মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বর্ষজীৱী কেইবিধমান উপকাৰী শাক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বর্ষজীৱী কেইবিধমান উপকাৰী শাক

বর্ষজীৱী কেইবিধমান উপকাৰী শাকৰ বিষয়ে লিখা হৈছে

 

শীতকালেই হওক বা গ্রীষ্মকালেই হওক আমাৰ ঘৰৰ বাৰীখনত বিভিন্ন জাতৰ শাক-পাচলিৰ খেতি কৰিব পাৰোঁ। যিবোৰৰ বেছিভাগেই ঔষধি গুণসম্পন্ন ।

শাকসমূহৰ কিছুমান প্রজাতি বনৰীয়া হিচাপে য'তে ত'তে গজে আৰু কিছুমানৰ খেতি কৰা হয়। এই প্রবন্ধত কেইবিধমান শাকৰ সম্পর্কে বর্ণনা কৰিবলৈ লোৱা হৈছে। যিবোৰৰ যথেষ্ট ঔষধি গুণ আছে।

জিলমিল শাক

 

এই বিধ শাক শীতকালীন, বর্ষজীৱী, জোপোহা বনজাতীয় ঔষধি গুণসম্পন্ন উদ্ভিদ। পাতবোৰ উজ্জ্বল সেউজীয়া বা সেউজীয়া বেঙুনীয়া বৰণৰ৷ জিলমিলৰ কেইবাটাও প্রজাতি পোৱা যায়। এবিধ প্রায় ২ মিটাৰ পর্যন্ত ওখ হয়। এই বিধ শাকৰ খেতিও কৰা হয়। বনৰীয়া হিচাপে সাৰুৱা মাটিত পর্যাপ্ত পৰিমাণে গজে। এইবিধ শাকৰ খেতিও কৰা হয়। বনৰীয়া হিচাপে সাৰুৱা মাটিত পৰ্যাপ্ত পৰিমাণে গজে। এইবিধ শাকক ভতুৱা শাক বুলিও কোৱা হয়। জিলমিল শাকে শৰীৰত তেজ বৃদ্ধি কৰে। দৃষ্টিশক্তি বঢ়ায়, কৌষ্ঠ কাঠিন্য, ডিচেণ্ট্ৰি, বাতবিষ আদি দূৰ কৰে। হজম শক্তি বঢ়ায়। শৌচ-প্রস্রাব খোলোচা কৰে। ই কৃমিনাশক। জিলমিল শাক ভিটামিন এ.চি.কেৰটিন আৰু মেগনেচিয়ামৰ উৎস। প্রতি এশগ্রাম জিলমিল শাকত ৪.২ মিলিগ্রাম লো, ১৫০ মিলিগ্রাম কেলচিয়াম, ৩৫ মিলিগ্রাম ভিটামিন, চি, ৩০ কিল'কেলৰি শক্তি আৰু ০.৮ গ্রাম আঁহ পোৱা যায়।

পালেং শাক

 

পালেংশাকৰ খেতি সাধাৰণতে শীতকালিহে কৰা হয়। পাতবোৰ বহল, কোমল, ডাঠ, ৰসাল আৰু ঘন সেউজীয়া। পালেং শাকৰ কেইবাটাও জাত আছে। পাতবোৰ সিজাই আঞ্জা বনাই বা কেঁচাই চাটনি বনাই খোৱা হয়। পালেংশাক শৌচবৰ্ধক, শাসকষ্টৰোধক, জণ্ডিচ আৰু এজমা ৰোগীৰ বাবে উপকাৰী, ৰক্তহীনতা আক অন্ধতা দূৰ হয়। গৰ্ভৱতী মহিলাই পালেংশাক খোৱাটো অতি জৰুৰী । ডায়েবেটিছ আৰু মধুমেহ ৰোগীৰ বাবে পালেংশাক অতি উপকাৰী। কেঁচুৱাক দুগ্ধপান কৰা মাতৃয়ে পালেং শাক খাবই লাগে। গাজৰ আৰু পালেং শাকৰ ৰস মিহলাই খালে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি হয়। চকুৰ দৃষ্টি শক্তিৰ বাবে পালেংশাক অতি উত্তম। শাকৰ ৰসে প্রস্রাব খোলোচা কৰে।

পালেং শাক প্ৰ’টিন, খনিজ লৱণ (বিশেষকৈ কেলচিয়াম আৰ আইৰন) ভিটামিন এ,বি আৰু চি সমৃদ্ধ। কিছু পৰিমাণে মেগনেচিয়ামো থাকে। পালেং শাকত কার্বহাইড্ৰেটৰ পৰিমাণ কম। পুষ্টিকাৰক পাতবোৰ যথেষ্ট ক্ল'ৰফিলযুক্ত। এক গৱেষণাত প্রকাশ কৰা মতে, পালেং শাকৰ সেউজীয়া পাতত গ্লুটাথিয়ন নামৰ এবিধ উপাদান থাকে। যি ৰোগ প্ৰতিৰোধ কৰাত সহায় হয়। পাতত বেক্টেৰিয়া নাশক গুণ আছে। পালেং শাকত থকা মেগনেচিয়ামে কেন্‌ছাৰ ৰোগ, ষ্ট্ৰ’ক, হাৰ্টৰ অসুখ, হাড়ৰ ৰোগ হোৱা বাধা প্রদান কৰে। অন্যহাতে, পালেং শাকত থকা অক্সেলেটে কিডনী আৰু গ’লব্লাডাৰত পাথৰ হোৱাত সহায় কৰে। সেয়েহে অতি বেছি পালেং শাক খাব নালাগে, অৱশ্যে সৰহকৈ খোৱা লোকৰ ক্ষেত্ৰত পাথৰী ৰোগ হ’ব নোৱাৰে।

