মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ভিটামিন- ই আৰু স্বাস্থ্যঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভিটামিন- ই আৰু স্বাস্থ্যঃ

ভিটামিন- ই আৰু স্বাস্থ্যৰ বিষয়ে লিখা হৈছে

 

ভিটামিন- ই-

 

ঐতিহাসিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে এইবিধ ভিটামিনৰ অস্তিত্ব প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল ১৯২৩ চনত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ কেথেৰিন বিশ্বপ আৰু হাৰ্বাৰ্ট ইভানা হৈছে ইয়াৰ বাবে কৃতিত্বৰ প্ৰাপক। আজি এই চমু নিবন্ধটিত সৰ্বসাধাৰণৰ অৱগতিৰ উদ্দেশ্যে এইবিধ খাদ্যপ্ৰাণৰ বিষয়ে এইবাবেই উল্লিখিব খুজিছো যে অন্যান্য ভিটামিনবোৰৰ তুলনাত এই সন্দৰ্ভত কেতবোৰ তথ্য বহুতৰে জ্ঞাত নহয়। এইবিধ খাদ্যপ্ৰাণক চিকিৎসা বিজ্ঞানত ট’ক’ফেৰল বুলিও জনা যায়। এই শব্দটি গ্ৰীক ভাষাৰ ট’ক’ছ (TOCOS) শব্দৰ পৰা আহৰণ কৰা হৈছে আৰু ইযাৰ অৰ্থ হৈছে সন্তান প্ৰসৱ কৰা কাৰ্য। চিকিৎসা বিজ্ঞানীসকলে এতিয়ালৈকে ৮ বিধ ট’ক’ফেৰলৰ সম্ভেদ প্ৰকৃতিৰ বুকুত লাভ কৰিছে। চিকিৎসা বিজ্ঞানীসকলে এতিয়ালৈ ৮ বিধ বিভিন্ন ধৰণৰ ট’ক’ফেৰল আৰু ই-ভিটামিন চিনাক্ত কৰিবলৈ সক্ষম হৈছে। এইখিনিতে এষাৰ কথা স্মৰ্তব্য যে মানৱদেহত প্ৰতিবিধ ভিটামিনৰ স্বকীয় কাম-কাজ আছে। তদুপৰি ৰাসায়নিক দৃষ্টিকোণৰ পৰা এইবোৰ খাদ্যপ্ৰাণক দুভাগত ভগাব পাৰি- পানীত দ্ৰৱণীয় আৰু চৰ্বিত দ্ৰৱণীয়। ই-ভিটামিন হৈছে দ্ৰৱণীয়। প্ৰকৃতিৰ বুকুত প্ৰাপ্ত ই-ভিটামিৰ উৎসবোৰ হৈছে সূৰ্যমুখী ফুলৰ গুটি বা তেল, ছয়াবীন তেল, কণীৰ কুহুম তথা বগা অংশ, গজালিযুক্ত মাহ, ফল-মূল, সেউজীয়া শাক-পাচলি, বিভিন্ন ধৰণৰ মাংস, মাখন, ঘেঁহুৰ বীজ। প্ৰাসংগিকভাৱে আলোচনাৰ পৰিসৰলৈ অহা বিষয়টি হৈছে যে মানৱ দেহত ই-ভিটামিনে কেনেধৰণৰ কাম-কাজ সম্পাদন কৰে।

মানৱ দেহত ই-ভিটামিনে কেনেধৰণৰ কাম-কাজ সম্পাদন কৰে-

 

