মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বহু গুণেৰে সমৃদ্ধ ঘিউ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহু গুণেৰে সমৃদ্ধ ঘিউ :

বহু গুণেৰে সমৃদ্ধ ঘিউৰ বিষয়ে লিখা হৈছে ।

 

গাখীৰৰপৰা প্ৰস্তুত কৰা ঘিউ খাদ্যৰ উপাদেয় উপাদান। ইয়াত দেহ গঠনকাৰী প্ৰ’টিনৰ উপৰি শক্তিদায়ক উপাদান চৰ্বি প্ৰচুৰ পৰিমাণে থাকে। সেইবাবে ই স্বাস্থ্যৰক্ষক খাদ্য হিচাপে পৰিগণিত হয়। নিয়মিতভাৱে ঘিউ খাদ্য হিচাপে গ্ৰহণ কৰিলে স্বাস্থ্য সুৰক্ষিত হোৱাটো অৱধাৰিত। সুস্বাস্থ্য সুৰক্ষিত হ’লে মানুহ সুখী নোহোৱাকৈ নাথাকে। তুলনামূলক বিচাৰত ওলাই পৰা মতে, একে পৰিমাণৰ কাৰ্বহাইড্ৰেটৰ তুলনাত ঘিউৰপৰা সাত গুণতকৈ অধিক শক্তি লাভ হয়। সেইবাবে কোনোবাই ভাবিব পাৰে যে কাৰ্বহাইড্ৰেট সমৃদ্ধ ভাত খোৱাতকৈ অধিক পৰিমাণে ঘিউ খালে দেহ শক্তিৰে ভৰপূৰ হ’ব পাৰে। কিন্তু দৰাচলতে সেয়া শুদ্ধ নহয়। ঘিউ অধিক পৰিমাণে খালে ই মেদকলাত পৰিণত হৈ দেহৰ ওজন বৃদ্ধি কৰে।

অথৰ্ববেদত থকা ঘিউৰ বৰ্ণনাই ইয়াৰ প্ৰাচীনত্বৰ প্ৰমাণ দাঙি ধৰে য’ত ইয়াক ৰোগ চিকিৎসাত ব্যৱহৃত দ্ৰব্য বুলি উল্লেখ কৰা হৈছে। গতিকে অতীতৰেপৰা মানুহে ইয়াক কামত লগাই আহিছে বুলি পতিয়ন যাব পাৰি। ঘিউ এবিধ সুস্বাস্থ্য ৰক্ষাৰ বাবে উপযোগী যিয়ে দেহৰ গঠনতো আগভাগ লয়। ইয়াক নিৰ্দ্ধাৰিত মাত্ৰাত ব্যৱহাৰ কৰিব লাগে। পুষ্টি বিজ্ঞানীয়ে হিচাপ উলিওৱা মতে, কঠিন পৰিশ্ৰম অবিহনে ঘৰতে বহি থকা লোকৰ ক্ষেত্ৰত প্ৰতিদিনে গ্ৰহণ কৰিব পৰা ঘিউৰ পৰিমাণ পুৰুষৰ বেলিকা ১৫ গ্ৰাম আৰু মহিলাৰ বেলিকা ১০ গ্ৰাম মাথোন। দেহৰ ভাৰ বৃদ্ধি পাই পোৱাটো অকল খাদ্যৰ ওপৰতে নিৰ্ভৰ নকৰে। কিয়নো অধিক চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰা লোকো লাহি দেহৰ অধিকাৰী হয়। আনহাতে, দুবেলা দুমুঠি ভালদৰে খাবলৈ নোপোৱাজনে শকত-আৱত দেহৰ গৰাকী হোৱা পৰিলক্ষিত হয়। এবাৰ দেহৰ ভাৰ বৃদ্ধি পালে ইয়াক হ্ৰাস কৰাটো সহজ নহয়। বহুতো লোকে খাদ্য গ্ৰহণত বাচ-বিচাৰ কৰে যদিও ওজন কমোৱাৰ ক্ষেত্ৰত সফল নহয়। আজিকালি বিজ্ঞানৰ অগ্ৰগতিয়ে বহুতো সুবিধা আনি দিছে। দেহত চৰ্বি হ্ৰাস কৰিবলৈ সমৰ্থ হোৱা অস্ত্ৰোপচাৰৰ সুব্যৱস্থা সম্ভৱ হৈছে।

