মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বিভিন্ন গছৰ ঔষধি গুন-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন গছৰ ঔষধি গুন-

বিভিন্ন গছৰ ঔষধি গুন সমূহ লিখা হৈছে

বেল কোমোৰা বা মেৱাৰ ঔষধি গুণ


বেল কোমোৰা এবিধ লতাজাতীয় গছ। এইবিধ গছে আন গছক সাৰথি কৰি ওপৰলৈ বগাই যায়। ই বহু বর্ষজীৱী গছ৷ সাধাৰণতে বেল কোমোৰা গছ গুটিৰ পৰা গজে যদিও পূৰঠ ডাল ৰুলে গছ গজে। ইয়াৰ পাতবোৰ মিহি, ডাঙৰ আৰু কণী আকৃতিৰ। পাতৰ বৰণ কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে হালধীয়া বৰণৰ হয়। বর্ষাকালত কলিৰ পৰা ফুল হয়। ফুলৰ বৰণ কজলা৷ এই কজলা ফুলবোৰৰ পৰা এটা কোমল গোন্ধ ওলায়। ফুলৰ পৰা ফল হয়। ফলবোৰৰ ওপৰৰ অংশ মিহি আৰু চিকচিকীয়া। ফলৰ আকৃতি দীঘল। ভিতৰৰ অংশ ৰসাল আৰু মঙহাল। ফলৰ ভিতৰত অসংখ্য কোমল আৰু ৰসাল আৱৰণ থকা গুটি আছে। বেল কোমোৰা দেখাত বেলটোৰ দৰে যদিও দিঘলীয়া হোৱা কাৰণে বোধ হয় ইয়াৰ নাম বেল কোমোৰা। অঞ্চলভেদে ইয়াক কঠবেল, মোৱা আদি নামেৰেও জনা যায়। বেল কোমোৰাৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

  • মূৰৰ বিষ হ’লে বেল কোমোৰা খালে উপকাৰ পোৱা যায়।
  • বহুমূত্র ৰোগত বেল কোমোৰাৰ পাত পিহি তাৰ ৰস উলিয়াই খালে ভাল ফল পোৱা যায়।
  • টোপনি নোহোৱা ৰোগটো বেল কোমোৰা খোৱাটো উপকাৰী।
  • উচ্চ ৰক্তচাপত বেল কোমোৰাৰ পাতৰ ৰস খালে ভাল ফল পোৱা যায়।
  • পায়খানা বেছিকৈ হ’লে বেল কোমোৰা খালে ৰোগ নিৰাময় হোৱাত সহায় কৰে।
  • শ্বাসৰ কষ্ট হ’লে বেল কোমোৰা খালে ভাল ফল পোৱা যায়।

বচ গছৰ ঔষধি গুণ-


বচ এবিধ সৰু তৃণজাতীয় উদ্ভিদ।

এই উদ্ভিদ মাটিত বগাই যায়। ইয়াৰ বৈজ্ঞানিক নাম Acorus calamus। এই গছৰ পাত দীঘল কিন্তু বহল কম। পাতৰ ৰং সেউজীয়া। ইয়াৰ ফুল সৰু। ফল পাতল হালধীয়া ৰঙৰ৷ বোকাময় কোমল মাটিত এই গছ সাধাৰণতে হয়। সেয়ে জলাশয়ৰ কাষত বচ গছ দেখা পোৱা যায়। বচ গছ প্রায় তিনি ফুট ওখ হয়। মাটিৰ তলত থকা আলু বা কাণ্ডৰ পৰা নতুন গজালি ওলায়। এইবিধ উদ্ভিদৰ পাত মোহাৰিলে পাতল গোন্ধ ওলায়। ভাৰতৰ কিছুমান অঞ্চলত বচ গছৰ খেতি কৰা হয়। ইয়াৰ আলু বা কাণ্ড ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰোতে বচৰ আলুক অনুপাত হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

  • বচ গছৰ কাণ্ড বা আলু পিহি ৰস উলিয়াই খালে বদহজম আতৰে আৰু ভোক বাঢ়ে।
  • গেছ হ’লে বচ গছৰ আলু গুড়ি কৰি খালে আৰাম পোৱা যায়।
  • বাত বিষৰ বাবে বচ গছৰ আলুৰ গুড়ি উপকাৰী।
  • ঘনাই পায়খানা হ’লে কেইটামান নিমগছৰ পাত আৰু নহৰু দুই-তিনি ফোটা, বচৰ আলুৰ লগত পিহি খালে ৰোগ নিৰাময় হয়।
  • পানী লগা জ্বৰ বা কাহ হ’লে বচৰ আলুৰ ৰস উলিয়াই কুহুমীয়া গৰম কৰি বুকুত মালিচ কৰিলে কাহ কমে আৰু ৰোগীয়ে আৰাম পায়।
  • বিভিন্ন কাৰণত কেতিয়াবা পেট ফুলে আৰু বেয়া উগাৰ আহে। তেতিয়া বচ গছৰ আলু পেটফুলা ব্যক্তিৰ নাভিৰ ওপৰত ৰাখিব লাগে আৰু আৰাম নোপোৱালৈকে বচৰ আলু নাভিত ৰাখিব লাগে।

 

আয়ডিনযুক্ত নিমখ খোৱাৰ উপকাৰিতা

আমাৰ সম্পৰ্ণ জীৱনকালত চাহ চামুচৰ এচামুচতকৈও কম আয়'ডিনৰ প্রয়োজন। প্রতিদিনে আমাক বেজিৰ আগত লগাৰ সমান আয়ডিন শৰীৰত লাগে। সেইকাৰণে আমাক এনে এবিধ খাদ্যবস্তুৰ প্ৰয়োজন যিবিধে আমাক সদায় আয়’ডিনৰ যোগান ধৰিব পাৰে। প্ৰতি সাঁজতে খাদ্যৰ সোৱাদ বঢ়োৱাৰ লগতে হজম হ’বলৈ আমি নিমখ খাওঁ। এই নিমখ হৈছে এনে এবিধ দ্ৰব্য যি আমাক আয়’ডিন যোগান ধৰিব পাৰে। আকৌ আমাৰ শৰীৰে যিমানখিনি প্রয়োজন সিমানখিনিহে আয়'ডিন গ্রহণ কৰে। বেছি হোৱাখিনি প্ৰস্ৰাৱৰ দ্বাৰা বাহিৰ কৰি দিয়ে। গতিকে শৰীৰ সতেজ, কৰ্মক্ষম কৰিবলৈ আয়’ডিনে আমাক সহায় কৰে।

এটা প্রশ্ন হয়তো আমাৰ মনলৈ আহিব পাৰে- আয়'ডিনযুক্ত নিমখ কেনেকুৱা? দেখাত বা সোৱাদত সাধাৰণ নিমখ আৰু আয়'ডিনযুক্ত নিমখৰ মাজত একো পার্থক্য নাই। আয়'ডিন হৈছে এক প্রাকৃতিক তত্ত্ব যি আমাৰ শৰীৰৰ বাবে উপকাৰী। শৰীৰ আৰু মগজুত বিকাশ, বৃদ্ধি আৰু সঞ্চালনৰ বাবে আয়’ডিনৰ প্ৰয়োজন। আয়’ডিনৰ অভাৱত গৰ্ভৱতী মহিলা আৰু গৰ্ভত থকা সন্তানৰ বিপদ হ’ব পাৰে। গৰ্ভপাত হোৱাৰ ভয় থাকে। নাইবা সন্তান সময়তকৈ আগেয়ে মৃত হৈ উপজিব পাৰে। অথবা অস্বাভাবিক সন্তান জন্ম হ’ব পাৰে।

