অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভীমকলৰ গুণ

ভীমকলৰ গুণ আলোচনা কৰা হৈছে

 

ভীমকল এবিধ প্ৰকাণ্ড শাক জাতীয় বহু বৰ্ষজীৱী উদ্ভিদ। ঠাই বিশেষে এজোপা ভীমকলৰ উচ্চতা প্ৰায় ১০ মিটাৰ পৰ্যন্ত হয়। ফল অধিক বীজযুক্ত যদিও পকিলে খাবলৈ মিঠা হয়। ফল প্ৰায় ২০ ছেণ্টি মিটাৰ দীঘল আৰু প্ৰায় ১০ ছেণ্টি মিটাৰ ব্যাসৰ তিনিসিৰযুক্ত। গা-গছডাল কিছুমান দীঘল অৱতলীয় পাতৰ দৰে বাকলিৰ দ্বাৰা গঠিত। ইয়াক কলডোং বুলি কয়। এই কলডোংবোৰ লগ লাগি অপ্ৰকৃত কাণ্ডৰ গঠন কৰে। পাতবোৰৰ ঠাৰি শকত আৰু শক্তিশালী। পাতৰ ৰং পাতল সেউজীয়া, পাতৰ দৈৰ্ঘ্য ডেৰৰ পৰা আঢ়ৈ মিটাৰ পৰ্যন্ত হয় আৰু বহলে আধা মিটাৰতকৈ বেছি হয়। পাতৰ উপৰি পৃষ্ঠ মম জাতীয় পদাৰ্থৰে গঠিত।

ভীমকল বা আঠীয়া কল বুলি জনাজাত এই গছ জোপাৰ বৈজ্ঞানিক নাম হ’ল – Musa balbisiana Colla। ভীমকলৰ বিষয়ে ১৮২০ চনত পোন প্ৰথমে ইটালিয়ান উদ্ভিদ বিধ লুইগি এলয়ছিয়াছ কলাই (Luigi Aloysius Colla) বৈজ্ঞানিক দৃষ্টি ভঙ্গীৰে ব্যাখ্যা কৰিছিল। উদ্ভিদ বিজ্ঞানত ভীম বা আঠীয়া কলক এক বীজপত্ৰী সপুষ্পক উদ্ভিদৰ মুজেছি (Musaceae) নামৰ গোত্ৰত ৰখা হৈছে।

এই বিধ গছ অসমৰ গ্ৰামাঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা যায়। গ্ৰাম্য জীৱনৰ দৈঅন্দিন বিভিন্ন কাৰুকাৰ্যত ভীমকল আৰু ভীমকল গছৰ বিভিন্ন অংশৰ ব্যৱহাৰ অপৰিসীম। ভাৰতৰ বাহিৰেও চীন, ইণ্ডোনেছিয়া, মালয়েছিয়া, ম্যানমাৰ, নেপাল, নিউঅ গিনি, ফিলিপাইনছ, শ্ৰীলংকা আৰু থাইলেণ্ডত ভীমকল পোৱা যায়। এসময়ত বনৰীয়া হিচাপে পৰিত্যক্ত এই মূল্যবান ভীমকলৰ পৰাই বৰ্তমান সময়ৰ বহুবিধ উন্নত জাতৰ কল সংকৰণ কৰি উলিয়াইছে।

অসমৰ চহা গাঁৱলীয়া জীৱন শৈলীত ভীমকলৰ ফল আৰু গছৰ ব্যৱহাৰ অতি গুৰুত্ব পূৰ্ণ। ভীমকল ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন মাংগলিক আৰু সামাজিক কামত বহুল ভাৱে ব্যৱহাৰ হয়। ফলৰ পৰা আৰম্ভ কৰি গা-গছ, পাত, ফুল, কাণ্ড, শিপা আদি আটঅইবোৰ অংশই ব্যৱহাৰ কৰা দেখা যায়। সাধাৰণ ব্যৱহাৰৰ উপৰিও ঔষধ আৰু ঘৰুৱা প্ৰস্তুত কৰোঁতেও ভীমকল ব্যৱহাৰ কৰা হয়। কিন্ত বিশ্বায়নৰ প্ৰভাৱত এই অতি মূল্যবান বহুগুণী গছজোপা দিনে দিনে অৱহেলিত হৈ কমি আহিবলৈ ধৰিছে।

