মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বিভিন্ন গছ-লতাৰ ঔষধি গুন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন গছ-লতাৰ ঔষধি গুন

বিভিন্ন ফলৰ ঔষধি গুন লিখা হৈছে

গ্ৰীষ্মকালীন ফল কঁঠাল


কঁঠাল অসমৰ গাঁও-চহৰ সকলো বাৰীত উপলব্ধ এবিধ সহজলভ্য গছ। ই এবিধ উৎকৃষ্ট গ্রীষ্মকালীন ফল। ইয়াৰ ইংৰাজী নাম জেক ফ্ৰুইট (Jack Fruit)। কঁঠাল চিৰহৰিৎ উদ্ভিধ। এইবিধ উদ্ভিদ প্রায় ১৫-২০ ফুটমান ওখ হয়। ইয়াৰ পাতবোৰ নিমজ নহয়। ফলবোৰ সাধাৰণতে আয়তাকাৰ গোল। ফলৰ বাকলি অংশত অলপ জোঙাল সৰু-সৰু কাঁইট থাকে। পকা কঁঠালৰ ভিতৰত হালধীয়া বৰণৰ সোৱাদেৰে ভৰা ফোটা থাকে। এই ফোটাবোৰৰ ভিতৰত গুটি থাকে। গুটিবোৰ টান। পকা কঁঠালৰ ফোটবোৰ মিঠা আৰু ৰসাল৷ কেঁচা কঁঠাল তৰকাৰি ৰান্ধি খাব পাৰি। কঁঠালৰ গুটিবোৰো ভাজি বনাই, দাইলত দি নাইবা মাছেৰে আঞ্জা ৰান্ধি খাব পাৰি। কঁঠাল গুটিৰ খাৰো উপাদেয় ব্যঞ্জন। কঁঠাল বৰ পুষ্টিকৰ ফল। অৱশ্যে কঁঠালত থকা গোন্ধৰ বাবে বহুতে কঁঠাল খাব নোখোজে। কঁঠালত ঔষধি গুণো আছে। কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • কেঁচা, পকা উভয়বিধ কঁঠালেই শক্তিদায়ক।
  • কঁঠালৰ কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে।
  • কৌষ্ঠকাঠিন্যত ভোগাসকলৰ বাবে কঁঠাল উপকাৰী। কাৰণ ই শৌচ খোলোচা কৰে।
  • কঁঠালে কর্কট ৰোগ প্রতিৰোধ কৰাত সহায় কৰে।
  • যৌনশক্তি বৃদ্ধিও কঁঠালে অগ্রণী ভূমিকা লয়।
  • কঁঠালে শুক্ৰানুবৃদ্ধিত সহায় কৰে। বিশেষকৈ কঁঠালৰ গুটি খালে শুক্ৰানু বৃদ্ধি হয়।
  • ৰক্তহীনতাত ভোগাসকলৰ বাবে কঠাল উপকাৰী। ই ৰক্ত বৃদ্ধিত সহায় কৰে।

 

সাধাৰণ জিকাৰ অসাধৰণ গুণ


জিকা এবিধ লতাজাতীয় পাচলি। ইয়াৰ পাতবোৰ খহটা৷ ফুলবোৰ হালধীয়া ৰঙৰ৷ ফলবোৰ দীঘলীয়া যদিও কিছুমান থোপোকা জিকাও থকা দেখা যায়। ফল কোমল। ফলত দীঘলীয়াকৈ সিৰ থাকে। কেঁচা অৱস্থাত জিকা সেউজীয়া। পকিলে মাটি ৰঙৰ হয়। জিকাৰ ভিতৰত থকা গুটিবোৰ বগা যদিও পকিলে ক’লা বৰণৰ হয়। জিকা এবিধ পুষ্টিকৰ পাচলি। ইয়াত খনিজ পদার্থ আৰু খাদ্যপ্রাণ যথেষ্ট পৰিমাণে পোৱা যায়। ই নিৰোগী পাচলি। সেয়ে প্রায় সকলো ৰোগীয়ে ইয়াক গ্রহণ কৰিব পাৰে। সেই জিকাৰো পিছে বহু ঔষধি গুণ আছে। তাৰে কিছুমান এনে ধৰণৰ-

  • জিকা খালে কৌষ্ঠকাঠিন্য দূৰ হয়।
  • অন্ত্রমূল ৰোগত আক্রান্ত ব্যক্তিৰ বাবে জিকা সুপথ্য।
  • ছাইনাছাইটিছ ৰোগীৰ বাবেও জিকা উপকাৰী। ইয়াৰ পূৰঠ গুটিৰ পৰা ৰস উলিয়াই ১০-১৫ দিনমান নাকত দিলে সুফল পোৱা যায়।
  • জিকা পিত্তশূল ৰোগীৰ বাবেও উপকাৰী।
  • যিকোনো ছালৰ ৰোগত জিকা সুপথ্য।
  • জিকাৰ পাত পিহি ৩-৪ মাহমান কুণ্ঠ ৰোগ হোৱা ৰোগীৰ ছালত লগালে উপকাৰ পোৱা যায়।
  • পাকস্থলীত ঘা হ’লে মছলা নিদিয়াকৈ জিকা ৰান্ধি খালে উপকাৰ পোৱা যায়।
  • মণ্ড দাইলেৰে ৰন্ধা জিকাৰ তৰকাৰি কলা জ্বৰত আক্ৰান্ত ৰোগীৰ বাবে উপকাৰী।
  • কুকুৰীকণা ৰোগীৰ বাবেও জিকা সুপথ্য।

 

