মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বহুতো গুণৰ আকৰ: পাম অয়ল :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহুতো গুণৰ আকৰ: পাম অয়ল :

বহুতো গুণৰ আকৰ: পাম অয়লৰ বিষয়ে লিখা হৈছে ।

 

খাদ্য প্ৰস্তুতকৰণৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰণৰ খোৱা-তেল ব্যৱহাৰ কৰা হয়। সেইবিলাকৰ ভিতৰত কিছুমান তেল সুস্বাদু হ’লেও স্বাস্থ্যৰ কাৰণে সমানে উপকাৰী নহয়। আন কিছুমান তেলে আকৌ প্ৰস্তুত কৰা খাদ্য সিমান বেছি সুস্বাদু কৰি তুলিব নোৱাৰিলেও স্বাস্থ্যৰ কাৰণে অতি উত্তম ৰূপে পৰিগণিত হৈছে।

স্থানীয়ভাৱে উৎপাদিত বিভিন্ন তৈল বীজৰ পৰা প্ৰস্তুত কৰা তেল, উৎপাদন কৰা ঠাইৰ আশে-পাশে যথেষ্ট কম দামত পোৱা যায় বাবে সৰ্বসাধাৰণ গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়। ভাৰতত যথেষ্ট পৰিমাণে উৎপাদিত সৰিয়হৰ তেল বা মিঠাতেল বহু যুগৰ আগৰ পৰা সঅৰ্বসাধাৰণ ৰাইজৰ মাজত বহুলভাৱে ব্যৱহৃত্ব সুস্বাদু তেলৰূপে পৰিগণিত হৈ আহিছে। অন্য কিছুমান ব্ৰেণ্ডৰ তেল যেনে- ৰাইচ ব্ৰেণ অয়ল, অলিভ অয়ল, বাদাম তেল, সূৰ্যমুখী গুটিৰ তেল, নাৰিকল তেল আদি ভাৰতৰ বিভিন্ন প্ৰান্তত বহুলন ব্যৱহৃত তেল।

স্থানীয়ভাৱে প্ৰস্তুত হোৱা আৰু কেইবাটাও প্ৰজন্মৰ লোকেও খাবলৈ ভাল পায় বাবে যুগে যুগে এনেবিলাক তেল ব্যৱহৃত হৈ আহিছে। ভাৰতত এতিয়া অন্যান্য ভালেকেইবিধ তেলৰ পৰিশোধিত সংস্কৰণে সৰ্বসাধাৰণ ৰাইজৰ মাজত বেছ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম কৰিবলৈ সক্ষম হৈছে।

সেইবিলাকৰ ভিতৰত কোনোবা অয়ল, অলিভ অয়ল তথা পাম অয়ল ভাৰতৰ বিভিন্ন প্ৰান্তত যথেষ্ট জনপ্ৰিয় হৈছে।

যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ কেইবাখনো ৰাজ্যত বিশেষভাৱে দাক্ষিণাত্য উপকূলীয় অঞ্চলত অয়ল পামৰ খেতি কৰিবলৈ লৈছে আৰু সেইবিলাক খেতিৰ পৰা যথেষ্ট পৰিমাণে অয়ল পামৰ গুটি উৎপাদন হৈছে আৰু সেই গুটিৰ পৰা বিশ্বৰ পৰম্পৰাগত অঞ্চলৰ প্ৰায় সমানেই তেলৰ উৎপাদন হ’বলৈ ধৰিছে।

এইবিধ তেল প্ৰধানকৈ দক্ষিণ আফ্ৰিকাৰ নাইজেৰিয়া, কেনিয়া আদি দেশত ব্যাপকভাৱে কৰা হয় আৰু সেইবিলাক দেশৰ পৰাই বিশ্বৰ বিভিন্ন দেশলৈ এই তেল ৰপ্তানি কৰা হয়।