ভীমকলৰ সাধাৰণ ব্যৱহাৰ :

 

কলখাৰ : কলখাৰ দি আঞ্জা খোৱা বাবে অতিথি পৰায়ণ অসমীয়া জাতটোক খাৰ খোৱা অসমীয়া বুলি কোৱা হয়। খাৰ অসমীয়া খাদ্যাভ্যাসৰ এবিধ অবিচ্ছেদ্য উপকৰণ। কলগছৰ বিভিন্ন অংশৰ পৰা নিজে ঘৰতে খাৰ প্ৰস্তুত কৰিব পাৰি। কলৰ বাকলিৰ উপৰিও গা-গছৰ ডোং, শুকান পাত আৰু ঠাৰি, কলডিলৰ বাকলি, গছৰ মুঢ়া আদি শুকুৱাই লৈ জ্বলাই ছাই কৰি কলখাৰ প্ৰস্তুত কৰা হয়। এই কলখাৰ কেৱল খাদ্য উপকৰণ হিচাপে নহয়, কাপোৰ ধোৱা, মূৰ – চুলি ধোৱা আদি কামতো ব্যৱহাৰ কৰা হয়। কলখাৰেৰ এৰী কাপোৰ ধুলে উজ্জ্বলতা বাঢ়ে, দেখিবলৈ ধুনীয়া আৰু ল’বলেও আৰাম হয়। বজাৰত বিভিন্ন ধৰণৰ চাবোন, শ্বেম্পু আৰু মলি – মাৰ্জক সহজ লভ্য হোৱাৰ লগে লগে গ্ৰামাঞ্চলত বহুলভাৱে প্ৰচলিত কলখাৰৰ জনপ্ৰিয়তা আৰু ব্যৱহাৰ লাহে লাহে কমি আহিছে।

কলপচলা : আঞ্জা হিচাপে বা ভাজি হিচাপে খাবলৈ ব্যৱহাৰ কৰা কলৰ পুলিক পচলা বুলি কোৱা হয়। সেই কলপচলা অসমীয়া খাদ্যাভ্যাসৰ অতি জনপ্ৰিয় পাচলি। এসময়ত কেৱল গ্ৰাম্যাঞ্চলতে পাচলি হিচাপে ব্যৱহাৰ কৰা কলপচলা আজিকালি নগৰ – মহানগৰৰ বজাৰতো দেখা পোৱা যায়। কলপচলা কেৱল সাধাৰণ আঞ্জাই নহয়, কলপচলা খালে দেহত জমা হোৱা ইউৰিক এছিড কমাই ৰাখে।

কলডিল : কলডিলৰ আঞ্জা অতি সুৰুচিপূৰ্ণ আৰু ঔষধি গুণযুক্ত। ভৈয়াম অঞ্চলত পোৱা কলডিলৰ ভিতৰত ভীমকলৰ  কলডিলহে পাচলি হিচাপে বেছিকৈ ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে পাহাৰীয়া কলডিলৰো সমাদৰ যথেষ্ট। কলডিলত খাদ্যপ্ৰাণ, কেলছিয়াম আৰু আইৰণ যথেষ্ট পৰিমাণে থাকে। সেইবাবে আইৰণ কমি যোৱা ৰোগীক কলডিল খাবলৈ কোৱা হয়।

