মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ভেন্দিৰ বহুমুখী গুণাৱলী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভেন্দিৰ বহুমুখী গুণাৱলী

 

আপোনালোকৰ বহুতৰ প্ৰিয় খাদ্য ভেন্দিৰ বিষয়ে কিমান কথা আপুনি জানে বাৰু ? সদায় দেখি থকা ভেন্দিৰ বৰণ সেউজীয়া ওপৰিও ৰঙচুৱাও হব পাৰে বুলি আপুনি জানেনে ? ভেন্দি ডায়েবেটিজত উপকাৰী বুলি হয়তো আপুনি শুনিছে - কিন্তু ভেন্দিৰ আৰু কি কি ঔষধীয় মাহাত্ব্য আছে জানেনে ? ভেন্দিৰ কেতিয়াবা আচাৰ বা চুপ বনাই খাইছেনে ?
ভেন্দিৰ বৈজ্ঞানিক নাম হ'ল – Abelmoschus Esculentus Moench / Hibiscus esculentis Linn ৷ আন আন ভাষাত ইয়াৰ পৰিচয় এইদৰে : ইংৰাজীত (Ladies Finger, Okra, Okro),হিন্দীত (ভিন্দি), গুজৰাটীত (ভিন্দা), মৰাঠীত (ভেন্দি), তেলেগুত (বেন্দাকায়া), তামিলত (ভেন্দাক্কাই), মলয়ালমত (ভেন্দাকাই), কানাড়াত (বেন্দে),বাংলাত (ধেৰাছ), নেপালীত (ভান লচুন), সংস্কৃতত (টিন্দিচা), উৰ্দূত (ভিন্দি), টাই ভাষাত (মাক-মাই-ম্যুন),ডিমাছাত (বেন্দি), আৰবীত (বামায়াহ), বাৰ্মিজত (ইউ পাদি), চীনা ভাষাত (হুৱাং চু কি), ডানিছ (অক্ৰা), জাৰ্মান (অ'কাৰ), ফৰাচী (গম্বো),হিব্ৰো (বামায়াহ), হাংগেৰী (গম্বো,বামিয়া), ইটালি (গম্বো,বামিয়া), জাপানী (অকুৰা, কিকু কিমো), কোৰিয়া (অ'হ কু ৰা),পৰ্টুগীজ (গম্বো), ৰাচিয়ান (বমিলা), ৰোমানিয়া (বামে), টাৰ্কি (বামায়া),থাইলেণ্ডত (ক্ৰাচিয়াপ মন) ৷

বুৰঞ্জীত ভেন্দিৰ বিষয়ে পোৱা তথ্য :

 

আজিকালি বিশ্বৰ প্ৰায়বোৰ ঠাইতেই উৎপাদন হোৱা ভেন্দিৰ প্ৰাথমিক উৎপত্তি স্থল সম্বন্ধে ঐক্যমত পোৱা নাযায় ৷ কোনোৰ মতে দক্ষিণ আফ্ৰিকা, ইথিয়োপিয়া ; কোনোৰ মতে দক্ষিণ এচিয়া ৷ আকৌ ১২১৬চনত স্পেইনৰ পৰিব্ৰাজকে ইজিপ্ত আৰু ভূমধ্য সাগৰৰ পাৰৰ লোকসকলে ভেন্দিৰ খেতি কৰিছিল বুলি লিপিবদ্ধ কৰি থৈ গৈছে ৷ ব্ৰাজিল,বেষ্ট ইণ্ডিজ, মেস্কিকো, আমেৰিকাৰ উত্তৰ অঞ্চললৈ কিছু পলমকৈ ভেন্দিৰ সঁচ যায়


ভেন্দি গছৰ বৰ্ণনা :

 

