্ৰকাশ কৰো । আনহাতেদি এই সুস্বাদুযুক্ত বনৰীয়া শাক-বনৰ প্ৰকৃত গুণাগুণৰ বিষয়ে আৰু চিনাক্ত হ’বলৈও ইচ্ছা প্ৰকাশ নকৰো । এই বনৰীয়া শাক-বনবিলাক যেন কেৱল অতি দৰিদ্ৰ লোকৰহে খাদ্য- এই ধাৰণাও বহু লোকৰ নথকা নহয় । বনৰীয়া শাক-বনৰ চিনাক্তকৰণ আৰু গুণাগুণৰ অভাৱৰ কাৰণেই বহুতেই ইয়াৰ ব্যৱহাৰ নকৰে আৰু সংৰক্ষণ কৰাতো আৰোপ কৰা দেখা নাযায় । যাৰ ফলত এনেধৰণৰ বহু মহামূল্যৱান বনৰীয়া গছ-বন হেৰাই যোৱৰ উপক্ৰম হৈছে বা ইতিমধ্যে হেৰাই গৈছে । বনৰীয়া শাক-পাতৰ ভিতৰত-কলীয়া কচুৰ থুৰি, ভেদাইলতা, কেহেৰাজ, কলমৌ শাক, কাচিদৈয়া, কালমেঘ, খুতুৰা শাক, গংগামূল, চেংমৰা, চামাকচু, চেনিবন, মানিমুনি, নৰসিংহ, পদিনা, মছন্দৰী, ব্ৰাহ্মী, মহানিমৰ পাত আদি উল্লেখযোগ্য ।

উৎস – দেওবৰীয়া সম্ভাৰ

2.78571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top