মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বহুমূত্ৰ(Diabetes) সম্বন্ধীয় কেইটিমান দৰকাৰী কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহুমূত্ৰ(Diabetes) সম্বন্ধীয় কেইটিমান দৰকাৰী কথা :

বহুমূত্ৰ(Diabetes) সম্বন্ধীয় কেইটিমান দৰকাৰী কথাৰ বিষয়ে লিখা হৈছে ।

 

আপুনি যদি বহুমূত্ৰ ৰোগী বা আপোনালোক পৰিয়ালত কোনোবা এনে ৰোগী আছে তেনেহ’লে নিম্নলিখিত কথাখিনি উচিত। যদিও কিছুসংখ্যক খাদ্যৰ তালিকা সন্নিৱিষ্ট কৰা হৈছে, দৈনন্দিন জীৱনৰ কাম-কাজৰ লগত সামঞ্জস্য ৰাখি, শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ ওপৰত ভিত্তি কৰি, সহজলভ্য শাক-পাচলি, ফলমূলৰ খাদ্যাভ্যাস সাল-সলনি কৰা প্ৰয়োজন।

ক)কি কি নাখাব(Foods to be avoided):

১)সকলো ধৰণৰ ভজা বস্তু, যেনে- পুৰি, পকোৰা, পৰঠা, চিংৰা ইত্যাদি।

২)মিঠাই বা মিঠাই জাতীয় খাদ্য, যেনে- চেনি, গুড়, মৌ, গ্লুক’জ, আইচক্ৰীম, জাম-জেলী ইত্যাদি।

৩)সুৰা বা সুৰা জাতীয় পানীয়, শীতল পানীয়, যেনে- পেপছি, কোকা আদি।

৪)চিগাৰেট, বিড়ি, চাধা আদি।

৫)ফল, যেনে- পকা আম, কল, কঠাল, মাটিকঠাল, আতলচ, নাৰিকল, আঙুৰ, শুকান ফল(বাদাম, কিচমিচ) আদি।

৬)চকলেট, হৰলিক্স(horlicks), বৰ্ণভিটা(bournvita), ঘিউ, মাখন ইত্যাদি।

৭)আলু, মিঠা আলু, কচু, বীট, ৰঙালাউ।

৮)পাউদাৰ গাখীৰ, পেকেট বা বটলৰ গাখীৰ, ম’হ বা ছাগলীৰ গাখীৰ।

৯)ছাগলীৰ মাংস, ব্ৰইলাৰ মুৰ্গী, হাঁহ, পাৰ, হৰিণাৰ মাংস, গাহৰিৰ মাংস।

খ)সীমিত পৰিমাণে খাব(Foods to be taken in restricted amount):

১)গৰুৰ গাখীৰ (ওপৰৰ চামনিখিনি আঁতৰাই ল’ব), গৰুৰ গাখীৰৰ দৈ।

২)প্ৰোটিন- স্থানীয় কুকুৰাৰ মাংস(local chicken), সৰু মাছ(সদায় খাব পাৰে), কিন্তু ডাঙৰ, তেল থকা মাছ কাচিৎহে খোৱা উচিত।

৩)কণী- কেৱল মুৰ্গীৰ কণী খোৱা উচিত। দিনত এটাকৈ সপ্তাহত দুদিন। কণী সিজাই(boiled egg) খাব, তেলত ভাজি নাখাব।

৪)দাইল- বুটৰ দাইল নোখোৱা ভাল। আন সকলো ধৰণৰ দাইল খাব পাৰে।

৫)তেল- ৰন্ধাৰ বাবে সদায় সৰিয়হৰ তেল বা ৰিফাইন তেল ব্যৱহাৰ কৰিব। ঘিউ, নাৰিকল তেল, বাদামৰ তেল ইত্যাদি কেতিয়াও ব্যৱহাৰ নকৰিব। প্ৰতিজন মানুহৰ বাবে দৈনিক ১৫-২০ মি.লি.তকৈ অধিক তেজ ব্যৱহাৰ নকৰাটো বাঞ্ছনীয়।

৬)ফলমূল- সুমথিৰা, আপেল (এটা আপেলৰ আধা সদায় খাব পাৰে), মৌচম্বী, নাচপতি, ক’লা জামু, পনিয়ল, লেতেকু, আমলখি, জলফাই, ৰবাব টেঙা, ডালিম আদি।

৭)আখৈ, মুৰি, ক্ৰীমকেকাৰ বিস্কুট, শুকান ৰুটী(chapati), চেনি নথকা ব্ৰেড( suger less bread) খাব পাৰে।

৮)নিমখ কম খোৱা বাঞ্ছনীয়, কিয়নো বহুমূত্ৰ ৰোগীৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বেছি।

গ)হেঁপাহ পলুৱাই খাব পাৰে(Foods can be taken as much as desired):

১)সেউজীয়া শাক-পাচলি, চালাড(salad) গাজৰ, মূলা, বিলাহী, বেঙেনা, পিঁয়াজ, আলু থকা শাক(lettuce), জিকা, পটন, তিঁয়হ, ধুন্দুলী, ভাত কেৰেলা, তিতা কেৰেলা ইত্যাদি।

২)নেমুটেঙা বা নেমুটেঙাৰ ৰস।

৩)বুট, গোটা মগু(পানীত তিয়াই গজালি ওলোৱা বুট-মগু বেছি ভাল)। কাবুলি বুট নোখোৱা ভাল।

ঘ)শাৰীৰিক ব্যায়াম:

১)দৈনিক ৩০-৪০ মিনিট সময়, সপ্তাহত কমেও ৪-৫ দিন বেগাই খোজ(brisk walking) কাঢ়িব লাগে।

২)চাইকেল চলোৱা(cycling), সাঁতোৰা(swimming), যোগাসন আদি বহুমূত্ৰ(Diabetes) ৰোগীৰ গ্লুক’জ(suger) নিয়ন্ত্ৰণত বহু পৰিমাণে সহায়ক হয়।

ঙ)ভৰিৰ যত্ন:

বহুমূত্ৰ ৰোগীয়ে কেতিয়াও খালী ভৰিৰে খোজ কাঢ়িব নালাগে বা চাইকেল চলাব নালাগে। সদায় কাপোৰৰ জোতা আৰু কটন কাপোৰৰ মোজা পিন্ধি খোজ কঢ়া উচিত। শোৱাৰ আগত সদায় পৰিষ্কাৰ পানীৰে ভৰি ধূই শুকান, কোমল কাপোৰেৰে মচি ল’ব লাগে। আঙুলিৰ মাজৰ ঠাইখিনি সদায় শুকুৱাই ল’ব লাগে। ক’ৰবাত ছাল এৰাই গ’লে বা কটা-ছিঙা হ’লে ততলিকে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।

চ)বহুমুত্ৰ ৰোগীয়ে কেতিয়াও উপবাসে (fast) থাকিব নালাগে বা বেছিকৈ খাব নালাগে।

ছ)মূল আহাৰ(principal meal) সদায় দিনত খাব লাগে।

ৰাতি লঘু আহাৰ খোৱা উচিত। কিয়নো ৰাতি আমাৰ শাৰীৰিক শ্ৰম কম হয়। সদায় পৰিয়ালৰ আন সদস্যৰ লগত বা বন্ধু-বান্ধৱৰ লগত আহাৰ খোৱা উচিত। খোৱাৰ সময়ত টিভি, টেপ, ৰেডিঅ’ আদি বন্ধ কৰিব লাগে আৰু কিতাপ পঢ়িব নালাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(ডাঃ অশ্বিনী বেজবৰুৱা)

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top