মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বিভিন্ন ফল মূলৰ গুনাগূন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন ফল মূলৰ গুনাগূন

বিভিন্ন ফল মূলৰ গুনাগূন লিখা হৈছে

তিতা কেৰেলা-


ল’ৰালিকালত তিতা কেৰেলাৰ ভাজি খাবই নোৱাৰিছিলো। বহু সময়লৈ মুখখন তিতা তিতা লাগি থাকে। গতিকে তিতা কেৰেলা নাখাইছিলো। মা-আইতাই গালি পাৰিছিল। আইতাই কৈছিল তিতা কেৰেলাৰ হেনো বহু গুণ আছে। কি কি গুণৰ কথা কৈছিল সমূলি মনত নাই।

স্কুলীয়া কালত তিতা কেৰেলাৰ বিষয়ে বহুজনৰ মুখৰ পৰা বহু কথা শুনিছিলো। কিছু লোকে কৈছিল—তিতা কেৰেলা দিনতহে খাব লাগে, ৰাতি খোৱা উচিত নহয়। ৰাতি খালে হেনো বমি বমি ভাব, পেটৰ বিষ আৰু মূৰ ফুৰণি হ’ব পাৰে। কোনো কোনোৱে কৈছিল— মঙলবাৰ আৰু শনিবাৰে তিতা কেৰেলা খাব নালাগে। বহুতে আকৌ তিতা কেৰেলা বা যিকোনো তিতা সপ্তাহত বেছিকৈ খালে কম শুনে বুলি কয়। কলেজীয়া কালত আৰু কলেজত শিক্ষকতা কৰা কালতো এই যুক্তিবোৰৰ সত্যাসত্য মই বিচাৰি পোৱা নাই। সেয়েহে ৰাতিয়ে-দিনে, মঙলবাৰ-শনিবাৰেও তিতা কেৰেলা খাওঁ আৰু কোনো বেয়া ফল পোৱা নাই।

সাধাৰণতে তিতা কেৰেলা, সৰু সৰু টুকুৰা কৰি ভাজি খায়। বহুতে আকৌ আলু, পিয়াঁজ আদিৰে সৈতে ভাজি খায়। দক্ষিণ ভাৰতৰ মানুহে তিতা কেৰেলাত দৈ আৰু নাৰিকল দি ভাজি খায়।

তিতা কেৰেলা যদিও তিতা, বহু ৰোগৰ বাবে মিঠা অর্থাৎ মহৌষধ৷ গৱেষকৰ মতে, তিতা কেৰেলা ডায়েবেটিছ আৰু ৰক্তচাপত ভোগা ৰোগীৰ বাবে উত্তম খাদ্য। এই দুয়োটা বেমাৰেই তিতা কেৰেলাই অতি সহজে নিয়ন্ত্রণ কৰিব পাৰে। তিতা কেৰেলাৰ ৰাসায়নিক বিশ্লেষণ কৰি গৱেষকে কয় যে তিতা কেৰেলাত উপলব্ধ ‘প্লেনটিনাচুলিন' নামৰ উপাদানবিধে ইনছুলিনৰ দৰে ডায়েবেটিছ ৰোগীৰ দেহত কাম কৰে। তদুপৰি কর্কট, ভাইৰাছজনিত ৰোগত আক্রান্ত ৰোগ আদিক প্রতিহত কৰাৰ ক্ষমতা তিতা কেৰেলাৰ আছে বুলি গৱেষকে কয়। গৱেষকৰ মতে, পেটত হোৱা কৃমি নাশ কৰিবলৈও তিতা কেৰেলা খাবই লাগে।

ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে তিতা কেৰেলাৰ পাতত অধিক পৰিমাণে ভিটামিন এ, বি আৰু চি থাকে। তদুপৰি কেলচিয়াম, ফছফৰাছ, আয়ৰন আৰু প্ৰ'টিনো থাকে। আমি খোৱা তিতা কেৰেলাত কার্বহাইড্রেট, এলবিমাইনিয়াডছ আদি পোৱা যায়। কেৰেলা খাওঁতে গুটিবোৰো খাব লাগে। কাৰণ তিতা কেৰেলাৰ গুটিৰ বহু ৰোগ প্রতিৰোধী ক্ষমতা আছে। সম্প্রতি তিতা কেৰেলাৰ গুটিত MAP-20 নামৰ এবিধ প্ৰ'টিন গৱেষণাত ধৰা পৰিছে আৰু এই প্ৰ’টিনবিধে এইচ আই ভি ৰোগ বিনাশ কৰিব পাৰে বুলি জানিব পৰা গৈছে। সেয়ে এনে গুণসম্পন্ন তিতা কেৰেলাবিধ আপুনি খাবলৈ হেলা নকৰিব। লগতে বুজাই-বঢ়াই হ’লেও ল’ৰা-ছোৱালীক তিতা-কেৰেলা খুৱাব।

 

ৰোগ প্ৰতিৰোধী খাদ্য বেঙেনা


বেঙেনা খাই ভাল নোপোৱা মানুহৰ সংখ্যা বেছি নহয়। বেঙেনা কাটিলে হাত খজুৱাই বা খালে ডিঙি খজুৱাই কিছু লোকক আমনি কৰে। অর্থাৎ বেঙেনা চুলেই হাতৰ আঙুলি এলাৰ্জীত ভোগে। “হিষ্টামিন’ নামৰ এবিধ প্ৰ'টিনেই এলাৰ্জীৰ কাৰক বুলি গৱেষকে মত প্রকাশ কৰিছে। সৰহভাগ লোকেই এলাৰ্জীৰ কাৰণ নাজানে যদিও হাতত চামুচ লৈ বেঙেনাৰ তৃপ্তি সহজে এৰি নিদিয়ে।

সাধাৰণতে আমি ঘৰত বেঙেনা জুইত পুৰি পিটিকা কৰি, সাধাৰণভাৱে ভাজি, ডোখৰ-ডোখৰকৈ কাটি লৈ ভাজি খাওঁ অথবা আন পাচলিৰ সৈতে বেচনাৰ সৈতে তৰকাৰি কৰি খাওঁ। ঘৰত খোৱাৰ দৰে আজিকালি বিয়া ঘৰৰ ভোজত বেঙেনাৰ টুকুৰা বেচনৰ লগত সনিভাজি দিয়া পৰিলক্ষিত হয়। তাৰ বাহিৰেও অন্যান্য ৰাজহুৱা ভোজতো বেঙেনা-বেচনৰ ভাজি পোৱা যায়।

গৱেষকৰ মতে, ১০০ গ্রাম বেঙেনাত পানী ৯২.৬ শতাংশ, কাব’হাইড্রেট, ৪-৫ শতাংশ, প্ৰ'টিন ১.৫ শতাংশ, চৰ্বি ০.৩ শতাংশ, আইৰন ১.৩ শতাংশ, কেলচিয়াম ১৮ মিলিগ্রাম, ছ'ডিয়াম ৩ মিলিগ্রাম, মেগনেছিয়াম ৪৬ মিলিগ্রাম, পটাছিয়াম ১৯ মিলিগ্রাম, আইৰন ৯.০ মিলিগ্রাম, ফছফৰাছ ৪৬ মিলিগ্রাম আছে। তদুপৰি বেঙেনাত ভিটামিন 'চি' পর্যাপ্ত পৰিমাণে পোৱা যায়। ভিটামিন ‘এ’ আৰু ‘বি’ কম পৰিমাণে উপলব্ধ।