উপযুক্ত সাৰুৱা মাটিত বৰ্ষজীৱী ভেন্দি গছৰ উচ্চতা ৯ফুট পৰ্য্যন্ত হয় ৷ ৫৷৭টা কোণ থকা ইয়াৰ পাতৰ আকৃতি কলিজাৰ দৰে ৷ ফুলৰ বৰণ বগা বা হালধীয়া ৷ কেপচুল সদৃশ ইয়াৰ ফল ৭ইঞ্চি পৰ্য্যন্ত দীঘল হব পাৰে, যাৰ ভিতৰত বহুসংখ্যক গুটি থাকে ৷ এটা ভেন্দি পথালিকৈ কাটিলে দেখিবলৈ পাঁচকোণীয়া (Pentagonal)৷ যতন ললে এজোপা গছত ৪৷৫মাহলৈ ভেন্দি লাগি থাকে ৷ গছৰ শিপা,পাত, ভেন্দিৰ গুটি প্ৰতিটো অংশই ঔষধি গুণযুক্ত ৷ Verticillium wilt আৰু Powdery mildew - এই দুবিধ ফাংগাছে কৰা ৰোগত কেতিয়াবা ভেন্দি গছ আক্ৰান্ত হব পাৰে ৷


কি কি উপাদান ভেন্দিত থাকে ?


১০০গ্ৰাম ভেন্দিত থাকে : শক্তি ৩০কেলৰি, ডায়েটেৰী ফাইবাৰ ৩গ্ৰাম, কাৰ্বোহাইড্ৰেট ৭গ্ৰাম, প্ৰটিন ২গ্ৰাম, ফেট ১০০ মিলিগ্ৰাম ৷ প'টেচিয়াম থাকে ২৯৯মিলিগ্ৰাম,চ'ডিয়াম ৭মিলিগ্ৰাম, মেগনেচিয়াম ৫৭মিলিগ্ৰাম, কেলচিয়াম ৮১মিলিগ্ৰাম, ভিটামিন-কে ৫৩মিলিগ্ৰাম, ভিটামিন-চি ২১মিলিগ্ৰাম ৷ আন আন তত্ব সমূহ হ'ল আইৰণ, জিংক,মেংগানিজ, ফচফ'ৰাচ, ভিটামিন-বি৬, ভিটামিন-বি১২, ভিটামিন-এ, ভিটামিন-ডি আৰু ভিটামিন-ই ৷ ইয়াত থকা এন্টিঅক্সিডেন্ট সমূহ হ'ল- Quercetin, Catechin, Epicatechin, Procyanidin আৰু Rutin ৷ ঘুলণশীল আৰু অঘুলণশীল (Insoluble) দুয়ো প্ৰকাৰৰ ডায়েটেৰী ফাইবাৰ ভেন্দিত থাকে ৷ খাদ্য বিশেষজ্ঞসকলে সেয়ে ভেন্দিক পাক প্ৰণালীৰ বাবে অত্যন্ত লাগতিয়াল বুলি গণ্য কৰে ৷ ভেন্দি কাটিলে বা কাটি পানীত অলপ সময় ডুবাই থলে ইয়াৰ পৰা আঠাৰ দৰে বিজলুৱা পিচল পানী (Mucilage) নিৰ্গত হয় ৷ এই মিউচিলেজৰ বাবে পাক প্ৰণালী পিচলুৱা (Lubricated) হৈ থাকে - যাৰ ফলত মল নিষ্কাষণ সহজ হয় ৷


লোক বিশ্বাসমতে ভেন্দিৰ ঔষধীয় প্ৰয়োগ :