পটলৰ ঔষধি গুণ


পটল এবিধ লতাজাতীয় গছ। ই এবিধ নিৰোগী পাচলি। সকলোৱে পটল খাব পাৰে। এইবিধ উদ্ভিদৰ মাজডোখৰ ফোঁপোলা আৰু মূৰ দুটা জোঙা। ফলৰ গাত পাতল হালধীয়া, দীঘলীয়া দাগ থাকে। কেঁচাতে ইয়াৰ ৰং সেউজীয়া আৰু পকিলে হালধীয়া ৰঙৰ হয়। ই সহজে হজম হয়। পটল সুস্বাদু আৰু পুষ্টিকৰ। হৃদযন্ত্র আৰু মগজুক শক্তি যোগোৱাত পটলে সহায় কৰে। পটলৰ কিছুমান ঔষধি গুণ এনেধৰণৰ—

  • জ্বৰ হ’লে শৰীৰ দুৰ্বল হয়। তেতিয়া পটলৰ পাতৰ ৰস উলিয়াই দুই-তিনি চামুচ ৰসৰ লগত একাপ পানী মিহলাই উতলাই চেঁচা কৰি ২-৩ চামুচকৈ খালে জ্বৰ কমাৰ লগতে শৰীৰটোলৈ শক্তি আহে।
  • ফোঁটা হ’লে পটলৰ পাতৰ ৰস উলিয়াই ফোঁহা হোৱা স্থানত লগালে বিষ নোহোৱা হয় আৰু ফোঁহাৰ ভিতৰত থকা বেয়া তেজ-পুঁজি বাহিৰ হৈ ফোঁহা শুকায়।
  • কেতিয়াবা মুখ গোন্ধায়। তেতিয়া পটল জুইত পুৰি ৰস উলিয়াই মৌৰ লগত মিহলি কৰি কিছু সময় কুলিকুলি কৰি পেলাই দিলে মুখৰ গোন্ধ নোহোৱা হয়।
  • হাত-ভৰিৰ তলুৱা জ্বলা-পোৰা কৰিলে পটলৰ পাতৰ ৰস মৌৰ লগত খালে পোৰণি কমে।
  • গুহ্যদ্বাৰ বাহিৰ ওলালে যষ্টিমধু আৰু পটলৰ পাত সমান পৰিমাণে থেতেলিয়াই ৰস উলিয়াই ছাগলীৰ গাখীৰ মিহলাই গুহ্যদ্বাৰত লগালে ৰোগ নিৰাময় হয়।
  • পটল খালে প্রস্ৰাৱ-পায়খানা খোলোচা হয়।
  • পাকস্থলীৰ ঘাত মছলা নিদিয়া পটলৰ আঞ্জা উপকাৰী।
  • পটল পুৰি ছাই উলিয়াই সেই ছাই বসন্তৰ দাগত ঘঁহিলে দাগ আঁতৰে।
  • কেতিয়াবা নখত অসহ্য বিষ হয়। নখ ফাটি তেজ ওলায়। তেতিয়া পটল পুৰি আগফালে অকণমান কাটি গুটিবোৰ উলিয়াই আঙুলিত পটলটো পিন্ধিলে আৰাম পোৱা যায়।

 

হাড় জোৰা লগোৱা লতাৰ ঔষধি গুণ


হাড় জোৰা লতা এবিধ লতাজাতীয় উদ্ভিদ। হাড় ভাঙিলে বা স্থানচ্যুত হ’লে  সাধাৰণতে গাঁৱৰ মানুহে এইবিধ উদ্ভিদ ব্যৱহাৰ কৰে কাৰণে বোধ হয় ইয়াক হাড়জোৰা লতা বুলি কোৱা হয়। কোনো কোনো অঞ্চলত ইয়াক অস্থি সংহৰি নামেৰেও জনা যায়। এইবিধ উদ্ভিদৰ ডাল থেতেলিয়াই কলপাতেৰে ভগা বা স্থানচ্যুত অংশত লগাই বান্ধি থ’লে সোনকালে হাড় জোৰা লাগে। এই উদ্ভিদবিধৰ পাতবোৰ ঘূৰণীয়া, মিহি আৰু সামান্য দীঘল। লতাডালৰ অলপ দূৰে দুৰে গাঠি থাকে। হাঁড় জোৰা লগোৱাত ব্যৱহাৰ কৰাৰ উপৰি আন কিছুমান ৰোগতো ইয়াক ব্যৱহাৰ কৰা হয়। এইবিধ উদ্ভিদৰ ঔষধি গুণ কিছুমান এনেধৰণৰ-

  • হাড় জোৰা লতাৰ ৰস পানীৰে খালে অর্শ ৰোগ সোনকালে ভাল হয়।
  • বাতবিষ হ’লে হাড় জোৰা লতা থেতেলিয়াই বিষ হোৱা স্থানত লগালে বিষ কমে।
  • কৃমিয়ে অসুবিধাৰ সৃষ্টি কৰিলে হাঁড় জোৰা লতাৰ ৰস কম পৰিমাণে খালে কৃমি বাহিৰ হয় আৰু ৰোগীয়ে আৰাম পায়।
  • কৌষ্ঠ-কাঠিন্যত কষ্ট পোৱাসকলেও হাড় জোৰা লগোৱা লতাৰ ৰস তিনি-চাৰি মিলিলিটাৰমান খালে শৌচ খোলোচা হয়।
  • পুৰুষৰ শুক্র বৃদ্ধিত হাঁড় জোৰা লগোৱা লতাই সহায় কৰে।
  • নাকৰ পৰা তেজ ওলালে হাঁড় জোৰা লতাৰ ৰস উলিয়াই সেই ৰস শুঙিলে তেজ ওলোৱা বন্ধ হয়।
  • ভোক নালাগিলে হাড় জোৰা লগোৱা লতাৰ ৰস আধা চাহ চামুচ তকৈ কমকৈ কেইদিনমান খালে সুফল পোৱা যায়।
  • শাৰীৰিক দুর্বলতা দূৰ কৰাতো হাঁড় জোৰা লগোৱা লতাই সহায় কৰে।
  • ঋতুস্ৰাৱ নিয়মীয়া নহ’লে হাঁড় জোৰা লগোৱা লতাৰ ৰস খালে ঋতুস্ৰাৱ নিয়মীয়া হয়। নাইবা এই লতা শুকুৱাই গুড়ি কৰি কেইদিনমান ২-৩ গ্রামকৈ খালে ঋতুস্ৰাৱ নিয়মীয়া হয়।

