মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বাঁহগাজ আৰু স্বাস্থ্য-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাঁহগাজ আৰু স্বাস্থ্য-

বাঁহগাজ আৰু স্বাস্থ্যৰ বিষয়ে লিখা হৈছে

বাঁহ-গাজ আমি কিয় খাব লাগে-

 

এই পোনপটীয়া প্ৰশ্নটোৰ উত্তৰ কিমানজনে দিব পাৰিব তাত মোৰ সন্দেহ আছে ৷ আগতে বাঁহ আৰু বাঁহ-গাজ কি সেয়া জানি লোৱা ভাল ৷ বনস্পতি বিজ্ঞানৰ মতে বাঁহ হ’ল এবিধ ঘাঁহ ৷পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ বিধেই হ’ল বাঁহ ৷ ইংৰাজীত বাঁহক Bamboo বোলে- কানাড়া ভাষাৰ Bambu শব্দৰ পৰা ইণ্ডোনেচিয়া আৰু মলয়সকলে ইংৰাজীলৈ এই শব্দ আমদানি কৰিলে বুলি জনা যায় ৷ বিশ্বত আটাইতকৈ ক্ষিপ্ৰতাৰে বঢ়া বনস্পতিবিধ হ’ল বাঁহ ৷ এডাল বাঁহ গছৰ সৰ্বোচ্চ উচ্চতা ১৫ৰ পৰা ৩৯ফুট ৷ বাঁহ গছ ২৪ঘন্টাত ২৷ ৪ ইঞ্চিৰ পৰা ৩৬ ইঞ্চিলৈকে বঢ়াৰ তথ্য বিজ্ঞানীসকলে লক্ষ্য কৰিছে ৷ বাঁহৰ অনেক প্ৰজাতিৰ ভিতৰত অসমত সাধাৰণতে জাতি বাঁহ আৰু ভলুকা বাঁহ এই দুবিধ বাঁহ সকলোৰে পৰিচিত৷ অসমত উপলব্ধ আন আন কেইটিমান বাঁহৰ প্ৰজাতি হ’ল কাক, বিজুলী, নল, কাঁটা আৰু মকাল ৷

