মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বাদামৰ পুষ্টি আৰু ঔষধী গুণ -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাদামৰ পুষ্টি আৰু ঔষধী গুণ -

বাদামৰ পুষ্টি আৰু ঔষধী গুণৰ বিষয়ে লিখা হৈছে ।

"বাদাম"-ৰ খেতি অসমত কম সংখ্যক কৃষকে কৰে যদিও দোকানে পোহাৰে সহজে উপলব্ধ ভজা বাদাম মুখৰ জুতি বা সময় কটোৱাৰ বাবেই হওক ই আমাৰ সকলোৰে প্ৰিয় খাদ্য ।

পিছে বাদামৰ পৰা পোৱা জুতিৰ লগতে কি কি পুষ্টি আৰু ঔষধী গুণ পাওঁ জানো আহক
বাদাম কেবাজাতৰো আছে । সেইমতে দামো ভিন ভিন । সচৰাচৰ কিছু সস্তাতে পোৱা বাদাম (মুংগফলী-ground nut বা pea nut) -ৰ বিষয়ে আলোচনা কৰোহঁক ।


পৌষ্টিক উপাদান -

দেহৰ উপযোগী ,ভিটামিন (বি,ই , ডি)কেলচিয়াম,পটেচিয়াম,মেগনেচিয়াম ,কপাৰ ,আইৰন ,জিংক,চডিয়াম,ফাইবাৰ,এন্টি অক্সিডেন্ট,ওমেগা৬ আদি শৰীৰৰ প্ৰয়োজনীয় সকলো সুক্ষ্ম পৌষ্টিক তত্বৰে ভৰপুৰ ।
লগতে গাখীৰ, ঘী,মাছমাংস,ফলাদিৰ সমতুল্য খাদ্যপ্ৰান , ধাতৱ লবন, স্নেহ পদাৰ্থ,প্ৰটিন,মিনাৰেল , কেলৰী ,কাৰ্বোহাইড্ৰেট আদি দেহৰ বল-শক্তিদায়ক পুষ্টি গুণ আছে।
অধিক গুণাগুণ লাভৰ বাবে সেৱনবিধি:-
বেচিভাগ ক্ষেত্ৰত ভজা বাদাম আমেজ বা জুতিৰ বাবেই খোৱা হয় যদিও ইয়াৰ সম্পুৰ্ন ঔষধী বা পুষ্টিগুন পাবলৈ কেচা বা কমকৈ ভজা বাদাম পানীত ৫-৬ ঘ:তিয়াই বা ৰাতি তিয়াই থৈ ৰাতিপুৱা চোবাই খাব নাইবা খিচিৰি ,পায়স,ক্ষীৰ ,হালোৱা আদিত মিহলাই খাব নাইবা ৰুগীয়া বা লৰাছোৱালীক গুড়ি কৰি গাখীৰত মিহলাই খুৱাব পাৰে ।
উৎকৃষ্ট গুণাগুণৰ বাবে মৌ বা গুড়ৰ লগত খাব পাৰে ।
বাদাম গুটিৰ ৰঙা বাকলি গুচাই খাব । খৰ বা কঢ়াকৈ ভজা বাদাম নোখোৱাই ভাল ।
মাত্ৰা বয়স অনুসৰি ১০ৰ পৰা ৬০ গ্ৰাম প্ৰতিদিন । কমকৈ খোৱা অভ্যাস কৰি লাহে লাহে বঢ়াব ।
বাদামৰ গুণাগুণ
১। ভিজোৱা বা আহাৰত মিহলাই খোৱা বাদামে পাচন ক্ৰিয়া মজবুত কৰে । পেটৰ সকলো প্ৰকাৰ ৰোগত -অজীৰ্ন, বায়ু পিত্ত , শৌচকচা , এচিডিতি আদিৰ বাবে উপকাৰী ।
২। ৰক্তহীনতা ৰোগীৰ ৰক্ত পৰিস্কাৰ আৰু ৰক্ত বৃদ্ধি কৰে । কফৰ বাবে উপকাৰূ
৩ । ইয়াত থকা কেলচিয়াম আৰু ডি ভিটামিনে হাড়ৰ গঠন আৰু বিষ নাশ কৰে । নখ, চুলি, চকু আৰু দাঁতৰ বাবে হিতকাৰী ।
৪। বহুমুত্ৰ ৰোগীৰ বাবে কম কম মাত্ৰাত খোৱাতো উপকাৰী।
ৰক্তচ্চাপ স্বাভাৱিক কৰায় (উচ্চ ৰক্তচ্চাপ ৰোগীয়ে বেচিকৈ নাখাব ।)
৪ ।পেটৰ (কল'ন) কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰে।
৬। কোলেষ্ট্ৰল আৰু হৰমোন নিয়ন্ত্ৰন কৰে।
হৃদৰোগ প্ৰতিৰোধ কৰে।