পঢ়া-শুনা ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত শৰীৰত আয়'ডিন কম হ’লে পঢ়া-শুনা, খেলা-ধূলা সকলোতে অমনোযোগী হৈ পৰা দেখা যায়। বয়স্ক লোকৰ ক্ষেত্ৰত আয়'ডিনৰ অভাৱ হ'লে কাম-কাজৰ প্ৰতি আগ্রহ কমে। এলাহ বেছি হয়। ইয়াৰ কাৰণ হৈছে আহাৰৰ শক্তি নোপোৱা হয়। সেয়ে সকলো সময়তে ভাগৰ অনুভৱ কৰে।

কেৱল মানুহৰ ক্ষেত্ৰতে নহয়। আয়'ডিনৰ অভাৱ হ'লে পশুৰ ক্ষেত্ৰতো নানা ধৰণৰ উপসৰ্গই দেখা দিব পাৰে। যেনে— প্রজনন ক্ষমতা কমে, হাঁহ মুৰ্গী আদিয়ে কমকৈ কণী পাৰে। কৃষিকর্মত লগোৱা জন্তুবোৰৰ কাৰ্যক্ষমতা হ্রাস পায়। গতিকে যিকোনো প্রাণীকে নিজকে সতেজ, কার্যক্ষম কৰি ৰাখিবলৈ আয়'ডিনৰ প্রয়োজন।

 

জবা ফুলৰ ঔষধি গুণ


জবা ফুল এবিধ সহজতে গজা ফুলৰ গছ। জবা কেইবাবিধো আছে। তাৰে ভিতৰত ৰঙা জবা ফুলৰ ঔষধি গুণ বেছি। জবা গছৰ পূৰঠ ডালৰ পৰা গছ গজে। ই বহু বছৰ বাছি থাকে আৰু সহজে নমৰে। সেয়ে বেছি যত্নৰ আৱশ্যক নহয়। জবা গছৰ কলিৰ পৰা ফুল হয়। ইয়াৰ পাতৰ ৰং গাঢ় সেউজীয়া। ফুল আৰু পাতৰ ৰস বীজলুৱা। জবা ফুলৰো বহুতো ঔষধি গুণ আছে। জবা গছৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

  • মহিলাৰ মাহেকীয়া অনিয়মিত হ’লে পুৱা খালী পেটত ৪-৫ পাহমান জবাফুল পিহি কেইদিনমান খালে ৰোগ নিৰাময় হয়।
  • কেতিয়াবা বদ হজমৰ কাৰণে বমিভাব আহে। তেতিয়া জবা ফুলৰ ৰেণু পানীত মিহলাই খালে বমি হয় আৰু আৰাম পোৱা যায়।
  • গ্রহণী ৰোগত জবা ফুলৰ কলি ২-৩ টামান পিহি খালে ৰোগ সোনকালে ভাল হয়।
  • মূৰৰ চুলি পাতল হ’লে জবা ফুলৰ পাত১০-১২ টা পিহি মূৰত লগাই দুঘণ্টামান পাছত ধুই দিব লাগে। এনেদৰে এমাহমান কৰিলে চুলি গজে।
  • জবা ফুলৰ কলি ৩-৪ টা ডালচেনিৰ লগত খালেও ঋতুস্ৰাৱ নিয়মীয়া হয়।
  • জবা ফুল পিহি নাৰিকল তেলৰ লগত মিহলাই চুলিত সানিলে চুলি উজ্জ্বল আৰু ক’লা হয়।
  • চুলি পকিলে জবা ফুল আৰু আমলখি একেলগে পিহি মূৰত লগালে চুলি পকা কমে আৰু চুলি সৰাও বন্ধ হয়।

পাণৰো আছে ঔষধি গুণ


অসম দেশখন বিভিন্ন ঔষধিযুক্ত গছ-গছনিৰে পৰিপূৰ্ণ। পাণো এবিধ ঔষধি গছ। ই লতাজাতীয় গছ৷ সাধাৰণতে মুখশুদ্ধি কৰিবলৈ তামোলৰ লগত নাইবা চুপাৰিৰ লগত পাণ খোৱা হয়। উদ্ভিদবিজ্ঞানত পাণক Piper betel নামেৰে জনা যায়। পাণত প্ৰ’টিন, চৰ্বী, খনিজ, কার্বহাইড্রেট, থাইমিন, নাইচিম, ভিটামিন-চি, কেলচিয়াম আদি থাকে। পাণৰ পৰা এবিধ তেলো তৈয়াৰ কৰা হয়। এই তেল সুগন্ধিও। পাণৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • পাণে মুখৰ দুৰ্গন্ধ নাশ কৰে।
  • মূৰৰ বিষ হ’লে পাণ থেতেলিয়াই লগালে আৰাম পোৱা যায়।
  • কফ বহি উশাহ লোৱাত কষ্ট হ’লে পাণত সৰিয়হ তেল লগাই জুইত সেকি বুকুত লগালে কফ ওলায় আৰু উশাহত হোৱা কষ্ট দূৰ হয়।
  • পাণৰ শিপা খুন্দি ৰস খালে মহিলাৰ যৌনশক্তি বৃদ্ধি হয়।
  • অজীর্ণ ৰোগত পাণ আৰু তুলসী পাতৰ ৰস উলিয়াই খালে অজীর্ণ ৰোগ ভাল হয়।
  • স্নায়ু সবল কৰিবলৈ প্রতিদিনে অলপমান পাণৰ ৰস লগত এচামুচ মৌ খালে ভাল ফল পোৱা যায়।
  • কেঁচুৱাৰ শৌচ নহ’লে পাণৰ ঠাৰিত মিঠাতেল সানি শৌচ দ্বাৰেৰে সুমুৱাই দিলে শৌচ হয়।
  • মূৰত ওকণি হ’লে পাণৰ ৰস মূৰত ঘহিলে ওকণি কমে।
  • জ্বৰ হ’লে শৰীৰ দুৰ্বল হয়। তেতিয়া নহৰু, আদাৰ লগত পাণ দুখিলা থেতেলিয়াই ৰস উলিয়াই অকণমান নিমখৰ লগত খালে দুৰ্বলতা কমে।
  • কেতিয়াবা হাড়ৰ জোৰাবোৰ উখহি বিষ হয়। তেতিয়া কেইখিলামান পাণ মিহিকৈ পিহি ৰস উলিয়াই আক্রান্ত অংশত লেপ দিলে আৰাম পোৱা যায়।
  • দাঁতৰ যিকোনো ৰোগত ধপাতৰ লগত পাণ চোবালে ভাল ফল পোৱা যায়।
  • কেতিয়াবা বিভিন্ন কাৰণত প্ৰস্ৰাৱ বন্ধ হৈ কষ্ট ভোগ কৰিবলগীয়া হয়। তেতিয়া পাণ | থেতেলিয়াই ৰস উলিয়াই অকণমান চেনি আৰু গাখীৰৰ লগত খালে প্ৰস্ৰাৱ হয়।
  • ঘা হ’লে পাণ জুইত সেকি তাত মিঠাতেল লগাই ঘাত দিলে ঘাৰ ভিতৰত থকা বেয়া বস্তুবোৰ ওলাই যায় আৰু সোনকালে ঘা ভাল হয়।
  • তৰকাৰিত নিমখ বেছি হ’লে এখিলা পকা পাণ ভালদৰে ধুই উতলি থাকোঁতে দিলে নিমখ কমে।