বাঁহক ঘাইকৈ কাগজ, ঘৰুৱা সামগ্ৰী, কেঁচা ঘৰৰ খুটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয় ৷ সৰুৰে পৰা অসমীয়া জন-জীৱনত দেখি অহা বাঁহৰ আন প্ৰয়োগ কিছুমান হ’ল – জেওৰা-বেৰা দিয়া, ছাতি,লাঠি,লাখুটি, টাঙোন, এচাৰি,দুৱাৰ-দাং,পদূলিৰ নঙলা, চকী-বিচনা, বিচনি, চালনি, পাচি,খৰাহি, অসমীয়া শিপিনিৰ আদৰৰ তাঁত-শালৰ নানান সঁজুলি, পাকঘৰৰ সঁজুলি হেতা-ঘোটনি-চামুচ, জুই ফুউওঁৱা বাঁহৰ চুঙা,বাঁহৰ টকা আৰু আন বাদ্য যন্ত্ৰত ব্যৱহাৰ হোৱা যেনে ঢোলৰ বা নাগাৰাৰ মাৰিডাল, বাঁহী বনোৱা ইত্যাদিত ৷ বাঁহৰ পাত গৰু, ম’হ, ছাগলীৰ প্ৰিয় খাদ্য ৷ বাঁহৰ জেং পুখুৰীৰ পোহনীয়া মাছ কেইটাক বগলি-কণামুছৰিৰ পৰা বচাই ৰাখিবলৈ পুখুৰীৰ পানীত দিয়া হয় ৷ বাঁহৰ জেঙত বাৰীৰ কেৰেলা,পটল, স্কোৱাচ, জিকা-ভোল, ধুন্দুলি-কুন্দুলি, পাণ, জালুক, ভেদাইলতা আদি লতায়ো বগাই লমালমকৈ ফল-ফুল দিবলৈ যেন সুখ পায় ৷ গ্ৰামীন জনজীৱনত বহু ঠাইত নৈ পাৰ হবলৈ এতিয়াও সাঁকো আৰু বাঁহৰ দলং ব্যৱহৃত হয় ৷ মেজিৰ ভেলাঘৰতেই হওঁক বা আন সকামতেই হওঁক শুকান বাঁহৰ লাগনি খৰি ব্যৱহৃত হয় ৷ মুঠতে বাঁহৰ প্ৰতিটো অংশই কৃষক সমাজ আৰু আন অসমীয়া গ্ৰাম্য জীৱনৰ অপৰিহাৰ্য্য অংগ ৷জনমে-মৰণে বাঁহ অসমীয়া জন-জীৱনৰ অংগ কেনেকৈ হয় চাওক – সৰুতে আয়ে কোৱা মনত আছে নৱজাতক কেঁচুৱা আৰু মাতৃক সংলগ্ন কৰা নাভিডাল ধাইসকলে কাটিছিল ধাৰ থকা বাঁহৰ চোঁচেৰে ৷ আকৌ মৰণকালৰো সংগী হয় বাঁহৰ চাঙীখন ৷ বিয়া-সবাহত ৰভা আৰু আদৰণি তোৰণ দিবলৈ বাঁহ নহলে নচলে ৷ বিহুৰ বতৰত বাঁহৰ চুঙাদৈ, চুঙা পিঠা কোনে খাই ভাল নাপায় ? গাঁৱৰ চোতালত ঘৰে ঘৰে ধান ৰ’দত শুকুৱাই বাঁহৰ ঢাৰিত ৷ আনহাতে চহৰৰ সুউচ্চ ভৱনৰ নিৰ্মাণৰ ঢালাইৰ কামত বাঁহ নহলেই নচলে ৷ বাঁহগছৰ ফুল আপুনি দেখিছেনে ? বাঁহ-ফুল দেখিবলৈ বৰ ধুনীয়া, পাতল বেঙুনীয়া বৰণৰ ৷ জনবিশ্বাসমতে বাঁহৰ ফুলে দূৰ্ভিক্ষৰ আগজাননী দিয়ে ৷ দৰাচলতে বাঁহৰ ফুলত উৰ্বৰা শক্তিবঢ়োৱা ভিটামিন-ই জাতীয় তত্ব থাকে ৷ বাঁহৰ ফুল ভক্ষণ কৰি এন্দুৰ-ডালশলিয়াৰ বংশ বৃদ্ধি হলে পথাৰৰ শইচত সেইবিলাকে আক্ৰমণ চলাব যাৰ ফলত কৃষকে কমকৈহে শস্য চপাব পাৰিব ৷
