অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভিটামিন বি-১২

ভিটামিন বি-১২ অভাৱত শৰীৰত হʼব পৰা ক্ষতিসমূহৰ বিষয়ে ইয়াত দিয়া হৈছে।

শৰীৰত ভিটামিন বি-১২ৰ অভাৱে দেখা দিয়া বিষয়টো সম্পৰ্কে বহুতে খুব সচেতন নহয়। কিন্তু সচৰাচৰ দেখা দিয়াই এক সাধাৰণ শাৰীৰিক সমস্যা। যিকোনো বয়সৰ পুৰুষ মহিলা উভয়েই ভিটামিন বি-১২ৰ অভাৱত ভুগিব পাৰে। বিশেষকৈ ৪০ৰ পৰা ৬০ৰ ভিতৰৰ মহিলাসকল এই সমস্যাত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। বহু ক্ষেত্ৰত আকৌ নিৰামিষভোজীসকলৰ মাজত ভিটামিন বি-১২ৰ অভাৱ বেছিকৈ হোৱা পৰিলক্ষিত হয়।

কিন্তু বহুতৰে হয়তো জানিবলৈ মন যায় যে, কিয় এই ভিটামিন বি১২ শৰীৰৰ বাবে ইমান গুৰুত্বপূর্ণ। মুলতঃ ই হৈছে এনে এক উপাদান যি শৰীৰত তেজৰ কোষ প্রস্তুত হোৱাত সহায় কৰে। স্নায়ুৰ গঠন তথা ডি এন এৰ ওপৰত ভিটামিন বি-১২ৰ এক লক্ষ্যণীয় প্ৰভাৱ দেখিবলৈ পোৱা যায়। শৰীৰৰ বাবে প্রয়োজনীয় এই ভিটামিনৰ অভাৱ হ’লে কি কি লক্ষণ শৰীৰত দেখিবলৈ পোৱা যায়, সেই সন্দৰ্ভতে আজিৰ এই আলোচনা।

সঘনাই মূৰ পাতল লাগি মূৰ ঘূৰোৱা যেন অনুভৱ হ’লে আমি বুজিব লাগিব যে শৰীৰত ভিটামিন বি-১২ৰ অভাৱ হৈছে। তদুপৰি বহু সময় ধৰি একে ভংগিমাত থকাৰ ফলত অৱশ অনুভৱ হয়। তেজ চলাচলত বাধাগ্ৰস্ত হৈ এনেদৰে অৱশ অনুভৱ হয়। কিন্তু কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ শৰীৰত ইলেক্ট্রিক্‌ শ্বক্‌ মাৰা যেন অনুভৱ হয়। স্নায়ুৰ সমস্যাৰ ফলত এনে অনুভৱ হয় বুলি চিকিৎসকে মত পোষণ কৰে। কেৱল মাত্র ভিটামিন বি-১২ৰ অভাৱৰ ফলতেই আমাৰ শৰীৰত এনেবোৰ সমস্যাই দেখা দিয়ে।

ভিটামিন বি-১২য়ে তেজত লোহিত ৰক্তকণিকা প্রস্তুত কৰে। সেয়ে শৰীৰত ভিটামিনৰ অভাৱে দেখা দিলে ছাল নিষ্প্ৰাণ বা বিবৰ্ণ হোৱা দেখিবলৈ পোৱা যায়। কেতিয়াবা আকৌ আমাৰ বহুতৰে এনেকুৱা হয় যে, কোনো বিশেষ কাৰণত আপুনি কাৰোবাৰ ঘৰলৈ গৈছে, কিন্তু ঘৰখনত উপস্থিত হৈ কি সকামত আপুনি সেইখন ঘৰলৈ গৈছিল তাকো পাহৰি গ’ল। তদুপৰি কোনো বন্ধুক ফোন কৰিবলৈ লৈ কি কাৰণত ফোন কৰিছিল সেই কথাও পাহৰি যায়। এনে ঘটনা আমাৰ বহুতৰে লগত প্ৰায়ে ঘটা দেখিবলৈ পাওঁ। অতিৰিক্ত কামৰ হেঁচাত সৰু-সুৰা বহু কথাই মনত নাথাকে। কিন্তু এনে ঘটনা যদি নিয়মিত ঘটি থাকে তেন্তে সোনকালে এই সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰিব লাগে। ঘপহকৈ সৰু সৰু কথাবোৰ নিয়মিত পাহৰিব লোৱাৰ সমস্যাই দেখা দিলে আপুনি বুজি উঠিব লাগিব যে, আপুনি ভিটামিন বি-১২ৰ অভাৱত ভুগিছে।

নিয়মিত পর্যাপ্ত পৰিমাণে টোপনি যোৱাৰ পাচতো যদি আপুনি গোটেই দিন ক্লান্তি বা ভাগৰুৱা অনুভৱ কৰে, তেন্তে বুজিব লাগিব যে আপোনাৰ শৰীৰত কোনো এক সমস্যাই দেখা দিছে। পর্যাপ্ত পৰিমাণৰ টোপনি আৰু জিৰণি বা আৰামৰ পাচতে যদি দিনটো অৱসাদ অনুভৱ কৰে তেন্তে আপুনি বুজিব লাগিব যে আপোনাৰ শৰীৰত ভিটামিন বি-১২ৰ অভাৱৰ ফলতে এনে হৈছে। তেজ চলাচলৰ বাবে শৰীৰত যিমানে কম লোহিত ৰক্তকণিকা থাকিব সিমানে কম অক্সিজেন পোৱা যাব। অক্সিজেনৰ অভাৱৰ ফলতেই দিনত আপুনি ক্লান্তি বা অৱসাদ অনুভৱ কৰে। তদুপৰি সৰু-সুৰা দুই-এপদ কাম কৰাৰ পাচতেই যদি আপুনি দুর্বল অনুভৱ কৰে, তেন্তে বুজিব লাগিব যে আপোনাৰ শৰীৰত ভিটামিন বি১২ৰ অভাৱ ঘটিছে।

শৰীৰত ভিটামিন বি-১২ৰ অভাৱৰ ফলত বিভিন্ন ধৰণৰ চকুৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হয়। এটি বস্তুকে দুটাকৈ দেখা, ধোঁৱা ধোঁৱা দেখা আদি সমস্যা আৰম্ভ হ’লে দেৰি নকৰি চিকিৎসকৰ কাষ চাপিব লাগে। কাৰণ, ভিটামিন বি-১২ৰ অভাৱত চকুৰ স্থায়ী ক্ষতি হ’ব পাৰে।

উপযুক্ত যিকোনো এটা সমস্যা নিয়মিত দেখা দিলে দেৰি নকৰি অতি শীঘ্ৰে ওচৰৰ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। ভিটামিন বি-১২ৰ অভাৱৰ ফশৰীৰত স্থায়ীভাবে নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেয়ে সঠিক সময়ৰ শুদ্ধ চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণৰূপে এনেবোৰ সমস্যাৰ পৰা আঁতৰি থকা সম্ভৱ।

উৎস: সাদিন।

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top