মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বিভিন্ন গছৰ উপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন গছৰ উপকাৰিতা

বিভিন্ন গছৰ উপকাৰিতা লিখা হৈছে

নৰসিংহ


অসমৰ হাবি-বননি আৰু ঘৰৰ আগফাল-পিছফালৰ বাৰীত উপলব্ধ নৰসিংহ এবিধ জোপোহা জাতীয় চিৰসেউজ গছ। নৰসিংহৰ বৈজ্ঞানিক নাম Murrya Keongi ইয়াক Curry leaf বোলা হয়। এই গছজোপা ৫ বা ৬ ফুট ওখ হয়। ইয়াৰ পাতৰ উগ্ৰ গোন্ধ আছে। পাতৰ ৰং সেউজীয়া, ফুলৰ বৰণ বগা আৰু থোপা বান্ধি ফুলে। উদ্ভিদ বিজ্ঞানৰ মতে নৰসিংহ Rutaceac গোত্ৰৰ অন্তর্গত। মিঠা নিম নামেৰে বিভূষিত নৰসিংহ এবিধ উত্তম ঔষধি গছ।

সেয়েহে আয়ুৰ্বেদ চিকিৎসাত নৰসিংহই উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে। ইয়াৰ ১০০ গ্ৰাম কোমল পাতত প্রায় ১৩.৬০ আই ইউ খাদ্যপ্রাণ ‘ক’ পোৱা যায়। খাদ্যপ্রাণ ‘ক’ই চকুৰ বিভিন্ন ৰোগ আৰু বৃক্কত (kidney) হোৱা পাথৰ (stone) নিৰাময় কৰে। শিশুহঁতৰ সুস্থ-সবল মগজু গঠনতো নৰসিংহৰ পাতৰ ৰসে যথেষ্ট সহায় কৰে। নৰসিংহৰ পাতত থকা খাদ্যপ্ৰাণ ‘ক’ ৰ উপৰি ইয়াত পোৱা যায় খাদ্যপ্রাণ ‘বি’, ‘চি’, ‘ই’ আৰু মানৱ দেহৰ উপযোগী আন আন খনিজ পদার্থ। সেয়ে নৰসিংহৰ পাত নিয়মীয়াকৈ খালে মানুহৰ বিভিন্ন ৰোগ উপশম হ’ব পাৰে।

উল্লেখযোগ্য যে ইয়াৰ সেউজীয়া পাতে মানুহৰ তেজত থকা অতিৰিক্ত শর্কৰা নিয়ন্ত্রণ কৰে। সেয়েহে বহুমূত্র ৰোগত ইয়াৰ পাত প্রতিদিনে কেঁচাই চোবাই খালে তেজত থকা অতিৰিক্ত শর্কৰা নিয়ন্ত্রিত হয়। তদুপৰি পাতত থকা কেলচিয়ামে দাঁতৰ বিভিন্ন ৰোগ, ছালৰ ৰোগ, হাড়ৰ বিভিন্ন ৰোগ, লগতে সৰু ল’ৰা-ছোৱালীৰ কৃমি আদিও নাশ কৰে। নৰসিংহ গছজোপাৰ ছাল, শিপাৰ ৰস স্বাস্থ্যবৰ্ধক আৰু ক্ষুধাবৰ্ধ ঔষধৰূপে যথেষ্ট সহায় কৰে। জ্বৰ, পানীলগা, পেটৰ বিভিন্ন ৰোগ আৰু কোষ্ঠকাঠিন্য, মূত্ৰৰোগ, কফ নিঃসাৰক, বিষ প্রতিৰোধ আদি নিৰাময়ত নৰসিংহৰ পাত আৰু ছালৰ ৰসে উৎকৃষ্ট দৰবৰূপে কাম কৰে।

তদুপৰি গছজোৰা ফলবোৰো বিভিন্ন ৰাসায়নিক দ্রব্যৰে সমৃদ্ধ ঔষধি গুণেৰে পৰিপূৰ্ণ পুষ্টিকৰ খাদ্য। ফলটোৰ অধিকাংশ গুটিটোৱে আবৰি ৰাখে যদিও ইয়াৰ অর্ধশতাংশ মানুহে খাব পাৰে। ইয়াৰ যথেষ্ট উপকাৰিতা আছে। কাৰণ ইয়াত পোৱা যায় ৬৪.৮ ভাগ পানী, ৯.৭৫ ভাগ চেনি, ১২.৩৬ মিলিগ্ৰাম ভিটামিন ‘চি’ ৰ লগতে কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, আইৰণ, ফছফৰাছ আদি। এইবোৰে মানৱ দেহৰ অশেষ উপকাৰ সাধন কৰে। মুঠৰ ওপৰত এই সাধাৰণ নৰসিংহ গছজোপাৰ আছে অনেক অসাধাৰণ গুণ। গতিকে আমাৰ পৰম উপকাৰী উত্তম ঔষধি এই গছজোপা পুনৰ সুন্দৰকৈ ৰোপণ কৰি আমাৰ স্বাস্থ্য, আমাৰ চৌদিশৰ পৰিৱেশ বিনন্দীয়া কৰি তোলাত মনোনিৱেশ কৰো আহক।

