অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বেল :

বেলৰ বিষয়ে লিখা হৈছে ।

 

সৰুতে বেলৰ চৰবত খাবলৈ খুব বেয়া পাইছিলো।এবাৰ মোৰ ৬ বছৰমান বয়সত ইনফেকতিভ ডায়েৰীয়া(Infective Diarrhoea) হৈ মই খুব জটিল অৱস্থাত হস্পিতালত ভৰ্তি হৈছিলোঁ।চিকিৎসকৰ যত্নত মই আৰোগ্য হলো।মোৰ মনত আছিল তাৰ পিছৰ পৰায়ে মায়ে মোক ১/২ গিলাছ কৈ বেলৰ চৰবত নিতৌ খুৱাইছিল প্ৰায় তিনিমাহ মান।মই কোনো মতে সেই সময়ত নাক বন্ধ কৰি চৰবত খিনি খাই শেষ কৰিছিলো।অৱশ্যে সেই সময়ত বুজাই নাছিলো যে বেলৰ চৰবত বহুত ঔষধি গুণ সম্পন্ন।আমাৰ আইতাহতে ইয়াৰ গুণাগুণৰ বিষয়ে আমাক সৰুতে বহুত কৈছিল।অতি সহজে আৰু সুলভ বেল আমাৰ প্ৰায় বোৰৰ ঘৰত উপলব্দ্ধ।মই যেতিয়া আয়ুৰ্বেদিক পাঠ্যক্ৰমত এডমিছন লওঁ তেতিয়া আমাৰ দ্ৰৱ্যগুণ নামৰ বিষয়ত বেলৰ বিষয়ে আৰু ইয়াৰ ঔষধি গুণৰ বিষয়ে বহুত তথ্য লাভ কৰো।ইমানবোৰ উপকাৰীতাৰ বিষয়ে পাঠ্যক্ৰমত লাভ কৰাৰ পিছত বেল মোৰ প্রিয় ফল হিচাপে গন্য কৰি ললোঁ।বৰ্তমান জীৱনত বেলৰ পাত,ফল,গুটি ৰোগীৰ ৰোগ অনুসৰি ব্যৱহাৰ কৰি যথেষ্ট সুফল পাইছো।
গোটেই ভাৰততে বেল গছ এজোপা উপযোগী গছ হিচাপে পৰিচিত।বেলৰ ঔষধি গুণাগুণৰ বিষয়ে আমাৰ সংহিতা সমূহত বহুল ভাৱে উল্লেখ আছে।বেল গছৰ প্ৰত্যেকটো অংশ ঔষধি গুণ সম্পন্ন।প্ৰায় ২০০০ বছৰ আগৰ পৰায়ে বেল গছৰ ছাল,পাত,ফল,ডাল,শিপা ঔষধি গুণ সম্পন্ন আৰু ইয়াক বহুত বেমাৰত ব্যৱহাৰ কৰি আহিছে।ইয়াৰ বিভিন্ন অংশ আমি বিভিন্ন কামত ব্যৱহাৰ কৰি ইয়াৰ পৰা সুফল পাব পাৰো।
বেলৰ ইংৰাজী নাম হৈছে Wood apple, Bael,Stone apple।সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়।বেলৰ বৈজ্ঞানিক নাম হৈছে Aegle marmelos আৰু পৰিয়াল Rutaceae ত অন্তৰ্ভুক্ত।
বেল এজোপা ডাঙৰ গছ আৰু ইয়াৰ উচ্চতা প্ৰায় ৮ পৰা ১০ মিটাৰ হয়।বেলৰ ফল আৰু পাত মঙ্গোলিক কাৰ্য্য পূজাত ব্যৱহাৰ হয়।বেদত ইয়াৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ আছে।বেল শিৱবাবাৰ খুব প্রিয় কাৰণ বেল গছৰ তলত বহি শিৱবাবায়ে ধ্যান কৰিছিল।
বেলত প্ৰচুৰ পৰিমাণে পানী, প্ৰটিন, চৰ্বি, আঁহ,মিনাৰেল,কাৰবোহাইড্ৰেট,কেলচিয়াম,লৌহ,কেৰোটিন, ফচফৰাছ,ভিটামিন বি আৰু ভিটামিন চি পোৱা যায়।