গৱেষকৰ মতে, বেঙেনা এণ্টি-অক্সিডেণ্ট খাদ্য আৰু সেয়ে বিভিন্ন বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। আমি নিতৌ আহাৰত এইবিধ পাচলি খালে শৰীৰৰ যথেষ্ট উপকাৰ হয়। যি লোকৰ দেহত কলেষ্টেৰলৰ পৰিমাণ সৰহ, তেওঁলোকে সদায় বেঙেনা খালে দেহত কলেষ্টৰেলৰ পৰিমাণ নিম্নগামী হয় অর্থাৎ বেঙেনাই দেহত কলেষ্টৰেলৰ ক্ষমতাৰক্ষা কৰিব পাৰে। সেইদৰে বেঙেনাই দেহৰ উচ্চ ৰক্তচাপে নিম্নগামী কৰি নির্দিষ্ট পৰিমাণত ৰাখিব পাৰে বুলি গৱেষকে কয়।

সদায় বেঙেনা খালে লিভাৰ কেন্সাৰ প্রতিহত কৰিব পাৰি বুলি দুই-এক বিজ্ঞানীয়ে দাবী কৰে। তদুপৰি মানুহৰ মগজুৰ ভিতৰত থকা লিপিড ৰক্ষা কৰিবলৈ বেঙেনা অতি উত্তম খাদা। ডায়েবেটিছ ৰোগীয়েও নিৰ্ভয়ে বেঙেনা খাব পাৰে।

আমি সৰু থাকোতে সকলোৰে বাৰীৰ বেঙেনাবোৰে বেঁকা আকৃতি লোৱা দেখিছিলো আৰু প্রায় বেঙেনাৰ গাত সৰু সৰু ফুটা আছিল। তদ্ৰূপ অৱস্থা বজাৰত ওলোৱা বেঙেনাতো দেখিছিলো। বেঙেনাৰ গাত ফুটা হোৱাৰ কাৰণ লেপিড’পেণ্টৰন নামৰ পতংগ এবিধে বেঙেনাৰ গাত ফুটা কৰে। পিছে আজিকালি এই ফুটা থকা অর্থাৎ পোকে খোৱা বেঙেনা বজাৰ-ঘাটে পাবলৈ নাই। | কাৰণ আগেয়ে বেঙেনাত কোনো ধৰণৰ কীটনাশক দৰব প্ৰয়োগ কৰা হোৱা নাছিল। সেইবাবে বেঙেনাবোৰ পোকে খোৱা আৰু ভাঁজ লগা আছিল। এতিয়া কৃষকে কীটনাশক দৰৱ প্রয়োগ কৰে যাৰ ফলত বেঙেনাৰ আকৃতি ধুনীয়া হয় আৰু সমূলি ফুটা নাথাকে। এনে বেঙেনাই বাৰু সঁচাকৈয়ে আমাৰ দেহত উপৰিউক্ত ঔষধি গুণবোৰ দিব পাৰিছেনে? উত্তৰত কিছু শতাংশ দিছে বুলিয়েই ক’ব পাৰি। অৱশ্যে যিকোনো বেঙেনাত দুবিধ অপকাৰী পদার্থ থাকে। সেয়া হ'ল- 'ছ'লামিন’ আৰু ‘নিক’টিনয়ড' আৰু এই পদার্থৰ পৰিমাণ ইমান কম যে আমাৰ স্বাস্থ্যত কোনো বাধাৰ সৃষ্টি নকৰে।

সেয়েহে কৈছো, কেইজোপামান বাৰমাহী বেঙেনা আপোনাৰ বাৰীত ৰোৱক যাতে আপুনি নিতৌ বেঙেনাৰ সোৱাদ লৈ থাকিব পাৰে।

মগজুৰ টনিক ব্ৰাহ্মী শাক-


ব্ৰাহ্মী শাক আমি প্রায় সকলোৱেই খাওঁ। কিন্তু ব্ৰাহ্মী শাকৰ যে বহু ঔষধি গুণ আছে সেয়া গৱেষকৰ বাহিৰে আমি বহুতেই নাজানো। মুখৰ জুতিৰ বাবেই হয়তো ই আমাৰ খাদ্য তালিকাত থাকে।

গৱেষকসকলে গবেষণাগাৰত ৰাসায়নিক বিশ্লেষণত পাইছে যে ব্রাহ্মীশাকত ভিটামিন এ, বি. ই. জি. কে আৰু খনিজ পদার্থৰ ভিতৰত মেগনেচিয়াম সৰহ পৰিমাণে থাকে। ভিটামিনৰ ভিতৰত থিয়ামাইন (বি ১), ৰিব’ফ্লোভিন (বি ২), পাইৰ’ডক্সিন (বি৬) আৰু কেৰ'টিন অথবা প্ৰভিটামিন এ যথেষ্ট পৰিমাণে থাকে। এইবোৰৰ উপৰি মুক্ত এমাইন’ এচিড, বিশেষকৈ গ্লুটামেট, এছপাৰেট, ছেৰিন, এলানাইন, হিষ্টিডাইন, থ্ৰিঅ’মাইন আৰু এমাইন” বিউটিৰেট পোৱা যায়। এনে বহু গুণসম্পন্ন ব্রাহ্মী শাকৰ পৰাই চীন দেশৰ গৱেষকে গটুকোলা (Gotukola) নামৰ এবিধ দৰৱ প্রস্তুত কৰিছে| এই দৰৱত সাধাৰণতে ব্ৰাহ্মছাইড, ব্ৰাহ্মীক এচিড, আইছ’ব্ৰাহ্মণীক এচিড, এছিয়াটিক ছাইড আৰু চেণ্টেল’ছাইড থাকে বুলি গৱেষকে কয়।

ব্ৰাহ্মী শাকৰ পৰা প্রস্তুত কৰা এই গটুকোলাই মানুহৰ আয়ুস বৃদ্ধি কৰিব পাৰে বুলি দৰৱ প্রস্তুতকাৰী গৱেষকসকলে দাবী কৰে। সেইদেখি বহুতে গটু কোলাক ফাউন্টেইন অব য়ুথ' বুলি অভিহিত কৰে। গটুকোলাই মগজুৰ স্মৃতিৰক্ষাত সহায় কৰে, কথা পাহৰিবলৈ ধৰা ব্যক্তিসকলক আৰু কৰ্মত অমনোযোগী ব্যক্তিক মনোযোগী কৰাত সহায় কৰে। সেইদৰে হতাশাত ভোগাসকলক মগজুৰ খাদ্য যোগান ধৰি মনত বল বান্ধিবলৈ শক্তি যোগায়। অর্থাৎ ব্রাহ্মী শাকৰ পৰা প্রস্তুত কৰা গটুকোলাই মগজুত খাদ্যৰ যোগান ধৰে। তদুপৰি ডিমেনচিয়াত ভোগা ৰোগীক সকাহ দিব পাৰে বুলি ভবা হয়। আনকি কুষ্ঠৰোগী, চৰ্মৰোগश আদিতো ভাল কৰে বুলি গবেষকে ভাবে।