 

মধুৰিআমৰ উপকাৰিতা-


গ্ৰীষ্মকালীন ফলমূলবিলাকৰ ভিতৰত এবিধ উত্তম ফল মধুৰিআম বা গুৱাভা। মধুৰিআম দেখাত নাচপতিৰ দৰে।  কেঁচাতে সেউজীয়া যদিও পকিলে পাতল হালধীয়া বা গুলপীয়া দেখা যায়। ভিতৰত অসংখ্য গুটিৰে ভৰা। বিভিন্ন প্রকাৰৰ মধুৰিআমবোৰৰ ভিতৰভাগ বগা যদিও এবিধৰ পকিলেও ওপৰভাগ সেউজীয়া আৰু ভিতৰভাগ বেঙুনীয়া দেখা যায়। মধুৰিআম খাবলৈ মিঠা লাগে। মধুৰিআম সকলো ঠাইতে সহজভাৱে গজি ডাঙৰ হৈ কেইবামিটাৰ ওখ হোৱা বহুবর্ষজীবী উদ্ভিদ।

মধুৰিআমৰ উপকাৰিতা অনেক। ইয়াত কমলাতকৈ চি ভিটামিন আৰু খনিজ লৱণ বেছিকৈ পোৱা যায়। পুষ্টিকৰ খাদ্য হিচাপে আয়ৰন আৰু ফলিক এচিডো পোৱা যায়। মধুৰিআম খালে কৌষ্ঠকাঠিন্য দূৰ হয়। পুৰুষসকলৰ বাবেও মধুৰিআম বৰ উপকাৰী। আঘাত পোৱা ঠাইত মধুৰিআমৰ পাত খুন্দি লেপি দিলে উপশম পোৱা যায়। নাকেৰে তেজ ওলালে মধুৰিআমৰ ৰস দিলে তেজ বন্ধ হয়। মুখৰ ভিতৰত ঘা হ’লে মধুৰিআমৰ পাত খুন্দি ৰস মুখত লৈ থাকিলে ঘা ভাল হয়।

পেটৰ ক্ৰিমি দূৰ কৰা আৰু তেজ হাগিনী হ’লে মধুৰিআম খালে সুফল পোৱা যায়। মধুৰিআমে শাৰীৰিকভাৱে শক্তি প্রদান কৰে। হজমি শক্তি বঢ়ায়, কলেষ্টৰেল কমায় আৰু ওজনো হ্রাস কৰে। কাহ আৰোগ্য পাবলৈ হ’লেও মধুৰিআম খাব লাগে। গৱেষকসকলে গৱেষণা কৰি পোৱা তথা মতে, মধুৰিআম এন্টি অক্সিডেন্টযুক্ত। কেন্সাৰ প্ৰতিষেধক, এজমা, উচ্চ ৰক্তচাপ, খজুৱতি দাঁতৰ ৰোগ, হাঁওফাওৰ দুৰ্বলতা আদি অনেক ৰোগৰ বাবে অতি উৎকৃষ্ট ফল।

একাপ মধুৰিআমৰ ৰসত থকা পুষ্টিকৰ উপাদানসমূহ এনেদৰে পোৱা যায়— কেলচিয়াম ৫০ মি.গ্রা. কার্বহাইড্রেট ১৯.৬ মি.গ্রা. ফাইবাৰ ৮.৯ মি.গ্রা. ফেট, ০.৯ মি.গ্রা. ফছফৰাছ ৪৮ মি.গ্রা, প্ৰ'টিন ১.৩৫ মি.গ্রা. ভিটামিন এ ৪১.২ মি.গ্রা. ভিটামিন বি ১.১৫ মি.গ্রা. ভিটামিন চি ৪৯৪ মি.গ্রা. কেলৰি ৪৪ মি.গ্রা.।

লেখকদ্বয়- ঘনশ্যাম দাস, অসম বাণী। কবিতা ফুকন, অসম বাণী।

3.17073170732
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top