 

মাটি কাঁদুৰিৰ ঔষধি গুণ-


মাটি কাঁদুৰি এবিধ তৃণজাতীয় শাক। এইবিধ শাক সাধাৰণতে ঘৰৰ পিৰালি, চোতাল, খেতি পথাৰ আদিত গজে। এইবিধ লতাজাতীয় শাক আন শাকৰ লগত মিহলাই খায়। এইবিধ শাকত যত্নৰ প্ৰয়োজন নাই। ই আপোনা-আপুনি গজে। মাটি কাঁদুৰি শাকৰো ঔষধি গুণ আছে। এইবিধ শাক পেটৰ যিকোনো ৰোগৰ মহৌষধ।

  • পায়খানা হ’লে মাটি কাঁদুৰি শাক থেতেলিয়াই তাৰ ৰস খালে পায়খানা কমে।
  • পেট কামুৰিলেও মাটি কাঁদুৰিৰ আঞ্জা খালে উপকাৰ পোৱা যায়।
  • তেজ শাও পৰিলে মাটি কাঁদুৰি শাকৰ লগত অকণমান আদাৰ ৰস মিহলাই খালে পায়খানাৰ লগত তেজ-শাও পৰা ৰোগ নিৰাময় হয়।
  • মহিলাৰ অনিয়মিত ঋতুস্ৰাৱৰ বাবে মাটি কাঁদুৰি উপকাৰী।  সেয়ে অনিয়মিত ঋতুস্ৰাৱত কষ্ট পোৱা মহিলাসকলে মাটি কাঁদুৰি খালে ৰোগ সোনকালে নিৰাময় হয়।
  • গ্ৰহণী ৰোগত মাটি কাঁদুৰি শাক খালে সুফল পোৱা যায়।
  • মাটি কাঁদুৰি ৰোগে নাড়ী শুকোৱাত সহায় কৰে। সেয়ে প্ৰসূতিক মাটি কাঁদুৰি আঞ্জা খাবলৈ দিয়া হয়।

 

বকফুলৰ ঔষধি গুণ


বকফুল এবিধ মধ্যমীয়া ওখ গছ। ইয়াৰ পাতবোৰ দেখাত তেঁতেলীৰ পাতৰ নিচিনা যদিও তেঁতেলী পাততকৈ ডাঙৰ। পূৰঠ বকফুলৰ গছৰ পাতৰ আগফালে ঠাৰিৰ কাষে কাষে ফুল লাগে৷ ফুলৰ চুপহিটো পাতল সেউজীয়া। ফুলৰ পাহিবোৰ বগা। পূৰঠ ফুলবোৰ ২-৩ ইঞ্চিমান দীঘল হয়। বকফুল সাধাৰণতে বৰ ভাজি খায়। বেচনেৰে ভজা বকফুলৰ বৰ খাবলৈ বৰ সোৱাদযুক্ত। এই ফুল, ঔষধি গুণেৰে সমৃদ্ধ। ইয়াৰ কেইটামান ঔষধি গুণ এনেধৰণৰ-

  • কুকুৰীকণা ৰোগীযে, দৈনিক বকফুল খোৱাটো ভাল।
  • বকফুলে হজম বৃদ্ধি কৰে।
  • মেধা শক্তি বৃদ্ধিতো বকফুলে সহায় কৰে।
  • আমবাত হ’লে মাখনৰ লগত বকফুল ভাজি ৰোগ নিৰাময় নোহোৱালৈকে খাব লাগে।
  • পেটত বায়ু হ’লে বকফুল তেল নিদিয়াকৈ শুকানকৈ ভাজি খালে উপকাৰ পোৱা যায়।
  • বকফুল পিত্ত ৰোগীৰ বাবে লাভদায়ক।
  • সৌন্দর্য বর্ধনতো বকফুলে সহায় কৰে। বকফুল খালে ছাল নিমজ আৰু সতেজ হয়।
  • কফ নাশ কৰাটো বকফুলে সহায় কৰে।

 

বিভিন্ন ৰোগৰ প্ৰতিষেধক সৰ্পগন্ধা


সৰ্পগন্ধা এবিধ ঔষধি গছ। ভিন ভিন অঞ্চলত ইয়াক বেলেগ বেলেগ নামেৰে জনা যায়। লোকবিশ্বাস মতে, সৰ্পগন্ধা গছৰ গোন্ধ সাপে সহ্য কৰিব নোৱাৰে কাৰণে এই গছৰ নাম সৰ্পগন্ধা হ’ল। এই গছ হিমালয়ৰ তৰাই অঞ্চলত যথেষ্ট পৰিমাণে পোৱা যায়। উত্তৰ প্ৰদেশৰ উত্তৰ আৰু পূব অঞ্চলত, মহাৰাষ্ট্র, কর্ণাটকৰ দক্ষিণ অঞ্চল, অসম আৰু বিহাৰত সৰ্পগন্ধা গছ পোৱা যায়। ইয়াৰ খেতিও কৰা হয়। ইয়াৰ বীজ ৰোপণ কৰি নাইবা ডাল কাটি ৰোৱা হয়। সর্পগন্ধা গছ দুই-তিনি ফুটমান ওখ হয়। ইয়াৰ ডালবোৰৰ পৰা পাত ওলায়। পাতবোৰ তিনিৰ পৰা ছয় ইঞ্চিমান দীঘল আৰু দুই ইঞ্চিমান বহল হয়। ডালৰ কাষেৰে থুপ-থুপকৈ ফুলৰ কলি ওলায়। ফুলৰ ঠাৰিডাল পাতল ৰঙা বা মটীয়া ৰঙৰ৷ ফুলবোৰ এক-ডেৰ ইঞ্চিমান হয়। প্রথমে ফুলৰ ৰং বগা থাকে। পাছত ৰঙা ৰঙৰ হয়। এপ্রিলৰ পৰা নৱেম্বৰলৈ ফুল ফুলে। কেতিয়াবা একেটা ডালতে ৰঙা আৰু বগা ফুল ফুলি নয়নাভিৰাম দৃশ্যৰ সৃষ্টি কৰে।