ফল : ফল বা ভীমকল যদিও যথেষ্ট গুটিৰে ভৰপূৰ, তথাপি খাবলৈ বৰ সোৱাদ। এই ফল ফুলাৰ পৰা পকিবলৈ প্ৰায় ছমাহ সময় লাগে। পকা ভীমকল পুহ মাহত নিয়মিত খালে গাত ভীমৰ সমান বল হয় বুলি গাঁৱৰ মানুহৰৰ মুখে মুখে শুনা যায়। পিঠাগুৰিৰ সৈতে পকা ভীমকল মিহলাই তৈয়াৰ কৰা লাডু খাবলৈ বৰ ভাল। খেতিয়ক সকলক গৃহিণীয়ে ফিকা চাহৰ লগত ভীমকল আৰু পিঠাগুৰিৰ লাডু খাবলৈ প্ৰায়েই দিয়ে। এই লাডু খায়েই ঘৰৰ গৃহস্থই দিনৰ এপৰলৈ হাল বাই মাটি চহ কৰে। এই লাডু যথেষ্ট শক্তিদায়ক। ইয়াৰ উপৰিও নপকা পূৰঠ ভীমকল চকলা-চকলকৈ কাটি কেৰাহীত তেল নিদিয়াকৈ পুৰি খাবলৈ বৰ ভাল হয়। গাঁৱৰ বহু লোকে চাহৰ লগত বিস্কুটৰ পৰিৱৰ্তে ভহীমকলৰ এনেধৰণৰ পুৰা কল খায়। পকা ভীমকলৰ গুটিবোৰ চালনীৰে চালি আঁতৰাই ছমাহৰ কেচুৱাক খুৱালে শ্ৰী বৃদ্ধি হয়। শিশুৰ পয়ালগাও ভাল হয়। পকা ভীমকলৰ জেলি তৈয়াৰ কৰিও খাব পাৰি। পকা ভীমকল পাতল পাতলকৈ কাটি ৰ’দত ভালদৰে শুকুৱাই বিস্কুটৰ নিচিনাকৈ চাহৰ লগত খাব পাৰি। পকা ভীমকলৰ ঘৰুৱা সুৰা প্ৰস্তুত কৰা হয়। অসমৰ জনজাতি সম্প্ৰদায়ৰ লোকে পকা ভীমকলৰ লগত সাঁজৰ পিঠা সানি ঘৰুৱা সাঁজ তৈয়াৰ কৰা দেখা যায়। এনেধৰণে তৈয়াৰ কৰা সাঁজ খাবলৈ মিঠা আৰু দেখিবলৈ গাঢ় হালধীয়া হয়। কেঁচা ভীমকল ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। পেটচলা বেমাৰত এটা কেঁচা ভীমকলৰ তিনি ভাগৰ এভাগ, মধুৰিআমৰ কুমলীয়া আগ তিনিটা আৰু পাঁচ ছেণ্টিমিটাৰমান বহল শিলিখা গছৰ বাকলিৰ সৈতে খুন্দি তাৰ পৰিশ্ৰুত খালে মাত্ৰ দুপালিতে পেটচলা ভাল হয়। অৱশ্যে পৰিমাণ বেছি হ’লে শৌচ টান হৈ কষ্ট হয়।

কলডোং : কল গছৰ কাণ্ড অপ্ৰকৃত কাণ্ড। কিছুমান দীঘল দীঘল অৱতলীয় বাকলিৰে উলম্বভাৱে সজ্জিত হৈ অপ্ৰক্ক্ৰি কাণ্ড গঠিত হয়। গছ জোপাৰ বাহিৰৰ পৰা ভিতৰলৈ বাকলিবোৰৰ আকাৰ ক্ৰমান্বয়ে কমি যায়। বাহিৰৰ পৰা ভিতৰ ফালৰ ৪-৫ টা বাকলি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। গাঁৱৰ লিকসকলে সমজুৱা ভোজ বা সকাম – নিকামত খোৱাৰ থালীৰ পৰিৱৰ্তে কলডোং ব্যৱহাৰ কৰে। এনেদৰে খাবলৈ থালীৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা কলডোঙক কলপটুৱা বুলিও কয়। কলডোঙৰ পৰা বিশেষ ভাৱে তৈয়াৰ কৰা পাতত কোমল চাউল, দৈ আৰু গুৰ দি খোৱা জলপান অসমৰ গ্ৰাম্য জীৱনৰ পৰম্পৰাৰ দৰে। অস্থায়ীভাৱে ব্যৱহাৰ কৰা কলডোং পৰিৱেশ হিতৈশী। আজিকালি বনভোজ খাবলৈ যোৱা দলবোৰে প্লাষ্টিক বা পলিথিনৰ দ্বাৰা তৈয়াৰী প্লেট ব্যৱহাৰ কৰে আৰু সেইবোৰ খোৱা ঠাইতে পেলাই থৈ আহি পৰিৱেশ বিনষ্ট কৰে। সেই প্লাষ্টিক বা পলিথিনৰ প্লেট ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে যদি কলপটুৱা ব্যৱহাৰ কৰা হয় তেন্তে পাৰ্শ্বক্ৰিয়াহীন পাতবোৰ সোনকালে পচি গৈ পৰিৱেশ পৰিষ্কাৰকৈ ৰাখিব। ছোৱালীৰ তোলনি বিয়াত কলডোঙৰ দ্বাৰা তৈয়াৰী বেইৰ (কইনাক গা ধুৱাবলৈ ব্যৱহাৰ কৰা হয়) ভিতৰত কইনাক গা ধুৱায়।