 

কাঠফুলাৰো আছে ঔষধি গুণ

 

কাঠফুলা বেছিডিঅ’মাইচেটিছ শ্ৰেণীৰ অন্তৰ্গত এবিধ উচ্চ শ্ৰেণীৰ ভেঁকুৰ। কাঠফুলা উৎকৃষ্ট প্ৰ'টিনসমৃদ্ধ খাদ্য যদিও সঠিকভাৱে খাদ্যৰ উপযোগী হয় নে নহয় চিনাক্তকৰণৰ পাছতহে খোৱা উচিত। পৰাপক্ষত বিজ্ঞানসন্মতভাৱে খেতি কৰা কাঠফুলাহে খাব লাগে। সমগ্র বিশ্বতে ই এক উৎকৃষ্ট খাদ্য যদিও অসমত ইয়াৰ ব্যৱহাৰ কম। কাঠফুলাত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, ভিটামিন, খনিজ দ্রব্য, চৰ্বী আদি পোৱা যায়। তদুপৰি শৰীৰৰ বাবে গুয়োজনীয় কেতবোৰ এমিন' এছিডো কাঠফুলাত পোৱা যায়। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • কাঠফুলাত থকা ভিটামিন ‘ডি’য়ে দাঁত আৰু হাড় মজবুত কৰি ৰাখে।
  • হজমশক্তি বৃদ্ধিত কাঠফুলাই সহায় কৰে।
  • কাঠফুলাত কেলৰি, স্নেহ পদাৰ্থ আৰু কলেষ্টৰেল কম হোৱাৰ বাবে ই হৃদৰোগীৰ বাবে উৎকৃষ্ট খাদ্য।
  • বহুমূত্ৰ ৰোগীয়েও কাঠফুলাত কার্বহাইড্রেটৰ পৰিমাণ কম থাকে কাৰণে ইয়াক গ্রহণ কৰিব পাৰে।
  • কাঠফুলাত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে কাৰণে ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
  • দেহৰ প্ৰতিৰোধ ক্ষমতা কাঠফুলাই বঢ়ায় আৰু এলাৰ্জী ৰোধ কৰে।
  • কাঠফুলা 'ভিটামিন বি কমপ্লেক্স’ৰ প্রধান উৎস। সেয়ে মাংস নোখোৱাসকলৰ বাবেই উৎকৃষ্ট খাদ্য।
  • বর্তমান গৱেষণাৰ পৰা জনা গৈছে যে কৰ্কট ৰোগ প্রতিৰোধ কৰাৰ ক্ষমতা কাঠফুলাত আছে।

 

টেঙা ঔৰ মিঠা গুণ


টেঙা এবিধ চিৰসেউজ গছ। ইয়াৰ ফুলবোৰ ডাঙৰ। ফুলৰ ৰং বগা৷ ইয়াৰ বৈজ্ঞানিক নাম Dillellia indica| ঔটেঙা গৰ্ভাশয়ৰ পৰা সৃষ্টি নহয়। বেটুপাত পাঁচটা মিলি ফল হয়। ঔটেঙা ওখ গছ। ইয়াৰ পাতবোৰ খহটা আৰু দীঘল। সাধাৰণতে বহাগ-জেঠ মাহত ঔটেঙাৰ গছত ফুল ধৰে আৰু ফুলৰ পৰা ফল হয়। ঔটেঙা কোমল অৱস্থাত কেঁচাই খাব পাৰি। কোনো কোনোৱে ৰবাব টেঙা খোৱাৰ দৰে নিমখ, জলকীয়া দি ঔটেঙা কাটি খায়। ইয়াৰ পৰা আচাৰ, চাটনি আদি তৈয়াৰ কৰিব পাৰি। ঔটেঙাৰে ৰন্ধা মাছৰ জোলখন অতি সোৱাদৰ হয়। ঔটেঙাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ

ঔ টেঙাই হজম বৃদ্ধি কৰে।

ঔ টেঙাৰ বখলা শুকাই পুৰি সেই পোৰা ছাইৰ খাৰ পেটৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী।

মুখৰ ৰুচি বৃদ্ধিত ঔটেঙাই সহায় কৰে।

ঔ টেঙাৰ ভিতৰত থকা বীজলুৱা পদার্থৰে মূৰ ধুলে মূৰৰ পৰা উফি আঁতৰে আৰু চুলিৰ সৌন্দর্য বৃদ্ধি হয়। ঔটেঙাৰ কুঁহিপাতেৰে মূৰ ধুলেও একে ফল পোৱা যায়।