সর্পগন্ধা গছত মে’ মাহত মটৰ গুটিৰ আকৃতিৰ ফল লাগে। জুলাইৰ পৰা অক্টোবৰ-নৱেম্বৰৰ ভিতৰত ফল পকে। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া। পকিলে প্রথমে ৰঙা বৰণৰ হয় যদিও লাহে লাহে ক’লা চানেকীয়া ৰঙা হৈ পৰে। সৰ্পগন্ধা গছৰ শিপাৰ পৰা বিভিন্ন ঔষধ তৈয়াৰ কৰা হয়। ইয়াৰ শিপা ১০ ইঞ্চি পর্যন্ত দীঘল হয় আৰু হালধীয়া চালেৰে ঢকা থাকে। বাৰিষা সৰ্পগন্ধাত এক বিশেষ ধৰণৰ পোক হয় আৰু গছডাল নষ্ট কৰে। সেয়ে সেমেকা বাতাবৰণৰ পৰা ইয়াক ৰক্ষা কৰা উচিত।

সর্পগন্ধা গছ যিমানে পুৰণি হয়, সিমানে ইয়াৰ ঔষধি গুণ বাঢ়ে। সর্পগন্ধাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • সর্পগন্ধা গছৰ শিপাৰ পৰা তৈয়াৰী ঔষধ মানসিক ৰোগীৰ বাবে উপকাৰী। এই ঔষধ ব্যৱহাৰৰ দ্বাৰা মানসিক ৰোগীৰ মনলৈ শান্তি আহে।
  • উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবেও সর্পগন্ধাৰ শিপাৰ গুৰিৰ পৰা প্রস্তুত কৰা ঔষধ উপকাৰী।
  • মানসিক অৱসাদ দূৰ কৰিবলৈ সৰ্পগন্ধা গছৰ পৰা তৈয়াৰ কৰা বেজী ব্যৱহাৰ কৰা হয়।
  • সাপে খুটিলে সর্পগন্ধা গছৰ শিপা কাটি সেই স্থানত লগালে বিষ কমে।
  • সর্পগন্ধা গছৰ শিপা গুড়ি কৰি এক ৰতি হিচাপত পানীৰ লগত খালে অনিদ্রা ৰোগ নিৰাময় হয়।
  • শৰীৰত হোৱা বিভিন্ন বিষ, মূৰ ঘূৰোৱা, উন্মাদ ৰোগ আদিত সৰ্পগন্ধাৰ শিপাৰ গুড়ি প্রয়োগ কৰিলে সুফল পোৱা যায়।

 

লঙৰ ঔষধি গুণ


আমাৰ দৈনন্দিন জীৱনত বিভিন্ন মছলা আমি ব্যৱহাৰ কৰো। এই মছলাবোৰে খাদ্য সোৱাদযুক্ত কৰাৰ লগতে মছলাবোৰত থকা ঔষধি গুণে শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে। তেনেধৰণৰ এবিধ ঔষধি গুণেৰে সমৃদ্ধ মছলা হৈছে লং। ইয়াৰ সোৱাদ জ্বলা। লং গছ ৩০ৰ পৰা ৪০ ফুট পর্যন্ত ওখ হয়। বৰষুণ বেছি হোৱা ঠাইত লং গছ হয়। লং গছত থোপা খাই কলি লাগে। কলিবোৰৰ পৰা ফুল হয়। ফুল নুফুলোতেই বাকলিবোৰ ছিঙি ছাঁত শুকোৱা হয়। লং গছত বছৰত দুবাৰ অর্থাৎ ছমাহৰ মূৰে মূৰে লঙৰ কলি লাগে।

লং ব্যৱহাৰ কৰিলে খাদ্যবস্তু সোৱাদযুক্ত হোৱাৰ লগতে সুগন্ধিও হয়। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • দাঁতৰ বিষত লং বিষোৱা দাঁতটোত অলপ সময় লগাই ৰাখিলে বিষ কমে।
  • লং খালে মুখৰ দুৰ্গন্ধ নোহোৱা হয়।
  • ডিঙি বিষালে গৰম পানীত লং উতলাই সেই পানীৰে কুলি কুলি কৰিলে আৰাম পোৱা যায়।
  • কাহ হ’লে লং বটি খালে নাইবা গৰমপানীত লং উতলাই কুলি কুলি কৰিলে কাহ কমে।
  • পেটত বায়ু হ'লে লং খালে আৰাম পোৱা যায়।
  • যিসকলৰ অনবৰত হিকটি আহি থাকে তেওঁলোকৰ বাবে লং উপকাৰী।
  • পিত্ত ৰোগতো লং ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
  • লঙে ৰুচি বঢ়ায় আৰু হজম কৰে। সেয়ে সদায় এটা লং খালে তেনেধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰি।
  • ক্ষয়ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবেও লং উপকাৰী।

মাকৈ বা গোমধানৰ ঔষধি গুণ


গোমধান বা মাকৈ এবিধ পুষ্টিকৰ খাদ্য। শীতকালত জুইৰ কাষত অঙঠাত সেকা গোমধান খোৱাৰ আনন্দই সুকীয়া। গোমধানত কেলৰি, চর্বি, প্ৰ’টিন, কার্বহাইড্রেট, ছডিয়াম, পটাচিয়াম, ফাইবাৰ, ফলিক এচিড আদি পোৱা যায়। সিজোৱাৰ পাছত ইয়াৰ পুষ্টি গুণ বৃদ্ধি পায়। বর্তমান গোমধানৰ পৰা বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য প্রস্তুত কৰা হয়। বহু সমাদৃত "কর্ণফ্লেক্স” গোমধনৰ পৰা তৈয়াৰ কৰা হয়। খাদ্য সম্পর্কে সচেতন ব্যক্তিৰ “ব্রেকফাষ্ট’ৰ টেবুলত কর্ণফ্লেক্স থাকেই। ইয়াৰ পৰা তৈয়াৰ কৰা চাটুও ভিটামিনেৰে ভৰপূৰ। গোমধানৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

গোমধানৰ পৰা তৈয়াৰ কৰা "কর্ণ অয়েল' এ কলেষ্টৰেল প্রতিৰোধ কৰাত সহায় কৰে।

গোমধান হৃদৰোগীৰ বাবেও উপকাৰী। ইয়াত থকা কেৰ'টিনাইডে হৃদৰোগ হোৱাত বাধা দিয়ে।

কোষ্ঠকাঠিন্যত কষ্ট পোৱাসকলে গোমধান খালে উপকাৰ পাব| কাৰণ গোমধানে শৌচ খোলোচা কৰে।

শিশুৰ বাবেও গোমধান আৰু ইয়াৰ পৰা তৈয়াৰ কৰা চাটু গুড়ি উপকাৰী।

 

চফ বা পাণমুৰিৰো আছে ঔষধি গুণ


চফ বা পাণমুৰি সাধাৰণতে মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়। পাণমুৰিয়ে যে কেৱল মুখশুদ্ধিয়ে কৰে এনে নহয়। ইয়াৰ ঔষধি গুণো আছে। পাণমূৰিত থকা কিছুমান ঔষধি গুণ এনেধৰণৰ