কলগছ : কলগছৰ ব্যৱহাৰ সকলোৱে দেখিছে। অপ্ৰকৃত কাণ্ড কাটি গাঁৱৰ বিয়া-সবাহত ৰভা সাজিবলৈ খুঁটা হিচাপে ব্যৱহাৰ কৰা হয়। মজবুত কল গছৰ এনেধৰণৰ একোটা খুঁটা ১০ ৰ পৰা ১৫ দি পৰ্য্যন্ত নেগেলাকে থাকে। বাৰিষাৰ সময়ত গৰু - ম’হৰ ঘাঁহৰ নাটনি হয়। তেনে সংকটৰ সময়ত কলগছ সৰু সৰুকৈ কাটি গৰু – ম’হক খুউৱা হয়।

কলপুলি : কলপুলি পচলা হিচাপে খোৱাৰ উপৰিও বিভিন্ন মাংলিক কাম – কাজত ব্যৱহাৰ কৰা হয়। পদূলিৰ মুখত দুয়োফালে দুটা কলপুলি পুতি বিয়া-সবাহত অতিথিক আদৰণি জনোৱাটো অসমীয়া সমাজৰ নিয়ম। তদুপৰি বিহু, পূজা-পাৰ্বন, দহা-কাজ আদি সকলোতে কলপুলিৰ গুৰুত্ব আমি সকলোৱে দেখিছো।

কলপাত : কলডোঙৰ দৰে কলপাত খোৱাৰ থালীৰ বিকল্প হিচাপে ব্যৱহাৰ হয়। সকাম-নিকামত, পূজা-পাৰ্বণ আদিত প্ৰসাদ খাবলৈ কলপাত ব্যৱহাৰ কৰা হয়। কৃত্ৰিমভাৱে তৈয়াৰ কৰা খোৱা থালী যিদৰে পৰিৱেশৰ অপকাৰী ঠিক তেনেকৈ স্বাস্থ্যৰ পক্ষেও হানিকাৰক। এনে ক্ষেত্ৰত কলপাত ব্যৱহাৰ কৰিব পাৰি। আজিকালি ডাঙৰ ডাঙৰ হোটেল – ৰেষ্টোঁৰাত খোৱাৰ থালীৰ ওপৰত কলপাত পাৰি দিয়া দেখা যায়। গ্ৰাহকেও খাই ভাল পায়। দক্ষিণ ভাৰতীয় প্ৰায়বোৰ হোটেলত কলপাত ব্যৱহাৰ কৰা দেখা যায়। গছত শুকাই যোৱা কলপাতৰ ঠাৰি ছাই কৰি খাৰ প্ৰস্তুত কৰা দেখা যায়।

ঔষধি হিচাপে ভীমকল :

 

কৃমিনাশক : কলপাতৰ বগা উপৰিপৃষ্ঠত মম জাতীয় পদাৰ্থ থাকে। এই মম জাতীয় পদাৰ্থবিধ কৃমিনাশক। কলপাতত গৰম ভাত ১৫ ৰ পৰা ২০ মিনিট সময় বান্ধি থৈ কৃমিৰ দ্বাৰা আক্ৰান্ত ৰোগীক খাবলৈ দিলে ৰোগী আৰোগ্য হয়। ইয়াৰ বাহিৰেও ৬-৮ মাহমান বয়সৰ কলপুলি এটা মাটিৰ পৰা ডেৰফুটমান ওপৰত কাটি মুঢ়াটোৰ পৰা ভিতৰৰ কোঁহটো উঠাই ল’ব লাগে। কোঁহ এৰুৱাই সৃষ্টি হোৱা বিন্ধাটো একোজোপা গছৰে কলপাত এখনেৰে ৰাতোটো বাহিৰৰ পৰা কোনো ধৰণৰ অপদাৰ্থ সোমাব নোৱাৰাকৈ বান্ধি থ’ব লাগে। পুৱা বিন্ধাটোত জমা হোৱা পানী সংগ্ৰহ কৰি আধা কাপ দিনে দুবাৰকৈ তিনি দিন খালে শৌচ দ্বাৰেদি পেলু ওলাই আহে।