এতিয়া বাঁহ-গাজৰ আলোচনালৈ উভটি আহোঁ ৷ বাঁহ-গাজ হ’ল বাঁহ গছৰ গুৰিৰ পৰা নকৈ ওলোৱা কুমলীয়া গজালি বা পুলি ৷ ইয়াক সৰু সৰুকৈ কূটি পাছলি হিচাপে খোৱা হয় ৷ বাঁহ -গাজ কেঁচাতে বা খৰিচা কৰি ভাৰতবৰ্ষ ( ঘাইকৈ অসম) , চীন, জাপান, মান, য়ুগাণ্ডা, নেপাল, ভিয়েটনাম, ইণ্ডোনচিয়া, ফিলপাইনচ আদি অনেক দেশৰ মানুহে আঞ্জা খায়। খৰিচা হ’ল দুবিধ ৷ মাটিৰ কলহত বা চিচাৰ বৈয়ামত নহলে বটলত ভৰাই থ’লে দিনচেৰেকৰ পাছত সেয়া পকে অৰ্থাৎ টেঙা হয়, তাক পকা-খৰিচা বোলে ৷ আকৌ শুকুৱাই ললে সেয়া হয় শুকান বা জিম- খৰিচা ৷
অসমীয়া ভাষাত সততে প্ৰচলিত এটি ফকৰা যোজনা হ’ল : “তোমাৰে বাৰীৰে বাঁহ-গাজ তাৰে কৰিছোঁ খৰিছা, তোমাকে বেচি টকাটো লাভ কৰিছোঁ, কথাটো মন কৰিছা”! ইয়াৰ ওপৰিও অসমীয়াৰ অনেক বিহুগীততো বাঁহৰ উল্লেখ পোৱা যায় ৷ গ্ৰামাঞ্চলত এটা সময়ত প্ৰবচন শুনা গৈছিল – যাৰ নাই বাঁহ তাৰ নাই সাহ ।
বাঁহ-গাজক আন আন ভাষা বা অঞ্চলত মতা নাম হ’ল :- অৰুণাচল (বাঁহচুৰি), মণিপুৰ (উ-চয় আৰু চৈবুম), বাংলা (কোৰিল, বাঁশবেৰুনকৰ), ওৰিয়া (বাঁশচাগাজা), নগালেণ্ড (বাঁশ-টংগা), ঝাৰখণ্ড (সাংধনা), তেলেগু (ভেদেৰু চিগৰু), তামিল ( মুংগিল কুৰুথু),মলয়ালম (মোলানকম্বু), কৰ্ণাটক (কালেলে), মাৰাঠী (কাল্কিপান), মিজো (মাউটুৰাই),পঞ্জাবী আৰু উৰ্দুত (বাঁশ),কাৰ্বি (হেন-আপ, আপথোৰ) , ডিমাচা (মিয়াহ বাইৰে), টাইভাষাত (ন-মান), নেপালী ( তামা), বাংলাদেশত (বাজচুড়),ম্যনামাৰত (মাইট, মিয়াহেইট),চীন ( চুন কী), কোৰিয়া ( জুক চুন), জাপান ( টাকেনকো’), ভিয়েটনাম (মাংগ), স্পেনিচ আৰু ফৰাচীত (বাম্বু), ফিলিপাইনচত (লাবংগ, টাম্বো),ইণ্ডোনেচিয়া (ৰেবুং) আৰু হিন্দী ভাষাত বাঁস বোলে ৷
ইতিহাসত বাঁহ গছৰ বৰ্ণনা – আজিৰ পৰা ৪০০০বছৰ পূৰ্বৰ পৰাই মানুহে বাঁহ-গাজ ভক্ষণ কৰি আহিছে ৷ চীনদেশৰ টাং সাম্ৰাজ্যৰ সময়ত ( খৃষ্টাব্দ ৬১৮ৰ পৰা ৯০৭) বাঁহ-গাজৰ উপকাৰিতা পোন প্ৰথমবাৰৰ বাবে লিপিবদ্ধ কৰা হৈছিল ৷ খৃষ্টাব্দ ১৩৬৮ৰ পৰা ১৬৪৪ চনলৈ চীনত মিং সাম্ৰাজ্য চলিছিল ৷ সেই সময়ৰ ৰচনাৱলীটো বাঁহ-গাজৰ ঔষধি গুণসমূহৰ বৰ্ণনা পোৱা যায় ৷ জাপানত অতীজৰ পৰা বাঁহ-গাজক ‘বনৰ পাচলিৰ ৰজা’ আখ্যা দি অহা হৈছে ৷বাঁহ গাজৰ তৰি-তৰকাৰিয়ে মানুহৰ জীৱনী শক্তি বৃদ্ধি কৰে বুলি জাপানী সকলে বিশ্বাস কৰে আৰু সেয়ে প্ৰতি সাঁজ খাদ্যৰ লগত অন্ততঃ এটুকুৰা হ’লেও বাঁহগাজ তেওঁলোকৰ নিয়মীয়া খাদ্য তালিকাৰ অন্তৰ্ভুক্ত ৷

