মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বাদাম আৰু মাহজাতীয় খাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাদাম আৰু মাহজাতীয় খাদ্য :

বাদাম আৰু মাহজাতীয় খাদ্যৰ বিষয়ে লিখা হৈছে ।

 

অকণিহঁত। তোমালোকক আজি বাদাম আৰু বুট-মগু আদি মাহজাতীয় খোৱা বস্তু কেইবিধমানৰ কথা ক’ম।

বাদাম খাই তোমালোকে ভাল পোৱা নহয় জানো? কাজু, আখৰোট, নাৰিকল- এইবিলাকো বাদামজাতীয় বস্তুৰ ভিতৰত পৰে। পিছে তোমালোকক এতিয়া ক’ব খুজিছো- আমি সহজতে কম খৰচতে পাব পৰা সাধাৰণ বিধ বাদামৰ কথা।

বাদামক ইংৰাজীত বোলে ‘গ্ৰাউণ্ড নাট’ বা ‘পি-নাট’ বা ‘মাংকিনাট’ আৰু হিন্দীত বোলে মুংগফলি।

বাৰু, বাদাম গছ তোমালোকে ক’ৰবাত কেতিয়াবা দেখিছানে? বহুতেই দেখাই নাই চাগে। আলুগুটিৰ খেতিৰ নিচিনাকৈ বাদামৰ খেতি কৰা হয়।

অসমৰ খেতিয়কসকলে এতিয়ালৈকে এই খেতিত হাত দিয়া নাই। অসমত নহ’লেও ভাৰতৰ বহুতো ৰাজ্যত বাদাম খেতি বৰ ভাল হয়।

বাদামৰ আদিভূমিত আছিল খেতি বৰ ভাল হয়। বাদামৰ আদিভূমি আছিল দক্ষিণ আমেৰিকাৰ ব্ৰাজিল। পৰ্তুগীজসকলেই পোনপ্ৰথমে এই খেতিৰ সঁচ পৃথিৱীৰ আনবোৰ দেশলৈ বিয়পায়।

বাদাম গছবিলাকৰ এটা মজাৰ কথা আছে। কওঁ শুনা- গছবিলাক বৰ বেছি এফুট ডেৰফুটমান ওখ হয়। গুটি গুজি দিয়াৰ দুমাহমানৰ পিছত গছবিলাকত ফুল ধৰে।

সময়ত ফুলৰ পাহিবিলাক সৰি গৈ তাত সৰু সৰু গুটি ধৰে। তাৰ পিছতে আমোদজনক কথাটো হয়। গুটিৰ ঠাৰিবিলাক ক্ৰমে দীঘল হৈ হৈ তললৈ দোঁ খাই আহে আৰু এটা সময়ত সিহঁত তলৰ কোমল মাটিৰ তললৈ সোমাই যায়গৈ। সোমাই গৈ তাতে পূৰঠ হয়।

গুটি পূৰঠ হ’লে গছবিলাক হালধীয়া ৰং ধৰি মৰি যায়। মানুহে তেতিয়া গছে-গুটিয়ে উভালি নি কিছুদিন ৰ’দত দিয়েগৈ।

ৰ’দত ভালকৈ শুকালে বাদামবিলাক বেলেগ কৰি বস্তাত ভৰাই বজাৰলৈ পঠাই দিয়ে। ক’ৰবাতনো বাৰু এনেকুৱা কথা দেখিছানে, ওপৰত ফুল ধৰে আৰু গুটি ডাঙৰ হয়গৈ মাটিৰ তলত। বাদামৰ বেলিকা কিন্তু সেইটোৱেই হয়।

বাদামত সৰহকৈ থাকে চৰ্বি আৰু থাকে গাত বল-শক্তি হোৱা বস্তু প্ৰোটিন বা মাংসাহাৰ। ইয়াৰ উপৰিও কিছু পৰিমাণে থাকে ‘বি’ ভিমামিন, কেলচিয়াম, ফচফৰাচ আৰু লৌহ পদাৰ্থ।

বাদাম নানা প্ৰকাৰে খাব পাৰি। কেঁচাই খাব পাৰি, ভাজি খাব পাৰি(বাকলিৰে সৈতে), আকৌ গুড়ৰ লগত মিলাই পিঠাৰ আকাৰ কৰিও খাব পাৰি। কিন্তু মানুহে যে সৰহকৈ বাদাম খেতি কৰে, কিহৰ বাবে কৰে বাৰু জানেনে?- তেলৰ বাবে।

সৰিয়হৰ পৰা যেনেকৈ মিঠাতেল বা খোৱাতেল কৰে, তেনেকৈ বাদামৰ পৰাও খোৱাতেল অৰ্থাৎ বাদাম তেল উলিয়াই লয়।

*কৰ্ণাটক,

*মধ্যপ্ৰদেশ,

*মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ মানুহে বাদাম তেলহে বেছিকৈ খায়।

বাদাম তেল চাবোন তৈয়াৰ কৰোতেও ব্যৱহাৰ কৰা হয়। তেল পেৰাৰ পিছত যিবিলাক খলিহৈ ওলায়, সেইবিলাকত সৰহকৈ প্ৰোটিন খাদ্য থাকে।

