মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বিট ৰুটৰ উপকাৰীতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিট ৰুটৰ উপকাৰীতা :

বিট ৰুটৰ উপকাৰীতাৰ বিষয়ে লিখা হৈছে ।

 

বিট এনে এক পাচলি যাক ৰান্ধি আঞ্জা হিচাবে, কেঁচাই চালাদ হিচাবে আৰু জুচ উলিয়াই খাব পাৰি। ইয়াৰ সেৱনে শৰীৰৰ ৰক্তহীনতা দূৰ কৰে। কিন্তু বিটৰ পৰা আৰু কি উপকাৰ পাব পাৰি জানো আহক।

১)লিভাৰৰ ফেট বা চৰ্বি নোহোৱা কৰে।

২)অন্ত্ৰত জমা হোৱা দূষিত পদাৰ্থ নিস্কাষণ কৰে।

৩)দৃষ্টি শক্তি বঢ়ায়।

৪)ৰক্ত সঞ্চালন নিয়মীয়া কৰে। উচ্চ ৰক্তচাপ ৰোগীৰ বাবে অমৃত তুল্য।

৫)দিনটোৰ বাবে এনাৰ্জীৰ যোগান ধৰি শৰীৰ তজবজিয়া আৰু কাৰ্য্যক্ষম কৰি ৰাখে।

৬)বিটত থকা Betaine আৰু Tryptophan নামৰ দূৰ্লভ পদাৰ্থ দুবিধে স্নায়ুতন্ত্ৰ বা Nerves system শান্ত কৰি ৰাখে অৱসাদ দূৰ কৰে।

৭)ইয়াৰ ant inflammatory আৰু anti oxidantsৰ পৰিপূৰ্ণতাই free radicals নোহোৱা কৰি over all সু-স্বাস্থ্য প্ৰদান কৰে।

আজি বিট ৰুটৰ দ্বাৰা লিভাৰৰ চৰ্বি আৰু আৰু অন্ত্ৰৰ দূষিত পদাৰ্থ নাইকিয়া কৰাৰ ব্যৱস্থা জানো আহক।

১)বিট - ২ টা

২)পিয়াজ - ২ টা

৩)তিল বা জলফাই তেল- ১ চামুচ।

৪)ভিনেগাৰ ১ চামুচ

৫)কলানিমখ- স্বাদানুসাৰে।

বিট, পিয়াজ কাটি ভিনেগাৰ, তেল আৰু কলানিমখ মিহলাই আহাৰৰ এঘণ্টা আগত ভালদৰে চোবাই খাওক। এমাহৰ ভিতৰত আপোনাৰ শৰীৰ তজবজিয়া, লিভাৰ সুস্থ, ৰক্তচাপ নিয়ন্ত্ৰিত, দৃষ্টি শক্তি উন্নত আৰু হৃদপিণ্ড সবল হব। চাহ, চেনী, ময়দা আৰু নিমখ নাখাব।

ইয়াৰ কোনো পাৰ্শপ্ৰতিক্ৰিয়া নাই। কিন্তু যি সকলৰ পাচন শক্তি অতি দুৰ্বল তেনে লোকে কুষ্ঠকাঠিন্য অনুভৱ কৰিলে দিনত এগিলাচ ছাছত আধাচামুচ জিৰা আধাচামুচ জনিগুটি বা আজৱাইন আৰু কলানিমখ মিহলাই খাব। ৰাতি এচামুচ সৰুশিলিখাৰ গুৰি গৰমকৰি পানীৰ লগত খাব।

চুগাৰ ৰোগীয়ে বিট খাবনে নেখাব?

বিটত Hypo glycemic effect আছে যাৰ কাৰণে তেজৰ পৰা শৰ্কৰাৰ পৰিমাণ কমে। গতিকে চুগাৰ ৰোগীয়েও ইয়াক সেৱন কৰিব পাৰে। তথাপি ব্যৱহাৰ কৰাৰ আগত আপোনাৰ ডাক্তৰ বা ডায়েটিচিয়ানৰ পৰামৰ্শ লব।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top