এনে ঔষধি গুণসম্পন্ন ব্ৰাহ্মী শাকৰ বিষয়ে তিনি হাজাৰ বছৰ পূৰ্বেই ৰচিত ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰ ‘শুশ্ৰূতা সংহিতা’ত উল্লেখ আছে।

সতেজ ব্রাহ্মী শাকে বিভিন্ন স্নায়ৱিক ৰোগ, আনকি মৃগীৰোগো উপশম কৰে বুলি জনা যায়। বাতৰোগ, প্রস্ৰাৱ সংক্ৰমিত ৰোগ, হেপাটাইটিছ আৰু উচ্চ ৰক্তচাপত ব্রাহ্মী শাক মহৌষধ। তদুপৰি যকৃত, বৃক্ক আদিৰ কাম সুচাৰুৰূপে কৰাত আৰু দেহৰ ৰক্ত সঞ্চালনাত ব্ৰাহ্মী শাকে যথেষ্ট সহায় কৰে। প্রকৃততে ব্ৰাহ্মী শাক এবিধ ৰোগ প্রতিৰোধকাৰী আৰু ভেঁকুৰ প্রতিৰোধী উৎকৃষ্ট খাদ্য। সম্প্রতি প্রাপ্ত তথ্য মতে, বিশ্বৰ ভয়াবহ ৰোগ এইড্‌ছৰ বাবেও ব্রাহ্মী শাক অতি উপকাৰী। দেহত হোৱা জখম আৰু পেটৰ অসুখতো সতেজ ব্রাহ্মী শাক উত্তম দৰৱ সদৃশ।

১৯৫১ চনত লক্ষ্ণৌৰ Central Drug Research Institute' কেবাগৰাকী গৱেষকে ব্ৰাহ্মীশাকৰ আৰকত (extract) মগজুৰ খাদ্যৰ সন্ধান পাইছিল। কিন্তু নামকৰণ হ’ল ১৯৬৩ চনতহে বেক’ছাইড এ আৰু বেক'ছাইড বি বুলি। যদি উক্ত উপাদানসমূহ সতেজ ব্ৰাহ্মী শাক নিয়মিতভাৱে খাব পৰা যায়, তেনেহ’লে মগজুৰ স্মৃতি অক্ষুন্ন থাকিব আৰু ক্রমশঃ স্মৃতি ভাণ্ডাৰ বৃদ্ধি পাব বুলি গৱেষকে কয়। সেয়েহে গৱেষকে ব্রাহ্মী শাকক মগজুৰ "উত্তম টনিক’ বুলি ভাবে।

গতিকে নিয়মিতভাৱে সতেজ ব্ৰাহ্মীশাক খাবলৈ আৰম্ভ কৰক আৰু মগজুৰ স্মৃতিৰ ভঁৰাল অটুট ৰাখক।

ভীমকলৰ পচলা আৰু কলডিলৰ পুষ্টি-


কল গছৰ সৰু পুলিটোক পচলা বোলা হয় আৰু বহুতে কলডিলক ‘কলফুল’ বুলিয়েই কয়। পৰাপক্ষত ভীমকলৰ পচলা আৰু কলডিলহে খাব লাগে। কাৰণ এই দুয়োবিধ পাচলি পুষ্টিকাৰক আৰু দ্রব্যগুণেৰে ভৰা আৰু খাবলৈও বেছ সোৱাদ, ৰুচিকাৰক। অৱশ্যে আন কলৰো পচলা আৰু কলডিল মানুহে খায়।

পচলা

ভীমকলৰ পচলাত বহু ঔষধি গুণ নিহিত থাকে। ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে পচলাত ভিটামিন 'বি', পটাছিয়াম আৰু আঁহযুক্ত পদার্থ অধিক পৰিমাণে উপলব্ধ। সৰহ আঁহজাতীয় দ্রব্য থকা বাবেই পচলা খালে পেট খোলোচা হয়। অর্থাৎ কৌষ্ঠকাঠিন্য দূৰীকৰণত পচলাই বিশেষ প্রভাৱ পেলায়।

বিশেষজ্ঞৰ মতে, পচলা এবিধ ৰোগ প্ৰতিৰোধী পাচলি। বিভিন্ন ৰোগত পচলাই ৰোগ প্ৰতিৰোধক হিচাপে কাম কৰে। আমি দৈনন্দিন বিভিন্ন খাদ্য গ্রহণ কৰো আৰু ক’ব নোৱাৰাকৈ আমাৰ বৃক্কত কেতিয়াবা পাথৰ জমা হয়। গৱেষকৰ মতে, এই পাথৰসমূহ কেতবোৰ খাদ্যৰ সহায়েৰেই ভাঙি টুকুৰা-টুকুৰ কৰাৰ বাবে যত্ন কৰিব পাৰো। তেনে এবিধ খাদ্য হৈছে পচলা। পচলাই পাথৰ ভাঙি ক্ষুদ্র ক্ষুদ্র বালিসদৃশ কণাৰ সৃষ্টি কৰাৰ পাছত প্রস্ৰাৱৰ সহায়ত বৃক্কৰ পৰা বাহিৰ ওলাই আহে।

পচলা এবিধ পুষ্টিকৰ খাদ্য। এই খাদ্যই আমাৰ দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে। লগতে দেহত শক্তিৰ যোগান ধৰে।

পচলাৰ কেলৰি শক্তি অতি কম। গতিকে শকত মানুহে পচলা খালে ক্ষীণকায় হোৱাৰ সম্ভাৱনা বেছি। তদুপৰি ডায়েবেটিছ ৰোগীৰ বাবেও পচলা এবিধ উপযুক্ত পাচলি।

পচলা কেনেদৰে ৰান্ধি খাব লাগে ৰান্ধনিয়ে জানে। মাটি মাহৰ দাইলত পচলা দিলে খাবলৈ বৰ সোৱাদ লাগে। পচলা ভাজিও খাব পাৰি।

কলডিল

আৰম্ভণিতে উল্লেখ কৰা হৈছে যে কলডিল ভীমকলৰহে খাব লাগে। আন আন কলডিলো মানুহে খায় যদিও স্বাদ বেলেগ বেলেগ। জাহাজী কলৰ কলডিলৰ সোৱাদ তিতা-কেঁহা৷ আন এবিধ কলডিল হৈছে বন-জংঘল অথবা জংঘলেৰে ভৰা। পাহাৰত পোৱা এবিধ দীঘলীয়া কলডিল। এইবিধ কলডিল খাবলৈ সোৱাদ। কেতিয়াবা জনজাতি মহিলাসকলে এনে কলডিল বজাৰত বিক্রী কৰিবলৈ লৈ আহে।

ভীমকলৰ কলডিলৰ বহু ঔষধি গুণ আছে। কলডিলত যথেষ্ট পৰিমাণে আইৰন থকা বাবে বিভিন্ন বেমাৰত আক্ৰান্ত ৰোগী আৰু ৰক্তহীনতাত ভোগা ৰোগীৰ উপযুক্ত পাচলি কলডিল। কলডিল খালে দেহত ৰক্ত বৃদ্ধি হয় আৰু ৰক্ত পৰিস্কাৰ কৰি দেহৰ শক্তি যোগায়।

দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণত কলডিল উপযুক্ত খাদ্য। হৃদৰোগীৰ বাবেও কলডিল অতি প্রয়োজন। নিয়মিতভাৱে খাব পাৰিলে দেহক শক্তি প্রদান কৰে।

গৱেষকৰ মতে, কলডিল যকৃতৰ বাবে অত্যন্ত প্রয়োজন। কলডিল যকৃৎ সুস্থ অৱস্থাত ৰাখে। তদুপৰি গ্ৰহণী ৰোগ হ’লে নিৰাময় কৰে আৰু শিশুৰ কৃমি নাশ কৰে।

কলডিলে মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া কৰে বুলি জানিব পৰা গৈছে। কলডিলৰ ৰঙচুৱাবোৰ গুচাই বাছি বাছি দীঘলীয়া ফুলবোৰো ভাজি খাব পাৰি। তাৰ বাবে ফুলবোৰ বেচনাত সানি লৈ ভাজিলে খাবলৈ বৰ সোৱাদ হয়।

এনে পুষ্টি দ্রব্য ভৰা পচলা আৰু কলডিল খাবলৈ যত্ন কৰিব। ল’ৰা-ছোৱালীয়ে খাবলৈ ইচ্ছা নকৰিলেও অভিভাৱক তথা পিতৃ-মাতৃ হিচাপে সিহঁতক খাবলৈ বাধা কৰাব।

জুতি লগা খাদ্য চুকা শাক-


চুকা শাক খাই বেয়া পোৱা মানুহ নিশ্চয় কম হ’ব। চুকাশাক আৰু পালেং শাকৰ কিছু মিল থকা বাবে বহুতে চুকা শাকক ‘টেঙা পালেং’ বুলিও কয়।

চুকা শাক সাধাৰণতে মাছৰ লগত ৰন্ধা হয় আৰু এই তৃপ্তিদায়ক হয়। চুকা শাকৰ এটা আকর্ষণীয় গোন্ধ আছে আৰু এনে সুন্দৰ গোন্ধৰ বাবেই চুকা শাকেৰে ৰন্ধা মাছৰ জোলখন মুখত লাগে। আভোক হ’লে চুকা শাকৰ মাছৰ জোলে পেটলৈ ভাত ঠেলে। মাছ নাথাকিলে জোলত দাইলৰ বৰা ভাজি দি ব্যঞ্জনখন অতি সুস্বাদু কৰিব পাৰি।

আভোক লগাৰ উপৰি কেতিয়াবা কেতিয়াবা মুখত বমি বমি ভাব আহে। তেতিয়া চুকা শাকৰ ৰসৰ লগত সৈন্ধৱ লৱণ মিহলাই খালে নিমিষতে বমি বমি ভাব নাইকিয়া হয়। দাঁতৰ বিষৰ বাবেও চুকাশাকৰ পাতৰ ৰস বৰ উপকাৰী। ৰসখিনি গৰম কৰি ঠাণ্ডা কৰিব লাগে। তাৰ পাছত সাত-আঠবাৰমান মুখত লৈ কুলি কুলি কৰি পেলাই দিব লাগে। দেখা যায় দাঁতৰ বিষৰ পৰা উপশম পাবলৈ ধৰিছে।

চুকা শাকৰ পাতৰ ৰস বিশ্লেষণ কৰি গৱেষকে পাইছে যে চুকাশাক ভিটামিন ‘বি’ আৰু ‘চি’ ভঁৰাল। দেহত ভিটামিন ‘বি’ আৰ, 'চি'ৰ অভাৱ হ’লে চুকাশাকৰ ব্যঞ্জন খোৱাটো অতি প্রয়োজন। দেহত এই দুই ভিটামিনৰ অভাৱ চুকাশাকৰ জোলে পূৰণ কৰি দেহক শক্তি প্রদান কৰিব পাৰে। তদুপৰি ভিটামিন 'চি'-এ দেহৰ হাড় মজবুত কৰা কার্যত মুখ্য ভূমিকা লয়।

এনে সুস্বাদু আৰু ঔষধি শাকবিধ নোখোৱাকৈ নাথাকিব। চুকা শাক বর্ষজীবী। শীতকালিহে মানুহে খেতি কৰে। আজিকালি পিছে বর্ষাকালতো কৃষকে চুকা শাকৰ খেতি কৰি মানুহক খুৱাই আছে। আমি মন কৰিলে চহৰতেই হওক বা গাঁৱতেই হওক নিজৰ ঘৰৰ বাগানত কেইজোপামান চুকাশাক ৰুই চুকাশাকৰ স্বাদ মাজে-সময়ে লৈ থাকিব পাৰো। চুকা শাকৰ বাবে আপুনি বীজ বিচাৰি ফুৰিব নালাগে। চুকা শাক ফুল ধৰি ফল হ’লে গছজোপা উভালি ৰ’দত শুকুৱাই পাছত বছৰলৈ থ’ব পাৰি। সৰু সৰু গুটিবোৰ মাটিডৰা ভালদৰে কোৰ মাৰি ছটিয়াই দিলেই চুকাশাক গজি উঠে।

ৰাসায়ণিক সাৰ প্রয়োগ নকৰি গোবৰ সাৰ দি উৎপাদন কৰা চুকা শাকৰ ব্যঞ্জন খাই আপুনি কি যে তৃপ্তি পাব।–

 

মছন্দৰীৰ ঔষধি গুণ-

 

মছন্দৰীক যদিও শাক বুলি কোৱা হয়-লাই, পালেঙৰ দৰে ভাজি খোৱা নহয়। মাছৰ জোলখন মছন্দৰীৰ পাতেৰে ৰান্ধিলে খাবলৈ বৰ সুস্বাদু হয়। খাদ্যৰ গুণতকৈ মছন্দৰীৰ পাতত ঔষধি গুণহে বেছি। পেটৰ অসুখ হ’লে মছন্দৰীৰ পাত পিটিকা কৰি খালেই উপশম পোৱা যায়।

মছন্দৰীৰ পাত ছিঙিলেই বা পটাত বটিলেই এটা বিশেষ গোন্ধ ওলায়। এই গোন্ধ যদি কাৰোবাৰ নাকত সোমায় ঔষধি শাক বুলি ক’লেও খাবলৈ টান পায়।

গৱেষকে মছন্দৰীৰ পাত গৱেষণাগাৰত বিশ্লেষণ কৰি পাইছে যে এই পাতত বহু পৰিমাণে ভিটামিন এ আৰু কেলছিয়াম আছে। কাৰ্ব’হাইড্রেট, প্ৰ’টিন, চর্বি আৰু আইৰণ আদি কম পৰিমাণত উপলব্ধ।

গৱেষকৰ মতে, শ্বাস-প্রশ্বাসত কষ্ট পালে মছন্দৰীৰ পাত সিজাই নিমখ, জালুক আদি সানি খালে শ্বাস-কষ্টৰ পৰা উপশম পাব পাৰি। তদুপৰি ব্ৰংক’নিউমোনিয়া ৰোগত মছন্দৰীৰ পাত অতি মহৌষধ। সাধাৰণ পেটৰ অসুখৰ উপৰি তেজ গ্রহণী, পেট কামোৰা আদি ৰোগতো মছন্দৰীৰ পাত পানীত সিজাই খালে ভাল কাম কৰে। পানীখিনিও খাব লাগে। গৱেষকৰ মতে, মছন্দৰীৰ পাতৰ জোল নিউমোনিয়া আৰু জ্বৰৰ উত্তম পথ্য।