প্ৰাচীন কালৰ পৰা নানান দেশত লোক বিশ্বাসমতে বিভিন্ন ৰোগৰ ক্ষেত্ৰত ভেন্দিক চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে ৷ তাৰে কিয়দাংশ তলত উল্লেখ কৰিলোঁ : -
• ভাৰতবৰ্ষত হিন্দু সকলে এই সুগন্ধযুক্ত ফলক শৰীৰ শীতল কৰা, পেটৰ বায়ু আতৰ কৰা (Curmanitive) আৰু শক্তিবৰ্ধক টনিক হিচাবে ব্যৱহাৰ কৰি আহিছে ৷
• ভিয়েটনামৰ আন্নান অঞ্চলত, দক্ষিণ আমেৰিকাৰ গুৱেনা আৰু কেৰিবিয়ান সাগৰৰ এন্টিলিচ দ্বীপপুঞ্জত ভেন্দিক এন্টিস্পাচম'ডিক আৰু শক্তিপ্ৰদ দ্ৰব্য বুলি গণ্য কৰা হয় ৷
• শ্বাস প্ৰণালীৰ ইনফ্লমেচন কমোৱাৰ ক্ষেত্ৰত ভেন্দিৰ ভূমিকাৰ হেতু ইয়াক ব্ৰংকাইটিচ, ডিঙিৰ বিষ,কাহ আদিত দেশে দেশে প্ৰাচীন কালৰ পৰা ব্যৱহৃত হৈ আহিছে ৷
• পাত আৰু ভেন্দিৰ উতলাই শীতল কৰা ঘোল ব্যৱহৃত হৈ আহিছে - জ্বৰ,বাত বিষ, ভেৰিক'জ ভেইন,প্ৰসাবৰ সংক্ৰমণত ৷
• গনোৰিয়া,চিফিলিচ আদি যৌন ব্যাধিৰ চিকিৎসাত প্ৰয়োগ কৰি অহা হৈছে ৷
• পাত আৰু সিদ্ধ কৰা গুটি মাংসপেশীৰ সংকোচন কমাবলৈ ব্যৱহৃত হয় ৷
• শিপা আৰু পাতৰ ৰস ঘাঁত প্ৰলেপ দি চিকিৎসা কৰা হয় ৷
• ভেন্দিৰ ৰস ডায়েৰিয়া,পেটৰ বিষ আৰু শৌচ কচাৰ চিকিৎসাত ব্যৱহৃত হৈ আহিছে ৷
• ছালৰ ৰোগ আৰু খজুৱতিত ভেন্দিৰ গুটি পিচি গাখীৰৰ সৈতে মিহলাই প্ৰয়োগ কৰি অহা হৈছে ৷
• বহুমূত্ৰৰ উপশম ঘটাবলৈ ভেন্দিৰ প্ৰয়োগ প্ৰাচীনকালৰ পৰা কৰি অহা হৈছে ৷
• প্ৰসাৱৰ সৈতে 'ধাতু' নিৰ্গত হোৱা ৰোগত কুমলীয়া ভেন্দি আৰু ভেন্দিৰ গুটি সেৱন কৰাৰ পৰামৰ্শ দিয়া হয় ৷
• শালমন,ঘামচিৰ চিকিৎসাত ভেন্দিৰ প্ৰয়োগ কৰি অহা হৈছে ৷

উপকাৰিতাৰ তালিকা :


