মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ভাতৰ মাৰ অতুলনীয় খাদ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাতৰ মাৰ অতুলনীয় খাদ্য

ভাতৰ মাৰৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে

 

বহুতে ভাত ৰান্ধোতে ভাতখিনি জৰজৰীয়া হ’বৰ কাৰণে ভাতৰ মাৰ কাঢ়ি পেলাই দিয়ে অথবা ধোৱা কাপোৰত তাৰে মাৰ দিয়ে। পিচে দেখাত সাধাৰণ যেন লগা ভাতৰ মাৰ হৈছে এক অতুলনীয় খাদ্য বা আহাৰ। আনকি ভাতৰ মাৰৰ সহায়ত আপোনাৰ চুলিখিনিকো ধুনীয়া আৰু স্বাস্থ্যৱান কৰি তুলিব পাৰে। খাদ্য বা আহাৰ হিচাপে ভাতৰ মাৰৰ গুণাগুণবোৰ জানি থওকচোন।

শক্তি প্ৰদানকাৰী

 

ভাতৰ মাৰত প্ৰচুৰ কাৰ্বহাইড্ৰেট থাকে, যি শৰীৰটোক শক্তি দিয়ে। চিকিৎসকসকলৰ মতে আপুনি যদি প্ৰতিদিনাই এগিলাচ ভাতৰ মাৰ খাই দিনটো আৰম্ভ কৰে, তেন্তে ই গোটেই দিনটোৰ বাবে আপোনাৰ শৰীৰটোক কাম-কাজ কৰিবলৈ শক্তি প্ৰদান কৰিব। কেতিয়াবা নিজকে ভাগৰুৱা অনুভৱ কৰিলে এগিলাছ ভাতৰ মাৰ খাই দিব; ই নিমিষতে আপোনাৰ ক্লান্তি বা ভাগৰবোৰ আঁতৰাই পেলাব।

কোষ্ঠকাঠিন্যৰ পৰা মুক্ত কৰে

 

জনা গৈছে ভাতৰ মাৰত প্ৰচুৰ ফাইবাৰ বা আঁহজাতীয় দ্ৰব্য থাকে। এই আঁহজাতীয় দ্ৰব্যই পেটৰ ভিতৰত বেক্টেৰিয়া উৎপাদন থাকে। এই বেক্টেৰীয়াবোৰেই কোষ্ঠকাঠিন্য আঁতৰোৱাত যথেষ্ট সহায় কৰে।

ডায়েৰিয়া প্ৰতিৰোধ কৰে

 

ডায়েৰিয়া বা পেটৰ অসুখত এগিলাচ ভাতৰ মাৰত এচিকুট নিমখ মিহলাই খালে ই অতি সোনকালে ডায়েৰিয়াৰ পৰা ৰোগীক মুক্ত কৰিব।

কেন্সাৰ প্ৰতিৰোধ কৰে

 

গৱেষণাৰ ফলত দেখা গৈছে আপোনাৰ অবিশ্বাস্য যেন লাগিলেও কিন্তু ভাতৰ মাৰে কেইবাবিধো কেন্সাৰক প্ৰতিৰোধ কৰিব পাৰে।

সূৰ্যৰ ৰশ্মিৰ পৰা আপোনাক সুৰক্ষা দিয়ে

 

ভাতৰ মাৰত ওৰিয়ানেল নামৰ এবিধ উপাদান থাকে। এই উপাদানবিধে সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুনী ৰশ্মিক প্ৰতিৰোধ কৰিব পাৰে। এই উপাদানে শৰীৰৰ ছালখনৰ ভিতৰ আৰু বাহিৰত পৰা সূৰ্যৰ অতি বেঙুনী ৰশ্মি আল্ট্ৰা ভায়’লেট ৰে’) বোৰে কৰিব পৰা ক্ষতিসাধনক প্ৰতিৰোধ কৰে।

ভাতৰ মাৰেৰে ছালখনক পৰিচৰ্য্যা কৰক

 

মুখখন ভালকৈ ধুই তাত তুলাৰে ভাতৰ মাৰৰ প্ৰলেপ সানক, ই ট’নাৰৰ দৰে কাম কৰিব। ভাতৰ মাৰে ছালখনৰ মইশ্চৰাইজাৰ আৰু এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। গতিকে ই ছালখন ক’লা পৰা তথা বলিৰেখা পৰাত বাধা দিয়ে। ভাতৰ মাৰখিনি কেনেকৈ তৈয়াৰ কৰিব?

চাউলখিনিক কেইবাৰমান ভালকৈ ধুই এটা পানী থকা পাত্ৰত ঢালি দি পাত্ৰটো জুইৰ ওপৰত থৈ চাউলখিনিক সিজিবলৈ দিয়ক। চাউলখিনি সিজাৰ পিচত পাত্ৰটো জুইৰ পৰা নমাই উপৰুৱা পানীখিনি আন এটা পাত্ৰত চাউল বা ভাত নাথাকে। এতিয়া পানীখিনিক ঠাণ্ডা হোৱাৰ পাচত ফ্ৰিজত থ’ব। প্ৰয়োজন অনুসৰি অৰ্থাৎ দিনটোৰ আৰম্ভণিতে ডায়েৰিয়া ৰোগ, ক্লান্তিবোধ আদিত একো গিলাচ সেই পানী অৰ্থাৎ ভাতৰ মাৰ খাওক।

উৎস: সাদিন।

3.03773584906
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top