  • পাণমুৰি যিহেতু আহাৰ খোৱাৰ পাছত খোৱা হয়, সেয়ে ই আমাৰ খাদ্য হজম হোৱাত সহায় কৰে।
  • পুৰণি জ্বৰত পাণমুৰি খালে আৰাম পোৱা যায়। দুচামুচ পাণমুৰি গুড়ি কৰি পানীত তিয়াই কম জুইত উতলাই কুহুমীয়া অৱস্থাতে ৰোগীক খুৱালে ভাল|
  • কেতিয়াবা হঠাৎ হিকটি আহি আমাক আমনি দিয়ে। তেতিয়া পাণমুৰিৰ গুড়ি এগিলাছ পানীত তিয়াই খালে হিকটি নোহোৱা হয়।
  • প্রস্ৰাৱ কম হ’লে পাণমূৰি চৰ্ব্বত বনাই খালে প্রস্রাৱ বৃদ্ধি হয়।
  • পাণমুৰি, মিছিৰি পানীত তিয়াই সেই পানী পাণমূৰিৰ সৈতে খালে টেঙা উগাৰত আৰাম পোৱা যায়।
  • পেটৰ বিষত পাণমুৰি খালে বিষ কমে।
  • কোষ্ঠকাঠিন্যত কষ্ট পালে পাণমুৰি গুড়ি কৰি ৰাতি শোৱাৰ আগেয়ে এগিলাছ কুহুমীয়া পানীৰে খালে পেট পৰিস্কাৰ হয়।
  • কেতিয়াবা পেট কামুৰি শৌচৰ লগত শাও পাৰে। তেতিয়া গুড়ৰ লগত পাণমূৰি মিহলাই খালে শাও পৰা কমে।
  • পাণমুৰি গুড়ি কৰি চালি লৈ ৰাতি গাখীৰৰ লগত শোৱাৰ আগেয়ে খালে মস্তিষ্ক সবল হোৱাৰ লগতে কোষ্ঠকাঠিন্যও দূৰ হয়।
  • দৃষ্টিশক্তি বৃদ্ধিতো পাণমুৰিয়ে সহায় কৰে।

 

মহুৱাৰ ঔষধি গুণ-


মহুৱা এবিধ ওখ গছ। ইয়াৰ পাতবোৰ ১২-২৫ চেণ্টিমিটাৰ দীঘল হয়। পাতৰ সিৰাবোৰ ডাঠ। ফুল সৰু, পাতল হালধীয়া বা ঘেঁহু ৰঙৰ। মহুৱা গছত সেউজীয়া ৰসাল ফল লাগে। ফলৰ ভিতৰত থকা বীজ খেৰৰ ৰঙৰ৷ ভাৰতৰ পাহাৰীয়া অঞ্চলত মহুৱা গছ বেছিকৈ হয়। কিছুমান অঞ্চলত কেৱল মহুৱা গছেই হোৱা দেখা যায়। মহুৱা গছৰ পৰা চাবোন তৈয়াৰ কৰা হয়। মহুৱা ফুলৰ পৰা সুৰা, ভিনেগাৰ, জেম আদি তৈয়াৰ কৰা হয়। এই গছৰ ফুল কেঁচাই নাইবা ভাজি কৰি খাব পাৰি। কিন্তু বেছিকৈ খোৱাটো অপকাৰী। মহুৱা গছৰ ছাল, পাত, ফুল আৰু বীজ ঔষধি হিচাপে ব্যৱহাৰ হয়। মহুৱা গছৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

  • মহুৱা গছৰ ছালৰ পৰা তৈয়াৰ কৰা কাথ শৰীৰত হোৱা খজুৱতিত লগালে সোনকালে ভাল হয়।
  • মহুৱাৰ শুকান পাত পুৰি তাৰ পৰা উৎপন্ন ছাই ঘিউৰ লগত মিহলাই শৰীৰত হোৱা জ্বলনত লগালে আৰাম পোৱা যায়।
  • ঘা হ’লে মহুৱাৰ ছাল পিহি লগালে ঘাঁহ সোনকালে নিৰাময় হয়।
  • কাঁহ আৰু শ্বাসনলীৰ ৰোগত মহুৱাৰ ফুল কম পৰিমাণে খালে আৰাম পোৱা যায়।
  • দাঁতৰ গুৰিৰ পৰা তেজ ওলালে মহুৱা গছৰ ছাল গুড়ি কৰি লগালে নাইবা কুলি কুলি কৰিলে তেজ ওলোৱা বন্ধ হয়।
  • মধুমেহ ৰোগীৰ বাবেও মহুৱা উপকাৰী।
  • মহুৱা শীতল আৰু পুষ্টিকৰ।
  • মহুৱা গছৰ বীজে বুকুৰ গাখীৰ বৃদ্ধিত সহায় কৰে।
  • ছালৰ বিভিন্ন ৰোগত মহুৱা গছৰ বীজৰ পৰা তৈয়াৰ কৰা তেল লগালে ৰোগ নিৰাময় হয়।
  • মহুৱা ফুলৰ পৰা সুৰা তৈয়াৰ কৰা হয়। এই সুৰা পুষ্টিকৰ। কম পৰিমাণে খালে শৰীৰৰ অপকাৰ নকৰে।

 

ডিমৰু ফলৰ ঔষধি গুণ-


ডিমৰু এবিধ ফল। পকা ডিমৰু সোৱাদযুক্ত আৰু স্বাস্থ্যবৰ্ধক। কেঁচা ডিমৰু ঔষধি হিচাপে ব্যৱহাৰ হয়। ডিমৰু স্থানভেদে বিভিন্ন ৰঙৰ পোৱা যায়— গুলপীয়া, বগা, ৰঙা আদি। ই পুষ্টিকৰ। ডিমৰু ছ'ডিয়াম, প'টাচিয়াম, মেগনেচিয়াম, গন্ধক, নিমখ আদিৰে সমৃদ্ধ। শুকান ডিমৰুতো বিবিধ ভিটামিন পোৱা যায়। তলত ডিমৰুৰ কিছুমান ঔষধি গুণৰ বিষয়ে আলোচনা কৰা হ’ল।

  • শুকান ডিমৰু সদায় গাখীৰৰ লগত পুৱা আৰু আবেলি সিজাই খালে কফ কমে।
  • শুকান ডিমৰু শুকান কাহৰ বাবে উপকাৰী।
  • সদায় দুটা ডিমৰু খালে কোষ্ঠকাঠিন্য কমে।
  • ডিমৰু বায়ু আৰু পিত্তনাশক।
  • শুকান ডিমৰু পানীত সিজাই সেই পানীৰে কুলি কুলি কৰিলে ডিঙিৰ ভিতৰত হোৱা খজুৱতিত আৰাম পোৱা যায়। ডিমৰু পানীত সিজাই পিহি ডিঙিৰ বাহিৰত লেপ লগালেও আৰাম পোৱা যায়।
  • ভোক কম লগা ব্যক্তিয়ে পকা ডিমৰু ভালদৰে চোবাই খালে ভোক বৃদ্ধি হ’ব।
  • শৰীৰ দুৰ্বল হ'লে প্রতিদিনে ২-৪ টামান ডিমৰু খালে শৰীৰলৈ শক্তি আহে।
  • যক্ষ্মা ৰোগীৰ বাবে ডিমৰুৰ ফল ভাল পথ।
  • ধাতু বৃদ্ধি আৰু তেজ বৃদ্ধিৰ বাবে ডিমৰু অতি উত্তম ফল।
  • নাকৰ পৰা তেজ ওলোৱা ৰোগত শুকান ডিমৰু উপকাৰী৷
  • মূৰৰ বিষ হ’লে শুকান ডিমৰু গুড়ি কৰি খালে বিষ কমে।
  • ডিমৰু, থেতেলিয়াই ফোঁহো হোৱা স্থানত বেণ্ডেজৰ দৰে বান্ধি ৰাখিলে ভিতৰৰ পুঁজি বাহিৰলৈ ওলাই আহে।