গাখীৰতি বনৰ ঔষধি গুণ


গাখিৰতি বন এবিধ বন জাতীয় শাক। ইয়াৰ পাত ছিঙিলে পাতৰ পৰা বগা ৰস ওলায় কাৰণে বোধ হয়৷ ইয়াক গাখীৰতি বন বুলি কোৱা হয়। অঞ্চলভেদে ইয়াৰ নাম বেলেগ বেলেগ হোৱা দেখা যায়। আন শাকৰ লগত মিহলাই এই শাক ৰান্ধি খাব পাৰি। গাখীৰতি বন হাবি-বননি, ঘৰৰ পিৰালি, চোতাল আদিত নিজে নিজে হয়। গাখীৰতি গছ বেছি ওখ নহয়। মাটিৰ পৰা ৫০-৬০ চেণ্টিমিটাৰমানহে ওখ হোৱা দেখা যায়। ইয়াৰ ফুলবোৰ থোপাকৈ হয়। গাখীৰতি গছৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • কম মাত্ৰাত গাখীৰতি বনৰ ৰসে বমি হোৱাত বাধা দিয়ে।
  • সৰু ল’ৰা-ছোৱালীৰ কৃমি হ’লে এই গছৰ ৰস উলিয়াই আধা চামুচতকৈ কম খুৱালে কৃমি কমে।
  • গাখীৰতি বনশাক হিচাপে ৰান্ধি খালে বিভিন্ন যৌন ৰোগ নিৰাময় হয়।
  • পাতৰ পৰা ওলোৱা বগাৰস ছালত হোৱা খুদ খহুত লগালে ৰোগ সোনকালে নিৰাময় হয়। ইয়াৰ গা-গছ পিহি খুন্দ খহুত লেপ দিলেও খং কমে।
  • গাখীৰতি বনৰ গা-গছ, কাণ্ড আৰু পাত পিহি ৰস উলিয়াই কাহ হোৱা ব্যক্তিক খুৱালে সোনকালে কাহ ভাল হয়|
  • বিভিন্ন স্ত্ৰী ৰোগত গাখীৰতি বনৰ কাণ্ড আৰু পাত উপকাৰী।
  • শৌচৰ লগত শাও পৰিলে গাখীৰতি বনৰ গা-গছজোপা পিহি ৰস উলিয়াই সেই ৰস খালে ৰোগ নিৰাময় হয়।
  • পেটৰ বিভিন্ন ৰোগটো গাখীৰতি বন উপকাৰী।

 

ঔষধি গুণেৰে ভৰপূৰ পচতীয়া


পচতীয়া এবিধ চিৰসেউজ উদ্ভিদ। ই চাৰিৰ পৰা দহ-এঘাৰ ফুটমান ওখ হয়। ইয়াৰ পাতবোৰ দীঘলীয়া আৰু বহল। পাতৰ সোৱাদ জ্বলা। পচতীয়াৰ ফুলৰ বৰণ বেঙুণীয়া। ফলবোৰ সৰু গোলাকৃতি। পূৰঠ হ'লে ফলৰ ৰং ক’লা হয়। পচতীয়াৰো ঔষধি গুণ আছে। পচতীয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ—

  • এন্দুৰীয়াঘাহ’লে পচতীয়াৰ পাত আৰু শিপা পিহি ৰস উলিয়াই অকণমান মিঠাতেল মিহলাই ঘাত সানিলে ঘা সোনকালে ভাল হয়।
  • মোচোকা খালে পচতীয়াৰ পাত থেতেলিয়াই লগালে বিষ কমে।
  • পচতীয়াৰ পাত মোহাৰি শুঙিলে নাইবা গাৰুৰ তলত থ’লে মূৰৰ বিষ কমে।
  • বেচু হ’লে পচতীয়াৰ কোমল পাত পিহি তাত তিলৰ তেল মিহলাই ঘা হোৱা অংশত লগালে উপকাৰ পোৱা যায়।
  • পচতীয়াৰ পাত ঘিউত ভাজি খালে স্মৰণ শক্তি বৃদ্ধি হয়।
  • পালা বা তিয়া জ্বৰ হ’লে পচতীয়াৰ পাত পিহি এচামুচ মৌৰ লগত খালে ৰোগ নিৰাময় হয়।
  • পচতীয়াৰ পাত ঢাৰিৰ তলত থ’লে উৰহ কমে।
  • সূতিকা জ্বৰ আৰু ক’লা জ্বৰৰ বাবেও পচতীয়াৰ পাত উপকাৰী।
  • টকৌৱে খোৱা ৰোগত পচতীয়াৰ পাত ব্যৱহাৰ কৰিলে চুলি গজে।
  • প্লীহাবৃদ্ধি হ’লে পচতীয়া পাতৰ ৰস দুই-তিনি চামুচকৈ কেইদিনমান খালে উপকাৰ পোৱা যায়।
  • পচতীয়াৰ পাতেৰে ধোঁৱা দিলে মহ-মাখি কমে।
  • গাঁঠিবাত ৰোগত পচতীয়াৰ পাত, নহৰু আৰু আদা পিহি মালিচ কৰিলে আৰাম পোৱা যায়।
  • যক্ষ্মা ৰোগত পচতীয়াৰ ৰসৰ লগত ঘিউ মিহলাই খালে ৰোগ সোনকালে নিৰাময় হয়।
  • স্নায়ৱিক দুর্বলতাত পচতীয়াৰ পাতৰ ৰস দুচামুচ চেনিৰ লগত খালে ৰোগ নিৰাময় হয়।
  • কাণৰ বিষ, কাণৰ পৰা পূঁজ ওলোৱা ৰোগত পচতীয়াৰ পাতৰ ৰস গৰম কৰি ঠাণ্ডা হ'লে তিনি-চাৰি টোপালকৈ কাণত দিলে উপকাৰ পোৱা যায়।

 

দীপাৱলীত ল’বলগীয়া সাৱধান আৰু প্ৰাকৃতিক চিকিৎসা


দীপাৱলীত দেৱালী পোহৰৰ উৎসৱ। এই উৎসৱ গোটেই ভাৰতবৰ্ষতে উলহ-মালহেৰে পালন কৰা হয়। বিভিন্ন ধৰণৰ ফটকা, ব’ম, ফুলজাৰি জুলাই স্ফুর্তি কৰা হয়। কিন্তু স্ফূৰ্তি কৰিবলৈ যাওঁতে যাতে কোনো দুর্ঘটনা নঘটে, তাৰ বাবে সাবধান হোৱা উচিত। অসাৱধানতাৰ বাবেই প্রতি বছৰ দেৱালীৰ সময়ত ভাৰতবৰ্ষত যথেষ্ট ধন-জনৰ ক্ষতি হোৱা দেখা যায়।