খলিহৈ গৰু-ম’হৰ খাদ্য। এইবিলাক মানুহে খাব পৰাহেঁতেন বৰ কামত আহিলহেঁতেন, পিছে অকটা গোন্ধ এটা আছে বাবে মানুহে খাব নোৱাৰে। এনে প্ৰোটিনযুক্ত বাদামৰ খলিহৈ খালে গৰু-ম’হবোৰ নোদোকা হৈ পৰে।

জাৰৰ দিনত তোমালোকে ভজা বাদাম খাই বৰ ভালপোৱা, নহয়নে? বাৰু খাবাহঁক। পিছে খাবলৈ কৈছো যদিও এটা হিচাপতহে খাবা কিন্তু, সৰহকৈ এসোপা খাব নোৱাৰা হ’লে। তদুপৰি খাওঁতে ভালকৈ চোবাই গুড়ি কৰিহে খাবা, তেতিয়াহে পেটত জীণ যাব।

তোমালোকক কৈছোৱেই নহয় যে বাদামক ইংৰাজীত মাংকিনাট বোলে- কাৰণ কি জানা? বান্দৰে বাদাম খাই বৰ ভাল পায়।

চিৰিয়াখানাৰ বান্দৰবিলাকে কোচত বাদাম লৈ বাকলি গুচাই গুচাই খাই থকা দেখিছা চাগে’। ডেৰগাঁৱৰ ওচৰত থকা নেঘেৰিটিঙৰ শিৱ দ’ললৈ তোমালোক বাৰু কেতিয়াবা গৈছানে? নেঘেৰিটিঙৰ শিৱদ’লত ঢেৰ বান্দৰ আছে- মানুহ গ’লেই সিহঁতে খোৱাবস্তু বিচাৰি ওচৰ পায়হি। নেঘেৰিটিঙলৈ গ’লে সিহঁতলৈ বাদাম নিবলৈ নাপাহৰিবা কিন্তু!

বাৰু বাদামৰ কথা ইমানতে এৰি এতিয়া মাহজাতীয় বস্তু কেইবিধমানৰ কথা কওঁ। মাহজাতীয় খাদ্যবিলাক হ’ল-

*বুটমাহ,

*মগুমাহ,

*মচুৰ মাহ,

*ৰহৰমাহ,

*মাটিমাহ এইবিলাক।

চয়াবিন আৰু লেচেৰামাহো মাহজাতীয় খাদ্য। মাহজাতীয় খাদ্যত সৰহকৈ প্ৰোটিন আৰু ‘বি’ ভিটামিন থাকে। তোমালোকে যে দাইল খোৱা, এই দাইল শক্তিকাৰক প্ৰোটিনেৰে ভৰা।

আগৰ দিনত বিলাতৰ ফালৰ মানুহে দাইলক ‘The poor man’s meat’ মানে দুখীয়া মানুহৰ বাবে মাংস বুলি আখ্যা দিছিল। অৰ্থাৎ মাংস খালে যিমান বলশক্তি হয়, দাইল খালেও প্ৰায় সিমান বল-শক্তি হয়।

ইয়াৰ ভিতৰতে কিছুমান ধৰা- বুটমাহ, মগুমাহ, মটৰমাহ এইবিলাক কেঁচাই খাবলৈয়ো ভাল। বজাৰৰ বেয়া তেল-ঘিউত ভজা বস্তুবিলাক খোৱাতকৈ যদি তোমালোকে পানী খোৱা ছুটীত কেঁচা বুট আৰু কল একোটা খোৱাৰ ব্যৱস্থা কৰিব পাৰা- বৰ ভাল কথা হয়।

আমাৰ অসমৰ নামঘৰ আৰু মন্দিৰত দিয়া প্ৰসাদখিনি কিমান ধুনীয়া বস্তু চোৱাচোন। গোটেই পৃথিৱী ঘূৰি আহা- তুমি এনেকুৱা সুন্দৰ প্ৰসাদ ক’তো নোপোৱা।

বুট, মগু, কল, কুঁহিয়াৰ, নাৰিকল, আদা- তাকো দিয়া হয় ধুই অনা পৰিষ্কাৰ কলপাতত। কিন্তু ইয়াতে তোমালোকক এটা কথা ক’ব লগা আছে। কেঁচাই খোৱা এই মাহবিলাক খাওঁতে ভালকৈ চোবাই গুড়ি কৰি খাব লাগে, নহ’লে ভালকৈ হজম নহয়।

গজালি ওলোৱা বুট-মগু বৰ ভাল বস্তু। গজালি ওলোৱা মাহত প্ৰচুৰ পৰিমাণৰ ‘চি’ ভিটামিন থাকে। আমি নামনি অসমত মাহ-প্ৰসাদক ‘গাজী’ বুলিও নকওঁ জানো?

