মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ভেণ্ডিৰ গুণাগুণঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভেণ্ডিৰ গুণাগুণঃ

জহকালি হোৱা পাচলিবোৰৰ ভিতৰত সাধাৰণতে চকুত পৰা এবিধ পাচলি হ’ল ভেণ্ডি। ইয়াৰ বৈজ্ঞানিক নাম হ’ল- Abelmoschus esculentus L. (Moench) আৰু ই Malvaceae গোত্ৰৰ অন্তৰ্গত। উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ মুঠ উৎপাদনৰ প্ৰায় ৭০ শতাংশ ভাৰততে উৎপাদন হয়।

ভেণ্ডিৰ গুণাগুণঃ

জহকালি হোৱা পাচলিবোৰৰ ভিতৰত সাধাৰণতে চকুত পৰা এবিধ পাচলি হ’ল ভেণ্ডি। ইয়াৰ বৈজ্ঞানিক নাম হ’ল- Abelmoschus esculentus L. (Moench) আৰু ই Malvaceae গোত্ৰৰ অন্তৰ্গত। উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ মুঠ উৎপাদনৰ প্ৰায় ৭০ শতাংশ ভাৰততে উৎপাদন হয়।

পাচলি হিচাপে ভেণ্ডিৰ প্ৰতি আগ্ৰহ কম-বেছি পৰিমাণে সকলোৰে আছে যদিও ই বীজলুৱা হোৱা বাবে ল’ৰা-ছোৱালীৰ আগ্ৰহ কম যেন দেখা যায়। যি নহওক ইয়াৰ উপকাৰিতাৰ বিষয়ে দুআষাৰমান ক’লে হয়তো অভিভাৱকসকলে অলপ জোৰ কৰি ল’ৰা-ছোৱালীক ভেণ্ডি খুৱাব পাৰিব আৰু নিজেও খাব পাৰিব। প্ৰথমতে ইয়াৰ ৰন্ধন প্ৰণালীৰ ভিন্নতাৰ বিষয়ে দুআষাৰমান কৈ লোৱাটো ভাল হ’ব। ইৰান, ইজিপ্ত, লেবানন, ইজৰাইল, জৰ্ডান, গ্ৰীচ আদি দেশত ভেণ্ডি মাংসৰ সৈতে ৰান্ধি খায়। সাধাৰণতে ইয়াক ভাজি খোৱা হয় যদিও কুমলীয়া ভেণ্ডি আচাৰ হিচাপেও সংৰক্ষণ কৰি থোৱা হয়। ভেণ্ডিৰ কুমলীয়া পাত কিছুমানে ছাটনি হিচাপে খোৱাৰ উপৰি ভাজি খায়। ইয়াৰ পাতত শুং থকা বাবে কেঁচাকৈ খোৱাটো খুব কম। শুংবিলাকত এবিধ ‘Proteolytic enzyme’ থাকে আৰু সেইবাবেই ভেণ্ডি গছৰ শুং মানুহৰ ছালত লাগিলে খজুৱায়। ভেণ্ডীৰ বীজত প্ৰায় ৪০ শতাংশ তৈল পদাৰ্থ থাকে আৰু ইয়াৰ তেল খোৱাতেল হিচাপে ব্যৱহাৰ কৰিব পাৰি। এই তেলত প্ৰধানকৈ অ’লিক এছিড আৰু লিন’লিক এছিড থাকে। এশ গ্ৰাম ভেণ্ডিত সাধাৰণতে আমি তলত উল্লেখ কৰা উপাদানসমূহ পাওঁ।

কেল’ৰি

৩৫ গ্ৰাম

 

পানী

৮৯.৬ গ্ৰাম

 

শৰ্কৰা

৬.৪ গ্ৰাম

 

প্ৰ’টিন

১.৯ গ্ৰাম

 

 

 

 

 

 

চৰ্বি

০.২ গ্ৰাম

আঁহ

১.২ গ্ৰাম

ফছফৰাছ

৫৬.০ মিঃগ্ৰাঃ

ছডিয়াম

৬.৯ মিঃগ্ৰাঃ

ছালফাৰ

৩০.০ মিঃগ্ৰাঃ

 

কেলছিয়াম

৬৬.০ মিঃগ্ৰাঃ

 

লো

০.৩৫ মিঃগ্ৰাঃ

 

পটাছিয়াম

১০৩.০ মিঃগ্ৰাঃ

 