৭।গৰ্ভৱতী মাতৃ ও গৰ্ভস্থসন্তানৰ স্বাস্থ্য তথা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । আইৰন আৰু কেলচিয়ামৰ অভাৱ দুৰ কৰে । দিনে ৫০ গ্ৰাম ভিজা বাদাম চোবাই নাইবা আহাৰ খোৱাৰ পিচত খাব । লগতে কিছুপৰিমানে গুড় খাব পাৰে ।
৮। যৌনসুখ আৰু সুস্বাস্থ্যৰ বাবে উপকাৰী ।
৯। বাদামে ভোক কমায় । সেয়ে অতি ভোজন প্ৰিয় ব্যক্তিয়ে ভোজনৰ আগে আগে বাদাম খাব পাৰে (বেচিকৈ নাখাব)
১০। চুলি আৰু চালৰ সকলো ৰোগৰ বাবে উপকাৰী । কেচা বাদাম মিহিকৈ বতি গোলাপজলসহ চালত ঘহি আধাঘন্টা পিচত ধুলে চাল মসৃন হয় ।
১১। ভিজোৱা বাদাম গাখীৰ ,মৌ বা গুড় মিহলাই খালে দুৰ্বল আৰু ক্ষীনকায় ব্যক্তিৰ বাবে হিতকাৰী পথ্য ।
১২। ব্যায়াম, জিম,যোগাসন, কচৰত কৰা লোক বা
লৰাছোৱালীৰ সুস্বাস্থ্যৰ বাবে ভিঝোৱা বাদাম
অতি পুষ্টিদায়ক খাদ্য । অঙ্কুৰিত মুগ বা বুতৰ লগত খাব পাৰে ।
১৩ । গাখীৰ মাছমাংস বা ফলাহাৰ আদিৰ অভাৱত পুষ্টিহীনতাত ভোগা ব্যক্তি,মাতৃ বা ছাত্ৰছাত্ৰীয়ে বিকল্প পৰিপুষ্টিৰ বাবে ভিজোৱা বাদাম নিয়মিত খাব পাৰে।
১৪ । মুঠতে লৰা , ডেকা,বুঢ়া ৰোগী নীৰোগী সকলো লোকৰ বাবে বাদাম শক্তি দায়ক বলকাৰক আৰু ৰোগ প্ৰতিৰোধক খাদ্য।
মনত ৰাখিব:
কোনো লোকে বাদাম খাই এলাৰ্জী অনুভৱ কৰিলে বা সকলো সময়তে দেহত গৰম অনুভৱ কৰা লোকে নাখাব ।
বুকু জলাপোৰা কৰা , পিত্ত ৰোগত ভুগী থকা, অতি ওজন আৰু শকত লোক বা ৰোগ বিশেষে চিকিৎসকক নুসুধাকৈ বাদাম নাখাব
অধিক মাত্ৰাত বাদাম কেতিয়াও নাখাব।


লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top