সাৱধানতা

  • ফটকা কিনাৰ সময়ত ইয়াৰ ব্যৱহাৰৰ বিষয়ে অৱগত হোৱা উচিত।
  • বহুতো ফটকা নুফুটিলে ওচৰলৈ গৈ ফটকাটো পৰীক্ষা কৰে। এনে কাম কৰা উচিত নহয়। কাৰণ কিছুমান ফটকা, সেমেকি থাকে কাৰণে পলমকৈ ফুটে।
  • ফটকা জ্বলাবলৈ মমবাতি ব্যৱহাৰ কৰা উচিত।
  • কাঁচৰ বটল, টিঙৰ টেমা আদিত ফটকা ফুটালে শব্দ বেছি হয়। কাৰণ বহুতে এনেদৰে ফটকা ফুটায়। এনে ধৰণৰ কামে বিপদ মাতি আনিব পাৰে। কাৰণ ফটকাৰ লগতে টেমাটোও ফাটি আঘাত পাব পাৰে।
  • সদায় ফটকা জ্বলাওতে কপাহী কাপোৰ পিন্ধা উচিত।
  • বেছি শব্দ থকা ফটকা ফুটোৱা উচিত নহয়। কাৰণ ডাঙৰ শব্দই কাণৰ পৰ্দাত আঘাত
  • ব’ম, ফটকা, চকৰি, কলগছ হাতত লৈ নজ্বলাব।
  • ফটকা কেতিয়াও পকেটত ৰাখিব নালাগে। কাৰণ জুইৰ ফিৰিঙতি পৰি ই জ্বলি যাব পাৰে।
  • খালী চকুৰে ফটকা নজ্বলোৱাই ভাল। চচ্‌মা পিন্ধিলে চকুত আঘাত পোৱাৰ ভয় নাথাকে।
  • ৰকেট বা ডাঙৰ ব’ম জ্বলাওতে সদায় মুকলি ঠাইতহে জ্বলাব লাগে।
  • ফটকা জ্বলোৱা স্থানত বালি বা পানীৰে পূৰ্ণ বাল্টি ৰাখিব লাগে। ফুলজাৰি জ্বলোৱাৰ পাছত সেইবোৰ বালি নাইবা পানীৰ বাল্টিত ৰাখিব লাগে।
  • ফটকা জ্বলাওঁতে যিমান পৰা যায় দূৰত্ব ৰখা উচিত।
  • কাৰো গালৈ ফটকা স্ফূৰ্তিতে দলিয়াব নালাগে।
  • ফটকাত জুই দি তৎক্ষণাৎ আঁতৰি আহিব লাগে।

প্রাথমিক চিকিৎসা

  • দূৰ্ঘটনাবশত: শৰীৰৰ কোনো অংশ জ্বলিলে সেই স্থানৰ কাপোৰ আঁতৰাই দিব লাগে। কিন্তু শৰীৰৰ লগতে কাপোৰো জ্বলি গাত লাগি ধৰিলে সেই স্থানত হাত দিব নালাগে।
  • জ্বলা অংশত বৰফ, পাউদাৰ, ঘি, ক্ৰীম আদি লগাব নালাগে।
  • দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰাব লাগে।

প্ৰাকৃতিক চিকিৎসা

  • শৰীৰৰ কোনো অংশ পুৰিলে তৎক্ষণাৎ সেই স্থানত ঠাণ্ডা পানী ঢালি থাকিব লাগে, যেতিয়ালৈকে পোৰণি নকমে।
  • নাৰিকল তেল বা মিঠাতেল জ্বলা অংশত লগালে সাময়িকভাৱে জ্বলা-পোৰা কমে।
  • জ্বলা অংশত মেথি গুটি পানীৰে বটি লগালেও আৰাম পোৱা যায়।
  • কেঁচা আলু পিহি জ্বলা অংশত লগালেও পোৰণি কমে।
  • বৰগছৰ পাত পিহি দৈৰ লগত মিহলাই জ্বলা অংশত লগালে আৰাম পোৱা যায়।

 

ৰবাব টেঙাৰো আছে বহু ঔষধি গুণাগুণ


ৰবাব টেঙা সকলোৰে পৰিচিত। ই এবিধ টেঙা-মিঠা ফল। অঞ্চলভেদে ৰবাব টেঙা গছৰ উচ্চতাৰ ভিন্নতা দেখা পোৱা যায়। ৰবাব টেঙাৰ গা গছৰ ৰং প্রায় মাটি-বৰণীয়া। পাতৰ ৰং ডাঠ সেউজীয়া। ইয়াৰ ফুলৰ ৰং পাতল বগা-ৰঙা ফুলবোৰৰ এক মিঠা সুগন্ধ আছে। ইয়াৰ ফলৰ ৰং কেঁচা অৱস্থাত ডাঠ সেউজীয়া আৰু পকিলে হালধীয়া বৰণৰ হয়। আহিন-কাতি মাহত ফল পৈণত হয় আৰু খাবৰ উপযুক্ত হয়। ফলৰ ভিতৰত আঠ-নটামান ফোট পোৱা যায়। এই ফোটবোৰৰ ভিতৰত বগাৰঙা নাইবা পাতল গুলপীয়া ৰঙৰ ৰসাল তেনেই সৰু ফোট থাকে। এই ফোটবোৰ খাবলৈ পৰা সোৱাদযুক্ত। ৰবাব টেঙাত শৰীৰৰ বাবে উপকাৰী ক, খ, গ ভিটামিনৰ লগতে চেনি থাকে। ৰবাব টেঙা সেয়ে শৰীৰৰ বাবে উপকাৰী আৰু ঔষধি গুণেৰে ভৰা। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • জণ্ডিচৰ বাবে পকা ৰবাব টেঙা মহৌষধ।
  • ৰবাব টেঙাৰ চৰ্ব্বত উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী।
  • পানী লগা ৰোগত ৰবাব টেঙা, নিমখ, জলকীয়া আৰু মিঠাতেলেৰে খালে ৰোগ সোনকালে নিৰাময় হয়।
  • ৰবাব টেঙা খালে ঘামচি কমে।
  • দৃষ্টিশক্তি বৃদ্ধিতো ৰবাব টেঙাই সহায় কৰে।
  • ৰবাব টেঙা নিয়মিত ৰূপে খালে গাৰ ছাল নিমজ হয়।
  • শৰীৰৰ ৰক্তচাপ নিয়মীয়া কৰি ৰখাত ৰবাব টেঙা গছৰ বতাহে সহায় কৰে।

