মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বহু গুণৰ সমাহাৰ কমলা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহু গুণৰ সমাহাৰ কমলা

 

টেঙা-মিঠা আৰু ৰসাল ফল কমলা হৈছে বিশ্বৰ লগতে ভাৰতৰো অন্যতম জনপ্ৰিয় ফল।টেঙাজাতীয় ফলৰ অন্তৰ্গত কমলত আমাৰ স্বাস্থ্যৰ প্ৰতি উপকাৰী গুণ অনেক।সেয়েহে দিনটোত এটা কমলা খোৱাৰ সপক্ষে অসংখ্য কাৰণ আছে।কম কেলৰীযুক্ত কমল পুষ্টিগুণেৰে পুৰ্ণ।আমাৰ ছালখন উজ্জ্বল আৰু মসৃণ কৰাৰ লগতে ই বহু ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।বিশ্বৰ ভিতৰত সম্ভৱত:ফলৰ ভিতৰত কমলাৰ খেতিয়ে সৰ্বাধিক কৰা হয়।

এটা কমলাত ১৭০ বিধৰো অধিক বেলেগ বেলেগ ফাইটোকেমিকেল আৰু ৬০ বিধৰো অধিক ফ্লেভনয়ড থাকে।ইয়াৰে বহুতৰে বিষনাশক গুণ থকাৰ লগতে শক্তিশালী এণ্টি অক্সিডেণ্ট গুণ থাকে।

*এটা কমলাৰ জৰিয়তে আমি আমাক দৈনিক প্ৰয়োজন হোৱা ভিটামিন ‘চি’ৰ ১০০ শতাংশৰো অধিক পাব পাৰো।ইয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।ৰোগ আৰু সংক্ৰমণৰ পৰা দুৰৈত ৰাখে।

 

*বয়স বৃদ্ধিৰ লগে লগে আমাৰ ছাল আৰু শৰীৰৰ বিভিন্ন অংগ মুক্ত মুলকৰদ্বাৰা ক্ষতিগ্ৰস্ত হয়।মুকলিত পৰি থকা ধাতু যেনেদৰে মামৰৰদ্বাৰা ক্ষয়প্ৰাপ্ত হয়,ইয়ো হৈছে তেনে এক প্ৰক্ৰিয়া।এই প্ৰক্ৰিয়া অৱধাৰিত যদিও এণ্টি অক্সিডেণ্ট আৰু ভিটামিন ‘চি’ৰে পৰিপুৰ্ণ কমলাই এই প্ৰক্ৰিয়া মন্থৰ কৰিব পাৰে আৰু আমাক তৰুণ কৰি ৰাখিব পাৰে।

*বয়সৰ লগে লগে ছালৰ লগতে আমাৰ চকুৰো দৃষ্টিশক্তি হ্ৰাস পায়।কমলা হৈছে ভিটামিন ‘এ’,ভিটামিন ‘চি’আৰু পটাছিয়ামৰে পুৰ্ণ আৰু এই সকলোবোৰ আমাৰ চকুৰ বাবে উপকাৰী।সেইবাবে দৃষ্টিশক্তি অটুট ৰাখিবলৈ প্ৰতিদিনে এটাকৈ কমলা খোৱা উচিত।

*অস্বাস্থ্যকৰ জীৱন-যাত্ৰা আৰু জাংক ফুডৰ বাবে আমাৰ শৰীৰৰ ধমনীবোৰেদি তেজৰ চলাচল বাধাগ্ৰস্ত হয় আৰু হৃদৰোগৰ ই এটা অন্যতম কাৰণ।কমলাত হেছপেৰিডিনৰ দৰে ফ্লেভনয়ড থাকে।ইয়ে কলেষ্টেৰল হ্ৰাস কৰে আৰু ধমনীবোৰৰ সুৰঙাবোৰ বন্ধ হোৱাত বাধা দিয়ে।এনেদৰে কমলাই আমাক হাৰ্ট এটেক আৰু বিভিন্ন ধৰণৰ হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে।

*কমলাত থকা ফোলেট আৰু ফলিক এচিডে মগজুৰ উন্নয়ন ঘটায় আৰু এই গুৰুত্বপুৰ্ণ অংগটোক সুস্থ কৰি ৰাখে।এই পুষ্টি দ্ৰব্যবোৰৰ বাবে কমলা গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী।কিয়নো ই গৰ্ভস্থ শিশুক পিছত স্নায়ৱিক বিস্ংগতিৰ কবলত পৰাত বাধা দিয়ে।

*কৰ্কট ৰোগকো বাধা দিব পাৰে কমলাই।কমলাত থকা ডি লিমোনেন নামৰ দ্ৰব্যবিধে হাওঁফাওঁৰ কৰ্কট,স্তনৰ কৰ্কট,ছালৰ কৰ্কট আদিক বাধা দিব পাৰে।তদুপৰি এণ্টি অক্সিডেণ্ট আৰু ভিটামিন ‘চি’য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে আৰু ইয়ে কৰ্কট কোষৰ বিৰুদ্ধে যুঁজাত সহায় কৰে।

*কমলা হৈছে আঁহজাতীয় খাদ্যৰো এটা ভাল উৎস।পাকস্থলী আৰু ক্ষুদ্ৰান্ত সুস্থ কৰি ৰখাত আঁহজাতীয় খাদ্যৰ গুৰুত্বপুৰ্ণ ভুমিকা আছে।আঁহজাতীয় দ্ৰব্যৰে কৰা খাদ্যই পাকস্থলীৰ ঘা আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাত নপৰাটো নিশ্চিত কৰিব পাৰে।

*ডায়েবেটিছত আক্ৰান্তসকলৰ শৰীৰে গ্লুক’জ শোষণ কৰিব নোৱাৰে।কিয়নো তেওঁলোকৰ অগ্ন্যাশয়ে হয়তো ইনছুলিন উৎপন্ন কৰিব নোৱাৰে নতুবা তেওঁলোকৰ শৰীৰৰ কোষবোৰে উৎপাদিত ইনছুলিনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নোৱাৰে।কমলাত পৰ্যাপ্ত পৰিমাণে আঁহ থকাৰ উপৰি ইয়াৰ গ্লাইচেমিক সুচাংক উচ্চ।সেইবাবেই ই ডায়েবেটিছত আক্ৰান্তসকলৰ বাবেও এটা ভাল বিকল্প হ’ব পাৰে।

*কমলাত উচ্চ মাত্ৰাও ভিটামিন ‘চি’থাকে বুলি ইতিমধ্যে উল্লেখ কৰি অহা হৈছেই।আমাৰ শৰীৰত কলাজেন উৎপন্ন হোৱাৰ বাবে ভিটামিন ‘চি’ৰ প্ৰয়োজন।এই কলাজেনে আমাৰ চুলিৰ ক’লাবোৰ ধৰি ৰাখে অৰ্থাৎ চুলি সৰিবলৈ নিদিয়ে।অৰ্থাৎ কমলাৰ জৰিয়তে চুলি সৰাটোও বাধা দিব পাৰি।

উৎস:দৈনিক অসম

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top