ইয়াৰ ঘাই কাম দুটা হৈছে- (১) শৰীৰৰ বিভিন্ন অংগস্থিত কোষবিলাকক সুৰক্ষা প্ৰদান, (২) কটা-ছিঙা স্থানৰ পৰা নিৰ্গত হোৱা তেজ গোট মৰাৰ ক্ষেত্ৰত অৰিহণা যোগান। এই আপাহতে এইবিধ ভিটামিনে কলিজাৰ ৰোগ, বাতবিষ আৰু হাঁপানী ৰোগৰ বিপক্ষে প্ৰতিষেধমূলক ব্যৱস্থা গ্ৰহণত বৰঙণি যোগায়। ইয়াৰ ওপৰঞ্চি হিচাপে ই-ভিটামিনে কৰা কামখিনিৰ বিষয়ে মই পিছত উল্লেখ কৰিম। শৰীৰত ই-ভিটামিনৰ অভাৱৰ হেতুকে কেতবোৰ অস্বাভাৱিকতাৰ সৃষ্টি হয়। বিশেষকৈ বৃদ্ধ মানুহৰ শৰীৰত তেজ গোট মাৰিবলৈ পলম আৰু অসমৰ্থ হোৱা বাবে কলিজা আৰু হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হোৱাৰ শংকা বাঢ়ে। নাৰীৰ বন্ধ্যাত্বৰ সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত ই-ভিটামিনৰ এক উল্লেখনীয় ভূমিকা আছে। বৈজ্ঞানিক সমীক্ষাৰ জৰিয়তে দেখা গৈছে যে নিতৌ ১০০ মিলিগ্ৰামকৈ ই-ভিটামিন ভক্ষণ কৰিলে এইক্ষেত্ৰত আশানুৰূপ ফলাফল পাব পাৰি। তদুপৰি বাৰম্বাৰ গৰ্ভপাত হ’লেও ই-ভিটামিন খাই সুফল লাভ কৰিব পাৰি। অৰ্থাৎ গৰ্ভধাৰণ কৰাৰ সম্ভাৱনীয়তা বিৰাজমান। তদুপৰি মাহেকীয়া ঋতুস্ৰাৱ সম্বন্ধীয় বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ই-ভিটামিনৰ এক ধনাত্মক ভূমিকা আছে বুলি বৈজ্ঞানিক সমীক্ষাৰ জৰিয়তে জনা গৈছে। ৰজঃনিবৃত্তি বা মেন’পজ হৈছে নাৰীৰ জীৱনৰ এটা উল্লেখযোগ্য মাইলৰ খুঁটা। এই সময়খিনিৰ আগে-পিছে নাৰীৰ দৈহিক তথা মানসিক অৱস্থাৰ উল্লেখনীয় পৰিৱৰ্তন ঘটে। এইধৰণৰ পৰিৱৰ্তনবোৰৰ ভিতৰত কিছুমানে শৰীৰত ধনাত্মক ধৰণৰ প্ৰভাৱ পেলায় আৰু অন্যবোৰৰ প্ৰতিক্ৰিয়া বিপৰীতমুখী হয়। উদাহৰণস্বৰূপে নাৰীগৰাকী মানসিক উদ্বিগ্নতা তথা হতাশাত ভোগাৰ উপৰি বুকুৰ ধপধপনি বা শ্বাসকষ্টও অনুভৱ কৰিব পাৰে। এনেধৰণৰ সমস্যাৰ সমাধানৰ উদ্দেশ্যে প্ৰসূতি তথা স্ত্ৰী-ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ একান্তই বাঞ্ছনীয়। সাধাৰণতে স্ত্ৰী হৰম’নযুক্ত দৰব নিৰ্ধাৰিত অনুপানত একোটা নিৰ্দিষ্ট সময়ৰ বাবে খাবলৈ পৰামৰ্শ দিয়া হয় যদিও ই-ভিটামিৰ ব্যৱহাৰেও এইক্ষেত্ৰত আশানুৰূপ সুফল দিব পাৰে। নিতৌ ২০০ মিঃগ্ৰাঃ অনুপানত অন্ততঃ এমাহৰ বাবে এনে চিকিৎসা কৰাটো বাঞ্ছনীয়। নিয়মীয়াকৈ ই-ভিটামিন সেৱন কৰিলে মেনোৰেজিয়াৰ মানসিক দিশটোৰ বহুখিনি উপশম ঘটে। আধুনিক ত্ৰুটিপূৰ্ণ জীৱনশৈলীৰ হেতুকে মেনোৰেজিয়াৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে। সেয়েহে ই-ভিটামিনৰ ব্যৱহাৰৰ যুক্তিযুক্ততাও বৃদ্ধি পাইছে। মানৱদেহত ই-ভিটামিনৰ অন্যান্য কাৰ্যকলাপসমূহ এনেধৰণৰ- (১) চৰ্বি বা লিপিডক সুৰক্ষা প্ৰদান কৰে আৰু পুফা-ৰ (P U F A) জাৰণ বিক্ৰিয়া