মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বেঙেনাৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণ আৰু ইয়াক খোৱাৰ আগতে মানিচলিবলগীয়া কেইটামান কথা -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বেঙেনাৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণ আৰু ইয়াক খোৱাৰ আগতে মানিচলিবলগীয়া কেইটামান কথা -

বেঙেনাৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণ আৰু ইয়াক খোৱাৰ আগতে মানিচলিবলগীয়া কেইটামান কথাৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণতে খোৱাৰ পাতত পাচলিজাতীয় খাদ্যসামগ্ৰীৰ ভিতৰত আলুৰ পাছতে বেঙেনাই স্থান পায়। বেঙেনা মূলৰুপত আমাৰ দেশ ভাৰতবৰ্ষত উৎপাদন কৰা হয় । সেয়ে ইয়াৰ মহত্ব তথা স্বাস্থ্য সম্বন্ধীয় গুণাগুণ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে । পোষক পদাৰ্থৰ দৃষ্টিৰে বেঙেনাত কেলছিয়াম, ফছফৰাছ,লৌহ পদাৰ্থ,পটাছিয়াম তথা মেংগানিজ মধ্যম মাত্ৰাত পোৱা যায় । ইয়াৰ লগতে ভিটামিন এ আৰু ভিটামিন বি কমপ্লেক্স কিছু পৰিমাণে থাকে । দেখাত টান যেন লাগিলেও বেঙেনাত ৯২% পানী পোৱা যায় ।

বেঙেনাৰ স্বাস্থ্যবৰ্ধক গুণাগুণ -

(১) ফাইবাৰ হ'ল এবিধ পোষক পদাৰ্থ, যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে । বেঙেনা খালে আপোনাৰ শৰীৰে ২ গ্ৰাম ফাইবাৰ লাভ কৰিব । সেয়ে নিয়মীয়া আহাৰত বেঙেনাক অন্তৰ্ভূক্ত কৰক ।

(২) বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট কৰি ৰাখে আৰু ইয়াক ভিতৰৰ পৰা কোমলতা প্ৰদান কৰে। সেয়ে যিসকল ব্যক্তিৰ ছাল আৰু চুলি ৰুক্ষ আৰু শুকান হয়,তেওঁলোকে বেঙেনা খাবলৈ আৰম্ভ কৰি দিয়ক ।

(৩) বেঙেনাই শৰীৰৰ বৰ্ধিত চৰ্বি নাশ কৰে আৰু কেলৰি হ্ৰাস কৰে । বেঙেনাত ফাইবাৰ পোৱা যায়,যাক খালে পেট ভৰি যায় আৰু ভোক নালাগে । ইয়াৰ দ্বাৰা ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায়ক হয় ।

(৪) বেঙেনাৰ গছত যথেষ্ট পৰিমাণৰ নিউট্ৰিচনচ পোৱা যায়, যি মগজুৰ শ্ৰীবৃদ্ধিৰ বাবে উপযোগী। ই মগজুৰ ফ্ৰি ৰেডিকেলচবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু মগজুৰ বিকাশ সাধন কৰে ।

(৫) হাই ফাইবাৰ আৰু কম কাৰ্বহাইড্ৰেট থকাৰ বাবে বেঙেনা মধুমেহ ৰোগীসকলৰ বাবে উপযোগী । ই আপোনাৰ চুগাৰ লেভেল কম কৰিব পাৰে ।

(৬) বেঙেনা হৃদৰোগ,যকৃতৰ ৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো চিকিৎসকৰ দ্বাৰা এক স্বাস্থ্যবৰ্ধক সুপথ্য হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হয় ।

বিশেষ দষ্ট্ৰব্যঃ- বেঙেনাৰ উপকাৰী দিশ আছে যদিও কিছুমান ক্ষেত্ৰত ইয়াক খোৱাৰ ফলত সৃষ্টি হোৱা ক্ষতিকাৰক প্ৰভাৱক সহজতে ওলাই কৰিব নোৱাৰি ।

* যদিহে আপুনি অৱসাদৰোধী(Antidepressant) ঔষধ গ্ৰহণ কৰে, তেন্তে বেঙেনা খোৱা উচিত নহয় । কাৰণ এনে অৱস্থাত ই ঔষধৰ প্ৰভাৱ হ্ৰাস কৰে ।

* বেঙেনা নাইটশ্বেড পৰিয়ালৰ অন্তৰ্গত, সেয়ে ইয়াক খালে কেতিয়াবা এলাৰ্জি হব পাৰে ।

* আমি জানো যে বেঙেনাত প্ৰচুৰ পৰিমাণৰ গুটি পোৱা যায় । এই গুটিবোৰে আমাৰ পেটলৈ গৈ অপকাৰ সাধন কৰিব পাৰে । সেয়ে পেটৰ কিছুমান গুৰুতৰ ৰোগত ভোগা ব্যক্তিসকলে বেঙেনা খোৱা উচিত নহয় ।

* বেঙেনাৰ গুটিবোৰৰ বাবেই দন্তৰোগত আক্ৰান্ত ব্যক্তিসকলে ইয়াক খোৱাটো হানিকাৰক ।

* পিছলপ্ৰকৃতিযুক্ত হোৱাৰ বাবে মৃগীৰোগীসকলৰ ক্ষেত্ৰতো বেঙেনাক এবিধ বিৰুদ্ধ আহাৰ বুলি গণ্য কৰা হয় ।

* তেলত ভজা বেঙেনা খাবলৈ বহুত ভাল লাগে, যদিও ভাজি খালে ইয়াৰ স্বাস্থ্য সমন্ধীয় লাভালাভ নোহোৱা হৈ যায় । কাৰণ বেঙেনাই অধিক তেল শোষণ কৰে, যি ওজন বৃদ্ধি কৰাৰ লগতে হৃদযন্ত্ৰৰ বাবে হানিকাৰক হব পাৰে । ইয়াৰ সলনি বেঙেনা সিজাই খালে ইয়াৰ পোষক তত্বসমূহ অটুট থাকে আৰু ওজন বৃদ্ধিৰ দৰে সমস্যাও নহয় ।

লেখক: ৰিদিপ ৰঞ্জন চেতিয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top