গতিকে এনে ঔষধি গুণসম্পন্ন গছজোপা আপোনাৰ বাৰীত লগাবলৈ হেলা নকৰিব। বাৰিষা গছজোপা মাটিত লহপহকৈ বগাই ফুৰে। বালিচহীয়া মাটি হ’লেতো কথাই নাই। অৱশ্যে শীতকালত মছন্দৰীৰ পাত সৰু সৰু হয় আৰু পাতৰ ৰঙো সলনি হয়। দেখা গৈছে যে, এবাৰ মছন্দৰীৰ গছ মাটিত লগালে কাহানিও মৰি নাযায়।

পুষ্টিকৰ খাদ্য পালেং শাক-


পালেং শাকৰ জুতি নোলোৱা মানুহ ভাৰতবৰ্ষহে নালাগে বিদেশতো নাই। পালেং শাকৰ লগত মাছ ৰান্ধিলে খাবলৈ বৰ জুতি লাগে। মুৰ্গীৰ মাংস পালেং শাকেৰে ৰান্ধিলে অতি সুস্বাদু হৈ পৰে। পালেং শাক ভাজিও খাব পাৰি।

আজিকালি ৰান্ধনিয়ে পালেং শাকৰ লগত পানীৰৰ তৰকাৰি ৰান্ধে আৰু এই ব্যঞ্জনক কোৱা হয় ‘পালেং পনীৰ”। তদুপৰি পালেং পৰঠা, পালেং পুৰি, পালেং পকোৰা খাই বৰ সোৱাদ লাগে।

ৰাসায়নিক বিশ্লেষণত দেখা যায় যে পালেং শাকত পানী থকাৰ উপৰি কাৰ্ব'হাইড্রেট, প্র’টিন, আঁহযুক্ত পদার্থ, কেলছিয়াম, মেগনেছিয়াম, আয়ৰণ, ফলিক এছিড, কোবাল্ট, ভিটামিন এ, ভিটামিন বি ১, ভিটামিন বি ২ আৰু ভিটামিন বি ৩ উপলব্ধ। এই ভিটামিনসমূহে দেহৰ স্নায়ু আৰু মাংসপেশীসমূহ মজবুত কৰাত মুখ্য ভূমিকা লয়। দেহৰ ৰক্ত সঞ্চালনতো ই যথেষ্ট সহায় কৰে। তদুপৰি উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে এই পালেং শাক খালে কিছু সকাহ পায়।

পালেং শাক খালে দেহে ফলিক এছিড লাভ কৰে। গৰ্ভৱতী মহিলাৰ গৰ্ভপাত নহয় আৰু শ্বাস-প্রশ্বাসৰ কষ্ট, দেহৰ ওজন হ্রাস, ডায়েৰিয়া আদি ৰোগক বাধা দিয়ে। পালেং শাকত থকা আয়ৰণে দেহক আয়াৰণ যোগান ধৰি দেহৰ শক্তিবৃদ্ধি কৰে।

গৱেষকৰ মতে, পালেং শাকত থকা দ্ৰব্যসমূহে কৰ্কট ৰোগত প্রতিহত কৰাৰ উপৰি পাকস্থলীৰ ঘা নিমূলকৰণত সহায় কৰে। পালেঙত থকা বিটা কেৰ'টিনে এনে প্ৰতিৰোধী কার্যত সহায়ক হয় বুলি গৱেষকে ভাৱে। ৰক্তহীনতা আৰু পুষ্টিহীনতাত ভুগিলে চিকিৎসকে ৰোগীক পালেং শাক খাবলৈ পৰামর্শ দিয়ে।

মনত ৰাখিব, পালেং শাক পুষ্টিকৰ প্রয়োজনীয় খাদ্য। এই শাকে ৰক্তস্ৰাব, বন্ধ্যাত্ব, কুকুৰিকণা, মূৰ আৰু মুখমণ্ডলৰ স্নায়ুসমূহত পোৱা আঘাত, কষ্ট আৰু দেহৰ স্নায়বিক দুর্বলতা আদি ৰোগত ভাল কাম দিয়ে। সেইদৰে প্ৰস্ৰাৱৰ ৰোগতো পালেং শাকৰ সতেজ পাতৰ ৰস ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। পালেং শাকৰ ৰস আৰু গাজৰৰ ৰস একেলগে খালে দাঁত আৰু দাঁতৰ আলু মজবুত হয়।

লিভাৰৰ জ্বলা-পোৰা, জণ্ডিছ আৰু শ্বাস-প্রশ্বাসত পোৱা কষ্ট আদি পালেং শাকৰ গুটিয়ে নিৰাময় কৰিব পাৰে বুলি গৱেষকে কয়।

কংক্ৰীটৰ মহানগৰীত বাস কৰা লোকসকলে কৰা ফুলৰ বাগিচাৰ দাঁতিতে কেইজোপামান পালেং শাক ৰুব পাৰে অথবা ঘৰৰ ছাদতো কেইবাটাও টাবত পালেং শাকৰ খেতি কৰিব পাৰে। এনেদৰে ঘৰতে উৎপাদন কৰা পালেং শাকৰ অধিক ব্যঞ্জন খাব নোৱাৰিলেও অন্ততঃ পালেং পনীৰ, পালেং-পৰঠা, পালেং-পকোৰা আদি নিয়মিতভাৱে খাব পাৰিব। চালাড, ছাটনি আদি নোখোৱাৰ মানেই নাই।

পালেং শাকৰ ঔষধি গুণৰ কথা চিন্তা কৰি পালেং শাক নোখোৱাকৈ নাথাকিব।

অপৰিহাৰ্য পাচলি বন্ধাকবি-


ৰাসায়নিক সাৰ প্রয়োগ কৰাৰ ফলত আজিকালি বহুতে বন্ধাকবি খাবলৈ ভয় কৰে; অথচ বন্ধাকবি আমাৰ স্বাস্থ্যৰ বাবে অতি প্রয়োজনীয় খাদ্য।

বন্ধাকবিৰ ১০০ গ্রাম ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে পানী ৯১%, কার্বহাইড্রেট ১.৬%, প্ৰ’টিন ১.৮% আঁহযুক্ত পদার্থ ১.১% উপলব্ধ। খনিজ পদার্থৰ ভিতৰত ফছফৰাছ ৪৫ মিঃগ্রাম (শতাংশ), কেলছিয়াম ৪০ মিলিগ্রাম (শতাংশ), ০.৯ আইৰন মিলিগ্রাম (শতাংশ) থাকে। তদুপৰি বন্ধাকবিত বহু পৰিমাণে ভিটামিন এ, বি১, বি ২ আৰু চি পোৱা যায়।