অসমৰ কাৰ্বি আংলং জিলা আৰু গোৱালপাৰা জিলাৰ কোনো কোনো ঠাইত এইবিধ তৈল বীজৰ খেতি কৰা হৈছে যদিও ইয়াৰ গুটিবোৰৰ পৰা সম্পূৰ্ণভাৱে তেল নিষ্কাশন কৰিব পৰা হোৱা নাই। অসমতো এইবিধ গছৰ খেতি খুব ভাল হয় আৰু ইয়াৰ গুটিৰ উৎপাদনো যথেষ্ট ভাল।

কিন্তু ইয়াৰ গুটিৰ পৰা তেল নিষ্কাশন আৰু পৰিশোধনৰ যন্ত্ৰ-পাতি আমাৰ দেশত প্ৰস্তুত হোৱা নাই। এই পৰিশোধন যন্ত্ৰবিলাক যথেষ্ট ব্যয়বহুল আৰু পৰিশোধন প্ৰক্ৰিয়াত যথেষ্ট কাৰিকৰি প্ৰস্তুতিৰ দৰকাৰ।

সি যি কি নহওক, এইবিধ তেলৰ বৰ্ধিত জনপ্ৰিয়তালৈ চাই এদিন অসমতো দক্ষিণ ভাৰতৰ তামিলনাডু, কেৰেলা বা কৰ্নাটকৰ দৰে পৰিশোধনৰ কাৰখানা প্ৰতিষ্ঠা হ’ব আৰু থলুৱাভাৱে উৎপাদিত পাম অয়ল অসমীয়া মানুহে খাবলৈ পাব বুলি আশা কৰিব পাৰি।

পাম অয়ল মানুহৰ শৰীৰৰ বাবে কেবা প্ৰকাৰেও উপকাৰী। এই তেল সম্পূৰ্নৰূপে কলেষ্টৰলবিহীন আৰু ই আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ‘কেলোৰি’(শক্তি) যোগান ধৰিব পাৰে। ভাৰতীয়সকলৰ বাবে এই তেল এক প্ৰকাৰৰ উপযুক্ত বিকল্প। কাৰণ ভাৰতবৰ্ষত প্ৰস্তুত কৰা প্ৰায় সকলো খাদ্য দ্ৰব্য আৰু ব্যঞ্জন আদিত যথেষ্ট পৰিমাণে তেল ব্যৱহাৰ কৰা হয়।

কিন্তু আজিকালি প্ৰত্যেক ব্যক্তিয়েই নিজৰ খাদ্য আৰু সেইবিলাকৰ প্ৰস্তুত প্ৰণালীৰ প্ৰতি অধিক সজাগ হৈ পৰিছে। এনে অৱস্থাত তেওঁলোকক সহজে আকৰ্ষণ কৰিব নোৱাৰে। আজি সৰ্বসাধাৰন গ্ৰাহকেও এনেবিলাক সামগ্ৰীৰ ভিৰৰ মাজৰ পৰা নিজৰ স্বাস্থ্যৰ পৰা উপযোগী আৰু কোনো ধৰণৰ ক্ষতিকাৰক গুণ নোহোৱা খাদ্যৰ বিকল্প বিচাৰি ল’ব পাৰে। তেনে ধৰণৰ সজাগ গ্ৰাহক দৃষ্টিত এতিয়া পাম অয়লে অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাটো এক গুৰুত্বপূৰ্ণ কথা।

বজাৰত এতিয়া(খাদ্য বস্তুৰ দোকান) পাব পৰা এইবিধ তেল সঠিক মাত্ৰাত খাদ্যত প্ৰয়োগ কৰিলে যিকোনো আহাৰকে সুষম আহাৰ কৰি তুলিব পাৰি। আজিকালি পেকেটত পোৱা ৰেডিমেড খাদ্য বস্তুৰ বেছি ভাগেই পাম অয়লেৰে প্ৰস্তুত কৰা হয়। সেইবিলাকৰ ভিতৰত বেক কৰা খাদ্য, ইনষ্টেন্ট নুভলাছ, কেচুৱাৰ বাবে প্ৰস্তুত কৰা খাদ্য, ব্ৰেকফাষ্ট বাৰ, প’টেটো চিপছ, স্নেক আৰু ফ্ৰেন্স ফ্ৰাই আদিতো পাম অয়ল ব্যৱহাৰ কৰা হয়।