বাঁহ গছৰ বৰ্ণনা -

 

চিৰসেউজ বাঁহ গছে ধৰাক সেউজী আৰু সুন্দৰ কৰি ৰখাত চিৰকাল এক অনন্য ভূমিকা পালন কৰি আহিছে ৷ এজোপা বাঁহ গছৰ আয়ুস হ’ল ২০বছৰ ৷ সাধাৰণতে গছৰ উচ্চতা ৩৯ফুট হয়, কদাচিত কোনো অঞ্চলত সেই সীমা অতিক্ৰমো কৰা দেখা যায় ৷ গছৰ আকাৰ চিলিণ্ডাৰ দৰে ঘূৰণীয়া হয় ৷ জাতিভেদে সেই ঘেৰা এক ইঞ্চিৰ পৰা ১২ইঞ্চিলৈকে হব পাৰে ৷ বাঁহগছৰ ছালখন মিহি ৷ ফোপোলা বাঁহৰ দুই মূৰৰ গাঠিবিলাকৰ পৰা পাতল,চেপেতা আৰু মিহি পাত ওলায় ৷ গা গছৰ বৰণ সেউজীয়া, কিছু হালধীয়া বা মূগা বৰণৰ হয় ।

প্ৰাপ্তিস্থান –

 

বাঁহগছৰ ঘাই বসতিস্থান হ’ল এচিয়া মহাদেশৰ ভাৰত,বাংলাদেশ, চীন, টাইৱান, জাপান, ভিয়েটনাম, ইণ্ডোনচিয়া, ম্যানমাৰ আদি দেশ ৷ জলবায়ুৰ লগত খাপ নোখোৱা বাবে বাঁহগছ কানাডা, ইউৰোপ, পশ্চিম এচিয়া আৰু এন্টাৰ্কটিকাত ৰোপণ কৰিব পৰা নাযায় ৷
ব’টানিকেল নাম – Phyllostachys edulis, Bambusa vulgaris – জনামতে বিশ্বত বাঁহ গছৰ ১৫৭৫টা প্ৰজাতি আছে আৰু তাৰে ১১০টা প্ৰজাতিৰ বাঁহহে মানুহে খাদ্য হিচাবে ভক্ষণ কৰে ৷


বাঁহ-গাজত কি কি উপাদান থাকে ?


বাঁহগাজ হ’ল কম কেলৰি আৰু বেচি ফাইবাৰযুক্ত বনস্পতি খাদ্য ৷ ১০০গ্ৰাম বাঁহগাজত থাকে মাত্ৰ ২৭ কেলৰি উৰ্জা ৷ আন আন লাগতিয়াল উপাদানসমূহ হ’ল – কাৰ্বোহাইড্ৰেট (৫.২ গ্ৰাম), প্ৰটিন (২.৬গ্ৰাম), ফেট ( ০.৩গ্ৰাম), ডায়েটেৰী ফাইবাৰ (২.২গ্ৰাম) আৰু ক’লেষ্টেৰল হ’ল শূণ্য ৷ বাঁহ-গাজত থকা প্ৰটিনত কমেও ১৯বিধ লাগতিয়াল এমাইনো এচিড থাকে ৷
বাঁহগাজত থকা ভিটামিনসমূহ হ’ল – বি কমপ্লেক্স গোটৰ থায়ামিন,ৰাইবোফ্লেবিন, পাইৰিডক্সিন, পেন্টথনিক এচিড; ভিটামিন – চি, ভিটামিন – এ, ভিটামিন- ই আৰু ভিটামিন-কে ৷ ইলেকট্ৰলাইট – প’টেচিয়াম (৫৩৩মিলিগ্ৰাম), চ’ডিয়াম (৪ মিলিগ্ৰাম) ৷ মিনাৰেলবিলাক হ’ল- কেলচিয়াম, ক’পাৰ, আইৰণ, মেগনেচিয়াম, মেংগানিজ, ফচফ’ৰাচ, জিংক আৰু চেলেনিয়াম ৷ ফাইটো-নিউট্ৰিয়েন্ট : বিটা-কেৰটিন ৷


টেক্সিফাইলিন কি ?