আইৰণেৰে ভৰপূৰ পালেং-


পালেং এবিধ পুষ্টিকৰ শাক। শীতকালত এই শাক প্ৰচুৰ পৰিমাণে পোৱা যায়। শীতকালত পালেং শাক নিয়মীয়াকৈ খালে বহুতো ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে। গৰ্ভৱতী মহিলাৰ বাবে পালেং অতি উপকাৰী। এই শাক খালে সন্তানৰ ওজন বঢ়ায় লগতে গৰ্ভস্থ সন্তানে প্রয়োজনীয় খাদ্যও পায়। পালেঙত কেলচিয়াম, ভিটামিন চি আৰু লৌহ পদার্থ প্ৰচুৰ পৰিমাণে থকাৰ কাৰণে ই শৰীৰৰ বাবে উপকাৰী। ইয়াক ভাজি, মাছৰ আঞ্জা ৰান্ধি নাইবা চুপ কৰি খাব পাৰি। পালেঙৰ চালাড অতি পুষ্টিকৰ খাদ্য। ইয়াৰ বিভিন্ন ঔষধি গুণবোৰ এনেধৰণৰ-

  • কেঁচা কোমল পালেং শাকত অকণমান নিমখ আৰু নেমু মিহলাই খালে তেজ পৰিষ্কাৰ হোৱাৰ লগতে তেজ বৃদ্ধি হয়।
  • কেঁচা পালেঙে মল বৃদ্ধিত সহায় কৰে। ফলত কোষ্ঠকাঠিন্য কমে।
  • পালেং শাকত থকা বিটা কেৰ'টিন নামৰ ভিটামিন চকুৰ কাৰণে উপকাৰী।
  • এনিমিয়াত ভোগা লোকে পালেং শাক খালে ভাল ফল পাব।
  • হিম'গ্ল'বিন বৃদ্ধিত পালেং শাকে সহায় কৰে।
  • গাজৰৰ ৰসৰ লগত পালেং শাকৰ ৰস মিহলাই খালে ভোক বৃদ্ধি হয় আৰু টোপনিও ভাল হয়।
  • পালেং শাকত কার্বহাইড্রেট থকাৰ কাৰণে মেদ বৃদ্ধিত বাধা দিয়ে। মেদ কমাবলৈ পালেং শাক খোৱাটো উপকাৰী।
  • পালেং শাকত কেলচিয়াম আৰু লৌহ পদার্থ প্ৰচুৰ পৰিমাণে থাকে। সেয়ে পালেং শাক খালে দাঁত আৰু চুলি ভালে থাকে।
  • ফলিক এচিডো পালেং শাকত পোৱা যায়। গৰ্ভৱতী মহিলাৰ বাবে ফলিক এচিড উপকাৰী। পালেং শাক খালে গৰ্ভৱতী মহিলাই ফলিক এচিড পাব।
  • পালেংশাক পনীৰৰ লগত খালে ছাল উজ্জ্বল হয়।
  • মধুমেহ ৰোগীৰ বাবেও পালেং উত্তম খাদ্য।
  • স্তনপান কৰোৱা মহিলাই দৈনিক কমেও ৬০০ গ্রাম পালেঙৰ চালাড বা তৰকাৰি বনাই খোৱা উচিত।

আতলচ ফলৰ ঔষধি গুণ-


আতলচ এবিধ সুস্বাদু ফল। এইবিধ ফলৰ গছ মধ্যমীয়া ওখ হয়। আতলচৰ গাত কঁঠালৰ দৰে খাজ কটা আছে কাৰণে বহুতে এইবিধ ফলক আতলচ কঁঠাল বুলিও কয়। কঁঠালৰ দৰেই ডাঙৰ নহয়। ডাঙৰ বেল একোটাৰ দৰে ইয়াৰ আকৃতি হয় যদিও সম্পূর্ণ গোলাকাৰ নহয়। কেঁচা অৱস্থাত আতলচৰ ৰং পাতল সেউজীয়া আৰু পকিলে পাতল হালধীয়া ৰঙৰ হয়। কিছুমান আতলচত আকৌ হালধীয়াৰ লগতে পাতল ৰঙা আভাও থাকে। কেঁচা অৱস্থাত ই টান আৰু পকিলে কোমল হৈ পৰে। পকা আতলচ খাবলৈ বালিয়া আৰু মিঠা। আতলচৰ ভিতৰত অসংখ্যক ক’লা-চকলেট ৰঙৰ গুটি থাকে। আতলচ গছ আজিকালি প্রায় নোহোৱাৰ নিচিনাই। এইবিধ সোৱাদযুক্ত ফলৰো ঔষধি গুণ আছে

  • কোষ্ঠ কাঠিন্যত আতলচ উপকাৰী।
  • আতলচৰ গুটি গুড়ি কৰি শুকাই নাইবা পাতৰ ৰস উলিয়াই সেই ৰস পানীত মিহলাই মূৰ ধুলে ওকনি নোহোৱা হয়।
  • পকা আতলচ খালে শৰীৰৰ হিম'গ্লবিন বৃদ্ধি হয়।
  • উফি হ’লে আতলচ গছৰ পাত পিহি ৰস উলিয়াই সেই ৰস পানীত মিহলাই মূৰ ধুলে উফি আঁতৰে।
  • আতলচৰ শুকান গুটি গুড়ি কৰি সেই গুড়িত বেচন মিহলাই চুলিত ১-২ মিনিট ৰাখি পাছত ভালদৰে মূৰ ধুব লাগে। এনেদৰে মূৰ ধুলে চুলি উজ্জ্বল আৰু ফৰফৰীয়া হয়।

 

সুস্বাদু ফল আনাৰস-


আনাৰস এবিধ সোৱাদযুক্ত ফল। এই ফলবিধৰ জন্মস্থান ব্রাজিল। এইবিধ ফলত প্ৰ’টিন, ভিটামিন এ, বি আৰ চি যথেষ্ট পৰিমাণে পোৱা যায়। তদুপৰি ফছফৰাছ, অম্ল, লো, কেলচিয়ামো পোৱা যায়। গৰমৰ দিনত আনাৰসৰ উৎপাদন যথেষ্ট পৰিমাণে হয়। আনাৰস কেঁচা-পকা দুয়োপ্ৰকাৰে খাব পাৰি। এইবিধ ফল ঔষধি গুণেৰে ভৰপূৰ। অৱশ্যে খালী পেটত কেতিয়াও আনাৰস খাব নালাগে।

