অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভিটামিন বি-১৭

ভিটামিন বি-১৭ ৰ বিষয়ে লিখা হৈছে ।

কিছুবছৰ ধৰি চিকিৎসা জগতত ভিটামিন বি-১৭ ৰ ওপৰত ব্যাপক চৰ্চা হৈ আহিছে যদিও ই প্ৰকৃততে ভিটামিন নহয়, পুষ্টিদ্ৰব্যহে । ইয়াক ভিটামিন আখ্যা দিয়া হৈছে । এই ভিটামিনৰ প্ৰকৃত নাম হ’ল লেইটৰাইল । প্ৰাকৃতিক দ্ৰব্য এমিগ’ডালিমৰ পৰা মানুহে ইয়াক আংশিকভাৱে সৃষ্টি কৰিছে । প্ৰাকৃতিকভাৱে এই দ্ৰব্য বিভিন্ন ফলৰ অন্তৰ্বীজত পোৱা যায় । তাৰ ভিতৰত খোৱামি, পীচ্চফল, বিভিন্নজাতৰ বগৰী, লিমাবিন, ক্ল’ভাৰ, বজ্ৰা ইত্যাদি প্ৰধান । আমাৰ শৰীৰৰ স্বাভাৱিক কোষবোৰত ৰ’ডানিজ নামৰ উৎসেচক থাকে । ই ভিটামিন বি-১৭ ত থকা বেঞ্জালডিহাউড আৰু হাইড্ৰ’জেন চায়ানাইড প্ৰশমিত কৰে আৰু থায়োচায়ানাইড আৰু বেঞ্জইক এচিড তৈয়াৰ কৰে । এই দুবিধ প্ৰয়োজনীয় পুষ্টিদ্ৰব্য । গ্লুক’জে বি-১৭ কেঞ্চাৰ কোষলৈ পৰিবাহিত কৰে । কিন্তু কেঞ্চাৰ কোষত চায়ানাইড প্ৰশমনকাৰী ৰ’ডানিজ উৎসেচক নাথাকে । মাথোন কেঞ্চাৰ কোষতহে থকা এই উৎসেচকে গ্লুক’জৰ পৰা বেঞ্জালডিহাউড আৰু চায়ানাইড বিমোচন কৰে । এই দুবিধ বিষাক্ত দ্ৰব্যই কেঞ্চাৰ কোষ ধ্বংস কৰে । যদিওবা লেইটাৰাইল কেঞ্চাৰ চিকিৎসাৰ বাবে উপযোগী, ইয়াক কেঞ্চাৰৰ প্ৰাথমিক চিকিৎসা হিচাপে ব্যৱহাৰ কৰিব নালাগে । ইয়াক কাৰ্যকৰী সম্পূৰক চিকিৎসা হিচাপেহে ব্যৱহাৰ কৰা উচিত । লেইটৰাইল প্ৰকৃততে ‘চেলেক্ট বুডউইগ’ চিকিৎসা প্ৰ’টকলৰ এটা অংগহে । কিন্তু এই দ্ৰব্য অন্য যিকোনো গুৰুত্বপূৰ্ণ চিকিৎসা পদ্ধতিৰ সৈতে ব্যৱহাৰ কৰিব পাৰি । যিহেতু লেইটৰাইল এবিধ খাদ্যদ্ৰব্য, ইয়াক যিকোনো দ্ৰব্যৰ সৈতে ব্যৱহাৰ কৰিব পাৰি । এই প্ৰট’কল কেঞ্চাৰ কোষ ধ্বংসৰ ক্ষেত্ৰত অতি কাৰ্যকৰী । তদুপৰি ই কিছু পৰিমাণে ৰোগ প্ৰতিৰোধী প্ৰক্ৰিয়া বৃদ্ধিতো সহায় কৰে । অৱশ্যে এই প্ৰট’কলত লেক্টিক এচিডৰ নিচিনা কোনো শক্তিশালী পুষ্টিদ্ৰব্য নাথাকে । যিয়ে কেম’থেৰাপী, বিকিৰণ আদিয়ে সৃষ্টি কৰা স্বাভাৱিক কোষৰ ব্যাপক অৱক্ষয়, পশ্চাদগামী কৰে । বেছিভাগ কেঞ্চাৰ ৰোগীৰ মৃত্যু হয় স্বাভাৱিক কোষৰ ব্যাপক অৱক্ষয়ৰ ফলত । এই প্ৰট’কলে অগ্ৰসৰ কেঞ্চাৰ ৰোগীৰ বিপজ্জনক ক্ৰিয়াসমূহৰ সম্পূৰ্ণ নিৰাময় কৰিব নোৱাৰে । তদুপৰি এই প্ৰট’কলৰ ক্ষেত্ৰত কোনোধৰনৰ নিপুণ কাৰ্যকৰী সাহায্য উপলব্ধ নহয় । অগ্ৰসৰ কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত এয়া অতি প্ৰয়োজনীয় ঘটক ।

