মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ব্যতিক্ৰমী খাদ্যাভ্যাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্যতিক্ৰমী খাদ্যাভ্যাস

ব্যতিক্ৰমী খাদ্যাভ্যাসৰ বিষয়ে লিখা হৈছে

 

মানুহকে ধৰি সকলো প্ৰাণীৰে এটা অন্যতম মৌলিক প্ৰয়োজন হ’ল খাদ্য।খাস্য অবিহনে কোনো প্ৰাণীয়েই জীয়াই থাকিব নোৱাৰে।প্ৰাণী দেহৰ গঠন আৰু জীৱনী শক্তিৰ প্ৰধান উৎস হ’ল খাদ্য।শাৰীৰিক-মানসিক অৱস্থা,বয়স,পাৰিবাৰিক,সামাজিক ,পাৰিপাৰ্শ্বিক আদি কাৰকৰ দ্বাৰা নিৰুপণ হয় মানুহে খোৱা খাদ্যৰ প্ৰকৃতি আৰু পৰিমাণ।উদাহৰণস্বৰুপে শৰীৰ সুস্থ আৰু মন প্ৰফুল্ল হৈ থকা অৱস্থাত খাদ্য খোৱাটো বেছ উপভোগ্য কাৰ্য হৈ পৰে বাবে বহুতেই এনে অৱস্থাত খোৱা-বোৱাৰ প্ৰতি যথেষ্ট আগ্ৰহী হৈ পৰে;ইয়াৰ বিপৰীতে শৰীৰ অসুস্থ হৈ থাকিলে অথবা মানসিক অৱস্থা বেয়া হৈ থাকিলে খোৱাৰ পৰিমাণ কমি যায়।খাদ্যৰ প্ৰতি এনে স্বাভাৱিক আগ্ৰহ আৰু অনীহাৰ বিপৰীতে কেতিয়াবা কোনো কোনো মানুহৰ ক্ষেত্ৰত খাদ্যৰ প্ৰতি অস্বাভাৱিক আসক্তি অথবা অনাসাক্তি পৰিলক্ষিত হয়।খাদ্যৰ প্ৰতি এনে অস্বাভাৱিক আসক্তি-অনাসক্তিয়ে কোনো ৰোগত আক্ৰান্ত হোৱাৰ আশ্ংকা বহন কৰিব পাৰে।

মধুমেহ বা ডায়েবেটিছত আক্ৰান্ত হৈ আন কেতবোৰ লক্ষণৰ লগতে ভোক অত্যন্ত বৃদ্ধি পোৱাটোও এই ৰোগৰ এটা লক্ষণৰুপে দেখা দিয়ে।মধুমেহ ৰোগীৰ শৰীৰৰ তেজত শৰ্কৰা (গ্লুকজ)বহু বেছি পৰিমাণে থাকে যদিও শৰীৰৰ কোষবোৰে সেই শৰ্কৰা ব্যৱহাৰ কৰিব নোৱাৰে।ইয়াৰ ফলত শৰীৰৰ কোষবোৰ প্ৰয়োজনীয়তা পুষ্টি লাভৰ পৰা বঞ্চিত হয়।শৰীৰৰ কোষবোৰে প্ৰয়োজনীয় পুষ্টি লাভ নকৰা বাবে বা অভুক্ত হৈ থকা বাবে মস্তিষ্কই শৰীৰক খাদ্যৰ প্ৰয়োজন হোৱা বুলি অনুভৱ কৰি ভোক লগাৰ সংকেত দিয়ে,যাৰ ফলত মধুমেহ ৰোগীয়ে অত্যধিক খাদ্য খাবলগীয়া হয়।এনে পৰিস্থিতিত যাৱতীয় পৰীক্ষা কৰাই তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱা বুলি নিশ্চিত হ’লে,যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ জৰিয়তে তেজত শৰ্কৰা পুনৰ স্বাভাৱিক মাত্ৰালৈ আনিব পাৰে।