ৰোধ কৰে। (২) চকু আৰু স্নায়ৱিক কাম-কাজত ইয়াৰ সক্ৰিয় ভূমিকা থকাৰ উপৰি অনুচক্ৰিকাবোৰ গোট মৰা প্ৰক্ৰিয়াটি অৱদমিত কৰে। (৩) জাৰণৰোধক (এণ্টিঅক্সিডেণ্ট) ৰূপে ই শৰীৰৰ বিভিন্ন কলাত মুক্ত মৌলকৰ ধ্বংসীভৱন প্ৰক্ৰিয়াত স্বকীয় ভূমিকাত অৱতীৰ্ণ হয়। আঁঠু আৰু কঁকালৰ গাঁঠিৰ সংৰোপণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা UHMWPE ৰ এক অবিচ্ছেদ্য অংশ হৈছে এই ই-ভিটামিন। (৪) শৰীৰত থকা উৎসেচকবোৰৰ কাম-কাজ ই নিয়ন্ত্ৰিত কৰে। উদাহৰণস্বৰূপে প্ৰ’টিন কাইনেজ চি (PKC) নামৰ উৎসেচকবিধৰ শৰীৰত থকা মিহি ধৰণৰ মাংসপেশীৰ বৃদ্ধিত এক ভূমিকা আছে আৰু আলফা ট’ক’ফেৰল এই পি কে চিৰ ওপৰত স্বকীয় প্ৰভাৱ বিস্তাৰ কৰে। শৰীৰৰ কেতবোৰ অংগত হোৱা কৰ্কট ৰোগৰ চিকিৎসাত আনুষংগিক দৰবৰূপে ইয়াৰ এক ভূমিকা আছে। বিপৰীতক্ৰমে অত্যধিক অনুপানত ইয়াক প্ৰয়োগ কৰিলে পৰীক্ষাগাৰত নিগনিৰ শৰীৰত বিষক্ৰিয়া ঘটাই মৃত্যু পথলৈ নিব পাৰে। তেজ গোট মৰা প্ৰক্ৰিয়াৰ প্ৰতিৰোধীৰূপে ইয়াক ব্যৱহাৰ কৰা হেতুকে সময়সাপেক্ষে ই ৰক্তক্ষৰণ ঘটোৱাৰ শংকা আছে। কিবা কাৰণবশতঃ তেজত ইয়াৰ মাত্ৰা বাঢ়িলে ই কে-ভিটামিনৰ পৰিমাণ কমাব পাৰে। উচ্চ অনুপানত ই-ভিটামিন খালে জাৰক সমধৰ্মী গুণাগুণৰ সৃষ্টি হৈ কেতবোৰ নিৰ্দিষ্ট ধৰণৰ কোষ ধ্বংস কৰে আৰু ফলত কৰ্কট ৰোগাক্ৰান্ত হোৱাৰ শংকা বাঢ়ে। কেম’থেৰাপী বা ৰেডিঅ’থেৰাপী লৈ থকাৰ সময়ত অতিৰিক্ত মাত্ৰাত ই-ভিটামিনৰ দৰকাৰ নাই। দীৰ্ঘকালীনভাৱে উচ্চ অনুপানত খালে ওকালি অহা, পেট চলা আৰু দৃষ্টিশক্তিৰ অৱনতিৰ দৰে উপসৰ্গৰ সৃষ্টি হয়। ই-ভিটামিনৰ অন্যান্য উৎসবোৰ হৈছে- এলমণ্ড তেল, অলিভ অইল, ছেছাম অইল বা তেল, কোকোৱা, এস্পাৰগাছ, বাদান, ব্ৰকলি, মিঠা আলু, বিলাহী আৰু অমিতা। তদুপৰি আম আৰু বিভিন্ন ধৰণৰ সাগৰীয় মাছতো (ৰ’কফিছ আদি) ই-ভিটামিন থাকে। আমেৰিকাৰ ইনষ্টিটিউট অব্ মেডিচিনৰ খাদ্য আৰু পুষ্টি পৰিষদৰ পৰামৰ্শ অনুযায়ী প্ৰাপ্তবয়স্ক পুৰুষ আৰু নাৰীয়ে নিতৌ গ্ৰহণ কৰিবলগীয়া ই-ভিটামিনৰ পৰিমাণ হৈছে ১২ মিলিগ্ৰাম। গৰ্ভধাৰণৰ সময়ছোৱাত দৈনন্দিন প্ৰয়োজনীয়তাৰ মাত্ৰা বাঢ়ি গৈ ১৫ মিলিগ্ৰাম হয়গৈ। নিতৌ অতিৰিক্ত মাত্ৰাত ভিটামিন-ই গ্ৰহণ কৰিলে ৰক্তবাহী নলীৰ ৰোগৰ শংকা টুটে। বৃহৎ পৰিসৰযুক্ত ক্ষেত্ৰভিত্তিক গৱেষণামূলক বিশ্লেষণৰ জৰিয়তে অৱশ্যে ই-ভিটামিন অতিৰিক্ত মাত্ৰাত গ্ৰহণ কৰাৰ ফলত কলিজা ৰোগাক্ৰান্ত হোৱা বা এনে ৰোগত মৃত্যু হোৱাৰ শংকা হ্ৰাসৰ প্ৰত্যক্ষ প্ৰমাণ পোৱা নাই। তথাপি এষাৰ কথা নদি ক’ব পাৰি যে আমাৰ দৈনন্দিন জীৱনত ই-ভিটামিনৰ এক ডাঙৰ ভূমিকা আছে।

(উৎসঃ খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top