 

তিতা ভেঁকুৰিৰ ঔষধি গুণ


তিতা ভেঁকুৰি এবিধ জোপোহাজাতীয় গছ। এইবিধ গছ হাবি-বননি, ঘৰ, পিৰালি নাইবা বাৰীত নিজে নিজে হোৱা গছ। অঞ্চলভেদে ইয়াক বৃহতী বা ভেঁকুৰি নামেৰেও জনা যায়। ই দেখাত বেঙেনাজাতীয় উদ্ভিদ। তিতা ভেঁকুৰিৰ পাতত জোঙা কাঁইট থাকে। ইয়াৰ ফুলবোৰ নীলা চানেকীয়া বেঙুনীয়া৷ ফলবোৰ থোপা বান্ধি লাগে। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া। কিন্তু পকিলে হালধীয়া বৰণৰ হয়। ফলৰ সোৱাদ তিতা। এইবিধ গছৰো ঔষধি গুণ আছে। তিতা ভেঁকুৰিৰ কিছুমান ঔষধি গুণ এনেধৰণৰ—

  • তিতা ভেঁকুৰিৰ শিপা বসন্ত ৰোগৰ প্ৰতিষেধক।
  • পোক-পৰপৰাই কামুৰিলে তিতা ভেঁকুৰিৰ পাত থেতেলিয়াই দংশন কৰা স্থানত লগালে উপকাৰ পোৱা যায়।
  • তিতা ভেঁকুৰিৰ ফল হাপানী, যক্ষ্মা, টাইফয়ড আদি ৰোগৰ বাবে উপকাৰী।
  • মহিলাসকলৰ যৌনাংগত হোৱা খজুৱতিত তিতা ভেঁকুৰিৰ ফলৰ ৰসেৰে ধুলে খজুৱতি কমে।
  • তিতা ভেঁকুৰিৰ ফলে শৰীৰত হোৱা ঘা, ফোঁহা শুকুৱাত সহায় কৰে।
  • শৰীৰ উখহিলে তিতা ভেঁকুৰিৰ গোটেই গছজোপা পিহি শৰীৰৰ উখহা অংশত লগালে ৰোগ উপশম হয়।
  • একাংগী ৰোগৰ বাবেও তিতা ভেঁকুৰিৰ ফল উপকাৰী। তিতা ভেঁকুৰি কৃমি, কুষ্ঠ, শ্বাস কষ্ট, বাতবিষ, টকৌৱে খোৱা আদি ৰোগৰ বাবে উপকাৰী।

 

দূবৰিৰ ঔষধি গুণ


আমাৰ এই পৃথিৱীত থকা সকলো গছ-লতাৰ প্ৰত্যেকৰে অলপ হ’লেও ঔষধি গুণ আছে। আমি অতি সাধাৰণ বুলি ভবা, ভৰিৰে মোহৰি যোৱা গছ-লতাৰো ঔষধি গুণ আছে। উদাহৰণস্বৰূপে দূবৰি বন অতি সাধাৰণ তৃণ। কিন্তু এই দূবৰি বনো ঔষধি গুণেৰে সমৃদ্ধ। আমাৰ ঘৰৰ পিৰালি, চোতাল আৰু বাট-পথত নিজে নিজে হোৱা এইবিধ তৃণ খৰালি পানী কম হোৱাৰ বাবে শুকাই যায়। বাৰিষা বৰষুণৰ পানী পোৱাৰ লগে লগেই লহপহকৈ বাঢ়ি যায়। দূবৰি বনৰ কিছুমান ঔষধি গুণ এনেধৰণৰ—

