অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহুগুণী আদা

 

আখল ঘৰৰ এক এৰাব নোৱাৰা আঁহজাতীয় উপাদান হ’ল আদা। দক্ষিণ-পূব এছিয়া আৰু ভাৰত আদাৰ উৎপত্তিস্থল। এই সুগন্ধী আদা চীনত আটাইতকৈ বেছি উৎপাদন হয়। ভাৰতৰ মালাবাৰ উপকূলত উৎকৃষ্ট গুণৰ আদাৰ খেতি হয়। আয়ুৰ্বেদত আদাক ৰোগ নিৰাময়ক এক নিৰ্ভৰযোগ্য খাদ্যৰূপে উল্লেখ কৰা হৈছে।

শুকান অথবা সতেজ ৰূপত ভাৰতীয় আৰু অন্যান্য এছিয়ান আহাৰত আদাৰ ব্যৱহাৰ হয়। আচাৰ আৰু চালাডতো আদা ব্যৱহাৰ কৰা দেখা যায়।বর্তমান যুগত আদাৰ ৰস, তেল, লজেন্স ইত্যাদি ভিন্ন ক্ষেত্ৰত উপলব্ধ। আদাৰ ব্রেড, বিস্কুট আৰু কত কি!!

আদাক প্রাচীন কালৰে পৰাই ঔষধি আৰু খাদ্য প্ৰস্তুত প্ৰণালীত ব্যৱহাৰ কৰি অহা হৈছে। এই আদাৰ কেইটামান গুণ এই লেখাত উল্লেখ কৰা হ’ল-

  • অৰুচি, আভোক, বিষ, পেটৰ বিষ, শিশুৰ আৰু গৰ্ভৱতী মহিলাৰ পুৱাৰ সুখ (moning sickness)  আদিত আদা অতি উপকাৰী। কেন্সাৰ ৰোগীক কেম’থেৰাপীৰ পিচত আদাই কিছু সকাহ দিব পাৰে।
  • বিজ্ঞানীৰ গৱেষণাই প্রমাণ কৰিছে যে, আদাত বহুতপ এনে উপাদান আছে, যিবোৰ আমাৰ দেহৰ বাবে উপকাৰী। আদাই আমাৰ হজম শক্তি বৃদ্ধি কৰে। লালটিক সংবেদনশীল কৰি তোলে। গেষ্ট্ৰিকৰ নিৰাময় কৰাতো আদাই সহায়কৰে।
  • অৰুচি হ’লে আদাৰ লজেন্স অথবা কেঁচা আদাৰ টুকুৰা এটা মুখত ল’লে কিছু সকাহ নিশ্চয় পাব।
  • শীতকালত আদা দিয়া চাহকাপ সকলোৰে আদৰৰ। এই চাহে আমাৰ শৰীৰৰ উত্তাপ বৃদ্ধি কৰে। একাপ গৰম পানীত কিছু সতেজ আদাৰ টুকুৰা দিয়ক। নেমুৰ অথবা মৌৰ টোপাল কেইটামান পানীখিনিত দিয়ক। কিছু সময় চাহৰ পাতৰ সৈতে উতলাই চাহকাপ খোৱাৰ মাদকতাই সুকীয়া।
  • জর্জিয়াত কৰা এক গৱেষণাই প্রমাণ কৰিছে যে, দৈনিক আহাৰত কিছু পৰিমাণৰ আদা ব্যৱহাৰ কৰিলে শৰীৰৰ পেশীৰ বিষ ২৫% কমে। আদাই মহিলাৰ ঋতুস্ৰাৱৰ সময়ৰ বিষো কিছু পৰিমাণে কমায়।
  • আদাত আছে-  পটাচিয়াম, মেগনেছিয়াম, ফছফৰাছ, জিংক, আঁহ, ১.১৫  গ্রাম লৌহ, ০ গ্রাম চেনি, ৩.৫৭ গ্রাম প্রটিন, ১৭.৮৬ গ্ৰাম শর্কৰা ইত্যাদি।  আদাৰ ব্যৱহাৰৰ কিছু প্ৰণালী-
  • সতেজ আদা যিকোনো ৰসত ৰসত দি খাব পাৰে।
  • চালাডত মিহিকৈ কাটি ৰ'দত শুকুৱাই সামান্য ক’লা নিমখ ছটিয়াই শুকানকৈ এটি টেমাত থৈ মাজে সময়ে খাব পৰা যায়।
  • আদাৰ ৰস এচামুচ, এচামুচ আমলখিৰ ৰস আৰু শুদ্ধ মৌ দিনে দুবাৰকৈ খাওক, যদিহে আপোনাৰ চাইনাছ আছে।
  • আদাৰ কিছু দীঘল, মিহিকৈ কটা টুকুৰা, নেমুৰ ৰসত অকণমান নিমখেৰে সৈতে দুই তিনিদিন থৈ দিয়ক। সেই ৰসত দুটামান গোটাকৈ জলকীয়াও ৰাখক। শীতৰ সময়ত এনেদৰে থৈ গ্রহণ কৰা আদাই পানী লগাৰ পৰা উপশম লাভ কৰাত সহায় কৰে।

ঔষধি যদিও অত্যধিক আদাৰ গ্ৰহণে শৰীৰৰ অনিষ্ট কৰিব পাৰে। এদিনত ৪ গ্ৰামতকৈ অধিক আদা খোৱাটো অনুচিত। সকলোৰে একোটা পৰিমাণ থাকে শৰীৰে গ্ৰহণ কৰিব পৰা। সঠিক পৰিমাণত, সঠিক সময়ত আদাৰ গ্ৰহণে শৰীৰ সুস্থ ৰখাত সহায় নিশ্চয়কৈ কৰিব।

লেখিকা: কৰবী কাকতি, সাদিন।

3.07142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top