বেলৰ ঔষধি গুণাগুণ:-
১) আমাৰ শাস্ত্ৰত উল্লেখ আছে যে আগতে হাড় ভাঙিলে বা হাড় ত আঘাত পালে বেল ফলৰ গুড়ি লগত হালধি গুড়ি আৰু ঘিউৰ লেপন সেই ঠাইত লগালে সুফল পায়।
২) বেলৰ চৰবত ১ গিলাছ নিতৌ এবাৰ ২-৩ মাহলৈ খালে কুষ্ট কাঠিন্য,হৃদৰোগত,প্ৰসাৱ জ্বলা পুৰাত সুফল পায়।
৩) কেঁচা বেলফল ভালকৈ আঁহ উলিয়াই তাৰ লগত গুড় আৰু পানী মিহলাই খালে ডিয়েৰীয়া আৰু ডিচেনটেৰিত সুফল পায়।
৪) বেলফল পুৰঠ হোৱাৰ আগতে(সেউজীয়া হৈ থাকোতে) টুকুৰা টুকুৰী কৈ কাটি ৰদত শুকুৱাই ভাল দৰে গুড়ি কৰি গ্লাছৰ বয়ামত(Glass container) ভৰাই থব পাৰে।১ চামুচ গুড়ি,তালমিছিৰি ১ চামুচ আৰু ১ গিলাছ পানী নিতৌ দুবাৰকৈ খালে কুষ্ট কাঠিন্য,ডিয়েৰীয়া,ডিচেনটেৰি,গেষ্ট্ৰইটিছ, বুকু জ্বলা পুৰা কৰাত সুফল পাব।
৫) ৰাতি হোৱাৰ আগতে ২ চামুচ বেলফলৰ গুড়ি আৰু ১ গিলাছ কুহুমীয়া পানী নিতৌ খালে ৰাতিপুৱা পাইখানা খোলোচা হয়।
৬) দুটামান বেলপাত ঘিউত ভাজি তাৰ লগত ব্ৰাউন চুগাৰ(Brown sugar) বা তালমিছিৰিৰ গুড়ি লগত খালে স্মৃতি শক্তি বাঢ়ে।
৭) বেলপাতৰ ৰস গৰ্ভৱতী নাৰীৰ জ্বৰৰ পৰা উপশম পাব পাৰি।
৮) বেলপাতৰ ৰস ১ চামুচ,জালুক ৩ টাৰ গুড়ি,১ চামুচ হালধি ৰস নিতৌ তিনিবাৰকৈ খালে চৰ্দি,জ্বৰ আৰু কাঁহৰ পৰা উপশম পাব পাৰি।
৯) কিছুমান মানুহৰ গাৰ আৰু ভৰিৰ পৰা খুব বেয়া গোন্ধ উলাই।বেলপাত আৰু পুদিনা পাত ভালকৈ পিচি লেপন গাত আৰু ভৰি তলুৱাত লগালে দুগোন্ধৰ পৰা উপশম পাব পাৰি।
১০) বেলপাত কেইবাখিলা ঘিউত ভাজি লব।খৰখৰিয়া হলে গুড়ি কৰি গ্লাছৰ বয়ামত ভৰাই থব।১ বা ২ গ্ৰাম গুড়ি ১ চামুচ মৌৰ লগত নিতৌ তিনিবাৰ খালে হুপিং কফ আৰু শুকান কাঁহৰ পৰা উপশম পাব।
১১) ডায়েবেটিচ ৰোগীৰ বাবে বেলফল এটি উত্তম ফল।
১২) বেলফলৰ গুড়ি বা পাউদাৰ অৰ্শ, ৰক্তহীনতা, হৃদৰোগ,কলেছষ্টেৰল(Cholesterol)নিয়ন্ত্ৰণত বহুত উপযোগী।

লেখিকা :-ডাঃ কৰবী হাজৰিকা চৌধুৰী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top