  • অজীর্ণ হ’লে দূবৰি বন কেইডালমানৰ লগত তিয়াই থোৱা আৰৈ চাউল কেইটামান খালে অজীর্ণ ভাল হয়।
  • চুলি সৰিলে দূবৰি বন পিহি ৰস উলিয়াই মূৰত এক-ডেৰ মাহমান ঘঁহিলে চুলি সৰা বন্ধ হয়।
  • দূবৰি বনৰ ৰসৰ লগত মৌ মিহলাই খালে এৱাভঙা ৰোগ ভাল হয়।
  • দাঁতৰ বিষ হ’লে দূবৰি বন এমুঠি ভালদৰে ধুই বিষ হোৱা দাঁতটোৰে কিছুসময় হেঁচি ধৰি থাকিলে দাঁতৰ বিষ কমে।
  • কেতিয়াবা খাদ্যৰ বেমেজালিত এলাৰ্জী হয়। তেতিয়া দূবৰি বন আৰু কেঁচা হালধি পিহি ৰস উলিয়াই খালে আৰাম পোৱা যায়।
  • শৰীৰত হোৱা যিকোনো ঘাত কেঁচা হালধিৰ ৰসৰ লগত দূবৰি বনৰ ৰস মিহলাই গাত সানিলে ঘা সোনকালে শুকায়।
  • দূবৰি বন পানীত তিয়াই সেই পানী মূৰ্ছা যোৱা লোকৰ গাত দিলে মূৰ্ছা ভাল হয়।
  • কেতিয়াবা ছোৱালীৰ কন্যাকাল হোৱাত পলম হয়। তেতিয়া একেৰাহে কেইদিনমান ৮০-১০০ গ্রাম দূবৰি বনৰ ৰস খালে সোনকালে কন্যাকাল পায়।
  • কোনো কাৰণত চকুৰ পোৰণি হ'লে দূবৰি বন ভালদৰে ধুই অলপ সময় তিয়াই সেই পানীৰে চকু ধুলে পোৰণি ভাল হয়।
  • কিছুমান লোকৰ কাৰণ নোহোৱাকৈ কেতিয়াবা নাকেৰে তেজ ওলায়। তেতিয়া দূবৰি বনৰ ৰস নাকেৰে উজালে তেজ ওলোৱা বন্ধ হয়।
  • এঁৱা ভঙা ৰোগত নাকৰ ফুটাত কেইটোপালমান দূবৰি ৰস দিলে তেজ বন্ধ হয়।
  • মাহেকীয়া ভালদৰে নহ'লে দূবৰিৰ ৰস খালে উপকাৰ পোৱা যায়।

 

সাধাৰণ চেঙেৰী টেঙাৰ অসাধাৰণ গুণ


চেঙেৰী টেঙা এবিধ নিজে নিজে হোৱা শাকজাতীয় উদ্ভিদ। ই সাধাৰণতে জেকা, পানী পৰি থকা ঠাইত গজে। চেঙেৰী টেঙাৰ গা-গছৰ গাঁঠিৰ পৰা শিপা ওলায়। ইয়াৰ ফুল পাতল হালধীয়া বৰণৰ৷ ফলবোৰ দীঘল আৰু ভিতৰত পাতল ধোঁৱা বৰণীয়া অসংখ্যা গুটি থাকে। ইয়াৰ পাতৰ ৰং ডাঠ সেউজীয়া আৰু পাত তিনি ভাগত বিভক্ত। ইয়াৰ পাত, গা-গছ, গুটি সকলোৰে সোৱাদ টেঙা। ই পুষ্টিকৰ তথা ৰুচিকৰ। চেঙেৰী টেঙাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • চেঙেৰী টেঙাই নিদ্রাহীনতা দূৰ কৰে।
  • চেঙেৰী টেঙাৰ ৰস খোৱাৰ আগেয়ে খালে অৰুচি দূৰ হয়।
  • শ্বাস কষ্ট ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে চেঙেৰী টেঙা উপকাৰী।
  • খজুৱতি হ’লে চেঙেৰী টেঙাৰ ৰস উলিয়াই গাত সানিলে আৰাম পোৱা যায়।
  • মূৰৰ বিষতো চেঙেৰী টেঙা খালে উপকাৰ পোৱা যায়।
  • বেচু হ’লে চেঙেৰী টেঙাৰ পাত আৰু শিপা থেতেলিয়াই ৰস উলিয়াই বেচু হোৱা স্থানত লগালে বেচু নিৰাময় হয়।
  • নাকৰ ভিতৰত টিউমাৰ হ’লে চেঙেৰী টেঙাৰ ৰস খালে ৰোগ নিৰাময় হয়।
  • বহুমূত্র ৰোগীৰ বাবে চেঙেৰী টেঙাৰ আঞ্জা উপকাৰী।
  • স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ চেঙেৰী টেঙাৰ পাত সিজাই খাব লাগে।
  • স্নায়ৱিক দুর্বলতাত ভোগা ৰোগীয়ে চেঙেৰী টেঙা সিজাই খোৱাটো উপকাৰী।
  • অর্শ ৰোগত চেঙেৰী টেঙাৰ ৰস ২-৩ চামুচ গাখীৰৰ লগত খালে ৰোগ আৰোগ্য হয়।
  • দুশ্চিন্তাই আমনি কৰা ব্যক্তিয়ে চেঙেৰী টেঙাৰ ৰস নিয়মিত কিছুদিন খালে ৰোগ নিৰাময় হয়।
  • চেঙেৰী টেঙাৰ ৰস ২-৩ বাৰকৈ দিনে ৩-৪ চামুচকৈ খালে কঁকালৰ বিষ ভাল হয়।
  • ছালৰ সৌন্দর্য বৃদ্ধিত চেঙেৰী টেঙাই সহায় কৰে।
  • চেঙেৰী টেঙাৰ ৰসে ধতুৰা গুটি খালে হোৱা পাৰ্শ্বক্রিয়া নাশ কৰে।
  • চিকাই কামুৰিলে চেঙেৰী টেঙাৰ ৰস ৪-৫ চামুচকৈ দিনে, ২-৩বাৰ খালে উপকাৰ পোৱা যায়।

 