লেইটৰাইল চিকিৎসা পদ্ধতি কেঞ্চাৰ চিকিৎসাৰ অতি জনপ্ৰিয় বিকল্প পদ্ধতি । যদি পৰ্যাপ্ত পৰিমাণৰ উচ্চমানৰ লেইটৰাইল ব্যৱহাৰ কৰা হয় তেনেহ’লে এই চিকিৎসা ফলপ্ৰসু হয় । লেইটৰাইলে কেঞ্চাৰ কোষক লক্ষ্য হিচাপে লৈ সেইবোৰ ধ্বংস কৰে আৰু ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া সবল কৰে । তদুপৰি ভৱিষ্যতৰ কেঞ্চাৰৰ সম্ভাৱনাও প্ৰতিহত কৰে ।

সৰহসংখ্যক বিশেষজ্ঞৰ মতে প্ৰতিদিনে ২০ ৰ পৰা ৪০ টা খোকনি বীজৰ সাহ খাব লাগে । অৱশ্যে এবাৰতে নহয় । দিনটোৰ বিভিন্ন সময়ত । খোকনিৰ উপৰি অন্যান্য ভালেমান ফলৰ অন্তৰ্বীজত লেইটৰাইট থাকে । সেইবোৰো ব্যৱহাৰ কৰিব পাৰি ।

এফ ডি এৰ মতে লেইটৰাইল বিষাক্ত দ্ৰব্য । বিশেষজ্ঞসকলে এই দাবী সত্য নহয় বুলি জোৰ দি কৈছে । এই দ্ৰব্য স্বাভাৱিকতে কোষৰ ক্ষেত্ৰত নহয়, কেঞ্চাৰ কোষৰ ক্ষেত্ৰতহে বিষাক্ত বুলি প্ৰমাণিত হৈছে ।

লেইটৰাইল সম্পূৰ্ণ কাৰ্যক্ষম হ’বলৈ হ’লে কেইবিধমান পুষ্টিদ্ৰব্য পৰ্যাপ্ত পৰিমাণ খাব লাগিব । সেইবোৰ হ’ল- দস্তা, ভিটামিন-চি, মেংগানিজ, মেগনেছিয়াম, চেলেনিবাম, বি-৬ ভিটামিন, বি-৯ ভিটামিন, বি-১২ ভিটামিন, ভিটামিন । যদি আপুনি ইতিমধ্যে মাল্টিভিটামিন ঔষধ খাই আছে, তেনেহ’লে তাত উপৰিউক্ত দ্ৰব্যসমূহ সন্নিৱিষ্ট আছে নে নাই চাব লাগে ।

লেইটৰাইলে ৰক্তচাপ সাময়িক হ্ৰাস কৰিব লাগে । ইয়াৰ কাৰণ হ’ল থায়’চাফনেট । ই শক্তিশালী ৰক্তচাপ হ্ৰাসকাৰী দ্ৰব্য । লেইটৰাইল খোৱা কিছু লোকে প্ৰ’টিঅলাইটিক উৎসেচক সেৱন কৰে । যিসকলে ইতিমধ্যে ৰক্ত পাতলকাৰী ঔষধ খাই আছে তেওঁলোকে এই উৎসেচক নোখোৱাই ভাল । কিয়নো প্ৰ’টিঅ’লাইটিক উৎসেচকত ৰক্ত পাতলীয়া কৰে ।

যিসকলে লেইটৰাইলৰ সৈতে উচ্চ পৰিমাণৰ প্ৰ’বায়টিক সেৱন কৰে, তেওঁলোকে সাৱধান হোৱা উচিত, কিয়নো প্ৰ’বায়টিকে মুক্ত হাইড্ৰ’জেনৰ মাত্ৰা বৃদ্ধি কৰে ।

যদি আপুনি উচ্চমানযুক্ত, অধিক পৰিমাণৰ লেইটৰাইল খোৱা নাই, তেনেহ’লে এই দ্ৰব্য কেঞ্চাৰৰ মূল চিকিৎসা হিচাপে ব্যৱহাৰ নকৰিব ।

এই কথা জানি থোৱা ভাল যে সকলো ক্ষেত্ৰতে লেইটৰাইল  ফলপ্ৰসু নহ’বও পাৰে, বিশেষকৈ অতি দ্ৰুতভাৱে প্ৰসাৰিত হোৱা কেঞ্চাৰৰ ক্ষেত্ৰত এই দ্ৰব্য শক্তিহীন হৈ পৰে ।

মনত ৰাখিব, লেইটৰাইল সম্পূৰক পুষ্টিদ্ৰব্যহে , ই কেঞ্চাৰৰ চিকিৎসা নহয় ।

লেখক :- ডা: জীৱন দত্ত বৰুৱা

উৎস :- দৈনিক জনমভূমি

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top