গাঁঠি বিষ : গাঁঠিৰ বিষ হ’লে কলৰ পোৰা বাকলি ছাই আৰু ক’লা হালধি (Curcuma caesia Roxb) সমপৰিমাণে লৈ তৈয়াৰী মিশ্ৰণ বিষ হোৱা অংশত লগালে বিষ ভাল হয়।

গ্ৰহণী : পকা ভীমকল এটা কাটি ইয়াৰ আধা অংশ এক লিটাৰ পানীত ৰাতিটো তিয়াই থৈ পুৱা খালী পেটত চাৰিদিন খালে গ্ৰহণী ভাল হয়।

ৰাসায়নিক ধৰ্ম : কলগছৰ অপ্ৰকৃত কাণ্ডটো প্ৰায় ৯৫% পানীৰে ভৰা। ২৫ কিল’গ্ৰাম কেঁচা অপ্ৰকৃত কাণ্ড শুকুৱালে মাত্ৰ ১.৫ কিল’গ্ৰামহে শুকান অৱশিষ্ট পোৱা যায়। এই অৱশিষ্ট জ্বলালে মাত্ৰ ১৯০ গ্ৰাম মানহে ছাই পোৱা যায়। এই ছাইৰ মুখ্য উপাদান হ’ল প’টাছিয়াম (K) আৰু কাৰ্বনেট (CO3)। ইয়াত প’টাছিয়াম ১৯.৪০% আৰু কাৰ্বনেট ১৩.৪% পোৱা যায়। কলগছৰ পৰা তৈয়াৰ কৰা খাৰৰ ক্ষাৰকীয় ধৰ্ম অতি বেছি। কলখাৰত যথেষ্ট লৱণ থাকে। আমাৰ দৈনন্দিন খাদ্যৰ তালিকাত লৱণ অপৰিহাৰ্য্য। কলখাৰত পোৱা লৱণ ছ’ডিয়াম ক্ল’ৰাইড নহয়, ই প’টাছিয়াম ক্ল’ৰাইড (KCI2)। হৃদৰোগ আৰু উচ্চ ৰক্ত চাপত ভোগা ৰোগীৰ বাবে এই বিধ লৱণ উপকাৰী। লক্ষ্যণীয় যে ৫০০ মিলি লিটাৰ কলখাৰৰ বাষ্পীয়কৰণ কৰিলে ১১ গ্ৰাম প’টাছিয়াম ক্ল’ৰাইড লৱণ পোৱা যায়। তদুপৰি অতি কম মাত্ৰাত থকা মৌল এলুমিনিয়াম (AL), কেডমিয়াম (Cd), ক্ৰ’মিয়াম (Cr), কপাৰ (Cu) আৰু আইৰণে(Fe) আমাৰ দেহত যথেষ্ট সহায় কৰে। আমাৰ দেহৰ চালিকা শক্তি উৎপাদনৰ বাবে মুখ্য ভুমিকা পালন কৰা উৎসেচকবোৰৰ (enzyme)ৰ্লগত সহ – উৎসেচক (co-fac-tor) হিচাপে সংগ দি দেহৰ pHৰ মাত্ৰাৰ ভাৰসাম্য ৰক্ষা কৰে, স্নায়ুৰ সংকেত প্ৰৱাহৰ কাৰ্যক্ষমতা সমতাপূৰ্ণ কৰে, পেশীৰ সংকোচন-প্ৰসাৰণত সহায় কৰে, দেহৰ কলা-কোষসমূহৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ উপৰিও সিহঁতৰ গঠন আৰু কাৰ্যক্ষম কৰি তোলাত সহায় কৰে।

লেখক : জয়ন্ত সোণোৱাল।

উৎস : প্ৰান্তিক।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top