অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বেল :

বেলৰ বিষয়ে লিখা হৈছে ।

 

সংস্কৃত: বিলব, মলুৰ, শ্ৰীফল।

হিন্দী: বেল, চিভফল, শ্ৰীফল।

বাংলা: বিলব, বেল।

গুজৰাটী: বে-নি।

তেলেগু: মাটিদি।

কানাড়া: বেলু।

বেল গছ অতি পৱিত্ৰ গছ হিচাপে গণ্য কৰা হয়। ইয়াৰ পাত আৰু ফুল হিন্দুসকলে ভগৱান শিৱৰ নামত মন্দিৰত উছৰ্গা কৰে। বেল গছৰ কাণ্ডক অতি বিশুদ্ধ আৰু পৱিত্ৰ বুলি গণ্য কৰা হয়।

বেল গছ ৩০-৪০ ফুট পৰ্যন্ত ওখ হয় আৰু এবিধ বিশেষ ধৰণৰ কাঁইট থাকে। শীতকালত গছৰ ফল আৰু গ্ৰীষ্ম কালত পকা ফল দিয়ে। বেলৰ ফল এশ গ্ৰামৰ পৰা আধা কেজি পৰ্যন্ত হয়। পকা ফল স্বাদযুক্ত, সুগন্ধি আৰু বৰ ৰসাল হয়।

ৰাসায়নিক গুণাগুণ -

১০০ গ্ৰাম বেলত-

*ফুড ৬৪ গ্ৰাম,

*পানী ৬১.৫ গ্ৰাম,

*প্ৰ’টিন ১.৮,

*ফেট ০.৩,

*আইৰন ০.৬,

*ফছফৰাছ ৫০ গ্ৰাম,

*কেলছিয়াম ৮৫ মিঃগ্ৰাঃ,

*কাৰ্বহাইড্ৰেট ৩৯.৮ গ্ৰাম,

*কেৰ’টিন ৫৫ মিঃগ্ৰাঃ,

*ভিটামিন বি ০.৯২ মিঃগ্ৰাঃ আদি থাকে।

বেলৰ খোৱাটোত যথেষ্ট পৰিমাণৰ পটাছিয়াম, ছডিয়াম, আইৰন, ফছফৰাছ, মেগনেছিয়াম, কেলছিয়াম, কাৰ্বনেট চিলিকা আদি থাকে।

ডায়েৰীয়া আৰু ডিচেণ্ট্ৰী -

১)কেঁচা ফলৰ মঙহাল অংশ দৈৰ পানীৰ লগত মিলাই খালে ডায়েৰীয়া ৰোগ ভাল হয়।

২)পকা বেল পানীৰ লগত মিশ্ৰণ তৈয়াৰ কৰি খালেও সুফল পায়। এইদৰে খালে পেটৰ গেছ, জ্বলা-পোৰা, শৌচ আদিও ভাল হয়।

৩)পকা বেল মিছিৰিৰ লগত তিয়াই ৰাখি খালে পুৰণি পেটৰ ৰোগ নিৰাময় হয়।

অজীৰ্ণ:

বেলৰ ৰস খালে অজীৰ্ণ ৰোগ ভাল হয়।

বমি:

বেলৰ ৰসে বমি নিৰাময় কৰে। পকা বেল, পানী, চাউল আৰু অকণমান মিছিৰি মিহলাই সিজাই মিশ্ৰণ কৰি খুৱালে গৰ্ভৱতী তিৰোতাৰ বমি নোহোৱা হয়।

ৰক্ত বৃদ্ধি:

পকা বেলৰ ফলৰ লগত গাখীৰ আৰু চেনি মিহলাই খালে তেজ বৃদ্ধি হয়। সেইদৰে বেলৰ লগত দৈ, চেনি মিহলাই খালে তেজ শোধন হয়।

দাঁতৰ সমস্যা:

বেল পানীত মিহলাই অৱশিষ্টখিনিত মৌ ৰস মিহলাই খালে দাঁতৰ আলু, দাঁতৰ ক্ষয় আৰু দাঁতৰ বিষ নিৰাময় হয়।

বগাস্ৰাৱ:

বেল ভাতৰ নিশনিৰ লগত খালে বগাস্ৰাৱ নোহোৱা হয়।

কুকুৰীকণা:

১০ খিলা বেল পাত, ৭ টা জালুক, ২৫ গ্ৰাম চেনি, ১০০ গ্ৰাম পানীৰ লগত সিজাই মিশ্ৰণ তৈয়াৰ কৰি দিনে দুবাৰ খালে কুকুৰীকণা ৰোগ ভাল হয়। সেইদৰে পাতকেইখিলামান এটা ৰাতি তিয়াই থৈ সেই পানীৰে চকু ধুলে সুফল পোৱা যায়।

এজমা:

পাত চোবাই খালে এজমা ৰোগীয়ে সুফল পায়।

বহুমূত্ৰ:

জালুকৰ সৈতে বেল পাত খুন্দি মিশ্ৰণ তৈয়াৰ কৰি খালে সুফল পোৱা যায়। সেইদৰে ৪-৫ খিলামান বেল পাত দৈনিক চোবাই খালে সুফল পায়।

প্ৰস্ৰাৱ জ্বলা-পোৰা:

বেলৰ পাত, জিৰা আৰু মিছিৰিৰ লগত মিশ্ৰণ তৈয়াৰ কৰি খালে প্ৰস্ৰাৱ জ্বলা-পোৰা ভাল হয়।

পকা বেলৰ চৰবত ঠাণ্ডা আৰু স্বাস্থ্যকৰ বেলৰ পৰা মাৰমালিন ৯০ নামৰ এবিধ ৰাসায়নিক দ্ৰব্য পোৱা যায়। শিপাই কফ, পিত্ত, বাতবিষ দূৰ কৰে। যৌন উত্তেজনা বৃদ্ধি কৰে, প্ৰসৱ বেদনা লাঘৱ কৰে। বেলৰ ফলৰ খোলা পুৰিলে মহ আৰু অন্যান্য বিষাক্ত কীট-পতংগ দূৰ হয়।

বেল গছৰ পাত, ফুল, ফল, শিপা এই সকলো অংগৰে ঔষধি গুণ আৰু পূজা-অৰ্চনাত ব্যৱহৃত। সেয়েহে ঘৰত এজোপা বেল গছ থকাটো অতি পৱিত্ৰ।

লেখক: ভবেন হাজৰিকা(অসম বাণী)

2.78571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top