ব্রাহ্মীশাক

 

ব্রাহ্মীশাক বর্ষজীবী, বনজাতীয় ঔষধি উদ্ভিদ। বেছি জেকা ঠাইত জন্মে। পাতবোৰ প্ৰায় ১ ছেঃমিঃ দীঘল ০.৫ ছেঃ মিঃ বহল, মঙহাল, উজ্জ্বল সেউজীয়া, ফুলবোৰ সৰু আৰু বগা, শাকবোৰ কিছু পৰিমাণে তিতা, শাক হিচাপে খোৱা হয়। ব্রাহ্মীশাকে স্মৃতিশক্তি বঢ়ায়। গাখীৰৰ লগত খালে গাত শক্তি পোৱা যায়। স্নায়ু সবল কৰে। পঢ়া-শুনা কৰা ল’ৰা-ছোৱালীয়ে ব্রাহ্মীশাক খোৱা অতি জৰুৰী। ব্রাহ্মীশাকে কৃমি নাশ কৰে, প্রস্রাব খোলোচা কৰে। উচ্চ ৰক্তচাপ, পাণ্ডুৰোগ, জ্বৰ, বসন্ত আদি ৰোগৰ বাবেও ব্রাহ্মীশাক উপকাৰী। পুষ্টিকাৰক ব্রাহ্মীশাকজোপা ভিটামিন এ,বি, ই.জি আৰু কেৰ উৎস।

মালভোগ শাক

 

মালভোগ শাক বর্ষজীৱী, বনজাতীয় ঔষধি উদ্ভিদ। পাতবোৰ ১-৪ ছেঃমিঃ দীঘল, ডাল-পাতবোৰ কোমল আৰু মঙহাল। চেঁচুকীয়া ঠাইত খেতি ভাল হয়। শাকৰ আঞ্জা বনাই থোৱা হয়। এইবিধ শাক শক্তিবৰ্ধক, পাত আৰু গুটিৰ ৰস খাই থাকিলে বৃক্ক, পিত্তস্থলী আৰু হাঁওফাঁও সবল হৈ থাকে। ৰসে প্রস্রাব খোলোচা কৰে। তেজ বমি ভাল কৰে। শাকৰ গুটিয়ে যক্ষ্মাৰোগ, গ্ৰহণী, গেছট্ৰিক, পেট জ্বলা-পোৰা কৰা, শাওঁ পৰা আদি ৰোগবোৰ দূৰ কৰে। জুয়ে পোৰা ঠাইত পাতৰ ৰস লগালে পোৰণি কম হয়। মালভোগ শাকত প্র’টিন, কার্বহাইড্রেট, খনিজ পদাৰ্থ আদি পোৱা যায়। ইয়াৰ উপৰি শাকজোপাত কেলছিয়াম, ফছফৰাছ ফাইটিন ফছফৰাছ, আইৰন, চডিয়াম, পটাছিয়াম, কপাৰ, ভিটামিন আৰু কেৰটিন থাকে। পাতত ভিটামিন চিৰ পৰিমাণ আটাইতকৈ বেছি, কিন্তু ফুল ফুলাৰ লগে লগে ইয়াৰ পৰিমাণ কমি আহে।

খুতুৰা শাক

 

খুতুৰাশাক, বৰ্ষজীৱী, কোমল, ৰসাল, সৰু উদ্ভিদ। শাখাযুক্ত, প্রায় ৩০-৬০ ছে: মি: ওখ৷ গা-গছ নিমজ, চিকমিকিয়া, পাত একান্তৰ বিভিন্ন দ সেমেকা আৰু সাৰুৱা মাটিত গজে। শাক-পাচলি হিচাপে কোমল কোমল আগবোৰ খোৱা হয়। খুতুৰা শাকজোপা ঔষধি গুণ সম্পন্ন শাক যিকোনো ৰোগীৰ বাবে এই শাক সুপথ্য৷ সহজে হজম হয়। লিভাৰ সুৰক্ষিত কৰে। আভোক, অৰুচি আদি নাশ কৰে। অৰ্শৰোগ, কৌষ্ঠকাঠিন্য দূৰ হয়। মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱ নিয়মীয়া হয়। হাপানী, ৰক্তচাপত ভোগা ৰোগীসকলৰ বাবেও এইবিধ শাক উপকাৰী। খুতুৰা শাকৰ শিপাৰো ঔষধি গুণ আছে। খুতুৰা শাকত ভিটামিন, কেলচিয়াম, লৌহ পদাৰ্থ আদি পোৱা যায়।

 

লিখক: ড° প্ৰসন্ন কুমাৰ তামুলী, দৈনিক জনমভূমি।

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top