  • মস্তিস্কৰ কাৰণে আনাৰস উপকাৰী।
  • আনাৰসে পেট পৰিষ্কাৰ কৰে কাৰণে পেট ফুলা আদিৰ পৰা মুক্ত হৈ থাকিব পাৰি।
  • স্কাৰ্ভি ৰোগ প্ৰতিৰোধ কৰিব পাৰে আনাৰসে। সেয়ে নাৱিকসকলৰ কাৰণেই ই উত্তম খাদ্য।
  • ফোঁহা হ’লে আনাৰসৰ সাহিখিনি পিহি ফোহাত লগালে আৰু আনাৰস খালে সোনকালে ৰোগ নিৰাময় হয়।
  • কাহ, পানীলগা আদি ৰোগত আনাৰস খালে উপকাৰ পোৱা যায়।
  • গৰমৰ দিনত কেতিয়াবা অনবৰতে পিয়াহ লাগি থাকে। আনাৰস খালে পিয়াহ লগা ভাব আঁতৰে।
  • ডিঙি খচ্‌খচাই থাকিলে আনাৰস খালে আৰাম পোৱা যায়।
  • ডিঙিৰ বিষ হ’লে আনাৰস খালে বিষ কমে।
  • আনাৰসে শৰীৰলৈ শক্তি অনাৰ লগতে সজীবতাও আনে।
  • পাথৰী ৰোগত ভালকৈ পকা আনাৰস সৰু সৰুকৈ টুকুৰা কৰি তাত ক’লা নিমখ আৰু জালুক লগাই খালে ৰোগ সোনকালে নিৰাময় হয়।
  • আনাৰসে প্রস্ৰাৱ বৃদ্ধি কৰে|
  • আনাৰসে পাচনশক্তি বৃদ্ধি কৰে আৰু শৰীৰ শীতল কৰে।
  • যকৃত বাঢ়িলে আনাৰস খালে ভাল ফল পোৱা যায়।

 

আদাৰ ঔষধি গুণ


আদা সকলোৰে পৰিচিত এবিধ মছলা জাতীয় উদ্ভিদ। এইবিধ উদ্ভিদৰ গা-গছডাল মাটিৰ ওপৰত থাকে আৰু কাণ্ড মাটিৰ তলত হয়। মছলাজাতীয় উদ্ভিদ হোৱাৰ বাবে ৰন্ধন কার্যত আদা প্ৰচুৰ ব্যৱহাৰ হয়। মাংগলিক কাৰ্য্যতো আদা ব্যৱহাৰ হয়। আদাৰ পৰা আচাৰ, চাটনি আদিও তৈয়াৰ কৰা হয়। আদাৰ ঔষধি গুণো আছে। সেয়ে বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপেও সদায় ব্যৱহাৰ হয়।

  • আদাই হজম কৰাত সহায় কৰে।
  • চর্দি হ’লে আদা, তুলসী পাতৰ ৰস, জালুক আৰু লংৰ মিশ্রণেৰে চাহ খালে চর্দি ভাল হয়।
  • কোষ্ঠকাঠিন্যত কষ্ট পোৱাসকলে সমান পৰিমাণৰ আজৱাইন, আদা আৰু গুড় মিহিকৈ পিহি গৰুৰ ঘিউত ভাজিব লাগে। তাৰ পাছত মিশ্ৰণখিনিত পানী দি পগাব লাগে। নিয়মীয়াকৈ এই মিশ্রণ খালে কোষ্ঠকাঠিন্য কমে।
  • পাতল পায়খানা হ’লে আদা পিহি পানীত উতলাই সেই পানী দিনে ২-৩ বাৰ ৰোগীক খুৱালে ৰোগ নিৰাময় হয়।
  • ভোক নালাগিলে আদা কাটি নিমখ ছাটিয়াই খালে ভোক লাগে| পেটত গেছ হ'লেও এনেদৰে খালে আৰাম পোৱা যায়।
  • বমি হ’লে আদা আৰু পিয়াজৰ ৰস মিহলাই খালে বমি বন্ধ হয়।
  • আদাৰ ৰস, নেমুৰ ৰস আৰু মৌ সম পৰিমাণে লৈ দিনে তিনি-চাৰিবাৰ খালে কাহত আৰাম পোৱা যায়।
  • মাত বহিলে আদাৰ ৰসৰ লগত মৌ মিহলাই খালে মাত ওলায়।
  • জ্বৰ হ'লে আদাৰ ৰস আৰু, পদিনাৰ ৰস আৰু সৈন্ধৱ লৱণ মিহলাই খালে উপকাৰ পোৱা যায়।
  • পেট বিষালে আদাৰ ৰস, পদিনাৰ ৰস আৰু সৈন্ধৱ লৱণ মিহলাই খালে তৎক্ষণাৎ আৰাম পোৱা যায়।
  • গাঁঠিৰ বিষত আদা তিলৰ তেলত গৰম কৰি বিষ হোৱা স্থানত মালিচ কৰিলে বিষ কমে।
  • পেট জ্বলা-পোৰা কৰিলে কুঁহিয়াৰৰ ৰস আৰু আদাৰ ৰস মিহলাই খালে জ্বলা-পোৰা ভাব কমে।

 

সাধাৰণ ক’লা কচুৰো আছে ৰোগ নিৰাময় গুণ-


ক’লা কচু সকলোৰে পৰিচিত এবিধ বনজাতীয় উদ্ভিদ। ই য’তে ত’তে গজে। ইয়াৰ বৈজ্ঞানিক নাম Cococasia esculerta (Linn) Schott আৰু ই Araceae গোত্ৰৰ। ইংৰাজীত ইয়াক Cocoyam বোলা হয়। ইয়াৰ পাত বহল আৰু ঠাৰি দীঘল। ঠাৰি কাটিলে ৰস ওলায়। ইয়াৰ পাত, ঠাৰি আৰু থুৰ পাতত দি, আঞ্জা কৰি নাইবা ভাজি খোৱা হয়। ক’লা কচুৰ ঠাৰিৰ পৰা আয়'ডিন পোৱা যায়। ক’লা কচুৰো ঔষধি গুণ আছে। ইয়াৰ পাত, ঠাৰি, থুৰ আৰু শিপা ঔষধ হিচাপেও ব্যৱহাৰ হয়। ক’লা কচুৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • ক’লা কচু সিজাই সেই পানী খালে জণ্ডিচ ৰোগত উপকাৰ পোৱা যায়।
  • প্রস্ৰাৱ নহ’লে ক’লা কচুৰ পাত আৰু ঠাৰি সিজাই চেঁচা কৰি সেই পানী খালে প্ৰস্ৰাৱ হয়।
  • টনচিল ৰোগীৰ বাবে ক’লা কচু খোৱাটো উপকাৰী।
  • ক’লা কচু কাটিলে যি আঠা ওলায়, সেয়া বীজাণুনাশক। সেয়ে যিকোনো কটা-ছিগাত ক’লা কচুৰ আঠা লগালে বীজাণুনাশ হোৱাৰ লগতে তেজ বন্ধ হয়।
  • ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ক’লা কচুখোৱাটো উপকাৰী কাৰণ ইয়াত যথেষ্ট লৌহ পদার্থ থাকে।
  • ক’লা কচুৱে গৰল প্রতিৰোধ কৰাত সহায় কৰে।
  • গাৰ বিষ হ’লে জালুকেৰে ক’লা কচুৰ আঞ্জা ৰান্ধি খালে বিষ নাশ হয় আৰু আৰাম পোৱা যায়।
  • ক’লা কচু খোৱাটো কুকুৰীকণা ৰোগীৰ বাবেও উপকাৰী।
  • গৰ্ভৱতী মহিলাই ক’লা কচুৰ আঞ্জা খাব লাগে। ইয়াৰ ফলত গৰ্ভত থকা সন্তানৰ বিকাশৰ ক্ষেত্ৰত সুফল পোৱা যায়।