ডিপ্ৰেছন বা বিমৰ্ষতাত আক্ৰান্ত হ’লে খোৱা-বোৱাৰ প্ৰতি আগ্ৰহ কমি যায়;ফলত শৰীৰৰ ওজনো কমে।এই ধৰণৰ মানসিক ৰোগত আক্ৰান্তসকলৰ মন অনবৰত বেয়া লাগি থাকে,একোৱেই ভাল নলগা হয়,কাম-কাজৰ প্ৰতি অনীহা হয়,অকস্মাৎ কান্দোন আহে,আনকি ৰোগীয়ে জীয়াই থকাৰ স্পৃহাই হেৰুৱাই পেলায়।ইয়াৰ বিপৰীতে এটিপিকেল (Atypical)ডিপ্ৰেছনত আক্ৰান্তসকলে ঘনাই বেছি বেছিকৈ খাদ্য খায়;ফলত এনে লোক সোনকালেই মেদবহুল হৈ পৰে।

গাঁজা বা কেনাবিছ (Cannabis)জাতীয় নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলত ভোক বৃদ্ধি পায়।আনহাতে,ষ্টিমুলেণ্ট(Stimulant)শ্ৰেণীৰ এমফেটামাইন (Amphetamine),কোকেইন (Cocaine)প্ৰভৃতি নিচাযুক্ত দ্ৰব্য সেৱন কৰিলে ভোক নাইকিয়া হয়।শৰীৰ নিৰ্মেদ কৰি ৰখাৰ তাড়নাত একাংশ অভিনেতা-অভিনেত্ৰী আৰু মডেল এনেধৰণৰ ষ্টিমুলেণ্ট জাতীয় নিচাৰ শৰণাপন্ন হয়।

কেতবোৰ জন্মগত স্নায়ুজনিত ৰোগৰ বাবেও অত্যধিক খোৱা তথা ওজন বঢ়াৰ প্ৰৱণতা পৰিলক্ষিত হয়।এনে ধৰণৰ এবিধ ৰোগ হ’ল ক্ৰম’জম-১৫ ৰ বিসংগতিৰ ফলত উদ্ৰেক হোৱা ‘প্ৰেডাৰ উইলি চিণ্ড্ৰ’ম’(Prader willi Syndrome)।আনহাতে ‘ক্লুভাৰ বুচী চিণ্ড্ৰ’ম (Kluver Bucy Syndrome)ত আক্ৰান্ত হোৱাসকলে অত্যধিক খাদ্য খায়,য’তে-ত’তে মুখ দিয়ে আৰু তেওঁলোকৰ যৌনশক্তিও অত্যন্ত বৃদ্ধি পায়।আকৌ ‘ক্লেইন লেভিন চিণ্ড্ৰ’ম’(Kleine Levin Syndrome)বা ‘শ্লিপিং বিউটী চিণ্ড্ৰ’ম’ত আক্ৰান্ত হ’লে টোপনি আৰু ভোক অভাৱনীয়ভাৱে বৃদ্ধি পায়।

ভাটি বয়সত হোৱা মস্তিষ্কৰ অৱক্ষয়ৰ ফলত হোৱা বহু লোক ডিমেনচিয়া বা মনোভ্ৰ্ংশত আক্ৰান্ত হয়।ডিমেনচিয়াৰ কেইবাটাও প্ৰকাৰৰ ভিতৰত এটা হ’ল ফ্ৰ্ণ্টোটেম্পোৰেল ডিমেনচিয়া (Frontotemporal Dementia)।এইধৰণৰ ডিমেনচিয়াত আক্ৰান্তসকলৰ মস্তিষ্কৰ সন্মুখৰ আৰু কাষৰ ফালৰ কোষবোৰ ধ্বংস হৈ যায়।তেওঁলোকৰ আচৰণ শিশুসুলভ হৈ পৰে আৰু মিঠা বস্তু বৰ বেছিকৈ খাবলৈ বিচাৰে।খোৱাবস্তু দেখিলে তেওঁলোকে নিজকে সম্বৰণ কৰিব নোৱাৰা হয়,আনকি কেতিয়াবা তেওঁলোকে আনৰ খোৱা-পাত্ৰৰ পৰাও খাদ্য তুলি নি মুখত সুমুৱায়।ৰোগীৰ এনে আচৰণৰ বাবে বহু সময়ত তেওঁৰ আত্মীয়-স্বজন অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হয়।ফলত ৰোগী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে সকাম-নিকাম ,ভোজভাত আদিলৈ যোৱাৰ পৰা বিৰত থাকিব লগা হয়।