সকলোবিলাক মাহ বা দাইল অসমত নহয় মাটিকলাই কিন্তু অসমৰ সকলো ঠাইতে হয়। অসমীয়া মানুহে জুতি লগাকৈ বিধে বিধে মাটিমাহৰ আঞ্জা কৰি খাব জানে।

মাটি মাহৰ খাৰ, চোকোৰা গুচাই ঔটেঙা দি ৰন্ধা টেঙা আঞ্জা, মাটি মাহৰ ঘিলা বা বড় আৰু যে কত কি!

মাহনি বাৰীত বাৰু তোমালোকে কেতিয়াবা সোমাই পাইছাহঁক নে? দীঘল দীঘল চিৰাৰে কেঁচা, কোমল, সেউজীয়া মাটি মাহ গুচাই গুচাই খাবলৈ আঃ কিমান যে ভাল লাগে। এনেয়েনো মানুহে কয়নে বোলে-

‘মহন্তৰ চিন মাহনিত

বুঢ়া গৰুৰ চিন ঘাঁহনিত’।

মাহনিত সোমালে হেনো লোভ নোহোৱা সাধু মহন্তৰো মুখলৈ পানী আহে। তাতহে আচল মহন্ত আৰু ভুৱা মহন্তৰ চিন ওলায়।

মাটিকলাইৰ খাদ্যমূল্য আন দাইলতকৈ কোনো গুনে কম নহয়। প্ৰোটিন আৰু ভিটামিন ‘বি’ মাটিমাহত যথেষ্ট পৰিমাণে থাকে। নিজৰ বস্তু আমি খাবই লাগে, নহয় জানো?

মচুৰ দাইল ভাৰতৰ অন্যান্য বহুতো ৰাজ্যত হয়, অসমত ইয়াৰ খেতি নহয়। মচুৰ দাইল অৱশ্যে পূৰ্বতে আমাৰ দেশৰ বস্তু নাছিল। ভূ-মধ্য সাগৰৰ পাৰৰ দেশবিলাকতহে পহিলাতে এই খেতি হৈছিল। তাৰ পিছত আন আন দেশবোৰলৈ ইয়াৰ সঁচ অনা হ’ল।

এইটোও অৱশ্যে বহুবছৰ আগৰ কথা। এতিয়া কিন্তু সকলোতকৈ ভাল মচুৰ দাইল উৎপন্ন কৰে ভাৰতে আৰু কৰে ইজিপ্তে। পকা সুমথিৰা ৰঙৰ, দেখিলেই ‘মোৰ খা’, ‘মোক খা’, কৰা মচুৰ দাইল ভাৰতে আন আন দেশলৈ ৰপ্তানি কৰে।

ইয়াৰে এবিধ সেউজীয়া ৰঙৰো আছে। মচুৰ দাইলৰ গুণাগুন আন দাইলৰ সৈতে একে। প্ৰোটিন আৰু ‘বি’ ভিটামিনেৰে ভৰা।

আৰ এবিধ বস্তুৰ কথা নক’লে আজিৰ কথাখিনিয়েই আধাখনীয়া হ’ব। কি বস্তু বাৰু?- চয়াবিন। পৃথিৱীত এনে এবিধ উদ্ভিদজাত খোৱা বস্তু নাই, য’ত চয়াবিনৰ সমান প্ৰোটিন থাকে। চয়াবিনত শতকৰা ৪০ ভাগ প্ৰোটিন থাকে, আনবোৰ দাইলত শতকৰা ২০ ভাগহে থাকে।

চয়াবিনত চৰ্বি আৰু ‘বি’ ভিটামিনো প্ৰচুৰ পৰিমাণে থাকে। চয়াবিন পূৰ্বতে ক’ৰ বস্তু আছিল- তোমালোকে বাৰু জানানে? চয়াবিন অতীজতে চীন দেশৰ বস্তু। কেইবাহেজাৰ বছৰৰ আগৰে পৰাই চীনা মানুহে চয়াবিন খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে।

মুখত ৰুচি লগোৱা ব্যঞ্জন বিধে বিধে তৈয়াৰ কৰিব পৰাত চীনাৰান্ধনীৰ খ্যাতি পৃথিৱীজোৰা। এনে চীনা ৰান্ধনীৰ আখলত চয়াবিন নহলেই নহয়।

চয়াবিন ভালবস্তু বুলি খাদ্যবিজ্ঞানীসকলে প্ৰচাৰ কৰিলতহে পৃথিৱীৰ আনবিলাক দেশৰ মানুহেও ইয়াৰ খেতি কৰিবলৈ ল’লে।

এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ আৰু ভাৰতবৰ্ষতো চয়াবিনৰ খেতি কৰিবলৈ লোৱা হৈছে। আমাৰ ইয়াত চয়াবিনৰ খেতি নহয় যদিও বজাৰত লাডু কৰা শুকান চয়াবিন টেমাত বা পলিথিনৰ মোনাত কিনিবলৈ পোৱা যায়।

চয়াবিন খালে মাছ-মাংস খাবৰ কোনো প্ৰয়োজন নাই আৰু ভালকৈ ৰান্ধিলে খাবলৈয়ো মাংসৰ আঞ্জাৰ নিচিনাই জুতি লগা হয়।

লেখক: ডাঃ গকুল বৰা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top