মেগনেছিয়াম

৫৩.০ মিঃগ্ৰাঃ

 

তাম

০.১৯ মিঃগ্ৰাঃ

 

ৰাইব’ফ্লেভিন

০.০১ মিঃগ্ৰাঃ

 

থিয়ামিন

০.০৭ মিঃগ্ৰাঃ

 

নিক’টনিক এছিড

০.০৬ মিঃগ্ৰাঃ

 

ভিটামিন ‘গ’

১৩.১০ মিঃগ্ৰাঃ

 

অক্সালিক এছিড

৮০.০ মিঃগ্ৰাঃ

 

এতিয়া ইয়াৰ বীজলুৱা পদাৰ্থবিধৰ বিষয়ে থোৰতে দুটামান জানিবলগীয়া কথা কওঁ। ভেণ্ডিত মিউচিলেজ থাকে বাবেই ই বীজলুৱা হয়। এই বীজলুৱা অংশখিনি প্ৰধানতঃ পেকটিন জাতীয় পদাৰ্থ। ইয়াক গেলেক্ট’জ, ৰেম্ন’জ আৰু গেলেক্ট’ৰ’নিক এছিড প্ৰধানকৈ থাকে। এই পেকটিন জাতীয় পদাৰ্থবিধ শৰ্কৰা জাতীয় আৰু মুখ্য শৰ্কৰা হিচাপে ওপৰত উল্লেখ কৰা তিনিবিধ শৰ্কৰা পোৱা যায়। অৱশ্যে নিষ্কাশন পদ্ধতি আৰু ভৌগোলিক অৱস্থান বিশেষে এই উপাদানসমূহৰ মাত্ৰাৰ তাৰতম্য হোৱা দেখা যায়। এই বীজলুৱা পদাৰ্থবিধৰ ওপৰত বিভিন্ন জনে বিভিন্ন ধৰণে গৱেষণা কৰিছে। পাঠকসকলে বুজিব পৰাকৈ এই উপাদানসমূহৰ মাত্ৰা তলত দিয়া হ’ল-

গেলেক্ট’জ

২৫.৭ শতাংশ

ৰেম্ন’জ

২২.২ শতাংশ

গেলেক্টৰনিক এছিড

২৭.৫ শতাংশ

ইথান’য়িক এছিড

৫.৬ শতাংশ

প্ৰ’টিন

১১.০ শতাংশ

যিহেতু এই বীজলুৱা পদাৰ্থবিধ পেকটিন জাতীয় পদাৰ্থ, সেইবাবে পেকটিনৰ বিষয়ে দুআষাৰ নক’লে বিষয়টো আধৰুৱা হ’ব। পেকটিনৰ ওপৰত কৰা গৱেষণাৰ পৰা এইটো প্ৰতীয়মান হৈছে যে ই হাঁওফাঁও আৰু হাড়ৰ কৰ্কটীয় কোষবিলাকৰ বিস্তৃতিত বাধা দিয়ে। ই মানৱ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাও শক্তিশালী কৰে। তদুপৰি ই ঘা আৰু আঘাতৰ বাবে ফুলা নিৰাময় কৰে।

বনদৰব হিচাপেও ভেণ্ডি বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত আৰু বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰে ভিতৰত মধুমেহ, পেটৰ অম্লজনিত ৰোগ, দেহৰ চৰ্বি কমোৱা, কৰ্কট ৰোগ, প্ৰস্ৰাৱ খোলোচা কৰা আদি উল্লেখযোগ্য।

ওপৰৰ আলোচনাখিনিৰ পৰা এইটো ক’ব পাৰি যে ভেণ্ডিৰ ঔষধি গুণ মূলতঃ ইয়াৰ বীজলুৱা অংশত নিহিত হৈ আছে। এই বীজলুৱা অংশবিধ পেকটিন জাতীয় পদাৰ্থ হোৱা বাবে পেকটিনৰ গুণসমূহ এই পদাৰ্থবিধে দেখুৱায়। আশা কৰোঁ, এই আলোচনাই ভেণ্ডিৰ প্ৰতি পাঠকৰ দৃষ্টিভংগী সলনি কৰিব।

(উৎসঃ নিয়মীয়া বাৰ্তা, লেখক, ড হেমন্ত কুমাৰ শৰ্মা)।

2.84375
প্ৰবেশ চাহু May 12, 2018 11:43 AM

এই লিখনিয়ে সকলোকে উপকৃত কৰিব ৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top