কাঁটা বেঙেনাৰ দ্বাৰা ৰোগ নিৰাময়


আমাৰ অসম দেশখন হাবি-বনেৰে ভৰা। ইয়াত থকা প্রায়বোৰ উদ্ভিদৰে ঔষধি গুণ আছে। নিজে নিজে হোৱা বনশাক, গছ-গছনি কিছুমানৰ ঔষধি গুণ এতিয়াও চিনাক্ত হোৱা নাই। কাঁটা বেঙেনাও নিজে নিজে হোৱা এবিধ উদ্ভিদ। এইবিধ গছ দেখাত বেঙেনা গছৰ নিচিনা। গছজোপা কাঁইটীয়া আৰু বেঙেনাৰ নিচিনা ফল লাগে কাৰণেই বোধ হয়। ইয়াৰ নাম কাঁটা বেঙেনা। অৱশ্যে অঞ্চলভেদে ইয়াৰ নাম ভিন্নতাও দেখা যায়। এইবিধ উদ্ভিদৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • কাঁটা বেঙেনাৰ ৰসৰ লগত পিপলিৰ গুড়ি চাৰিভাগৰ এভাগ মিহলাই খালে কাহ নিৰাময় হয়।
  • বাত বিষত কাঁটা বেঙেনাৰ ৰসৰ লগত কম পৰিমাণৰ জালুকৰ গুড়ি মিহলাই খালে আৰাম পোৱা যায়।
  • কাঁটা বেঙেনাৰ শিপাৰ ৰসৰ লগত জালুক বটি দিনে ১-২বাৰকৈ এসপ্তাহ খালে বসন্ত ৰোগত উপকাৰ পোৱা যায়।
  • ডিঙিৰ বিষ হ’লে কাঁটা বেঙেনাৰ ছাল বা শিপা খালে বিষ নোহোৱা হয়।
  • উপদংশ ৰোগত কাঁটা বেঙেনাৰ শিপাৰ গুড়ি পানীৰে খালে ৰোগ সোনকালে নিৰাময় হয়।
  • প্রস্রাব কৰোতে জ্বলা-পোৰা কৰিলে কাঁটা বেঙেনাৰ ৰস দিনে ২-৩ বাৰ, ২-৩ চামুচকৈ খালে জ্বলা-পোৰা কমে।
  • কাঁটা বেঙেনাৰ শিপা থেতেলিয়াই ৰস উলিয়াই সেই ৰসেৰে কুলি কুলি কৰিলে ডিঙিত হোৱা ঘাঁত সুফল পোৱা যায়।
  • কাঁটা বেঙেনা, এৰা, বেল আৰু তিতা ভেঁকুৰীৰ ৰসৰ লগত নিমখ মিহলাই খালে কঁকালৰ বিষ ভাল হয়।

 

কেহৰাজৰ ঔষধি গুণ


কেহৰাজ এবিধ শাকবন জাতীয় উদ্ভিদ। এইবিধ উদ্ভিদ সেমেকা ঠাইত হয়। ইয়াৰ পাত দীঘল, খহটা। কেহৰাজৰ ফুল-ফল ছেপেটম্বৰৰ পৰা ডিচেম্বৰলৈ হয়। ইয়াৰ ফুলবোৰ সৰু সৰু আৰু বগা ৰঙৰ। কেহৰাজৰ ৰস তিতা। ই ৰক্তবর্ধক, বলবর্ধক। কেহৰাজৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • শ্বেতৰক্ত কণিকা বৃদ্ধি কৰিবলৈ কেহৰাজৰ ৰস ছাগলীৰ গাখীৰৰ লগত খালে উপকাৰ পোৱা যায়।
  • জুয়ে পুৰিলে কেহৰাজৰ পাত বটি লগালে ঘা শুকায়।
  • চুলি সৰিলে কেহৰাজৰ পাত, আগ বটি লগালে এই সমস্যা নোহোৱা হয়।
  • উফি বা ওকণি হ’লে কেহৰাজৰ ফুল, পাত বটি লগালে উফি বা ওকণি কমে।
  • চৰ্মৰোগত কেহৰাজৰ পাত বটি লগালে উপকাৰ পোৱা যায়।
  • পুৰণি গ্ৰহণী ৰোগত কেহৰাজ উপকাৰী।
  • কেহৰাজৰ পাত বটি চুলিত লগালে চুলি দীঘল হয়।
  • কেহৰাজ জণ্ডিচৰ বাবেও উপকাৰী।
  • পিত্তৰোগতো কেহৰাজ ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়।
  • কেহৰাজৰ পাত কৃমিনাশক।

 

ঔষধি গুণেৰে ভৰা পিপলি


পিপলি এবিধ লতাজাতীয় গছ। ইয়াৰ ফলবোৰ জালুকৰ দৰে থোপাকৈ হয়। ইয়াৰ কোমল ফলৰ লগত নহৰু আৰু আদা পিহি মাছৰ আঞ্জা খোৱা হয়। পিপলিৰ বহুতো ঔষধি গুণো আছে। তাৰে কিছুমান হ’ল-

  • পিপলিৰ শিপা থেতেলিয়াই ৰস উলিয়াই মৌৰ লগত খালে অৰুচি দূৰ হয়।
  • অম্লশূল ৰোগত আধা চামুচ মৌৰ লগত পিপলিৰ গুড়ি এচামুচ মিহলাই দিনে দুবাৰ খালে ৰোগ নিৰাময় হয়।
  • পিপলি ২-৩টা বটি মৌৰ লগত খালে পিত্তশূল ৰোগ ভাল হয়।
  • গোধা ৰোগত হাতী পিপলিৰ ছাল মিহিকৈ বটি গৰম কৰি ৭-৮ দিন লেপ দিলে ৰোগ নিৰাময় হয়।
  • অনবৰত হিকটি আহি থাকিলে এচামুচ মৌৰ লগত আধা চামুচ পিপলিৰ গুড়ি খালে ৰোগ আৰোগ্য হয়।
  • যকৃত ৰোগত পুৰণি গুড়ৰ লগত পিপলিৰ গুড়ি মিহলাই খালে ৰোগ উপশম হয়।
  • অৰ্শ ৰোগত পিপলি আৰু গুড়ৰ লগত ঘিউত ভজা শিলিখা খালে উপকাৰ পোৱা যায়।
  • ত্রিফলা আৰু পিপলি বটি ১৫-২০ দিন খালে ভগন্দৰ ৰোগ আৰোগ্য হয়।

 

লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।

 

 

 

2.96666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top