বন্ধাকবি অতি পুৰণি কালৰ পৰাই খাদ্য হিচাপে ব্যৱহৃত হৈ আহিছে। ১৫৪২ চনত জেকছ কাৰ্টিয়াৰ নামৰ লোক এজনে আমেৰিকালৈ বন্ধাকবি আনে আৰু ওঠৰ শতিকাতহে আমেৰিকাবাসী ভাৰতীয় আৰু ঔপনিৱেশিকসকলে বন্ধাকবিৰ খেতি কৰিছিল। ১৭৭৫ চনলৈ জাপানীসকলে বন্ধাকবি নামেই শুনা নাছিল। ৰঙা বন্ধাকবি পোনপ্ৰথমে দেখা গৈছিল ইংলেণ্ডতহে। ইউৰোপৰ সমগ্ৰ দেশতে বন্ধাকবিৰ 'ছুপ’ অধিক জনপ্রিয়। বিশ্বৰ নাতিশীতোষ্ণ অঞ্চলৰ দেশসমূহত বন্ধাকবি এবিধ প্রধান খাদ্য। বন্ধাকবি খাদ্যৰ ওপৰি ইয়াৰ বহু ঔষধি গুণ আছে। ১৯৫০ চনতে কেইবাগৰাকী চিকিৎসকে মন্তব্য কৰিছিল যে বন্ধাকবি ৰসে পাকস্থলীৰ আলচাৰ নিৰাময় কৰে। সেয়েহে বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা কৰি গৱেষণাগাৰত কবিৰ পাতৰ পৰা এবিধ আলচাৰ-নিৰোধক ভিটামিন আৱিস্কাৰ কৰিছে। এনে ভিটামিনৰ উপৰি বন্ধাকবিৰ বেক্টেৰিয়া নিৰোধক পদার্থও থাকে বুলি ভাবিছে।

ৰুছিয়াত গাঁৱলীয়া দৰব হিচাপে সতেজ বন্ধাকবিৰ পাত ব্যৱহাৰ কৰে বুলি জনা যায়। এই পাতৰ ৰস দেহত জখম হোৱা অংশত শুকাবলৈ আৰু জুয়ে পোৰা আৰু শীতৰ প্রকোপত ঠেৰেঙা লগা দেহৰ ছালক সতেজ কৰি তুলিবলৈ ব্যৱহাৰ কৰা হয়। তেওঁলোকে বন্ধাকবিৰ ৰস গৰম পানীৰ লগত মুখ কুলু কুলু কৰি ডিঙিৰ অসুখ ভাল কৰে।

ৰুছিয়াৰ কিছুসংখ্যক লোকে চুলিৰ শ্ৰীবৃদ্ধিৰ বাবে বন্ধাকবিৰ পাতৰ ৰস মূৰত ঘঁহিছিল। আনকি ভৰিৰ গাঁঠি ফুলা আৰু হাড় ভগাতো কোনো কোনো লোকে কবিৰ পাতৰ ৰস ব্যৱহাৰ কৰিছিল।

গৱেষকসকলে মতপ্রকাশ কৰে যে বন্ধাকবিৰ পাতৰ ৰসে দেহত হোৱা ঘা-খজুৱতি নিৰাময় কৰে। নিতৌ যদি বন্ধাকবিৰ পাতৰ চালাড খাব পৰা যায়, তেনেহ’লে শকত হোৱাৰ ভয় নাথাকে। দেহ সদায় লাহী আৰু পাতল হৈ থাকে। তদুপৰি সদায় পেট খোলোচা হয়। কোষ্ঠকাঠিন্যতা দূৰীভূত হয়।

চালাডৰ উপৰি আমি বন্ধাকবিৰ তৰকাৰি খাওঁ আৰু কেতিয়াবা অকল পাত সিজাই নিমখ-তেল দি খাওঁ। পাৰিলে বন্ধাকবি আমাৰ দৈনন্দিন খাদ্য তালিকাত থাকিব লাগে।

প্ৰতি সাঁজত এৰিব নোৱাৰা খাদ্য-

আলু নোখোৱাকৈ কিমান মানুহ থাকে বাৰু? উত্তৰত ক’ব পাৰি যে আমাৰ প্রতি সাঁজ আহাৰত আমি ১০০ শতাংশই আলু খাওঁ। অৱশ্যে ডায়েবেটিছ ৰোগীয়ে ভয় কৰে যদিও আলু ৰান্ধনিশালৰ পৰা কেতিয়াও আঁতৰি নাহে। আলু এনে এবিধ খাদ্য যি সকলো পাচলিৰ লগত ৰান্ধিব পাৰি। তদুপৰি অকলে আলু ভাজি, আলু পুৰি, আলুৰ লগত বেঙেনাৰ পিটিকা, কণীৰ পিটিকা আদি খাওঁ। এনেদৰে নিতৌ আমি ভাৰতীয়সকলে আলু খাওঁ যদিও বিদেশৰ বহু দেশৰ তুলনাত অতি নিম্ন পৰিমাণে খাওঁ। পশ্চিমীয়া দেশসমূহত প্ৰতিগৰাকী লোকে প্রতিদিনে গড়ে ৩ কিলোগ্রাম আলু খায় আৰু অকল আলুৰ জৰিয়তেই মানুহে দেহৰ বাবে প্রয়োজনীয় কেলৰি শক্তি লাভ কৰে। অন্যান্য খাদ্যৰ লগতে আলু হৈ পৰে তেওঁলোকৰ মুখ্য আহাৰ।

এনে প্রয়োজনীয় আলুক লৈয়েই বিভিন্ন সময়ত উদ্ভিদ ৰসায়নবিদে গৱেষণা কৰি আহিছে। সম্প্রতি গৱেষকৰ মতে, ১০০ গ্রাম আলুত ৮ শতাংশ পানী, ১৬ শতাংশ কার্বহাইড্রেট, ২ শতাংশ আঁহযুক্ত পদার্থ আৰু ০.১ শতাংশ প্ৰ'টিন থাকে। এই পদার্থসমূহৰ উপৰি আলুত খনিজ দ্রব্য আৰু ভিটামিন থাকে। ১০০ গ্রাম আলুৰ ৰাসায়নিক বিশ্লেষণত দেখা যায় যে মিলিগ্ৰামতহে খনিজ পদার্থ আৰু মাইক্ৰ’গ্ৰামত ভিটামিন উপলব্ধ। খনিজ পদার্থসমূহ হ’ল— কেলচিয়াম ৯ মিলিগ্রাম, মেগনেচিয়াম, ২০ মিলিগ্রাম, মেংগানিজ ০.১৫ মিলিগ্রাম, কপাৰ ০.১১ মিলিগ্রাম, ফছফৰাছ ৫৭ মিলিগ্রাম, আয়ৰন ০.৮ মিলিগ্রাম, জিংক, ০.৩০ মিলিগ্রাম। সেইদৰে ভিটামিন চি ১৫ মাইক্ৰ’গ্ৰাম, ভিটামিন বি৬ ০.২৫ মাইক্ৰ’গ্রাম, ভিটামিন বি২ ০০.৬ মাইক্ৰ’গ্ৰাম, ভিটামিন বি১ ০.০৯ মাইক্ৰ’গ্ৰাম আৰু ভিটামিন ই ০.১ মাইক্ৰ’গ্রাম উপলব্ধ।