কেঁচা / তাজা বাঁহ-গাজত টেক্সিফাইলিন (Taxiphylline )নামৰ এবিধ প্ৰাকৃতিক বিষাক্ত দ্ৰব্য (Cyanogenic glycoside ) থাকে ৷ কুমলীয়াৰ তুলনাত পূৰঠ বাঁহ-গাজত টেক্সিফাইলিন বেছিকৈ থাকে ৷ জাতিভেদে এই টেক্সিফাইলিনৰ উপস্থিতি কম-বেছি হ’ব পাৰে ৷ ভাল কথাটো হ’ল গৰম পানীৰে ধুলে বা সিজালে এই বিষাক্ত দ্ৰব্য বিনষ্ট হয়৷ এই চাইনাইডৰ উপস্থিতিয়ে দেহৰ কোষৰ নিশ্বাস-প্ৰশ্বাসত বাধা ওপজাব পাৰে ৷
বাঁহ-গাজ খাবলৈ কি দৰে প্ৰস্তুত কৰা হয় ?
অঞ্চলভেদে, দেশভেদে বাঁহগাজ খোৱাৰ প্ৰস্ততিকৰণ পদ্ধতি ভিন্ন ভিন্ন ৷ অসমত বাঁহ-গাজ কূটি খৰিচা বনায় ৷সাধাৰণতে ভলুকা আৰু কাক বাঁহৰ খৰিচা বনায় ৷ খৰিচাৰ স্বাদ মৃদু টেঙা, কেঁচাতে থকা তিতিকি ভাৱটো তাত নাথাকে ৷ সেই খৰিছাৰে মাছৰ জোল, মাছ ভজা, দাইল বা শাকৰ সৈতে আঞ্জা বনোৱা হয় ৷ বৈয়ামত ভৰাই খৰিছা সঞ্চয় কৰিব পাৰি আৰু খৰিছাৰ জুতি লগা আচাৰ বনাব পাৰি ৷আচাৰ প্লাষ্টিকৰ বটলৰ পৰিবৰ্তে চিচাৰ বটল বা বৈয়ামত সংৰক্ষণ কৰিলে বেচি দিনলৈ ভালে থাকে৷ অৰুণাচলী আৰু নগাসকলৰ এবিধ প্ৰিয় খাদ্য হ’ল গাহৰি মাংসৰ খৰিচাৰ সৈতে ৰন্ধা ব্যঞ্জন ৷ কোনোবাই বনায় খৰিচাৰ জলকীয়া, নহৰু,মছলা দি জ্বলা-টেঙা আচাৰ আৰু আন কোনোবাই গুড় বা অমিতা দি মিঠা আচাৰ বনায় ৷অসমত বিভিন্নজনৰ ঘৰত খৰিচাৰে নানা জুতিলগা খাদ্য বনোৱা হয়। বাঁহগাজ কলখাৰৰ সৈতে খাবলৈ বৰ ভাল। শুকান খৰিচাৰে মাগুৰ মাছৰ ফ্ৰাই বৰ সোৱাদ লগা। বাঁহ গাজৰ কঠাল গুটি দি ৰন্ধা খাৰ আৰু খৰিচা দি সনা পুৰা গৰৈ মাছৰ আঞ্জাৰ জুতি মুখত লাগি থাকে।


বাঁহ-গাজ স্বাস্থ্যৰ বাবে কিয় উপযোগী ?