ওপৰত উল্লেখ কৰা ৰোগসমুহৰ ব্যতিক্ৰমী খাদ্যাভ্যাসৰ উপৰি আন কেতবোৰ উপসৰ্গও থাকে।কিন্তু এনে ৰোগো আছে,য’ত ব্যতিক্ৰমী খাদ্যাভ্যাসেই মুখ্য উপসৰ্গ;এই ধৰণৰ ৰোগ অত্যন্ত কষ্টদায়ক আৰু মৃত্যুৰ কাৰণ হৈ পৰাৰ আশংকাও থাকে।এই ধৰণৰ দুবিধ ৰোগ হ’ল এনোৰেক্সিয়া নাৰ্ভোছা(Anorexia Nervosa) )আৰু বুলিমিয়া নাৰ্ভোছা (Bulimia Nervosa)।

এনোৰেক্সিয়া নাৰ্ভোছাৰ প্ৰাদুৰ্ভাৱ বেছিকৈ পৰিলক্ষিত হয় ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ মাজত।এই ৰোগত আক্ৰান্তসকলে শকত হোৱাৰ ভয়তে খোৱা-বোৱা পৰিমাণ সাংঘাতিকভাৱে কমাই দিয়ে।তেওঁলোকে কিবা খাবলৈ লোৱাৰ সময়তে শকত হৈ পৰাৰ আশংকাত আত্ংকিত হয় আৰু সেয়েহে খোৱাৰ ইচ্ছা আৰু ভোক থকা সত্ত্বেও খাব নোৱৰে।তেওঁলোকে ভাৱে যে তেওঁলোকৰ দেহৰ ওজন এশ গ্ৰাম বাঢ়ি গ’লেও গ্লানিত ভুগিব লাগিব।খোৱ-বোৱা অভাৱনীয় গতিত হ্ৰাস পাবলৈ ধৰে।পুষ্টিহীনতাৰ বাবে মাংসপেশীৰ জোৰ কমে,হাড় ক্ষয় যাবলৈ ধৰে,মাজে মাজে বুকুত ধৰফৰণি অনুভৱ হয়,অলপ শাৰীৰিক পৰিশ্ৰম কৰিলেই চকুৰে ধোঁৱা ধোঁৱা দেখে আৰু মুৰ ঘুৰায়,ছোৱালীবোৰৰ সময়মতে ঋতুস্ৰাৱ নহয়।

বুলিমিয়া নাৰ্ভোছাত আক্ৰান্তসকলেও শকত হৈ পৰাৰ আশ্ংকাত ভোগে;কিন্তু তেওঁলোকে এনোৰেক্সিয়া নাৰ্ভোছাত আক্ৰান্তসকলৰ দৰে খাদ্যৰ খোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে।তেওঁলোকে মাজে-মধ্যে লোভৰ বশৱৰ্তী হৈ প্ৰচুৰ পৰিমাণে খাদ্য খাই পেলায়।এনেদৰে ভুৰি ভোজন কৰাৰ অলপ পিছতে তেওঁলোকৰ সম্বিৎ ঘুৰি আহে আৰু শকত হৈ পৰাৰ আশংকাত আতংকিত হৈ পৰে।ভোক সহ্য আৰু লোভ সম্বৰণ কৰিব নোৱাৰা বাবে অনুশোচনা হয়।এনে পৰিস্থিতিত শকত হোৱাৰ পৰা হাত সাৰিবলৈ কোনো কোনোৱে মুখৰ ভিতৰত আঙুলি সুমুৱাই বমি কৰি সকলো খোৱা খাদ্য উলিয়াই পেলায়,আন কিছুমানে আকৌ খাদ্যৰ জৰিয়তে শৰীৰে লাভ কৰা কেল’ৰিৰ দহন ঘটোৱাৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি নিৰন্তৰ ব্যায়াম কৰে।তাতোকৈও ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰে আন কিছুসংখ্যকে।তেওঁলোকে বিৰেচক ঔষধ (Laxative)বা ডিউৰেটিক (Diuretic)নামৰ এক ধৰণৰ ঔষধ (এই ঔষধে ৰক্তচপ হ্ৰাস কৰে আৰু শৰীৰৰ পৰা অতিৰিক্ত পানী বাহিৰ কৰি দিয়ে)অতিৰিক্ত মাত্ৰাত সেৱন কৰে।