এই খনিজ পদার্থ আৰু ভিটামিনসমূহে আমাৰ স্বাস্থ্য অটুট ৰখাত যথেষ্ট অৰিহণা যোগায়। ভিটামিন চি-এ দেহৰ ৰক্ত পৰিস্কাৰ কৰে আৰু প্লাজমাত থকা ফ্ৰী ৰেডিকেলসমূহ ধ্বংস কৰে। উল্লেখ্য যে ভিটামিন চি পানীত সহজে দ্রবীভূত হয়। সেয়েহে ৰন্ধাৰ পূর্বে আলু, কাটি টুকুৰা কৰিব নালাগে। (কিন্তু আমি নাজানো কাৰণে টুকুৰা কৰো) গোটে গোটে আলু পানীত সিদ্ধ কৰিলে আলুত ভিটামিন চি অটুট থাকে। অন্যথা আলুৰ ভিটামিন চি আৰু অন্যান্য পুষ্টিদ্রব্যসমূহ বিনষ্ট হয়। উল্লেখ্য যে আলুত নিহিত ভিটামিন চিৰ অভাৱত ১৮৪৭ চনত আয়াৰলেণ্ড, ১৯০৪ আৰু ১৯১২ চনত নৰৱে আৰু ১৯১৬ চনত আমেৰিকা যুক্তৰাজ্যত বহু লোক স্কাৰ্ভি ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰিছিল। কাৰণ আলু তেওঁলোকৰ প্রধান আহাৰ।

আমাৰ দেশত আলু প্ৰধান আহাৰ নহয় যদিও দৈনন্দিন আহাৰত এৰিব নোৱাৰা এবিধ অত্যন্ত প্রয়োজনীয় খাদ্য। গৱেষকৰ মতে, ডায়েবেটিছ ৰোগীয়ে কম পৰিমাণতহে আলু খাব লাগে। ঘিউত ভজা আলু পৰিত্যাগ কৰিব পাৰিলে মংগল নহ’লে শকত হোৱাৰ আশংকা থাকে। আনহাতে ঘিউত নভজা আলু খালে ক্ষীণকায়হে হয় বুলি বিশেষজ্ঞই প্রকাশ কৰে।

মুখৰোচক আৰু ঔষধি খাদ্য পদিনা


পদিনা পাতৰ গোন্ধ আৰু চাটনি কোনে ভাল নাপায়? পদিনা পাত অতি সুগন্ধিত আৰু পাত পটাত বতিলে তাৰ সুগন্ধ বহু দূৰলৈ বিয়পি পৰে। পদিনাৰ চাটনি খালে মুখলৈ ৰুচি আহে। ভাত সহজে পেটলৈ ঠেলিব পাৰি।

পদিনাৰ পাত যে অকল শাকজাতীয় উদ্ভিদহে এনে নহয়, এই গছৰ পাতৰ পৰা বিবিধ ঔষধ তৈয়াৰ কৰা হৈছে। ইয়াৰ পাতত থকা দ্রব্য গুণে হজম শক্তি বঢ়ায়। পেটত গেছ হ’লে পদিনা পাতৰ ৰসে নাইকিয়া কৰে বুলি গবেষকে কয়।

পদিনা শক্তিদায়ক আৰু বায়ুনাশক। পদিনাই দেহৰ ৰক্তহীনতা, হৃদৰোগ, স্নায়ৱিক দুর্বলতা, মূৰ্ছা ৰোগ আৰোগ্য হোৱাত সহায় কৰে। পদিনাই মুখৰ বমি-বমি ভাব নাইকিয়া কৰে।

টুথপেষ্টেৰে দৈনন্দিন দাঁত-মুখ চাফা কৰিলেও কেতিয়াবা মুখৰ বেয়া গোন্ধ ওলায়। লগতে কথা পাতি থকাজনকো অস্বস্তিবোধ কৰা দেখা যায়। এনে অৱস্থা হ’লে পদিনাৰ পাত চোবাই খাব লাগে। মুখৰ গোন্ধ নিমিষতে নোহোৱা হয়।

আজিকালি টুথপেষ্টৰ লগত পদিনাৰ উপাদান থাকে বুলি পেকেটোত চালেই গম পোৱা যায়। এনে টুথপেষ্টেৰে দাঁত মাজিলেই মুখৰ গোন্ধ নাইকিয়া হোৱাৰ লগে লগে দাঁত সুস্থ ৰখাত সহায় কৰে আৰু দাঁতো সোনকালে নষ্ট নহয় বুলি বহুতে কয়। তাৰ অৰ্থ-পদিনাই দাঁত-মুখৰ গোন্ধ নাইকিয়া আৰু দাঁত বা দাঁতৰ আলু সবল কৰাত সহায় কৰে।

আমাৰ চৰ্দি লাগিলেই কেতিয়াবা ডিঙিৰ ভিতৰভাগ বিষায় আৰু মাত ভাঙে। তেতিয়া পদিনাৰ পাত পটাত বতি ৰস উলিয়াব লাগে আৰু এগিলাচ কুহুমীয়া গৰম পানীত ৰসখিনি লৈ নিতৌ পুৱা-গধূলি মুখ কুলি কুলি কৰিলে মাত ভঙা বন্ধ হয়। সেয়ে পদিনাক কেতিয়াও অৱহেলা কৰিব নালাগে।

তৰকাৰি-ব্যঞ্জনৰ প্রয়োজনীয় উপকৰণ ধনিয়া-


তৰকাৰি আৰু ব্যঞ্জন সুস্বাদু কৰিবলৈ প্রয়োজন হয় ধনিয়া। ধনিয়া বুলিলে ধনিয়া পাত আৰু ধনিয়া গুড়ি বা গোটা ধনিয়াকে বুজোৱা হয়। ধনিয়াৰ সুগন্ধই সমগ্র খাদ্যসম্ভাৰ সুস্বাদু কৰি তোলে।

ধনিয়া পাতৰ ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে এশগ্রাম ধনিয়া পাতত কাৰ্ব'হাইড্রেট ৬.৩ শতাংশ, প্ৰ'টিন ৩.৩ শতাংশ, আঁহযুক্ত পদার্থ ১.২ শতাংশ পোৱা যায়। তদুপৰি খনিজ পদার্থৰ ভিতৰত কেলচিয়াম, পটাছিয়াম, ফছফৰাছ, ছডিয়াম আৰু আইৰন বহু পৰিমাণে উপলব্ধ। ভিটামিন চিও থাকে এই ধনিয়া পাতত।

গৱেষকৰ মতে, ধনিয়া পাতে মানুহক বহু বেমাৰৰ পৰা সকাহ দিয়ে। বদহজম, বুকু জ্বলা-পোৰা কৰিলে ধনিয়া পাতৰ ৰস খাব লাগে। প্ৰস্ৰাৱৰ জ্বলন-পোৰণত ধনিয়া পাতৰ ৰসৰ লগত নিমখ মিহলাই খালে উপশম পোৱা যায়। বমি বমি ভাব হ’লে, ধনিয়া পাতৰ এনে মিশ্রণে সুফল দিয়ে।

গুটি বা গোটা ধনিয়াৰ ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে এশ গ্রাম গোটা ধনিয়াত কার্ব’হাইড্রেট ২৯.৫ শতাংশ, প্ৰ'টিন ১৪.২ শতাংশ, চর্বিজাতীয় পদাৰ্থ ১৬.২ শতাংশ পোৱাৰ উপৰি যথেষ্ট পৰিমাণে কেলচিয়াম, ফছফৰাছ, আইৰন, ৰিব’ফ্লেভিন, থিয়ামিন আদি উপলব্ধ।