(১) মেদবহুলতা কমোৱাত সহায়ক: ১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয় ৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷
(২) ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা :
বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷
(৩) কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা : গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে ৷
(৪) শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক : বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয় ৷
(৫) পাকপ্ৰণালীৰ উপকাৰিতা : ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷
(৬) মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী ৷
(৭) নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক’লেষ্টেৰল বিলাক কমে ৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে ৷
( ৮) এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে ৷
(৯) বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া – মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়।
(১০) বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী ৷
(১১) বৃশ্চিক আৰু সৰ্প দংশনৰ আয়ুৰ্বেদিক চিকিৎসাত বাঁহ-গাজৰ প্ৰয়োগ হৈ আহিছে ৷বৰলে বিন্ধা, বিছাই ডকা আদিটো বাঁহগাজ প্ৰয়োগ কৰি উপশম ঘটোৱা হয় ৷
(১২) আয়ুৰ্বেদিক চিকিৎসকসকলে হাঁপানী আৰু আন শ্বাসজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহাৰ কৰে ৷
(১৩) চুলি সৰাৰ চিকিৎসাতো বাঁহ-গাজ উপযোগী৷
(১৪) কেতিয়াবা সৰু সৰু ল’ৰা ছোৱালীৰ শৌচদ্বাৰেদি (বিশেষকৈ গ্ৰাম্যাঞ্চলত) জোক সোমাই যায় । তেতিয়া অলপমান খৰিচা খুৱাই দিলে জোক বাহিৰলৈ ওলাই আহে । হাল বাওতে গৰুৰ নাভিত জোক সোমালে খৰিচা খুৱালে জোক এৰাই বাহিৰ হয় ৷
বাঁহ-গাজ খোৱাত কোনে সতৰ্কতা লব লাগে ?
গতিকে ওপৰৰ আলোচনাৰ পৰা গম পোৱা গ’ল যে বাঁহ-গাজ খালে পুৰণি ৰোগ বাঢ়িব, চুলি সৰিব, বাত বিষ হব, উচ্চ ৰক্তচাপ হব আদি ভুল ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ৷ বাঁহ-গাজ খাই এলাৰ্জি হোৱা অতি দূৰ্লভ ৷ স্তনপান কৰাই থকা মাতৃয়েও বাঁহগাজ নিৰ্ভয়ে খাব পাৰে ৷
কেঁচাকৈ গৰম পানীৰে নোধোৱাকৈ বাঁহ-গাজ কেতিয়াও সেৱন কৰিব নালাগে ৷
গৰল, থাইৰয়ডৰ টিউমাৰ আৰু হাইপোথাইৰইডৰ ৰোগীয়ে বাঁহ-গাজ নোখোৱাটোৱেই মংগলজনক ৷


বাঁহ-গাজ বিশ্বৰ বজাৰত কি দৰে উপলব্ধ ?


কেঁচা বাকলি থকা বাঁহগাজ অসমৰ হাটসমূহত প্ৰায় বিক্ৰী হোৱা বেচ দেখা যায় ৷ গুৱাহাটী-শ্বিলং ৰ’ডত বৰাপানীৰ পৰা বৰ্ণিহাটলৈ ঘাইপথৰ দাঁতিত প্ৰায় গোটেই বছৰটোৱেই মুঠা মুঠাকৈ বাঁহ-গাজ বিক্ৰী হৈ থকা দেখা যায় ৷ অসমৰ বাহিৰত হয়তো এনে দূশ্য সুলভ নহব পাৰে ৷ মধ্যপ্ৰাচ্যৰ চুপাৰ মাৰ্কেটৰ শাক-পাচলিৰ বিপণীত বাকলি থকা কেঁচা বাঁহগাজ বিক্ৰী হোৱা দেখা যায় ৷ লগতে দেখা যায় টিনত বা বটলত ভৰোৱা ডোখৰ ডোখৰ কৰা বাঁহ-গাজ, আচাৰ,জেলি,চুপ আদি ৷ এই ৰেডিমেড সামগ্ৰীবোৰ আহে চীন,টাইৱান, ফিলিপাইনচ,জাৰ্মানী আদি দেশৰ পৰা ৷

লেখক:-ডা০ ভূপেন শইকীয়া

3.02777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top