• ২০১১চনৰ “Journal of Pharmacy & Bioallied Sciences” ত প্ৰকাশিত তথ্যমতে ভেন্দিয়ে ডায়েবটিজ নিয়ন্ত্ৰণ কৰে আৰু তেজৰ অপকাৰী ক'লেষ্টৰল হ্ৰাস কৰে ৷ ভেন্দিৰ গ্লাইচেমিক ইনডেক্স কম - সেই বাবেও ডায়েবটিজ ৰোগীৰ বাবে ই নিৰাপদ খাদ্য ৷ (দৈনিক দুটা ভেন্দি ডোখৰ ডোখৰ কৰি এটা আয়নাৰ গিলাচৰ পানীত ৰাতিটো ডুবাই ৰাখক ৷ গিলাচটো ঢাকি থব ৷ পুৱা চেকি লোৱা পানীখিনি খালি পেটত খাব ৷ এনে কৰিলে দুসপ্তাহ পৰা সুফল লাভ কৰিব আৰম্ভ কৰিব ৷)ভেন্দিত থকা ফাইবাৰ আৰু মিউচিলেজৰ বাবে পাক প্ৰণালীৰ পৰা কাৰ্বোহাইড্ৰেটৰ শোষণ (Absorption) ধীৰ গতিৰে হয় ৷
• ভেন্দিয়ে পাকস্থলীত হেলিকবেক্টৰ পাইলৰি বেক্টেৰিয়াক ক্ৰিয়া কৰাত বাধা প্ৰদান কৰে আৰু এইদৰে .গেষ্ট্ৰাইটিচ ৰোধ কৰে ৷
• ভেন্দিয়ে কিডনিক সুৰক্ষা প্ৰদান কৰে ৷ (Jiltin Medical Journel 2005)
• ভেন্দিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা অৰ্থাৎত ইমিউনিটি বঢ়ায় ৷
• গৰ্ভৱতী মহিলাৰ সন্তানৰ জন্মগত বিসংগতি (যেনে স্পাইনা বাইফিডা) ফলিক এচিডে ৰোধ কৰে ৷
• গৰ্ভৱতী মহিলাৰ শৌচ খোলোচা কৰিবৰ বাবে ভেন্দিহ'ল নিৰাপদ খাদ্য ৷
• ভেন্দিৰ এন্টিঅক্সিডেন্টসমূহে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে ৷ ভেন্দিয়ে অপকাৰী ক'লেষ্টৰল কমাই শৰীৰক .  .ষ্ট্ৰ'কৰ পৰা সুৰক্ষা দিয়ে ৷
• ভেন্দিয়ে হজম শক্তি বঢ়ায় ৷
• ভেন্দিয়ে দৃষ্টি শক্তি বঢ়ায় ৷
• ভেন্দিয়ে উফি আতৰায় ৷ চুলিৰ ৰং উজ্বল কৰে ৷
• ভেন্দিত থকা ভিটামিন-চিয়ে ছালৰ উজ্বলতা বঢ়ায় ৷
• ছাল আৰু চুলিৰ শুষ্কতা আতৰায় ৷ চানবাৰ্ণত সুৰক্ষা দিয়ে ৷
• ভেন্দি হাপানি ৰোগ কম কৰাত সহায়ক ৷
• ভিটামিন-কেৰ উপস্থিতিয়ে হাড় শক্তিশালী কৰে আৰু তেজ গোট মৰা ক্ৰিয়া নিয়ন্ত্ৰণত ৰাখে ৷
• কলোনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ৷
• নিয়মীয়াকৈ ভেন্দি খালে মেদবহুলতা হ্ৰাস হয় ৷
• এনিমিয়া ৰোধ কৰা কেইবাবিধো তত্ব ভেন্দিত থাকে ৷
.লিউকোৰিয়াৰ ঘৰুৱা চিকিৎসাত ভেন্দি ডোখৰ ডোখৰকৈ কাটি ভালদৰে সিজাই মৌজোল মিহলাই খাবৰ পৰামৰ্শ দিয়া হয় ৷

.মোখনিত এটি সৰু কথা ভেন্দিৰ সৰ্বোচ্চ গুণ পাবলৈ হ'লে ৰন্ধন যিমানে কমকৈ কৰে সিমানে ভাল ৷

ভেন্দি কাৰ বাবে অহিতকাৰী?


ভেন্দি এবিধ নিৰাপদ পাচলি - শিশু আৰু গৰ্ভৱতী মহিলায়ো নিৰ্ভয়ে খাব পাৰে ৷ থাইৰয়েডৰ অসুখত ভোগা ৰোগীয়ে পৰিহাৰ কৰা ভাল ৷ ২০০৯চনত প্ৰকাশিত “Journal of Phytology”ৰ এটি প্ৰৱন্ধত উল্লেখ কৰিছে যে প্ৰয়োগশালাত মতা এন্দুৰৰ উৰ্বৰতা ভেন্দিয়ে সামান্য হ্ৰাস কৰা দেখা গৈছে ৷

ডা০ ভূপেন শইকীয়া
১৬ জানুৱাৰী ২০১৮, ডোহা, কাটাৰৰ পৰা
যোগাযোগ : drbksaikia@gmail.com
আৰু ৱাটচএপ নম্বৰ ০৯৭৪৩৩৭৩৮৭২২
ৱেবচাইট www.drbhupensaikia.com

2.95238095238
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top