মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বিলাহীত কি কি লাগতিয়াল উপাদান থাকে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিলাহীত কি কি লাগতিয়াল উপাদান থাকে?

বিলাহীত থকা লাগতিয়াল উপাদানৰ বিষয়ে লিখা হৈছে ।

 

প্ৰতি ১০০ গ্ৰাম বিলাহীত থাকে -

*প্ৰটিন ১৪ গ্ৰাম,

*কাৰ্বহাইড্ৰেট ৫৬ গ্ৰাম,

*ফেট ২ গ্ৰাম,

*শক্তি ২৫৮ কেলৰি,

*ডায়েটেৰি ফাইবাৰ ১২ গ্ৰাম৷

বিলাহীত থকা আন লাগতিয়াল তত্ব হ’ল লাইকোপেন, বিটা-কেৰটিন, আলফা লিপয়িক এচিড, লিউটিন, ঝিয়াজেনথিন ৷

বিলাহীৰ উপকাৰিতাৰ তালিকা -

*হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান: অপকাৰী ক’লেষ্টেৰলৰ (এল ডি এল আৰু ট্ৰাইগ্লিচাৰাইডৰ) পৰিমান বিলাহীত থকা এন্টিঅক্সিডেন্টে হ্ৰাস কৰে৷ ভিটামিন-ই আৰু ভিটামিন-চি হৃদয় আৰু ৰক্ত প্ৰণালীৰ বাবে উপযোগী তত্ব৷

*উচ্চ ৰক্তচাপ কমায়: বিলাহীত উচ্চ পৰিমাণত থকা প’টেচিয়ামে তেজৰ নলী বহলাই ৰাখি ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে৷

*দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে: কুকুৰীকণা আৰু আন চকুৰ অসুখ ভিটামিন-এৰ বাবে উপশম হয়৷

*ধুম্ৰপানৰ অপকাৰিতা হ্ৰাস কৰে: বিলাহীত থকা ক্ল’ৰনাৰ্জিক এচিড, কউমাৰিক এচিড আৰু ভিটামিন-এৰ বাবে চিগাৰেটত থকা কাৰচিনোজন (কৰ্কট ৰোগৰ কাৰক) নিস্ক্ৰিয় হয়৷

*পাক প্ৰণালীৰ উপকাৰিতা: বিলাহীত থকা ডায়েটেৰি ফাইবাৰে ডায়েৰিয়া আৰু শৌচকচা দুয়োটাই নিৰাময় কৰে৷

*পিত্তৰ পাথৰৰ ৰোগৰ উপশম ঘটায়: নিয়মীয়া বিলাহী সেৱনে এই লাভ প্ৰদান কৰে৷

*ডায়েবেটিজ ৰোগ কমায়: Journel of Americam Medical Associationৰ মতে ডায়েবেটিজ ৰোগী নিয়মীয়া বিলাহী সেৱন কৰিলে উপকৃত হয়৷

*মূত্ৰাশয়ৰ ৰোগ নিয়ন্ত্ৰণত সহায়ক: বিলাহীৰ ডাইয়ুৰেটিক (প্ৰসাবৰ পৰিমাণ বঢ়োৱা) গুণৰ বাবে কিডনি লাভবান হয়৷ প্ৰসাবৰ সংক্ৰমণ কমে৷

*চৰ্মৰ উন্নতি সাধন: ৰদৰ উত্তাপে কৰা চানবাৰ্ণ বিলাহীৰ ৰস লগালে উপশম হয়৷ নিয়মীয়া বিলাহী সেৱন কৰিলে চৰ্মৰ উজ্বলতা বাঢ়ে আৰু মুখমণ্ডলত বয়সৰ ছাপ পৰিব নিদিয়াকৈ ৰাখে৷

*চুলি শক্তিশালী_আৰু চিকচিকিয়া কৰে: সেয়া এন্টিঅক্সিডেন্ট আৰু ভিটামিনৰ গুণৰ ফলত৷

*হাঁড় শক্তিশালী কৰাত ভূমিকা: সেয়া ভিটামিন-কে আৰু কেলচিয়ামৰ বাবে সম্ভৱপৰ৷

*কৰ্কট ৰোগ হ্ৰাস কৰাত সহায়ক: প্ৰষ্টেটৰ, হাওঁফাওঁৰ, মূত্ৰাশয়ৰ, পাকপ্ৰণালী আদিৰ কৰ্কট ৰোগ বিহালীত থকা লাইকোপেন আৰু আন আন এন্টিঅক্সিডেন্টে প্ৰতিৰোধ কৰাত সহায়ক সিদ্ধ হৈছে৷ শৰীৰৰ অপকাৰী ফ্ৰি-ৰেডিকেলৰ বিলাহীয়ে বিনষ্ট কৰে৷

*বিলাহীৰ ব্যৱহাৰত লবলগীয়া সতৰ্কতা : দেখিবলৈ মনোমোহা,খাবলৈ সুস্বাদু বিলাহীৰো পাৰ্শ্বক্ৰিয়া কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত হব পাৰে৷ সম্ভাব্য অপকাৰিতাৰ কথা তলত উল্লেখ কৰিলোঁ৷

* এলাৰ্জি – সৰু-ডাঙৰ এলাৰ্জিৰ ফলত এই বিলাক সংঘটিত হব পাৰে।

* মূৰৰ বিষ,মূৰঘূৰণি, বমি-ওকালি,মাংসপেশীৰ বিষ, শৰীৰ আৰু মুখ মণ্ডল জ্বলা পুৰা কৰা৷ বিলাহীৰ পাত অতি বিপদজনক আৰু বিষাক্ত৷

* এচিডিটিৰ সমস্যা – টেঙা ওগাৰ অহা, পেট ফুলা আদি হব পাৰে৷

*ৰক্তক্ষৰণৰ সম্ভাৱনা থকা বা আগৰ হিষ্ট্ৰী থকা লোকে বিলাহী নোখোৱাই মংগলজনক৷

*গৰ্ভৱতী মহিলাই কম পৰিমাণত সতৰ্কতাৰে বিলাহী খাব৷

*কেঁচা বা সিজোৱা বিলাহীয়ে সকলো ধৰণৰ ক’লাইটিচ অসুখত বিৰূপ প্ৰতিক্ৰিয়া কৰিব পাৰে৷

*তেজত ইউৰিক এচিড বেচি থকা লোকসকলেও বিলাহী বৰ্জন কৰিব৷ কেঁচা বা সিজোৱা বিলাহী খালেও হাঁড়ৰ বিষ উক দিয়াৰ সম্ভাৱনা থাকে৷

লেখক: ডাঃ ভূপেন শইকীয়া (সংগ্ৰহীত)

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top