সমগ্ৰ বিশ্বৰ ভিতৰত এতিয়া মালয়েচিয়াই পাম অয়লৰ বৃহৎ উৎপাদক ৰাষ্ট্ৰ। এইবিধ তেলৰ উৎপাদন ৫০০০ বছৰৰ পূৰ্বে মিছৰত আৰম্ভ হৈছিল আৰু আজি বিশ্বৰ এশখনৰো অধিক দেশে পাম অয়ল উৎপাদন কৰে আৰু এই তেল বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি হয়।

কিছুমান দেশত এইবিধ তেল গুটিৰ পৰা নিষ্কাশন কৰাৰ পিছত পৰিশোধন নকৰাকৈয়ে স্থানীয়ভাৱে খাদ্যত ব্যৱহাৰ কৰা হয়। এই তেলেৰে ৰন্ধা খাদ্য এই তেলৰ কাৰণেই ৰঙা ৰঙৰ হৈ পৰে আৰু খাদ্যত এক উৎকৃষ্ট স্বাদ পোৱা যায়।

পাম অয়লৰ উপকাৰী গুণবোৰ -

*এই তেল ট্ৰান্সফেটৰ পৰা মুক্ত।

*পেষ্ট্ৰী, কুকিজ, ক্ৰেকাৰ্ছ আৰু দীৰ্ঘ সময় ধৰি সংৰক্ষণ কৰি ৰাখিবলগা খাদ্য দ্ৰব্যৰ কাৰণে প্ৰয়োজন হোৱা ‘হাৰ্ড বা চলিড’ চৰ্বি এই তেলত এই গুণটো পাবৰ কাৰণে বিশেষ প্ৰক্ৰিয়াৰে শোধন কৰি লগা হয়।

*এই তেল এন্টিঅক্সিডেন্টৰ পৰিপূৰ্ণ।

*ইয়াত টক’ট্ৰাইনলছ ভিটামিন ‘ই’ৰ গুৰুত্বপূৰ্ণ উৎস আছে। ই কেন্সাৰ, ব্লাড ডিজঅৰ্ডাৰ আদিৰ ৰক্ষা ৰক্ষাতো কৰেই, লগতে ছালৰ যিকোনো ৰোগ আৰু প্ৰজনন তন্ত্ৰৰ ৰোগো নিৰাময় কৰে।

*পাম অয়লত থকা বিটা কিৰোটিনৰ কাৰণে ইয়াৰ ৰং ৰঙা হয়। ই ভিটামিন ‘এ’ৰ গুৰুত্বপূৰ্ণ উৎস। সেই কাৰণে আলজিমাৰ্ছ, হৃদৰোগ, চকুত ছানি পৰা, আৰ্থ্ৰাইটিছ আৰু কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ পৰাও আমাক ৰক্ষা কৰে।

*পাম অয়লত এইচ ডি এল(হাই ডেনচিটি লিপোপ্ৰোটিন, ভাল কলেষ্টেৰল) প্ৰচুৰ মাত্ৰাত মজুত থাকে। এই শ্ৰেণীৰ কলেষ্টৰল বাঢ়িবলৈ নিদিয়ে।

*সোৱাদ আৰু সুগন্ধ নথকাৰ কাৰণে এইবিধ তেল ৰেকিং কৰা খাদ্য সামগ্ৰী প্ৰস্তুতকৰণৰ বাবে উৎকৃষ্ট বুলি ধৰা হয়।

*এইবিধ তেল অন্য চেচুৰেটেড তেল, যেনে- নাৰিকল তেলতকৈ বেছি স্বাস্থ্য সন্মত আৰু এইবিধ তেলে হৃদৰোগৰ পৰাও আমাক ৰক্ষা কৰিব পাৰে।

*কেবা প্ৰকাৰৰো পুষ্টি উপাদানেৰে ভৰা পাম অয়লত আমাৰ শৰীৰৰ কাৰণে আৱশ্যকীয় কেবা প্ৰকাৰৰ ফেটি এচিডৰ মিশ্ৰণো থাকে।

লেখক: কৌশিক শইকীয়া(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.04545454545
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top