এনোৰেক্সিয়া আৰু বুলিমিয়া নাৰ্ভোছা-এই দুয়োবিধ ৰোগৰে প্ৰাদুৰ্ভাৱ ল’ৰাতকৈ ছোৱালীৰ মাজত প্ৰায় দহগুণ বেছি।দুয়োবিধ ৰোগেই প্ৰায়ে বয়:সন্ধিৰ পৰা প্ৰাপ্তবয়ষ্ক হোৱাৰ উপক্ৰম ঘটাৰ সময়ত দেখা দিয়ে।এই ১৮ বছৰ আশ-পাশৰ সময়খিনিত এফালে থাকে পঢ়া-শুনা তথা কেৰিয়াৰ গঢ়ি তোলাৰ তীব্ৰ প্ৰতিযোগিতামুখী পৰিস্থিতি আৰু আনফালে থাকে বিপৰীত লিংগৰ লোকৰ চকুত নিজকে আকৰ্ষণীয় কৰি তোলাৰ উদগ্ৰ বাসনা।পৰীক্ষাত সফল হ’ব নে নহয়,ভাল শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পাব নে নেপায়,বন্ধুসকলে ৰুপৰ প্ৰশংসা কৰিব নে নকৰে-এইবোৰৰ একোৱেই নিজৰ হাতত নাই।

এনে পৰিস্থিতিত কেতবোৰ ল’ৰা-ছোৱালীয়ে ভাবে যে তেওঁলোকে অন্তত: এটা ক্ষেত্ৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে,সেয়া হ’ল যিকোনো প্ৰকাৰে শৰীৰ নিৰ্মেদ তথা ঋজু কৰি তোলা।এনে মানসিকতাৰ হাত ধৰিয়েই অনেকেই সোমাই পৰে এনোৰেক্সিয়া বা বুলিমিয়া নাৰ্ভোছাৰ চক্ৰবেহুত।এই দুয়োবিধ ৰোগেই ভয়ংকৰ।এই ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ ফলত ৰক্তাল্পতা বা এনিমিয়া,পাকস্থলীৰ ঘা,মাংসপেশীৰ ক্ষয়,হৃদযন্ত্ৰৰ কপাট (Valve)ৰ বিসংগতি,মৃগী ৰোগৰ দৰে উপসৰ্গ প্ৰভৃতি বিভিন্ন প্ৰকাৰৰ শাৰীৰিক সমস্যাই দেখা দিয়ে।ইয়াৰ পৰিপ্ৰেক্ষিতত আয়ুস হ্ৰাস পায়।পৰিস্থিতি গুৰুতৰ হ’লে ৰোগীৰ প্ৰাণৰ সংশয় আহি পৰে।এনে ৰোগীৰ মনত আত্মহত্যাৰ প্ৰৱণতাও জাগি উঠিব পাৰে।

তথাকথিত আধুনিক জীৱনশৈলী তথা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সুবাদত অনেক মানুহৰ বাবে সহজলভ্য হৈ পৰা ভোগ-বিলাসৰ বিবিধ সামগ্ৰীৰ বহুল ব্যৱহাৰৰ পৰিণতিত সাম্প্ৰতিক কালৰ মানুহৰ মাজত নানা জীৱনশৈলীজনিত ৰোগ (Lifestyle Disease)ৰ লগতে খাদ্যাভ্যাসৰ বিসংগতিৰ দৰে সমস্যাবোৰৰ প্ৰাদুৰ্ভাবো উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।সুস্থ তথা স্বাস্থ্যসন্মত জীৱনশৈলী ,ইতিবাচক মানসিকতা আৰু সুস্থ জীৱন দৰ্শন গ্ৰহণৰ জৰিয়তে আমি খাদ্যাভ্যাসৰ বিসংগতিকে ধৰি দেহ-মনৰ অনেক সমস্যাৰ কবলৰ পৰা মুক্ত হৈ থাকিব পাৰো।

লেখক:অমল ভাগৱতী (স্বাস্থ্য)

 

 

 

 

 

 

 

3.09677419355
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top