মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বহুগুণী ব্ৰ’ক’লি -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহুগুণী ব্ৰ’ক’লি -

বহুগুণী ব্ৰ’ক’লিৰ বিষয়ে লিখা হৈছে ।

 

বহু ঔষধি গুণবিশিষ্ট তথা ৰোগ প্ৰতিৰোধী উপাদানেৰে ভৰা ব্ৰ’ক’লি এবিধ ফুলকবি জাতীয় সেউজীয়া পাচলি। ইয়াৰ একাধিক প্ৰজাতি আছে। এইবিধ পাচলি তুলনামূলকভাৱে আমাৰ গাঁও অঞ্চলৰ বাবে নতুন। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘ব্ৰেচিকো ওলেৰাছিয়া’(Brassico Oleracea)। এইবিধ পাচলিৰ উৎপত্তিস্থল হৈছে ইটালী। ইয়াক দেখিবলৈ ফুলকবিৰ দৰে। ইয়াৰ ৰং সাধাৰণতে সেউজীয়া যদিও বগা আৰু বেঙুনীয়া ৰঙৰো ব্ৰ’ক’লি পোৱা যায়।

ব্ৰ’ক’লি এবিধ অত্যন্ত পুষ্টিকাৰক পাচলি। এইবিধ পাচলিত প্ৰচুৰ পৰিমাণে খাদ্যপ্ৰাণ এ, চি, কে, ই আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ খাদ্যপ্ৰাণ, প্ৰ’টিন, কেলচিয়াম, কাৰ্ব’হাইড্ৰেট, পটাছিয়াম, মেগনেছিয়াম, জিংক, ফছফৰাছ, ছডিয়াম, ফলেট, ক্ৰমিয়াম আদি বিভিন্ন খনিজ মৌল পোৱা যায়। ব্ৰ’ক’লিত বাহিৰে ইমান পৌষ্টিক উপাদান একত্ৰে অইন পাচলিত পোৱা নাযায়। এইবিধ পাচলিত ‘গ্লুক’ছিন’লেটছ’ আৰু ‘ছালফ’ৰাফেন’ নামৰ একাধিক গুৰুত্বপূৰ্ণ উপাদান থাকে, যিয়ে দুৰাৰোগ্য কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি প্ৰমাণিত হৈছে। কুমলীয়া অৱস্থাৰ ব্ৰ’ক’লিত এই ‘ছালফ’ৰাফেন’ নামৰ উপাদানবিধ যথেষ্ট পৰিমাণে পোৱা যায়।

বহুগুণী ব্ৰ’ক’লিৰ বিভিন্ন গুণসমূহ হৈছে -

অন্যান্য পাচলিৰ তুলনাত ব্ৰ’ক’লিৰ কৰ্কট প্ৰতিৰোধী গুণ বহু গুণে বেছি বুলি আজি সমগ্ৰ বিশ্বতে ইয়াৰ আদৰ আৰু জনপ্ৰিয়তা বাঢ়িছে। ব্ৰ’ক’লিত পোৱা কিছুমান উপাদানে শৰীৰৰ বাবে উপকাৰী এনজাইমৰ পৰিমাণ বৃদ্ধি কৰি কৰ্কট সৃষ্টিকাৰী উপাদানসমূহ ধ্বংস কৰি শৰীৰৰ বিভিন্ন অংগ, যেনে- হাঁওফাঁও, বৃহদন্ত্ৰ, স্তন, প্ৰষ্টেট, খাদ্যনলী, মূত্ৰনলী আদিৰ কৰ্কট ৰোগৰ আশংকা বহু পৰিমাণে কমাব বা প্ৰতিৰোধ কৰিব পাৰে বুলি বিজ্ঞানীসকলে সহমত প্ৰকাশ কৰিছে। ব্ৰ’ক’লিত থকা ছালফ’ৰাফেন নামৰ উপাদানে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰাৰ দৰে এইবিধ পাচলিত পোৱা অইন কিছুমান উপাদানে যন্ত্ৰণাদায়ক সন্ধিবাত ৰোগৰ যন্ত্ৰণা প্ৰশমিত কৰিব পাৰে।

হাড়ৰ শক্তিবৰ্দ্ধন:

এইবিধ পাচলিত পোৱা কেলচিয়াম, মেগনেছিয়াম আদি উপাদানবোৰে হাড়ৰ শক্তি বৃদ্ধি কৰি বয়োবৃদ্ধ লোকৰ সচৰাসচ হোৱা অ’ষ্টিঅ’প’ৰ’ছিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

ৰক্তচাপ আৰু কলেষ্টেৰ’ল নিয়ন্ত্ৰণ:

ব্ৰ’ক’লিত পোৱা আঁহ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, অ’মেগা-৩, ফেটী এচিড আদিয়ে কলেষ্টেৰ’ল নিয়ন্ত্ৰণ কৰি দেহ সুস্থ-সবল কৰি ৰখাত যথেষ্ট অৰিহণা যোগাব পাৰে।

স্নায়ু সবলীকৰণ:

ব্ৰ’ক’লিত থকা পটাছিয়ামে স্নায়ুতন্ত্ৰ সবল কৰি দেহৰ সুস্থতা অটুট ৰখাত অৰিহণা যোগায়।

ছাল আৰু চুলিৰ সৌন্দৰ্যবৰ্দ্ধন:

ব্ৰ’ক’লিত ছাল আৰু চুলিৰ বাবে উপকাৰী উপাদান যথেষ্ট পৰিমাণে থাকে বাবে ই ছাল আৰু চুলিৰ স্বাস্থ্য অটুট ৰাখি ছালৰ উজ্জ্বলতা বঢ়ায় আৰু চুলিৰ গুৰি শক্তিশালী কৰি চুলি সৰা বন্ধ কৰে।

দৃষ্টিশক্তিৰ উন্নয়ন:

ব্ৰ’ক’লিত পোৱা খাদ্যপ্ৰাণ ‘ক’ৰ প্ৰাচুৰ্যই দৃষ্টিশক্তি অক্ষুণ্ণ ৰাখি আৰু চকুত ছানি পৰা ৰোগ প্ৰতিৰোধ কৰে।

গৰ্ভৱতী মাতৃৰ বাবে উপকাৰী:

ব্ৰ’ক’লিত পোৱা বিভিন্ন প্ৰকাৰৰ পোষক দ্ৰব্যই গৰ্ভৱতী মাতৃৰ স্বাস্থ্য সুস্থ-সবল কৰি মাতৃত্ব নিৰাপদ কৰি তোলে।

হতাশা দূৰীকৰণ:

ব্ৰ’ক’লিত নিহিত ভিটামিন ‘বি’ আৰু ফোলেটে হতাশা বা ডিপ্ৰেছন দূৰ কৰি সকলো সময়তে ‘মুড’ ভালে ৰখাত সহায় কৰে।

শৰীৰৰ দূষিত পদাৰ্থ নিষ্কাসন:

ব্ৰ’ক’লিত দেহৰ বাবে আৱশ্যকীয় এনেকুৱা কিছুমান উপাদান থাকে, যিবোৰ দেহৰপৰা দূষিত পদাৰ্থসমূহ দূৰ কৰি দেহ সুস্থ আৰু সবল কৰি ৰাখে।

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top