গোটা ধনিয়াৰ গুটিৰ ঔষধি গুণ আছে। দেহৰ কলেষ্টেৰ’ল কমাবলৈ এক চাহ চামুচেৰে গোটা ধনিয়া লৈ এগিলাছ পানীত প্রায় এঘণ্টা তিয়াই থ’ব লাগে। গোটা ধনিয়া চামুচখিনি আধাফটা হ’লে পানীখিনি চেকনিৰে চেকি, পুৱালৈ থৈ দিব লাগে। টোপনিৰ পৰা উঠি হাত-মুখ ধোৱাৰ পাছতেই পানীখিনি খাব লাগে। এইদৰে প্রায় ৭-৮ দিন খোৱাৰ পাছত ৰক্তৰ পৰীক্ষা কৰিলে দেখা যায় যে কলেষ্ট্ৰেৰ’লৰ পৰিমাণ হ্রাস পাইছে।

মূৰ বিষালে এলোপেথিক দৰৱ একাষৰীয়াকৈ থৈ অলপ গোটা ধনিয়া পটাত বটি গুড়ি কৰি ল’ব লাগে। তাৰ পাছত অলপ পানী মিহলাই কপালত প্রলেপ দিব লাগে। লাহে লাহে মূৰৰ বিষ নাইকিয়া হ’বলৈ ধৰিছে।

ক’ব পাৰি যে, ধনিয়া পাত আৰু ধনিয়া গুড়িয়ে আমাৰ খাদ্য সম্ভাৰৰ স্বাদ বঢ়োৱাৰ উপৰি স্বাস্থ্য ৰক্ষাত যথেষ্ট ভূমিকা পালন কৰে।

পাৰিলে আপোনাৰ ঘৰৰ সমুখৰ বাগিচাখনত অলপ ধনিয়া ৰুবলৈ যত্ন কৰিবচোন। গোটা ধনিয়া নাপালেও অন্ততঃ প্রয়োজনীয় ধনিয়া পাত সদায় ৰন্ধনত ব্যৱহাৰ কৰিব পাৰিব।

আতলচ আৰু আমাৰ স্বাস্থ্য-


স্বাস্থ্যৰ বাবে প্রয়োজনীয় ফলৰ ভিতৰত আতলচক অন্তৰ্ভূক্ত কৰা যায়। গাঁৱে-ভূঞে আতলচৰ আদৰ অধিক। কাৰণ ই সহজলভ্য।

ৰাসায়নিক বিশ্লেষণত দেখা যায় যে ১০০ গ্ৰাম খোৱাৰ উপযোগী অংশত ৭০.৫ শতাংশ পানী, ০.৪ শতাংশ চর্বি, ০.৬ শতাংশ প্র’টিন, ০.৯ শতাংশ খনিজ পদার্থ, ৩.১ শতাংশ আঁহজাতীয় পদার্থ আৰু ২৩.৫ শতাংশ কার্ব’হাইড্রেট থাকে। খনিজ পদার্থ আৰু ভিটামিন জাতীয় পদার্থৰ ভিতৰত প্রতি ১০০ গ্ৰামত কেলছিয়াম ১৭ মিলিগ্রাম, ফছফৰাছ, ৪৭ মিলিগ্রাম, আয়ৰণ ১.৫ মিলিগ্রাম, থিয়ামাইন ০.৩৩ মিলিগ্রাম, ০.৪৪ মিলিগ্রাম, নিয়াচিন ১.৩ মিলিগ্রাম আৰু ভিটামিন ৩৭ শতাংশ থাকে। কেলৰি শক্তি ১০৪|

আতলচক বিশেষজ্ঞসকলে পুনৰ যৌৱন দিব পৰা ফল বুলি অভিহিত কৰে। ই দেহৰ ৰক্ত বৃদ্ধি কৰে আৰু ৰক্ত শোধন কৰে। এই ফলে ল’ৰা-ছোৱালীৰ স্মৃতিশক্তি বঢ়ায় আৰু শিশুৰ দেহৰ বৃদ্ধি আৰু বিকাশত যথেষ্ট সহায় কৰে। ফলত যিহেতু অধিক মাত্ৰাত চর্বি আৰু প্ৰ’টিন থাকে, গতিকে দেহৰ পেশী আৰু হৃদযন্ত্রক যথেষ্ট শক্তি প্রদান কৰে।

আয়ুৰ্বেদ চিকিৎসাৰ মতে, যক্ষ্মা ৰোগৰ নিৰাময়ৰ একমাত্র উপযুক্ত ফল হ’ল আতলচ। গৱেষকে যক্ষ্মা ৰোগৰ নিৰাময়ৰ বাবে এই ফলৰ পৰা এবিধ সুৰা তৈয়াৰ কৰি লয় আৰু এই ৰোগত ব্যৱহাৰ কৰি ৰোগীয়ে আৰোগ্য লাভ কৰে বুলি দাবী কৰে।

আতলচ ফল যে অকল স্বাস্থ্যৰ বাবে উপকাৰী এনে নহয়, ইয়াৰ গুটি আৰু পাতৰ ব্যৱহাৰৰো সুফল আছে। ঘাঁ হ’লে অথবা আঘাত পালে আতলচৰ পাত খুন্দি পেষ্ট তৈয়াৰ কৰি যি অংশত ঘাঁ অথবা আঘাত পাইছে তাত লগাই দিব লাগে। বেক্টেৰিয়া প্ৰতিৰোধী গুণবিশিষ্ট হোৱা বাবেই আঘাতপ্রাপ্ত অংশত গুটিৰ পৰা উলিওৱা তেল লগালেও উপশম হয়।

আতলচৰ গুটি অপমাৰ্জক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। এই গুটিৰ পৰা কৰা পাউডাৰ ব্যৱহাৰ বুটৰ লগত পিহি মিহলি কৰি মূৰ ধুব পাৰি। ঠিক শ্বেম্পুৰ দৰেই কাম পোৱা যায়।

পিছে সতেজ পাত থেতালিলে বৰ অসহনীয় গোন্ধ ওলায়। সেইবাবেই থেতেলোৱা পাত অজ্ঞান হৈ পৰা মৃগী ৰোগীক শুঙিবলৈ দিলে মূৰ্চ্ছ যোৱাৰ সময়ৰ ব্যৱধান কমি আহে। আতলচ ফলৰ লগত চেনি আৰু নেমুৰ ৰস মিহলাই আহাৰ পাছত খালে দেহৰ বাবে মংগলকাৰক। আইচ পুডিঙত ফলৰ শাহ সুগন্ধিৰ বাবে ব্যৱহাৰ কৰা হয়।

কিন্তু সাৱধান! আতলচৰ বাকলিৰ তলতেই পোৱা বালিসদৃশ অৰ্ধকঠিন বস্তুখিনি কেতিয়াও নাখাব। এইবোৰে পেটৰ অসুখ আৰু বদহজম কৰায়।

লিখক: ড: পৱিত্ৰ কুমাৰ পাটোৱাৰী, অসম বাণী।

3.25806451613
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top