কুন্দলীৰ ঔষধি গুণ-


কুন্দলী এবিধ লতাজাতীয় উদ্ভিদ। ই সাধাৰণতে জেওৰা বা গছত বগাই যায়। পাচলি হিচাপে কুন্দুলী খোৱা হয়। ইয়াৰ ফুলৰ ৰং বগা। পাত আৰ, গা-গছত মিহি নোম আছে। ফল ডিম্বাকাৰ। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া। পকিলে উজ্জ্বল হালধীয়া ৰঙা ৰঙৰ হয়। ইয়াৰ গাটো অতি নিমজ| ফলৰ গাত সৰ সৰু আঁচ থকাৰ নিচিনা। ফলৰ ভিতৰত সংখ্যা গুটি আছে। কিছুমান ফলৰ ভিতৰখন বগা আৰু কিছুমানৰ পাতল গোলপীয়া। কুন্দুলী খাবলৈ অকণমান টেঙেচীয়া। ইয়াত থকা কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • কুন্দুলীৰ কেঁচা ফলৰ ৰসে জিভাৰ ঘাঁ শুকোৱাত সহায় কৰে।
  • গৰু-ছাগলীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলীৰ পাতৰ ৰস লগালে ৰোগ নিৰাময় হয়।
  • কুন্দুলীৰ গা-গছ খুন্দি তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়।
  • শৰীৰত হোৱা খজুৱতিত কুন্দুলীৰ কেঁচাপাত থেতেলিয়াই মিহি কৰি লগালে খজুৱতি কমে।
  • কুন্দূলী সঞ্চিত পেট চলা ৰোগত উপকাৰী।
  • বহুমূত্র ৰোগীয়ে পাত থেতেলিয়াই ৰস উলিয়াই খালে ভাল ফল পাব।
  • গনোৰিয়া ৰোগত কুন্দুলীৰ পাতৰ ৰস উপকাৰী।
  • কুন্দুলীৰ পাতৰ ৰস যিকোনো জন্তুৱে কামোৰা স্থানত লগালে সোনকালে আৰাম পায়।
  • ছালৰ যিকোনো ৰোগত কুন্দুলীৰ পাতৰ ৰস লগালে উপকাৰ পোৱা যায়।

 

চম্পা ফুলৰ গুণ-


চম্পা এবিধ সুগন্ধি ফুল। কঁঠাল চম্পা, ভূমি চম্পা আদি কেইবাবিধো চম্পা ফুল আছে যদিও সাধাৰণতে বগা বা পাতল হালধীয়া বা সোণবৰণীয়া চম্পা ফুল সহজতে চকুত পৰে। গ্ৰীষ্ম আৰু বৰ্ষাকালত এই ফুল ফুলে। বিভিন্ন ভাষাত ইয়াক ভিন ভিন নামেৰে জনা যায়। হিন্দীত ইয়াৰ নাম চম্পক। চম্পা ফুলো ঔষধি গুণেৰে ভৰপূৰ।

  • বদ হজমৰ বাবে বমি হ'লে চম্পা ফুলৰ গুটি ওড়ি কৰি পানীৰ লগত খালে বমি ভাব দূৰ হয়।
  • ভূমি চম্পাৰ গছৰ আলুৰ পৰা মলম তৈয়াৰ কৰি কটা-ছিঙাত লগালে সোনকালে ঘা শুকায়।
  • পেট ফুলিলে ভূমি চম্পাৰ আলু গুড়ি কৰি খালে ৰোগ উপশম হয়।
  • ডিঙি উখহিলে অর্থাৎ মাম্পছ (Mumps) হ’লে ভূমি চম্পাৰ শিপা গুড়ি কৰি খালে ৰোগ সোনকালে ভাল হয়।
  • জননতন্ত্ৰত ঘা হ’লে কঁঠাল চম্পাৰ ছালৰ পৰা তৈয়াৰী ঔষধ ব্যৱহাৰ কৰিলে ৰোগ নিৰাময় হয়।
  • বহুমূত্ৰ ৰোগতো কঁঠাল চম্পাৰ ছাল উপকাৰী।
  • বাত বিষতো চম্পা ফুল, বকুল ফুলৰ লগত পিহি উখহা বা বিষ হোৱা স্থানত লগালে আৰাম পোৱা যায়।

 

আমৈলতাৰ ৰোগ প্ৰতিষেধক গুণ-


আমৈলতা এবিধ লতাজাতীয় গছ। অঞ্চলভেদে আমৈলতা শগুনিলতা, গুলঞ্চ সিদ্ধিলতা, আমৰলতা আদি নামেৰেও জনা যায়। সংস্কৃতত ইয়াৰ নাম ‘অমৃতবল্লী’ আৰু হিন্দীত "গিলোয়”। ই এবিধ বহুবর্ষী উদ্ভিদ। এইবিধ লতাৰ ডালৰ পৰা সৰু সৰু লতা ওলমি থাকে। পাতবোৰ ৫ৰ পৰা ১০ চেণ্টিমিটাৰ ডাঙৰ হয়। ইয়াৰ পাতত বহুতো সিৰ থাকে। ইয়াৰ ফুলবোৰ সৰু । এইবিধ উদ্ভিদৰ পুৰুষ আৰু স্ত্রী ফুল বেলেগ বেলেগ হয়। ফল মটৰৰ গুটিৰ সমান ডাঙৰ আৰু গোলাকাৰ। কেঁচা অৱস্থাত ফল সেউজীয়া, পকিলে ৰঙা বৰণৰ হয়। ইয়াৰ ডালবোৰ গ্ৰীষ্ম কালত শুকাই ঔষধ তৈয়াৰ কৰা হয়। শুকাওঁতে ডালবোৰৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হয়। আমৈলতাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • আমৈলতাৰ ৰসৰ লগত মৌ মিহলাই খালে জণ্ডিচ ৰোগত উপকাৰ পোৱা যায়।
  • অতিসাৰ ৰোগত আমৈলতাৰ শিপাৰ ৰস উপকাৰী।
  • আমৈলতাৰ শুকান ডাল গুড়ি কৰি খালে যৌনশক্তি বৃদ্ধি হয়।
  • আমৈলতা অতিপাত শক্তিবিধক উদ্ভিদ।
  • আমৈলতাই পিত্তৰোগ প্রতিৰোধ কৰিব পাৰে।
  • মেলেৰিয়া ৰোগত আমৈলতাৰ শুকান ডালৰ গুড়ি খালে ৰোগ নিৰাময় হোৱাত সহায় কৰে।
  • আমৈলতা ছালৰ বিভিন্ন ৰোগ প্রতিষেধক।
  • বাতবিষৰ কাৰণেও আমৈলতা উপকাৰী।
  • আমৈলতাৰ শুকান ডালৰ গুড়ি সেৱন কৰিলে ৰক্তদোষ নাশ হয়।
  • বহুমূত্ৰ ৰোগীৰ বাবেও আমৈলতা উপকাৰী। ই তেজত থকা চেনি নিয়ন্ত্রণ কৰে।

 

 

 

লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।

 


3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top