গৱেষণাগাৰত নিগনিৰ ওপৰত চলোৱা অধ্যয়ন অনুসৰি গৰুৰ ঘিউ স্তনৰ কৰ্কট ৰোগ নিৰাময় কৰিব পৰা গুণেৰে সমৃদ্ধ। কৰ্কট ৰোগীক গৰুৰ ঘিউ খুৱালে কোষৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি কৰাত জড়িত জিনৰ কাৰ্য হ্ৰাস পায় যাৰ পৰিৱৰ্তে কোষৰ সংখ্যা নিয়মীয়া কৰাত দায়বদ্ধ জিনৰ উৎপাদন হয়। বেমাৰ নিৰাময় গুণসম্পন্ন হোৱাৰ মূলতে ঘিউত থকা কন-জুগেটেড নিনোলেইক অম্ল। গৰুৰ ঘিউত এই অম্ল প্ৰচুৰ পৰিমাণে থাকে। আনহাতে, শাক-পাচলিৰ তেলত এই নিৰ্দিষ্ট স্নেহ অম্ল পাবলৈ নাই। শাক-পাচলিৰপৰা আহৰণ কৰা বেছিভাগ তেলতে অধিক মাত্ৰাত অসম্পৃক্ত স্নেহ অম্ল থকাৰ উপৰি লিন’লেইক অম্ল থাকে, যিটো কৰ্কট ৰোগৰ সমকাৰক বুলি বিবেচনা কৰা হয় যিহেতু ইয়াৰপৰা উৎপন্ন হোৱা মুক্তমূলক বংশগতিৰ বাহক ডিক্সিৰিব’ নিউক্লীয় অম্ল নাশ কৰে বুলি জনা যায়।

আমাৰ দেশত উৎপাদন হোৱা বেছিভাগ ঘিউ মহ’ৰ গাখীৰৰপৰা প্ৰস্তুত কৰে অথচ বিজ্ঞানীয়ে গৰুৰ ঘিউৰ ওপৰতহে গৱেষণা কৰি ইয়াৰ গুণাগুণ নিৰূপণ কৰিছে। তথাপি তেওঁলোকে আশা কৰিছে যে ম’হৰ ঘিউ এনে ধৰণৰ কাৰ্যক্ষম হ’ব যিহেতু দুয়োবিধ ঘিউ কনজুগেটেড লিন’লেইক অম্লৰে সমৃদ্ধ। ঘিউ সঞ্চয় কৰিবলৈ শীতলীকৰণ যন্ত্ৰৰ সহায়ৰ প্ৰয়োজন নাই, কিয়নো সাধাৰণ উষ্ণতাত ই বহু দিনলৈ নষ্ট নোহোৱাকৈ থাকে।

ঘিউৰ গুণাগুণ -

*স্নেহ পদাৰ্থত দ্ৰৱণীয় খাদ্যপ্ৰাণত ঘিউ অতিশয় চহকী। খাদ্যপ্ৰাণ খ, ঘ, ঙ আৰু কে এই শ্ৰেণীৰ যিবোৰে হাড় তথা মগজুৰ বিকাশত সহায় কৰে। এই প্ৰতিজাৰকবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা সফল কৰি ৰাখে। এইবোৰে কোষৰ বৃদ্ধি তথা চকু নিৰোগী কৰি ৰাখিব পাৰে।

*পাকস্থলীৰ বাবে ঘিউ উপকাৰী যিহেতু ই আঁহ বুটাইৰিক অম্ললৈ ৰূপান্তৰ কৰে। এই অম্লই খাদ্য জিন নিওৱাত কৰি ভোক বঢ়ায়।

*গৱেষকৰ অধ্যয়নে জনোৱা মতে, ঘিউৱে তেজৰ কলেষ্টেৰ’লৰ পৰিমাণ হ্ৰাস কৰে। আনকি ক্ষুদ্ৰান্তত থকা কলেষ্টেৰ’লকো সহ্য নকৰে। ঘিউৱে পিত্তৰ লিপিড সংশ্লেষণ বৃদ্ধি কৰি কলেষ্টেৰ’ল লাঘৱ কৰে।

*স্নায়ু তথা মগজুৰ বাবে ঘিউ উপকাৰী যিহেতু ই উচ্চ মাত্ৰাৰ ওমেগা-৩ আৰু ওমেগা-৬ স্নেহ অম্লৰে ভৰপূৰ।

*ঘিউৱে হিষ্টমাইন আৰু ছেৰ’টনিন মুকলি হোৱাত বাধা প্ৰদান কৰে আৰু প্ৰষ্টাগ্লেনডিন মুক্ত হোৱাতো লেহেমীয়া কৰে যি পৰিপেক্ষিতত দেহৰ বিষ-বেদনা হ্ৰাস পায়।

*পোৰা ছালত ঘিউ সানিলে বিষ-বেদনা লাঘৱ হয়।

*পৰীক্ষাৰপৰা জনা মতে, বিষাণু প্ৰতিৰোধত ঘিউ শক্তিশালী আৰু ই ভেকুৰ প্ৰতিৰোধ কৰাত অনন্য সফল। সেইবাবে ঘিউ খালে বহুতো বেমাৰৰপৰা ৰেহাই পোৱা যায়।

*ঘিউৱে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশক্তি কৰে।

*সৰু ল’ৰা-ছোৱালীক নিয়মিতভাৱে ঘিউ খুৱালে শৰীৰ সুস্থ-সবল হৈ থাকে।

লেখক: আনন্দ দেৱগোস্বামী(দৈনিক অসম)

3.08333333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top